প্লাষ্টিক চাৰ্জাৰী কিদৰে কৰা হয় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, September 18, 2021

প্লাষ্টিক চাৰ্জাৰী কিদৰে কৰা হয় : Assamese Fact

Assamese Fact

প্লাষ্টিক চাৰ্জাৰীৰ বিষয়ে আপুনি নিশ্চয় শুনিছে বা  চিনেমাত দেখিছে,আপুনি হয়তো ভাবিছে এই প্ৰ্ক্ৰিয়াত প্লাষ্টিকৰ ব্যৱহাৰ কৰি শৰীৰ টোক সুন্দৰ কৰা হয়।Assamese Fact )


Assamese Fact
কিন্তু প্ৰকৃততে প্লাষ্টিক চাৰ্জাৰীত তেনেকুৱা নহয়।তেন্তে যদি এই প্ৰক্ৰিয়াত প্লাষ্টিকৰ ব্যৱহাৰ কৰাই নহয় তেন্তে কিয় ইয়াক প্লাষ্টিক চাৰ্জাৰী বুলি কোৱা হয়?এই লেখাটোত আপোনাক ক'ম প্লাষ্টিক চাৰ্জাৰী কি হয়?আৰু এই প্ৰক্ৰিয়াত কি কৰা হয়?লগতে প্লাষ্টিক চাৰ্জাৰীৰ কি কি লাভ আৰু কি কি লোকচান আছে?


প্লাষ্টিক শব্দটো গ্ৰীক শব্দ প্লাষ্টিকৰ পৰা লোৱা হৈছে।আৰু গ্ৰীকত প্লাষ্টিক শব্দৰ অৰ্থ হৈছে তৈয়াৰ কৰা বা বনোৱা।প্লাষ্টিক চাৰ্জাৰীৰ আৰম্ভ ২য় বিশ্বযুদ্ধৰ সময়ত হৈছিল।আঘাতপ্ৰাপ্ত সৈনিক সকলক ঠিক কৰিবলৈ হেৰল গ্ৰীজে ইয়াৰ ব্যৱহাৰ কৰিছিল।প্লাষ্টিক চাৰ্জাৰীৰ আৱিষ্কাৰ কৰি তেওঁ চিকিৎসা বিভাগত কিৰ্তীমান স্থাপিত কৰিলে।এই ব্যৱস্থাত শৰীৰৰ কোনো অংশ লৈ অন্য ঠাইৰ অংশৰ কোষৰ লগত স্থাপিত কৰি দিয়ে।প্লাষ্টিক চাৰ্জাৰীয়ে এনে মানুহৰ জীৱন সুন্দৰ কৰি তোলে যাৰ শৰীৰৰ কোনো অংগ কোনো দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হৈছে আৰু এনে লোকৰ যাৰ জুইৰ যোগেদি ক্ষতিগ্ৰস্ত হৈছে।এনে লোকৰ কাৰণে ব্যৱহাৰ হোৱা প্লাষ্টিক চাৰ্জাৰীৰ গুৰুত্ব সময়ৰ লগে লগে বাঢ়ি গৈছে।আজি মানুহে নিজৰ শৰীৰ আগতকৈ অধিক সুন্দৰ কৰিবৰ বাবেও এই প্ৰক্ৰিয়াৰ ব্যৱহাৰ কৰিছে।চীন আৰু চাওথ কোৰিয়াৰ দৰে দেশ এইক্ষেত্ৰ্ত বহুত আগবাঢ়ি আছে।আৰু এতিয়া সুন্দৰ দেখিবলৈ ভাৰতেও এই প্ৰক্ৰিয়া ব্যৱহাৰ কৰাত আগবাঢ়ি গৈছে।


প্লাষ্টিক চাৰ্জাৰী কৰিবৰ বাবে ১৮বছৰৰ ওপৰৰ হোৱাটো প্ৰয়োজন।প্লাষ্টিক চাৰ্জাৰীৰ জৰিয়তে কোনো ক্ষতিগ্ৰস্ত অংগ বা কোনো অন্য অংগ সুন্দৰ কৰোতে উৰুৰ কাষৰ ছাল লোৱা হয় আৰু যি অংশক সুন্দৰ কৰিব লগা থাকে সেই অংশত লগাই দিয়া হয়। এই প্ৰ্ক্ৰিয়াটোক স্ক্ৰিন গ্ৰাফতিং বুলি কোৱা হয়।আজিকালি প্লাষ্টিক চাৰ্জাৰীৰ প্ৰক্ৰিয়া সমূহ বহুত উন্নত হ'ল,য'ত কোনো ধৰণৰ অস্ত্ৰোপচাৰ কৰিবলগা নহয়,কেৱল চিৰিঞ্জৰ সহায়ত সেই অংশত চিলিকন ভৰাই দিয়া হয়।


প্লাষ্টিক চাৰ্জাৰী যদিও শুনিবলৈ সহজ প্ৰক্ৰিয়া যেন লাগে তথাপিও কিন্তু এইটো প্ৰক্ৰিয়া বহুত ব্যয়বহুল হয়।পইছা বছাবলৈ বুলি কৰা সস্তীয়া প্লাষ্টিক চাৰ্জাৰীয়ে শৰীৰৰ ক্ষতি কৰিব পাৰে।অযোগ্য ডাক্তৰৰ যোগেদি এই চাৰ্জাৰী কৰাটোও উচিত নহয়।কাৰণ তেনে কৰিলে যদি সুন্দৰ কৰা বা চিকিৎসা কৰা অংগ যদি ক্ষতি হয় তেন্তে তাৰ বিৰুদ্ধে কাৰ্যপন্থা গ্ৰহণ কৰাৰো কোনো বিকল্প নাথাকে।ইয়াৰোপৰি প্লাষ্টিক চাৰ্জাৰী কৰাৰ সময়ত বহুত সাৱধান হোৱাটোও প্ৰয়োজন,আৰু লগতে আপোনাৰ শৰীৰে এই প্ৰক্ৰিয়া সহ্য কৰিব পৰা ক্ষমতা থাকিব লাগে।কিয়নো এই প্ৰক্ৰিয়াৰ পিছত হোৱা গভীৰ তেজৰ অভাৱৰ ফলত চাৰ্জাৰী কৰা অংশৰ ক্ষতি হোৱাৰো সম্ভাৱনা থাকে,গতিকে প্লাষ্টিক চাৰ্জাৰী কৰাৰ আগত ইয়াৰ বিষয়ে প্ৰয়োজনীয় জ্ঞান,পৰ্যাপ্ত পৰিমাণৰ টকা,অভিজ্ঞতাপুষ্ট ডাক্তৰ থকাতো প্ৰয়োজন।

কোনো দুৰ্ঘটনাগ্ৰস্ত লোকে শৰীৰৰ কোনো অংগৰ ক্ষতি পূৰণ কৰিবলৈ এই প্ৰক্ৰিয়া বৰদানৰ দৰে কিন্তু সুন্দৰতাৰ কাৰণে এই প্ৰক্ৰিয়া গ্ৰহণ কৰোঁতে ই অভিশাপৰ ৰুপো ল'ব পাৰে।Assamese Fact )


ভাৰতত প্লাষ্টিক চাৰ্জাৰীৰ ব্যৱহাৰৰ হাৰ বছৰী ৩০%বৃদ্ধি হৈছে।যিমানেই মানুহে নিজৰ সুন্দৰতা আৰু ৰুপ আৰু বেছি গম্ভীৰ ভৱে ল'ব সিমানেই  এই হাৰ বৃদ্ধি হ'ব আৰু কছমেটিক চাৰ্জাৰী বিশেষজ্ঞৰ সন্মুখত মানুহৰ নিজৰ নাক বা চেহেৰা শুধৰাবৰ কাৰণে পতা শাৰী দীঘল হ'ব।


এই সময়ত ভাৰতৰ ১০%লোক প্লাষ্টিক চাৰ্জাৰী কৰিবলৈ বিদেশলৈ যায়।তাৰে বেছি সংখ্যক লোকে নিজৰ নাক আৰু মেদবৃদ্ধিৰ চিকিৎসাৰ কাৰণে যায়।বিশেষকৈ চীন আৰু দক্ষিণ কোৰিয়াত নাক আৰু মুখৰ প্লাষ্টিক চাৰ্জাৰী কৰাৰ প্ৰৱণতা বেছি।


আজিৰ যুগত বিজ্ঞানে ইমানেই উন্নতি কৰিছে যে আপোনাৰ শৰীৰৰ কোনো অংগ যদি আপুনি ভাল পোৱা নাই তেন্তে প্লাষ্টিক চাৰ্জাৰীৰ জৰিয়তে আপুনি সেই অংগ সুন্দৰ কৰি ল'ব পাৰে।আমি প্ৰায়ে খবৰ শুনিবলৈ পাঁ‌ও যে কোনো অভিনেত্ৰীয়ে প্লাষ্টিক চাৰ্জাৰী কৰি সুন্দৰ হৈছে আৰু তাকে দেখি আমিও প্লাষ্টিক চাৰ্জাৰী কৰাৰ কথা বিবেচনা কৰিব ধৰো।


বন্ধুসকল,প্লাষ্টিক চাৰ্জাৰীৰ যদি লাভ আছে তেন্তে ইয়াৰ কিছু লোকচানো আছে।

প্ৰথমেই ইয়াৰ লোকচানৰ সমূহৰ বিষয়ে আলোচনা কৰোঁ।


প্লাষ্টিক চাৰ্জাৰীৰ ফলাফল ক্ষণস্থায়ী নহয়।ই মেক আপৰ দৰে নহয়,যে আপোনাৰ ভাল লাগিলে থৈ দিলে বা ভাল নালাগিল আঁ‌তৰাই পেলালে।প্লাষ্টিক চাৰ্জাৰীত আপুনি আপোনাৰ প্ৰাকৃতিক চেহেৰা হেৰুৱাই দিয়ে আৰু আপুনি যদি জীৱনভৰ এই পৰিৱৰ্তনক মানি ল'বলৈ সাজু আছে,তেন্তে আপুনি এই বিষয়ে ভাবিব পাৰে।প্লাষ্টিক চাৰ্জাৰীত বহুত পইছাৰ দৰকাৰ হয়,আৰু এই চাৰ্জাৰী কোনো সামান্য ব্যক্তিয়ে কৰিব নোৱাৰে।সেয়ে বহু প্ৰাচুৰ্যশালী ব্যক্তিয়ে হে এইয়া কৰা শুনিবলৈ পাও।ইয়াৰোপৰি এই প্ৰক্ৰিয়াত বহুতো সময়ৰ প্ৰয়োজন হয়।আৰু এই প্ৰক্ৰিয়া হৈ যোৱাৰ পিছতো বহুত দিনলৈও আপুনি নিজৰ যত্ন লোৱাটো প্ৰয়োজন।

প্লাষ্টিক চাৰ্জাৰী কৰাৰ সময়ত যদি অমনোযোগী হোৱা হয় তেন্তে আপোনাৰ বহু লোকচান হ'ব পাৰে।আৰু আপোনি যি অংগ সুন্দৰ বনাবলৈ যত্ন কৰিছে সেই অংগ কুৰুপ দেখাব।যেতিয়া আপোনাৰ শৰীৰত বাহিৰৰ পৰা কিবা বস্তু ভৰোৱা হয় তেতিয়া আপোনাৰ ক্ষতি হ'ব পাৰে,আৰু বহুবাৰ হৰম'ণ জড়িত পৰিৱৰ্তনো হ'ব ধৰে।যিয়ে মানুহৰ স্বাস্থ্য আৰু শৰীৰত বেয়া প্ৰভাৱ পেলায়।আৰু প্লাষ্টিক চাৰ্জাৰীৰ পিছত মানুহৰ শৰীৰত খজুৱতি,জ্বলন আদি সমস্যাই দেখা দিয়ে।


এতিয়া প্লাষ্টিক চাৰ্জাৰীৰ কিছু সুফলৰ বিষয়ে আলোচনা কৰিম।

ইয়াৰ সকলোতকৈ ডাঙৰ লাভটো হৈছে সৌন্দৰ্য।আপোনাৰ কোনো বিশেষ অংগ তেনেধৰণৰ হয়,যিধৰণৰ আপুনি হোৱাটো বিছাৰে।ইয়াৰ যোগেদি চেহেৰা আৰু শৰীৰলৈ সৌন্দৰ্য আহে যাৰ দ্বাৰা আপোনাৰ দৃঢ়বিশ্বাস বৃদ্ধি হয়।


আপুনি যদি প্লাষ্টিক চাৰ্জাৰী কৰাব বিছাৰিছে তেন্তে প্ৰথমে প্লাষ্টিক চাৰ্জাৰীৰ বিষয়ে জানি লওক বা  এনে লোকৰ সৈতে কথা পাতক যিয়ে এই প্ৰক্ৰিয়াৰ ব্যৱহাৰ কৰিছে,আৰু তেওঁক ইয়াৰ লাভালাভ বা লোকচানৰ বিষয়ে সোধক।তাৰোপৰি আপোনাৰ ডাক্তৰ জনৰ অভিজ্ঞতা বা তেওঁৰ দ্বাৰা আগতে কৰা চাৰ্জাৰীৰ ফলাফলৰ বিষয়ে জানি লওক।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 

No comments:

Post a Comment

Advertisement

Pages