জীৱনত সফল হব বিছাৰে যদি আজিয়ে জানি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, September 26, 2021

জীৱনত সফল হব বিছাৰে যদি আজিয়ে জানি লওক : Assamese Fact

Assamese Fact


বুদ্ধিৰে কথা পতাৰ অৰ্থ হল, বেলেগ এজন মানুহে নজনা কৈ তেওঁক আপোনাৰ কথাৰে জিকিব লাগিব আৰু মোহিত কৰিবও লাগিব লগতে কামৰ কাৰনে ৰাজি কৰি লবও লাগিব।Assamese Fact )

Assamese Fact
আপোনাৰ সন্মুখৰ মানুহ জনৰ এনেকুৱা লাগিব যে তেখেতৰ কাম হৈ গৈ আছে, বা জয়ী হৈ গৈ আছে কিন্তু প্ৰকৃততে আপোনাৰ নিজৰ কাম হৈ গৈ আছে আৰু আপুনি বেলেগ এজনক দি কাম কৰাব পাৰিব।জীৱনত শিক্ষা গত অৰ্হতাতকৈ যোগাযোগ ব্যৱস্থা টোহে বেছি গুৰুত্ব পূৰ্ণ।অৰ্থাৎ কথা বতৰা পতাৰ ধৰণ।এই লিখনিত মই কথা বতৰাৰ লগতে মানুহৰ মন কেনেকৈ জয়ী কৰিব পাৰি সেই বিষয়ে কম।যিটো বহুত দৰকাৰ যদি আপুনি মানুহৰ পৰা কাম কৰাব বিচাৰিছে।বিশেষ কৈ খঙাল ব্যক্তিৰ কাৰণে। যিজনক কথাৰে মোহিত কৰাত কঠিন হয়।কেতিয়াবা জনপ্ৰিয় বিশেষজ্ঞই কোৱা কথা বা লিখনী শুনি চাব যে তেওঁ যেনেদৰে নিজৰ অনুভৱ ক লৈ চতুৰ ঠিক সেইদৰে তেওঁ নিজৰ বিচাৰ ব্যাখ্যা কৰাতো চতুৰ।তেওঁ মানুহক নিজৰ কথাৰে মোহিত কৰি মানুহৰ মনৰ কথা উলিয়াব জানে।বহুত মানুহে বহুত কিবকিবি চিন্তা কৰে কিন্তু যেতিয়া কথা কোৱাৰ সময় আহে ভয় লাগে,পাহৰি যায় যে তেওঁ কি কব লগা আছিল।কেনেকৈ কথা কব, কেনেকৈ মানুহৰ মন জয়ী কৰিব , কেনেকৈ নিজৰ মাজত বন্ধত্ব গঢ়িব তুলিব মোৰ কথাবোৰ মনোযোগ দি শুনিব।

পৃথিৱীৰ শক্তি দায়ক অস্ত্ৰ হৈছে শব্দ।লাগিলে লিখনিৰ শব্দ হওঁক বা মুখৰ পৰা ওলোৱা শব্দ হওঁক।শব্দ এনেকুৱা এটা অস্ত্ৰ যদি সঠিক সময়ত সঠিক ধৰণেৰে সঠিক ব্যক্তিক ব্যৱহাৰ কৰিব জনা যায় তেতিয়া আপোনাৰ জীৱনৰ লগতে গোটেই পৃথিৱী খনেই সলনি কৰি লব পাৰি।ইচ্ছা কৰিলে শব্দ ফুলৰ নিচিনা গঢ়িব পাৰি,অথবা তীৰৰ নিচিনা ও হব পাৰে।কেতিয়াবা শব্দই আঘাত নাইকীয়া কৰি দিয়ে আৰু কেতিয়াবা আঘাত দি থৈ যায়।এই লিখনিত আমি এইবোৰৰ বিষয়ে আলোচনা কৰিম।

শব্দ তীৰৰ নিচিনা যিটো চলোৱাৰ আগত আমি ৩ বাৰ ভাবিব লাগে যে তীৰ আমি কাৰ মাৰিম, কিয় মাৰিম,আৰু তাৰ পৰিণাম কি হব পাৰে।ওপৰত থকা জনে আমাক ১খন কাণ আৰু ১ খন মুখ বেছিকৈ শুনিব আৰু কমকৈ কথা কবলৈ দিছে,২ খন হাত আৰু ১ খন মুখ কথা নোকোৱাকৈ কাম কৰি প্ৰমাণ কৰিব দিছে,২ খন ভৰি আৰু ১ খন মুখ বিপদৰ সময়ত মনে মনে থাকি নিজৰ কাম কৰি গৈ থাকিব দিছে,২ টা কান্ধ আৰু ১খন মুখ মুখেৰে কথা নোকোৱাকৈ নিজৰ দায়িত্ব পালন কৰি যাবলৈ দিছে।আহক আমি বুদ্ধিৰে কথা কব শিকোঁ।কিন্তু সেইবুলি বুদ্ধিৰে কাম কৰাৰ অৰ্থ এইটো নহয় যে আপুনি স্বাৰ্থপৰ হওঁক আৰু কাৰোবাক ভূল দিশত ব্যৱহাৰ কৰক।আমি এই লিখনি টোত ৫ টা উপায় কম যিটো গুৰুত্ব সহকাৰে শুনি চাব।

Assamese Fact
১)মানুহৰ লগত যোগাযোগ ৰাখিব লাগে।কিছুমান মানুহে কাৰোবাৰ লগত কথা পাতিলে প্ৰত্যেকটো বস্তু ব্যক্তি গত ভাবে লয়।অকল নিজৰ খিনিয়ে কৈ থাকে।বেলেগৰ কথা শুনিব পাহৰি যায়।এটা সফল যোগাযোগৰ আৰম্ভণি কৰিবলৈ আনৰ কথা শুনিব ও লাগিব। শ্ৰী কৃষ্ণ ই অৰ্জুনক ভাগৱত গীতা ৰ কথা হুনাবলৈ ,বুজাবলৈ আৰু যুদ্ধ ৰ কাৰনে ৰাজি কৰিবলৈ অৰ্জুনে ব্যক্ত কৰা কথাই শুনি থাকিল।তেওঁ অৰ্জুনৰ মনৰ কথা জানিব আৰু বুজিব বিচাৰিছিল।কাৰণ কথা - বতৰা ৰ দ্বাৰা যোগাযোগ কৰিবলৈ বেলেগ এজনৰ কথা শুনা টো জৰুৰী।আমি জানিব লাগিব যে যি ধৰণৰ কথা কব বিচাৰি আছোঁ ব্যক্তি এজনৰ কথাটো শুনা ৰ মনটো আছে নে নাই। এনেকুৱা ও হব পাৰে যে তেওঁ ডাঙৰ দুঃখ এটাত সোমাই আছে আৰু আমি তেওঁক বজাৰ কৰিব যোৱা কথা কৈ আছোঁ।কথা কোৱাৰ আগত কথা ক ' ব জানিব লাগিব আৰু ক ' ব জনাৰ আগত শুনা টো শিকিব লাগিব।Assamese Fact )

২) মানুহৰ মন জয়ী কৰিব শিকক।ভাল অনুভূতি দিব শিকক।যদি আপুনি কাৰোবাৰ পৰা কাম কৰাব বিচাৰে অলপ ভাল প্ৰশংসা কৰিব শিকক। সকলোৱে প্ৰশংসা কৰিলে ভাল পায়।কিন্তু প্ৰশংসা কৰিব যাওঁতে ঠাত্তা কৰা নিচিনা হব নালাগে।ধৰি লওঁ ক এজন ব্যক্তিয়ে নীলা ৰঙৰ জেকেত এটা পিন্ধি আহিছে।আপুনি যদি তেখেতক কয় যে, ভাই কি ধুনীয়া জেকেত এটা পিন্ধিছা আজি । কথাষাৰ ত তেওঁ ইমান ৰস নাপাবও পাৰে।যদি আপুনি কয় যে,ভাই আজি দেখোন বৰ ধুনীয়া লাগিছে তোমাক,মজা বন্ধু,বঢ়িয়া কি কথা হে,কিবা আছে নেকি।১ ম বাক্যত আপুনি জেকেতৰ প্ৰশংসা কৰিলে,যিটো তেওঁৰ বৰ ভাল নালাগিল,২ য় বাক্যত মানুহ জনৰ প্ৰশংসা কৰিলে। যিটো ত তেওঁৰ বেছি ভাল লাগিব।প্ৰথমে মন জয়ী কৰি নিজৰ কাম আদায় কৰক।আপুনি বেলেগে বিছৰাটো দিয়ক পাছত আপুনি বিচৰাটো নিজে নিজে তেওঁ দি যাব।

৩) জ্ঞানী হওঁক। কম শব্দৰে বিচাৰ ব্যক্ত কৰাব শিকক।জ্ঞানী শব্দৰ অৰ্থ হল বস্তুবোৰ সহজ কে বনুৱা।বহুত মানুহ আছে যে তেওঁলোকৰ যেতিয়া কিবা কব লগা হয়।কথাবোৰ অকাই পকাই কয়, চিধা কব নোৱাৰে,কথাবোৰ খেলি মেলি কৰি দিয়ে। তেওঁ লোকৰ কথা মানুহে গুৰুত্ব নিদিয়ে।কম কথাৰে মুল কথা কোৱাৰ যোগ্যতা ও আপোনাৰ থাকিব লাগে।যিটো কাম ১ মিনিটত কৈ শেষ কৰিব পাৰি তাত আপোনাৰ লগতে বেলেগ ৰ সময় নষ্ট কৰি কি লাভ।কাৰণ আজি দিনত সকলো ব্যস্ত কম শব্দত মুখ্য কথা কৈ সকলোৱে আপোনাক ভাল পোৱাটো কৰক।

৪) কথা কোৱাৰ ধৰণটো সলনি কৰক।কথা স্পষ্ট কৈ কব শিক ক।কিছুমানে চিঞৰ বাখৰ কৰি কথা কয়,আকৌ কিছুমানৰ কথা শুনাই নাযায়,কিছুমানে আকৌ এনেকুৱা কে কয় শব্দবোৰ বেলেগ এজনে ভালকৈ বুজিব নোৱাৰে।স্পষ্ট ভাষাৰে সিমান কথা কওঁক যি বেলেগ এজনে ভালদৰে শুনি বুজিব পাৰে।কেতিয়াবা উপায় নহলেও চাই হে কথা কব লাগে।মানুহ এজনৰ যদি মন ভালে থাকে আপুনিও তেতিয়া হে ফুৰ্তি মনেৰে কথা কব।যদি তেখেত দুঃখ মনেৰে আছে তেওঁৰ দুঃখ ৰ সহভাগী হব চেষ্টা কৰিব।তেওঁৰ মনটো ভাল লাগিব।শব্দত কৈ কথা কোৱা ধৰনটো বহুত গুৰুত্বপূৰ্ন।একেটা শব্দৰে অৰ্থ বহুত হব পাৰে।শিক্ষা থকা জনে ধৰণ টো নাজানিবও পাৰে।যাৰ হৃদয় আছে,অনুভূতি আছে,কোমল অন্তৰৰ জনে কথা কোৱাৰ ধৰণ জানি বও পাৰে।

৫) উপহাৰ আৰু সহায় কৰিব শিক ক।যদি আপুনি কৰবাত কাম কৰে তাত কেতিয়াবা একো উৎসৱ নথকাকে চাহ, মিঠাই,চকলেট সকলোকে দিব চেষ্টা কৰক।কাৰণটো সুধিলে আপোনালোকৰ লগত কাম কৰি মোৰ বহুত ভাল লাগিছে তাকে ধন্যবাদ দিছোঁ বুলি ধৰি লওঁ ক।বেয়া পাই থকা জনৰো ভাল লাগিব।একো স্বাৰ্থ নথকাকৈ মানুহক সহায় কৰক।দৰকাৰ হলে সৰু লৰা ছোৱালী নিচিনা সলনি হব লাগিব।

আকৌ আমি কথা খিনি চমুকৈ আও ৰাই দিছোঁ 

১) মানুহৰ লগত যোগাযোগ ৰাখক।কথা শুনা টো শিক ক।

২) মানুহৰ মন জয়ী কৰিব শিক ক।

৩) জ্ঞানী হব চেষ্টা কৰক।কম শব্দৰে কথা ব্যক্ত কৰক।

৪) কথা কোৱাৰ ধৰণ সলনি কৰক।

৫) উপহাৰ আৰু সহায় কৰিব শিকক।

বন্ধুসকল এই ৫ টা উপাই আপুনিও সদায় ব্যৱহাৰ কৰিব শিকক।ইয়াৰ পৰা হয়টো আপোনাৰ জীৱনত কিছুমান পৰিবৰ্তন আনিবও পাৰে।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 

No comments:

Post a Comment

Advertisement

Pages