কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ স্বভাব, চৰিত্ৰ,ব্যৱহাৰ,প্ৰেম, তথা ভৱিষ্যৎ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, September 19, 2021

কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ স্বভাব, চৰিত্ৰ,ব্যৱহাৰ,প্ৰেম, তথা ভৱিষ্যৎ : Assamese Fact

Assamese Fact


কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ জীৱনৰ কিছুমান মহত্বপূৰ্ণ কথা বা ভৱিষ্যতবাণী বিষয়ে আজি আপোনালোকক আমি কম।Assamese Fact )


Assamese Fact
অৰ্থাৎ যিসকল ব্যক্তি কুম্ভ ৰাশিৰ তেওঁলোকৰ জীৱনৰ কিছুমান মহত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ।যিবোৰ কথা আজি আমি আপোনালোকক কম সেইবোৰ এনে ভৱিষ্যতবাণী, যিবোৰ আজি নহ'লেও কাইলৈ কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ জীৱনত সংঘটিত হ'ব।যিবোৰ শুনি তেওঁলোকৰ এনেকুৱা লাগিব যে সচাকৈ এইবোৰ যি কৈছে সকলো সঁচা।তেতিয়া হ'লে জানো আহঁক কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে যিবোৰ শুনি আপোনালোকৰ এনে লাগিব যেন সকলো সঁচা।



কুম্ভ ৰাশিৰ আখৰবোৰ হ'ল-

গো,গে,গৌ,সা,সী,সূ,সে,সৌ,দা আদি  আৰু এওঁলোকৰ স্বামী হ'ল-শনি দেৱতা।কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ গুণ, অবগুণ, পচন্দ,অপচন্দ আদি বিষয়ে কম।কুম্ভ ৰাশিৰ ব্যক্তিসকল গোটেই জীৱন প্ৰগতিশীল হৈ থাকে অৰ্থাৎ সদায় আগবাঢ়ি যাবলৈ চেষ্টা কৰে। স্বতন্ত্ৰভাৱে থাকি ভাল পায় কাৰোবাৰ কথা মতে বা কাৰোবাৰ তলত থাকি কাম কৰিবলৈ ভাল নাপায়। তেওঁলোকৰ মাজত মাননীয় গুণৰ অভাৱ নাথাকে। এওঁলোকে মাননীয়তা গুণসমূহ বুজি পায়। 


এওঁলোকৰ বেয়া গুণবোৰ হ'ল- এওঁলোকে ভাৱণাত্মক অভিব্যক্তিৰ পৰা পলাই ফুৰে।যি মন যায় তাকে কৰে।কিবা এটা কৰিম বুলি ভাবিলে সেইটোৱে কৰে নিজৰ কথাত অটল থাকে আৰু একান্ত অৰ্থাৎ একান্তমনে কিবা কাম কৰি এওঁলোকে ভাল পায়।


কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ পচন্দ- এওঁলোকে লগৰ বন্ধু বান্ধৱীৰ লগত হাঁহি ধেমালি কৰি বহুত ভাল পায় আৰু আনক সহায় কৰে। কিবা কাৰণৰ বাবে যুজাঁ ,বৈধিক বাৰ্তালাপ আদি এওঁলোকে পচন্দ কৰে।


কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ অপচন্দ- এওঁলোকে কিবা কথা প্ৰশ্নবোধক হয় ৰৈ গ'লে ভাল নাপায়,অকলে থাকিও ভাল নাপায়। যিসকল ব্যক্তিয়ে এওঁলোকৰ কথাত সন্মতি নিদিয়ে এওঁলোকে সেইসকল ব্যক্তিকো ভাল নাপায়।


কুম্ভ ৰাশিত জন্ম হোৱা ব্যক্তিসকল লাজকুৰীয়া আৰু শান্ত স্বভাৱৰ হয়। কিন্তু আনফালে এওঁলোক অলপ ৰোক্ষ আৰু শক্তিশালী ও হয়। এওঁলোকে আনক সহায় কৰি বহুত ভাল পায়। এওঁলোকে সকলো কথা ভালদৰে বুজি পায় যাৰ ফলত এওঁলোকে সমস্যাৰ সমাধান অতি সোনকালেই কৰিব পাৰে। এওঁলোকে এখন ঠাইৰ ৰূপত গোটেই পৃথিৱীখন চাই ভাল পায় । কুম্ভ এটা বায়ু ৰাশি। এওঁলোকে সকলো কাম নিজৰ মনৰ মতেই কৰে। এওঁলোকৰ মাজত কেতিয়াবা প্ৰেৰণাৰ অভাৱ দেখা পোৱা যায়। কুম্ভ ৰাশিৰ স্বামী ইউৰেনাচ গ্ৰহৰ প্ৰভাৱত এওঁলোকক কেতিয়াবা ভয়াতুৰ হোৱা দেখা যায়।কিন্তু এই গ্ৰহে এওঁলোকক দূৰদৰ্শী কৰি তুলে। এওঁলোকে ভৱিষ্যত চাব পাৰে আৰু এওঁলোকে জানে যে ৫-৬বছৰৰ ভিতৰত এওঁলোকে কি কৰিব।ইউৰেনাচ গ্ৰহে এওঁলোকক সোনকালেই পৰিৱৰ্তন হ'বলৈ শক্তিও দিছে। সেই কাৰণে এওঁলোকক বিচাৰক, প্ৰগতিশীল আৰু মানৱতাবাদী ৰূপেও জনা যায়। এওঁলোকে আনৰ লগত ভালদৰে থাকি ভাল পায়।কুম্ভ ৰাশিত জন্ম হোৱা ব্যক্তিসকলৰ সমস্যা হ'ল- এওঁলোকে নিজৰ সীমিত আৰু স্বতন্ত্ৰতা স্বভাৱৰ ফলত সকলোকে সমানে সহায় কৰিবলৈ চেষ্টা কৰে। এওঁলোক শান্ত স্বভাৱৰ বুলি কোৱা হয়। কিন্তু সময়ৰ লগত এইটো এটা এওঁলোকৰ সুৰক্ষা কৱচহে। এওঁলোকে সুস্থ ৰূপে নিজৰ কথাবোৰ বা ভাৱণাবোৰ প্ৰকাশ কৰিবলৈ আৰু আনক বিশ্বাস কৰিবলৈ শিকিব লগা হয়।


কুম্ভ ৰাশিৰ প্ৰেমৰ আৰু সম্পৰ্ক বিষয়ে ক'ব গ'লে- এওঁলোকৰ মাজত বৈধিক উত্তেজনা দেখা যায়। এওঁলোকে খোলা স্বভাৱৰ মানুহ ভাল পায় আৰু এওঁলোকে সন্মুখৰ ব্যক্তিজনৰ পৰাও খোলা ভাৱণা খোলা স্বভাৱৰ আশা কৰে এওঁলোকে তেওঁলোকৰ কথা শুনিব বিচাৰে তেওঁলোকৰ গুণবোৰ চাব বিচাৰে আৰু নিজৰ গুণবোৰো দেখুৱাব বিচাৰে। এওঁলোকৰ লগত সম্পৰ্ক স্থাপন কৰা ব্যক্তিসকল নিষ্টাবান আৰু বিশ্বাসী হোৱা অতি প্ৰয়োজনীয়। এওঁলোকৰ লগত দীঘলীয়া সম্পৰ্ক স্থাপন কৰিব বিচাৰিলে আপোনালোকে এওঁলোকৰ ওচৰত নিষ্টা আৰু বিশ্বাসী  হৈ দেখুৱাব লাগিব। প্ৰেমৰ ক্ষেত্ৰত এওঁলোক বহুত দায়িত্বশীল আৰু প্ৰতিবদ্ধ । এওঁলোকে নিজৰ সংগীক স্বতন্ত্ৰতা দিব খোজে বা স্বতন্ত্ৰভাৱে থাকিবলৈ দিয়ে আৰু নিজৰ সমান অৰ্থাৎ নিজতকৈ কম বুলিও নাভাবে।


এতিয়া আমি জানো আহঁক কুম্ভ ৰাশিৰ ব্যক্তিসকলে পৰিয়াল আৰু মিত্ৰ কেনেকুৱা প্ৰাপ্ত কৰে আৰু তেওঁলোকৰ বাবে পৰিয়াল আৰু মিত্ৰ কিমান মহত্বপূৰ্ণ : কুম্ভ ৰাশিত জন্ম হোৱা ব্যক্তিসকল মানুহৰ লগত মিলি যায় বা মানুহৰ লগত মিলিজুলি থাকি ভাল পায় আৰু এওঁলোকে আনৰ ওচৰ চাপি যাবলৈ অলপ সময় লয়। এওঁলোক বহুত সংবেদনশীল ব্যক্তি। এওঁলোকৰ মজবুত ব্যৱহাৰৰ লগতে মিশ্ৰিত ব্যৱহাৰো দেখা পোৱা যায়। যাৰ ফলত এওঁলোকৰ লগত মিলিবলৈ  অলপ জটিলো হৈ পৰে। কুম্ভ ৰাশিৰ ব্যক্তিসকলে নিজৰ প্ৰিয়জনৰ বাবে প্ৰয়োজন হ'লে আত্মবলিদানো দিব পাৰে। এওঁলোকৰ বন্ধু সকলৰ মাজত তিনিটা গুণ থাকিব লাগে। ৰচনাত্মক, বুদ্ধি আৰু অখণ্ডতা। এই তিনিটা গুণ যাৰ আছে সি কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ মিত্ৰ হ'ব পাৰে।যেতিয়া পৰিয়ালৰ কথা আহে এওঁলোকৰ আশা কম হৈ নাযায় । এওঁলোকৰ মনত সম্পৰ্কীয় ব্যক্তিসকলৰ প্ৰতি কৰ্তব্যৰ ভাৱণা দেখা পোৱা যায়।  এওঁলোকৰ কথা যদি নুশুনে বা এওঁলোকৰ মতে নহয় তেতিয়া এওঁলোকে মিত্ৰসকলৰ লগতো ঘনিষ্ঠতা বজায় নাৰাখে।Assamese Fact )


কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ভৱিষ্যত,পইচা আৰু সফলতাৰ কথা জানো আহঁক-

কুম্ভ ৰাশিত জন্ম হোৱা ব্যক্তিসকল চাকৰিৰ ফালে উৎসাহিত হৈ পৰে আৰু ব্যৱসায় কথাত বহুত চিন্তা চৰ্চা কৰে। এওঁলোকৰ মজবুত আৰু মিশ্ৰিত ব্যৱহাৰে সকলোকে কাম কৰিবলৈ প্ৰেৰণা দিয়ে। কুম্ভ ৰাশিৰ ব্যক্তিসকল দূৰদৰ্শী আৰু এওঁলোকে আনক উন্নত বা উন্নতি কৰাত সহায় কৰে।পইচা খৰচ আৰু বচোৱা দুয়োটা গুণেই এওঁলোকে সন্তোলীত ভাৱে বজায় ৰাখিব জানে। এওঁলোকে ফেচনৰ বাবে নিজৰ অনুভূতিবোৰ দেখুৱাবলৈ ভয় নকৰে। এওঁলোকক  সাহসী ৰূপে দেখাটো এটা ডাঙৰ কথা নহয়। অভিনয়,লেখন,শিক্ষণ,ফটোগ্ৰাফী আদি এওঁলোকৰ বাবে ভাল । অৰ্থাৎ এইবোৰ ক্ষেত্ৰত এওঁলোকে সফলতা পোৱা দেখা যায়। এওঁলোকে সমস্যা সমাধান অতি সোনকালে কৰিব  পাৰে আৰু এওঁলোকক সুযোগ দিলে নিজৰ প্ৰতিভা সকলোৰে ওচৰত প্ৰকাশ কৰি সফল হোৱাৰো ক্ষমতা এওঁলোকে দেখুৱাই।



এতিয়া আমি জানো আহঁক কুম্ভ ৰাশিৰ পুৰুষ বা মহিলাসকলক কেনেকৈ আকৰ্ষণ কৰিব পাৰি :


প্ৰথমতে আমি আপোনালোকক কম কুম্ভ ৰাশিৰ পুৰুষসকলক আপোনালোকে কেনেকৈ আকৰ্ষণ কৰিব পাৰিব। আপোনালোকে যদি এওঁলোকক আকৰ্ষণ কৰিব বিচাৰে তেতিয়া এওঁলোকৰ সকলো সকাৰাত্মক আৰু নাকাৰাত্মক গুণৰ বিষয়ে জানি ল'ব লাগিব।কুম্ভ ৰাশিৰ পুৰুষসকল বুদ্ধিয়ক, সামাজিক স্বতন্ত্ৰ আদি বিধৰ হয়।কুম্ভ ৰাশিৰ পুৰুষসকলৰ নাকাৰাত্মক গুণ হ'ল-জিদ, নিৰ্ণয় আৰু দৃঢ়তা আদি ।যদি আপোনালোকে কুম্ভ ৰাশিত জন্ম হোৱা ব্যক্তিসকল আকৰ্ষণ কৰিব বিচাৰে তেতিয়া আপুনি শান্ত হৈ থাকিব লাগিব। কুম্ভ ৰাশিৰ পুৰুষসকলে মনৰ ভিতৰত ৰাখি থোৱা কথাসমূহ ক'বলৈ এগৰাকী সংগী বিচাৰে।যদি আপোনালোকে এওঁলোকক আকৰ্ষণ কৰিব বিচাৰে তেতিয়া প্ৰথমতে আপোনালোকে এওঁলোকৰ লগত মিত্ৰতা কৰিব লাগিব। এওঁলোকৰ মৰম ,ভাল পোৱা বন্ধুত্বৰ পৰাই আৰম্ভ হয় আৰু লাহে লাহে সেইবোৰ গম্ভীৰ আৰু বিকাশ পাবলৈ ধৰে। এওঁলোকৰ কাৰোবাৰ লগত বন্ধুত্ব সম্পৰ্ক নাথাকিলে তাৰ লগত ভাল পোৱা সম্পৰ্ক ও স্থাপন নকৰে।ধৈৰ্য আৰু আদৰ্শবাদী ৰূপে আপোনালোকে এওঁলোকৰ ওচৰত বস্তুবোৰ বা কথাবোৰ ক'ব লাগিব। স্বতন্ত্ৰতা লগতেই আপোনালোকে তেওঁলোকৰ ইচ্ছাৰো সন্মান কৰিব লাগিব।


এতিয়া আমি জানো আহঁক কুম্ভ ৰাশিৰ মহিলাসকলক আপোনালোকে কেনেকৈ আকৰ্ষণ কৰিব পাৰিব : কুম্ভ ৰাশি স্বতন্ত্ৰ, ব্যক্তিত্ব, ৰহস্য,মুক্ত আদি গুণৰ অধিকাৰী।কুম্ভ ৰাশিৰ মহিলাসকলৰ হাঁহি ধেমালি কৰি থকা প্ৰতিভা আৰু ভাৱণাৰ লগতে জীৱনৰ প্ৰতি এক ব্যৱহাৰিক দৃষ্টি কোণ থকা দেখা পোৱা যায়। এওঁলোকে বহুতৰে সংগত থাকি ইমান ভাল নাপায়। এওঁলোক দেখাত শান্ত আৰু একান্ত পতীয়া হ'লেও এওঁলোকে ভালকৈ বাৰ্তালাপ আৰু মৰম কৰিব জানে। এওঁলোক আপোনালোকে সদায় মৰম দিব কিন্তু এওঁলোকে যদি গম পায় এওঁলোকৰ লগত কোনোবাই এটা ৰাতিৰ বাবে মৰমৰ অভিনয় কৰিছে এওঁলোকে তেওঁলোকৰ লগত থাকিব নিবিচাৰে। সেই কাৰণে আপোনালোকে এওঁলোকক বিশ্বাস দিব লাগিব বা বিশ্বাস কৰাব লাগিব যে আপোনালোক এওঁলোকৰ লগত সদায় থাকিব। আপোনালোকে কুম্ভ ৰাশিৰ মহিলাসকলক আকৰ্ষণ কৰিব বিচাৰিলে তেওঁলোকৰ ব্যক্তিত্বৰ বিভিন্ন কথা জানিব লাগিব।কুম্ভ ৰাশিৰ মহিলাসকলে অকলে থকা মানুহ ভাল পায় অৰ্থাৎ বেছি ভিৰত থকা মানুহ ভাল নাপায়। সেই কাৰণে আপোনালোকে অলপ বেলেগ ধৰণে তেওঁলোকৰ ওচৰলৈ আহিব লাগিব। এওঁলোকক বিশ্বাস কৰাব লাগিব যে আপোনালোকৰ বাবে এওঁলোক বহুত মহত্বপূৰ্ণ।কুম্ভ ৰাশিৰ মহিলাসকলৰ লগত জোৰ কৰি বা খঙ কৰি আপোনালোকে কেতিয়াও সম্পৰ্ক স্থাপন কৰিব নিবিচাৰিব। এওঁলোকক সদায় নিজৰ মতে কৰিবলৈ দিব লাগে। কাৰণ এওঁলোকে স্বতন্ত্ৰভাৱে থাকি ভাল পায়। এওঁলোকক নিজৰ মতে বান্ধি ৰাখিব বিচাৰিলে এওঁলোকে ভাল নাপায়। তেওঁলোকৰ ধ্যান আকৰ্ষণ কৰিবলৈ হ'লে আপোনালোকে শান্ত আৰু নিশব্দ হৈ থাকিব লাগিব। এওঁলোকে খোলা মনে সকলো ভাৱণা ব্যক্ত কৰা ব্যক্তিসকলৰ লগত থাকি ইমান ভাল নাপায়। সেই কাৰণে আপোনালোকে এওঁলোকৰ সকলো গুণ,কথা , ব্যক্তিত্বৰ বিষয়ে জানি লৈ এওঁলোকৰ লগত সম্পৰ্ক স্থাপন কৰিব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে।আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ ৰাখি লেখাটো আগ বঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা,ধন্যবাদ।


1 comment:

Advertisement

Pages