আপোনাৰ ঘৰৰ শুকাই যোৱা তুলসী জোপাৰ যত্ন লওক এনেদৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, September 18, 2021

আপোনাৰ ঘৰৰ শুকাই যোৱা তুলসী জোপাৰ যত্ন লওক এনেদৰে : Assamese Fact

Assamese Fact


শুকাই যোৱা তুলসী গছ সেউজীয়া আৰু লহপহীয়া কেনেদৰে কৰি তুলিব পাৰি আজি আমি আপোনালোকক কম।( Assamese Fact )

 

Assamese Fact
তুলসী গছক হিন্দু ধৰ্মত বহুত মহত্ব দিয়া হৈছে। আয়ুৰ্বেদতটো তুলসী গছক বহুত ঔষধি গুণ থকা গছ বুলি কোৱা হয়। কিছুমানে ধৰ্মৰ ক্ষেত্ৰত তুলসী ব্যৱহাৰ কৰে আৰু কিছুমানে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত তুলসী ব্যৱহাৰ কৰে। এইবোৰেই কাৰণ যে সকলোৰে ঘৰত তুলসী গছ দেখা পোৱা যায়। কিন্তু বহুত মানুহে কয় যে তুলসী গছ বহুত সোনকালেই শুকাই যায়। তুলসীৰ গছজোপা শুকাই যোৱাৰ বহুত কাৰণ হ'ব পাৰে। বান্দ্ৰাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বৈজ্ঞানিক  অৰ্থাৎ ডাক্তৰ আনন্দ সিংৰ লগত কথা পাতি বহুত কথা বা তথ্য জনা গৈছে । যিবোৰ আপোনালোকেও জানিলে শুকাই যোৱা তুলসী গছক সেউজীয়া আৰু লহপহীয়া কৰি তুলিব পাৰিব।


ডাক্তৰ আনন্দ সিংয়ে কৈছিল যে বহুত মানুহে ভাৱে গৰম দিনত গৰম পাই তুলসী গছ শুকাই যায় আৰু কিছুমান মানুহে ভাৱে যে ঠাণ্ডাত পোক লাগি তুলসী গছ শুকাই যায়। যেতিয়া বৰষুণৰ বতৰতো কেতিয়াবা তুলসী গছ শুকাই যায় তেতিয়া মানুহৰ সকলো অনুমান ভুল হৈ যায়। বৰষুণৰ বতৰতো কেতিয়াবা তুলসী গছ শুকাই যায় কাৰণ তুলসী গছক বহুত বেছি পানীৰ প্ৰয়োজন নাথাকে। চাবলৈ গ'লে তুলসী গছক বহুত বেছি চোৱা চিতাৰো প্ৰয়োজন নাই। তুলসী গছক কম ৰ'দ কম পানী,কম চোৱা চিতা কৰিলেই হয়। কিন্তু যদি তুলসী গছজোপা শুকাই গৈছে তেতিয়া এটা উপায় বা পদ্ধতিৰ সহায়ত আপোনালোকে তুলসী গছজোপা সেউজীয়া আৰু লহপহীয়া কৰি তুলিব পাৰিব।


শুকাই যোৱা তুলসী গছক বচাব পাৰে নীমে।


যদি আপোনালোকৰ ঘৰৰ তুলসী গছজোপা একেবাৰে শুকাই গৈছে তেতিয়া আপোনালোকে যদি আকৌ সেইজোপাক সেউজীয়া আৰু লহপহীয়া কৰি তুলিব বিচাৰে তেতিয়া ইয়াৰ বাবে এটা উপায় আনন্দ সিংয়ে দিছিল। সেইটো হ'ল- প্ৰত্যেক মাহে যদি আপোনালোকে নীমৰ পাত শুকোৱাই তাৰ গুৰিবোৰ বা পাউদাৰবোৰ তুলসী গছত দিয়ে তেতিয়া তুলসী গছত নতুন পাত আহিব আৰু গছজোপা শুকাই নাযায়। আপোনালোকে নীমৰ পাত শুকোৱাই তাক গুৰি কৰি ভালকৈ তুলসী গছজোপাৰ তলত অৰ্থাৎ মাটিত সাৰ দিয়া দৰে মিলাই দিব লাগিব । এইবোৰ কৰা ফলত তুলসী গছজোপাৰ বহুত উপকাৰ হ'ব।Assamese Fact )


অক্সিজেন বহুত প্ৰয়োজন-


বৰষুণৰ বতৰত যেতিয়া তুলসী গছত বেছি পানী জমা হৈ যায়। তেতিয়া পাতবোৰ সৰিবলৈ আৰম্ভ কৰে। কাৰণ প্ৰয়োজনতকৈ অধিক পানী পায়। ইয়াৰ ফলত তুলসী গছজোপাৰ শিপাবোৰে ভালদৰে উশাহ ল'ব নোৱাৰে যাৰ ফলত তুলসী গছজোপা শুকাবলৈ ধৰে। ডাক্তৰজনে এনেকুৱা পৰিস্থিতিৰ বাবেও এটা উপায় দিছিল সেইটো হৈছে- তুলসী গছজোপাৰ পৰা ১৫ চে.মি দূৰত ২০ চে.মিৰ গাঁত এটা খান্দক তাৰ পাছত ভালদৰে চাই যদি মাটিখিনি সেমেকা দেখে তেতিয়া সেই গাঁতটোত শুকান মাটি আৰু বালি ঢ়ালি দিয়ক। এনেকুৱা কৰা ফলত গছজোপাৰ শিপাই আকৌ উশাহ ল'বলৈ ধৰিব। অধিক সেমেকা ফলত যদি গছজোপাক ভেঁকুৰে ধৰে তেতিয়া এই সমস্যাটো দূৰ কৰাৰো বহুত প্ৰয়োজন আছে। নীমৰ এটা পাউদাৰ পোৱা যায়। ইয়াক নীম চিদ পাউদাৰ নামে জনা যায়।যদি আপোনালোকে ১৫গ্ৰাম পাউদাৰ মাটিত মিলাই দিয়ে তেতিয়া ভেঁকুৰে ধৰা ভাল হৈ যাব।যদি আপোনালোকৰ ওচৰত পাউদাৰটো নাই তেতিয়া আপোনালোকে ঘৰতে নীমৰ পাত লৈ তাক পানীত উতলাব।যেতিয়া পানীখিনি সেউজীয়া হৈ যাব তাক ঠাণ্ডা কৰি বটলত সোমোৱাই ল'ব। তাৰ পাছত ১৫দিনৰ মূৰে মূৰে তুলসী তলৰ মাটিখিনি অলপ খান্দি তাত ইয়াৰ দুচামুচ দি দিব।


তুলসী গছ আৰু ধৰ্ম , আস্থা-


ডাক্তৰজনে কৈছিল তুলসী গছৰ লগত মানুহৰ আস্থা জড়িত হৈ থাকে। সেই কাৰণে এই গছজোপাক যদি আপোনালোকে পূজা কৰে তেতিয়া কৰক। কিন্তু চেষ্টা কৰিব যাতে সদায় তুলসী পাত আপোনালোকে নিচিঙে। ধূপ আৰু চাকি তুলসী গছৰ একেবাৰে তলত নলগাব অলপ আঁতৰত লগাব। কাৰণ ধোঁৱা আৰু তেলৰ পৰাওঁ তুলসী গছজোপা বেয়া হ'বলৈ ধৰে।


আকৌ সেউজীয়া আৰু লহপহীয়া হ'বলৈ কিমান সময় লাগিব ?


যদি আপোনালোকে আমি আপোনালোকক কোৱাৰ দৰে উপায়বোৰ বা পদ্ধতিবোৰ কৰে তেতিয়া এমাহৰ ভিতৰতে আপোনালোকৰ শুকাই যোৱা তুলসী গছত নতুন পাত আহিবলৈ আৰম্ভ কৰিব ।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 

No comments:

Post a Comment

Advertisement

Pages