তিতাবৰৰ মৰমলগা আইতা গৰাকী আৰু নাই : Assamese Article - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, September 25, 2021

তিতাবৰৰ মৰমলগা আইতা গৰাকী আৰু নাই : Assamese Article

Assamese Article

সদায়ে মুখত এমুকুৰা মৰমলগা হাঁহি বিৰিঙি থকা তিতাবৰ মহকুমাৰ মেলামাটি কছাৰী গাঁৱৰ শশী প্ৰভা দত্ত নামৰ আইতা গৰাকীৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে এক গভীৰ শোকৰ ছাঁ পেলাইছে। ( Assamese Article )
Assamese Article
স্বামী ৺পদ্মধৰ দত্তৰ ছবি হাতত লৈ আইতা

প্ৰয়াত মুক্তি যুদ্ধা তথা শিক্ষক পদ্মধৰ দত্তৰ পত্নী আছিল আইতা গৰাকী।যোৱা নিশ ৯:১০ বজাত বাৰ্ধক্য জনিত কাৰনত নিজ গৃহত তেওঁ শেষ নিশ্বাশ ত্যাগ কৰে।উল্লেখ্য যে প্ৰায় দুটা বছৰৰ পূৰ্বে বিছনাৰ পৰা পৰি আইটা গৰাকীৰ হাত এখন ভাগিছিল আৰু তেতিয়াৰে পৰা তেওঁ শয্যাগত হৈ আছিল।


Assamese Article
বাতৰি  কাকত পঢ়ি থকাৰ সময়ত আইতা

আপোনালোকে জানিলে হয়টো আচৰিত হব যে,৯৫ বছৰ বয়সটো আইতা গৰাকীৰ চকু-কান সকলো ভালদৰে সক্ৰীয় হৈ আছিল।যাৰ বাবে তেওঁ জীৱনৰ অন্তিম বেলালৈকে বাতৰি কাগজ,কিতাপ আদি অনায়সে পঢ়িব পৰা হৈ আছিল।এইসিনিতে তেখেতৰ জীৱন ধাৰনৰ বিষয়ে কিছু কথা উল্লেখ কৰি কব লাগিব যে,তেওঁ অতি ভক্তি পৰায়ণ স্বভাৱৰ আছিল আৰু পুৱা গধূলি গোঁসাই ঘৰত তেওঁ নিটৌ চাকি বন্তি জ্বলাইছিল।
Assamese Article
দুৰ্গা পূজা চাবলৈ যোৱাৰ মুহূৰ্তত আইতা

তেওঁক সদায়ে পৰিপাতি তথা চাফচিকুন সাজত দেখিবলৈ পোৱা গৈছিল আৰু তেওঁ ঘৰৰ খাদ্যৰ বাহিৰে বাহিৰৰ খাদ্য কেতিয়াও সেৱন কৰা নাছিল। কেতিয়াবা ভ্ৰমনৰ বাবে তেখেত দূৰ-দূৰণিলৈ যাব লগীয়া হৈছিল যদিও ফল-মূল সেৱন কৰিয়ে ভ্ৰমনৰ কালচোৱা তেওঁ অতিবাহিত কৰিছিল। ( Assamese Article )
Assamese Article
আহাৰ গ্ৰহণ কৰি থকাৰ মুহূৰ্তত আইতা

সেউজীয়া শাক-পাছলি আছিল তেখেতৰ অতিকৈ প্ৰিয়।আমিষ খাদ্য তেওঁ গ্ৰহন নকৰিছিল যদিও কেইবিধমান নিৰ্দিষ্ট প্ৰজাতিৰ মাছহে মাজে মধ্যে সেৱন কৰিছিল।পৰিয়ালৰ লোক,উচৰ চুবুৰীয়া তথা পশু পক্ষীৰ প্ৰতিও বহুত মৰম আছিল আইতা গৰাকী।


Assamese Article
নাতি বোৱাৰীৰ সৈতে আইতা

ইমান এগৰাকী মৰম লগা তথা সুন্দৰ ব্যক্তিত্বৰ আইতা থকাৰ বাবে যেন সমগ্ৰ অঞ্চলটোৱে শুৱনি হৈ আছিল।সেয়ে তেওঁৰ এই মৃত্যু সমগ্ৰ অঞ্চলটোৰ বাবে এক অপূৰণীয় ক্ষতি।
Assamese Article
পৰিয়ালৰ সদস্য সকলৰ সৈতে আইতা

মৃত্যুৰ পৰত তেওঁ দুই পুত্ৰ,এগৰাকী কন্যা,বোৱাৰী,নাতি,আজু নাতি আৰু তেওঁৰ অশেষ গুণমুগ্ধক ইহসংসাৰত এৰি গৈছে।শেষত আৰু এটা কথা আপোনালোকক অৱগত কৰি দিব বিছাৰো যে আপোনালোকৰ প্ৰিয় ৱেব প'ৰ্টেল SMJ24 ( Social Media Journalism ) ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ আইতাক আছিল তেখেত।
Assamese Article
নাতিৰ সৈতে আইতা

আৰু অৱশেষত আমাৰ তৰফৰ পৰা তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলো। ( Assamese Article )

Assamese Article
আজুনাতিৰ সৈতে আইতা


ঔঁ শান্তি

No comments:

Post a Comment

Advertisement

Pages