আজি আপোনালোকক মা সীতাৰ এনে এটা ঘটনাৰ বিষয়ে জনাম য'ত মা সীতাই ক্ৰোধিত হৈ এই পাঁচজনক শাওপাত দিছিল।( Religious Studies )যিখিনি আজিৰ যুগটো এওঁলোকে ভুগি থাকিব লগীয়া হৈছে।আজি আমি জানিম মা সীতাই গাইগৰু,কাউৰী,ব্ৰাহ্মণ,তুলসী আৰু ফালগু নদীক কিয় অভিশাপ দিলে? আৰু মা সীতাই কিয় ৰজা দশৰথৰ পিণ্ডদান কৰিছিল??
যেতিয়া ভগৱান শ্ৰীৰাম,মা সীতা আৰু লক্ষ্মণে বনবাস খাটি আছিল তেতিয়াই শ্ৰীৰাম আৰু লক্ষ্মণৰ পিতা ৰজা দশৰথৰ মৃত্যু হৈছিল।সেইকাৰণে তেওঁৰ পিণ্ডদান পৰ্ব তেওঁলোকৰ দ্বাৰা কৰিবলগীয়া হৈছিল।এই পৰ্ব সদায় পবিত্ৰ নদীৰ কিনাৰত হে কৰা হয়।
সেয়ে তিনিও গঁয়াৰ ফালগু নদীৰ কিনাৰলৈ গ'ল।কোৱা হয় যেতিয়া শ্ৰীৰাম,লক্ষ্মণ আৰু সীতা গঁয়াৰ ফালগু নদীৰ কিনাৰলৈ গ'ল তেতিয়া শ্ৰীৰামে পণ্ডিত জনক পূজাৰ বাবে লাগতিয়াল সামগ্ৰীখিনিৰ বিষয়ে সুধিলে।তাৰ পিছত সেই সামগ্ৰীখিনি আনিবলৈ লক্ষ্মণক কাষৰ গাঁও খনলৈ পঠালে।যেতিয়া বহু সময়ৰ পিছতো লক্ষ্মণ ঘূৰি নাহিল তেতিয়া শ্ৰীৰামে নিজেই লক্ষ্মণক বিছাৰি গ'ল।
আনফালে পণ্ডিতজনে বাৰে বাৰে শুভ মুহুৰ্ত পাৰ হৈ গৈ থকাৰ বিষয়ে কৈ থাকিব ধৰিলে।সময় পাৰ হৈ গৈ থাকিল কিন্তু ৰাম লক্ষ্মণ ঘূৰি নহা দেখি মা সীতা চিন্তিত হৈ উঠিল।অৱশেষত সীতা দেৱীয়ে সিদ্ধান্ত ল'লে যে সেই ঠাইত পূজাৰ বাবে উপলব্ধ সামগ্ৰীখিনিৰে তেওঁ নিজেই পূজা আৰম্ভ কৰিব।
তাকে ভাবি সীতাদেৱীয়ে পণ্ডিতজনক পূজা আৰম্ভ কৰিবলৈ ক'লে আৰু ক'লে যে হয়টো তেওঁলোকে পূজা আৰম্ভ কৰালৈ তেওঁলোক আহি পাবহি,আৰু যদি তেনে নহয় সীতাদেৱীয়ে নিজেই এই পূজাভাগ সম্পূৰ্ণ কৰিব।বিধিৱৎ নিতিৰে পূজাভাগ শেষ কৰি সীতাই ৰজা দশৰথৰ পিণ্ড দান কৰিলে।আৰু যেতিয়াই তেওঁ প্ৰাৰ্থনা কৰিবলৈ হাতযোৰ কৰি দুচকো জপালে তেওঁ এক দিব্য সুৰ শুনিবলৈ পালে,যে তেওঁৰ পূজা সমাপ্ত হ'ল আৰু সেইয়া স্বীকাৰো কৰা হ'ল।( Religious Studies )
এই বিষয়ে শুনি সীতা দেৱী বহুত প্ৰ্সন্ন হ'ল আৰু তেওঁৰ পূজা সমাপ্ত হোৱা বুলি শুনি মনতে শান্তি পালে লগতে ৰজা দশৰথে সেইয়া গ্ৰহণো কৰিলে জানি সুখী হ'ল।
কিন্তু সীতা দেৱীয়ে ভাৱিলে যে এই কথা শ্ৰীৰাম আৰু লক্ষ্মণে বিশ্বাস নকৰিব,কাৰণ এই পূজা পূত্ৰৰ অবিহণে সফল নহয় বুলি কোৱা হয়।তেতিয়া সীতা দেৱীয়ে ফালগু নদী,পূজাত ব্যৱহৃত গাই,বটগছ,কাউৰী,তুলসীৰ পাত আৰু সেই পণ্ডিতজনক এই ঘটনাটোৰ সাক্ষী হ'বলৈ ক'লে আৰু সকলোৱে তেওঁৰ কথা মানি ল'লে।
শ্ৰীৰাম ঘূৰি অহাৰ পিছত যেতিয়া সীতাদেৱীয়ে এই বিষয়ে ৰামক অৱগত কৰি লাখবাৰ বুজুৱাৰ পিছতো শ্ৰীৰামে মানি নল'লে।তেতিয়া সীতাদেৱীয়ে সকলো সাক্ষীকে অনুৰোধ কৰিলে যাতে তেওঁলোকে শ্ৰীৰামৰ আগত সঁচা ঘটনাটো অৱগত কৰে।কিন্তু শ্ৰীৰামৰ ক্ৰোধ দেখি কোনোৱে এই কথা ক'বলৈ সাহস নকৰিলে।কেৱল বটগছ জোপাই সকলো সঁচা কথা বৰ্ণনা কৰি ক'লে।
এই ঘটনাটোক লৈ সীতাদেৱী বহুত দুঃখী হ'ল আৰু ক্ৰোধান্বিত হৈ তেওঁলোকক অভিশাপ দিলে।সীতাদেৱীয়ে ফালগু নদীক অভিশাপ দিলে যে ফালগু কেৱল নামতহে নদী হৈ থাকিব তাত পানী নাথাকিব।ফলস্বৰোপে আজিও পানীৰ অভাৱত ফালগু নদী শুকান হৈ আছে।
গাইজনীক অভিশাপ দি ক'লে যে পূজাত গাইৰ সৰ্বশৰীৰৰ ঠাইত কেৱল পিছৰ অংশ হে পূজ্য হ'ব।তাৰোপৰি তাইক যেনি তেনি ঘুৰি ফুৰিবলৈও শাপ দিলে।
সীতাদেৱীয়ে পণ্ডিতজনকো কেতিয়াও সন্তুষ্ট নোহোৱাৰ অভিশাপ দিলে সেইবাবেই পণ্ডিতসকলে দান দক্ষিণা পোৱাৰ পিছতো সন্তুষ্ট নহয়।
তুলসীক অভিশাপ দিলে এইবুলি যে গঁয়াৰ মাটিত কেতিয়াও তুলসী গছ নগজে।
কাউৰীটোক সদায় কাজিয়া পেছাল কৰি খাদ্য খোৱাৰ অভিশাপ দিলে।
সীতাদেৱীয়ে বট গছজোপাক আশীৰ্বাদ কৰি ক'লে যে পিণ্ডদান পৰ্বত বটগছৰ উপস্থিতি প্ৰয়োজন হ'ব আৰু লগতে বটগছৰ আয়ুস দীঘল হোৱাৰ আৰু অন্য মানুহক ছাঁ দিয়াৰ বৰদান দিলে।তাৰলগতে এইটোও ক'লে যে পতিব্ৰতা স্ত্ৰীয়ে এই গছজোপাৰ পূজা কৰি নিজৰ স্বামীৰ দীৰ্ঘায়ু কামনা কৰিব।
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
( Religious Studies )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment