দৰিদ্ৰ হব নিবিছাৰে যদি আজিয়েই দূৰ কৰক এই কেইবিধ বস্তু : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, September 22, 2021

দৰিদ্ৰ হব নিবিছাৰে যদি আজিয়েই দূৰ কৰক এই কেইবিধ বস্তু : Assamese Fact

Assamese Fact


বাস্তু শাস্ত্র অনুসৰি কিছুমান বস্তু যদি ঘৰখনত আৰু ঘৰৰ চৌহদত থাকে তেন্তে তাক অমংগল বুলি কোৱা হয়Assamese Fact )। আৰু সেই ঘৰখনত দেৱী লক্ষ্মীয়ে প্ৰৱেশ কৰাটো বাদেই এবাৰ ঘূৰিও নাচায়।


ফলত ঘৰখন দুখীয়া হৈ পৰে। ঘৰখনত অভাৱ আৰু নাটনিয়ে কুলাই পাচিয়ে নধৰা হয়। সকলোতে বিফলতা আৰু সমাজত সকলোৰে পৰা লাঞ্ছিত বঞ্চিত হব লগা হয়। এনে ছয়বিধ বস্তু যিসমূহ ঘৰত আৰু ঘৰৰ চৌহদত থাকিলে বেয়া, সেয়া হৈছে-


১/ বন্ধ কৰা পাছটো টোপটোপ কৈ পানী পৰি থকা পানীৰ টেপ নাৰাখিব।এনে হলে সোনকালে মেৰামতি কৰাই লব। নহলে ঘৰখনলৈ দৰিদ্ৰতা আহিব। কিয়নো এনে বস্তু থকা ঘৰত টকা পইচা ধৰি ৰাখিব নোঁৱাৰিব। টোপ টোপকৈ হাতৰ পৰা ওলাই যাব। আৰু যিমান চেষ্টা কৰিলেও ঘৰখনৰ অশান্তি দূৰ নহয়। 


২/ঘৰৰ দেৱাল বা চাদ যদি ফাটিছে বা এৰি এৰি গৈছে, তেতিয়া হলে, তেনেকৈ বহুদিন নাৰাখিব। এয়াক সোনকালে মেৰামতি কৰাই লব। নহলে ঘৰখনত অশুভ শক্তিয়ে বাঁহ লব। আৰু ধন, অৰ্থ, গৃহক প্ৰৱেশ কৰাৰ পথ ৰুদ্ধ হৈ যাব। ঘৰখনত অপাই অমংগল, কাজিয়া পেচালেৰে ভৰি পৰিব। Assamese Fact )


৩/ঘৰৰ চুকত বাদুলিৰ বাঁহ লোৱা আৰু বাঁহ নললেও ঘৰলৈ বাদুলিৰ আহ যাহ অমংগল। এনে হলে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিব। আৰু ঘৰখনত সদায়ে কাজিয়া পেছাল লাগি থাকিব বুলি কোৱা হয়। 


৪/ঘৰত ভঙা চিঙা আইনা বা কাচৰ টুকুৰা, ভাঙি যোৱা বাল্ব, বটল আদি নাৰাখিব। আইনা হৈছে আমাৰ চেহেৰাৰ প্ৰতিবিম্ব প্ৰতিফলন কৰা এবিধ পদার্থ। ইয়াক ভঙা অৱস্থাত ঘৰত ৰাখিলে, ঘৰখনত অশুভ শক্তিৰে ভৰি পৰিব 


৫/ঘৰত মকৰাৰ জাল বন্ধা অতি অশুভ। ঘৰখন মকৰা জালেৰে ভৰি থাকিলে, আহিব লগা ধন সম্পদ হাত লগাৰ আগেয়ে হেৰাই যাব। মকৰাই মেৰিয়াই মেৰিয়াই জাল দিয়াৰ দৰে, অশুভ শক্তিয়ে ঘৰখন মেৰিয়াই ধৰিব। এনে ঘৰত মা লক্ষ্মীৰ প্ৰৱেশ নঘটে। 


৬/মন্দিৰৰ থাপনাত ফুল তুলসী দিলে পিছদিনা ৰাতিপুৱাই ইয়াক চাফা কৰিব। ইয়াক বাহি নকৰিব। মন্দিৰৰ থাপনা বাদেই, মন্দিৰৰ অইন ঠাইটো,মোনা আদিতো বাহি হোৱা ফুল নাৰাখিব। নহলে আপোনাৰ ঘৰলৈ অশুভ শক্তিৰ প্ৰভাৱ ঘটিব। 

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 

No comments:

Post a Comment

Advertisement

Pages