আপেলৰ গুণ সমূহ জানিলে আপুনিও আচৰিত হব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, September 20, 2021

আপেলৰ গুণ সমূহ জানিলে আপুনিও আচৰিত হব : Assamese Fact

 

Assamese Fact

আপেলৰ গুণ সমূহ-


Assamese Fact
দৈনিক এটাকৈ আপেল খালে, অগ্নাশয় কেন্সাৰৰ সম্ভাৱনা প্ৰায় ২৩শতাংশ কমি যায়। কাৰণ আপেলত প্ৰচুৰ পৰিমাণে ফ্লভেনেল থাকে। ( Assamese Fact )


যিসকল  প্ৰতিদিনে আপেল খায়, তেওঁলোকৰ ডায়েবেটিচ হোৱাৰ সম্ভাৱনা প্ৰায় ২৮%কমি যায়। 


আপেলত থকা ফাইবাৰে তেজত শৰ্কৰাৰ পৰিমাণ সঠিক ৰখাত সহায় কৰে। তদুপৰি আপেলত থকা ফাইবাৰে শৰীৰৰ কলেষ্টেৰলৰ মাত্রা নিয়ন্ত্রণত ৰাখে। 


আপেলত থকা ফেনলিক নামৰ উপাদানবিধে ৰক্তনলীৰ পৰা কলেষ্টেৰল দূৰ কৰাত সহায় কৰে। ইয়াৰ ফলত হাৰ্টৰ তেজ চলাচল স্বাভাৱিক থাকে আৰু হৃদযন্ত্রৰ কোনো ক্ষতি হোৱাৰ আশংকা কমি যায়। 


ডায়েৰিয়া অথবা কোষ্ঠকাঠিন্য দূৰ কৰাৰো অন্যাতম ঔষধ আপেল।  ( Assamese Fact )


ওজন বৃদ্ধিৰ বাবেই আমাৰ শৰীৰত ডায়েবেটিচ হাড়ৰ ৰোগ আদি কত কি যে নহয়! এই আটাইবোৰ ৰোগৰ পৰা যদি উপশম বিচাৰে, তেন্তে দৈনিক আপেল খোৱাৰ অভ্যাস গঢ়ি তোলক। 


আপেলে লিভাৰ ১০০%ভালে ৰাখিব পাৰে। আপেলে অতি সহজে, লিভাৰত জমা হোৱা ক্ষতিকাৰক উপাদান বাহিৰ হৈ যোৱাত সহায় কৰে। 


কম কেলেৰিযুক্ত তথা ফাইবাৰ সমৃদ্ধ আপেল পেট ভৰায় ৰখাত সহায় কৰে। ইয়াৰ ফলত ওজন নিয়ন্ত্রণত সহায় হয়। 


আপেলত থকা এন্টি অক্সিডেন্ট বিধ কুয়েৰচেটিল নামেৰে পৰিচিত। ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে আৰু আমাৰ শৰীৰ ভালে ৰখাত সহায় কৰে। 


আপেল খালে শ্বাস কষ্ট দূৰ হয়। 


আপেলে, আমাৰ শৰীৰত বহু ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। ( Assamese Fact )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

No comments:

Post a Comment

Advertisement

Pages