S নামৰ ব্যক্তিৰ স্বভাৱ  ,চৰিত্ৰ, ব্যক্তিত্ব আৰু ভৱিষ্যত : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 22, 2021

S নামৰ ব্যক্তিৰ স্বভাৱ  ,চৰিত্ৰ, ব্যক্তিত্ব আৰু ভৱিষ্যত : Assamese Fact

Assamese Fact

প্ৰিয় পাঠকসকল নামৰ প্ৰথম আখৰটোৰ সহায়ত ৰাশি কি জানিব পাৰি আৰু সেই ৰাশিৰ সহায়তে ব্যক্তিৰ স্বভাৱ  ,চৰিত্ৰ, ব্যক্তিত্ব আৰু ভৱিষ্যত আদিৰ বিষয়ে জানিব পাৰিAssamese Fact )। 
আজি আমি আপোনালোকক কম ব্যক্তিৰ নামৰ প্ৰথম আখৰটোৰ সহায়ত ব্যক্তিৰ স্বভাৱৰ বিষয়ে। আজি কম ইংৰাজী S নামৰ ব্যক্তিৰ স্বভাৱৰ বিষয়ে। যদি কোনোবা ছোৱালী বা ল'ৰাৰ নাম ইংৰাজী S আখৰেৰে আৰম্ভ হয় তেতিয়া এওঁলোকে মানুহৰ ভীৰত থাকি ভাল নাপায়। এওঁলোকে বহুত কথা পাতি ভাল পায়। নিজৰ কথাবোৰ কেতিয়াও স্পষ্টভাৱে ক'ব নোৱাৰে। সেই কাৰণে বহুত বাৰ আলোচনাৰো বলী হয়।


নিজৰ মনৰ ভিতৰত কি চলি আছে কাকো জানিবলৈ নিদিয়ে।নিজৰ কামবোৰ সদায় বেলেগ ধৰণেৰে কৰি ভাল পায়। এওঁলোকে নিজৰ কাণ, নাক ,হাত ,মগজু সকলো সক্ৰিয় কৰি ৰাখে। এওঁলোক য'তেই নাথাকক কিয় সকলো ঠাইৰে খবৰ ৰাখে। নিজৰ বুদ্ধিমত্তাৰ ফলত সকলো সমস্যা সমাধান কৰিব পাৰে।


সফলতা- ৰাজ যুগ ভোগ কৰা এওঁলোকৰ কপালত থাকে। এওঁলোক বহুত সহজ সৰল ব্যক্তি ৰূপে পৰিগণিত হয়।নিজৰ কামবোৰ আনৰ পৰা কৰোৱাব হ'লে কেনেকৈ কৰাব লাগে বহুত ভালকৈ জানে।জীৱনৰ সফলতাক লৈ বহুত চিন্তিত থকা দেখা যায়। য'তে যায় তাত নিজৰ মালিকৰ প্ৰিয় হৈ পৰে। লগনীয়া  কৰি অৰ্থাৎ যিটি কথা লগাই বা খঙ কৰি নিজৰ কাম কৰাব জানে। এওঁলোকে সফলতা পালে পায় গৈয়ে থাকে কিন্তু এবাৰ নামি গ'লে একেবাৰে তললৈ নামি যায়। 


প্ৰেম- প্ৰেমৰ ক্ষেত্ৰত এওঁলোকক বহুত স্বাৰ্থপৰ হয়। প্ৰেমক নিজৰ ওচৰতে সদায় ৰাখিব বিচাৰে।এওঁলোকৰ প্ৰেম বেলেগে দেখাটো এওঁলোকে সহ্য নকৰে।এওঁলোকে নিজৰ প্ৰেম আনৰ লগত ভগাই ল'ব নিবিচাৰে।সেই কাৰণে S নামৰ ব্যক্তিসকল অলপ খঙালৰ দৰে হয়। এওঁলোকে অকল এইটো বিচাৰে যে  এওঁলোকৰ প্ৰেম যাতে বেলেগে নেদেখে। এওঁলোকৰ এইবোৰ স্বভাৱ আনৰ বাবে মূৰৰ বিষৰ কাৰণ হৈ পৰে।



প্ৰথম গুণ- মিত্ৰ অৰ্থাৎ বন্ধু কেনেকুৱা পাতিব বা ৰাখিব লাগে এওঁলোকে বহুত ভালদৰে জানে। নিজৰ এই গুণবোৰৰ কাৰণে এওঁলোকৰ বন্ধুৰ তালিকা বহুত বেছি হোৱা দেখা যায়। হাঁহি মুখীয়া হোৱাৰ লগতে আনৰ পৰা কেনেকৈ কাম কৰাব পাৰি এওঁলোকে ভালকৈ জানেAssamese Fact )


দ্বিতীয় গুণ- এওঁলোকে বস্তুবোৰ সহজতে কাকো নিদিয়ে আৰু সোনকালেই বহুত পইচা সা-সম্পত্তি লাভ কৰিব পাৰে। এওঁলোক বহুত কৃপন হয় আৰু আনক দেখাই ভাল পায়।  মনৰ পৰা বা হৃদয়ৰ পৰা এওঁলোক বেয়া নহয় । কিন্তু এওঁলোকৰ খঙাল স্বভাৱে এওঁলোকক মানুহৰ ওচৰত বেয়া কৰি তোলে।


তৃতীয় গুণ- এওঁলোকে নিজৰ ওচৰত চলি থকা  সকলো ঘটনাৰ খবৰ ৰাখে।এওঁলোকৰ জীৱনলৈ কেতিয়াবা এনেকুৱা সমস্যা বা স্থিতি আহি পৰে যিটোৰ এওঁলোকে একো নিৰ্ণয় ল'ব নোৱাৰে। এনেকুৱাত এওঁলোকে বহুত বাৰ সমস্যাত পৰিব লগা হয়। বহু‌ বাৰ কিবা বেলেগ কৰিম বুলি ভাবি ভুল নিৰ্ণয় লৈ লোৱা দেখা যায়। মিত্ৰৰ লগত বহুত ভাল।


চতুৰ্থ গুণ- এওঁলোকে বুদ্ধি থকা আৰু বুজি পোৱা মানুহৰ লগতহে বেছি মিলা জুলা অৰ্থাৎ লগ কৰে। এওঁলোকে প্ৰেম আৰু শত্ৰুতা বহুত ভাল দৰে পালন কৰে। এওঁলোকৰ নিৰ্ণয় লওঁতে বহুত দেৰি লাগে।


পঞ্চম গুণ-  এওঁলোকে নিজৰ কৰ্তব্য আৰু দায়িত্ব ভালদৰে পালন কৰে। নিজৰ মালিকৰ বহুত প্ৰিয় হয়। নিজক দুখ দি আনক সুখ দি এওঁলোকে বহুত ভাল পায়। লোকপ্ৰিয় হোৱাৰ লোভ এওঁলোকে এৰিব নোৱাৰে। সকলোৰে লগত সম্পৰ্ক স্থাপন কৰি ৰাখিবলৈ চেষ্টা কৰে। এওঁলোকে আনৰ মনৰ কথা গম পায় আৰু এওঁলোক দূৰদৰ্শী হয়।


যিকোনো নামৰে কিবা নহয় কিবা অৰ্থ থাকে।এই নামৰ পৰাই তেওঁলোকৰ ব্যক্তিত্ব বিষয়ে জানিব পৰা যায়।এই কাৰণেই  মাক-দেউতাকে নিজৰ ল'ৰা ছোৱালী নাম বহুত ভাবি চিন্তি ৰাখে। আজি আমি আপোনালোকক S আখৰৰ ব্যক্তিসকলৰ বিষয়ে ক'লো।

(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে।আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ ৰাখি লেখাটো আগ বঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা,ধন্যবাদ।

No comments:

Post a Comment

Advertisement

Pages