শাওণ মাহত শিৱলিংগত এই কেইপদ নৈবদ্য আগবঢ়াব লাগে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 6, 2021

শাওণ মাহত শিৱলিংগত এই কেইপদ নৈবদ্য আগবঢ়াব লাগে : Religious Studies

Religious Studies

ভক্তিয়ে ভগৱান,কিয়নো ভক্তিৰ মাজেৰে ভক্তই লগ পায় নেদেখাজনক। ভক্তি নাথাকিলে যিমান পূজা অৰ্চনা নকৰক, যিমানেই সেৱা সৎকাৰ নিদিয়ক, তাৰ কোনো লাভ নাই।  Religious Studies ) 

সকলোৱে জানে,মহাদেৱক পূজা অৰ্চনা কৰাৰ উত্তম সময় হল, এই প্ৰবিত্ৰ শাওণ মাহ। বহু ভক্তপ্ৰাণ লোকে এই মাহত মহাদেৱৰ শুভ দৃষ্টি পাবলৈ প্ৰতি সোমবাৰে ব্ৰত ৰাখে আৰু শিৱ মন্দিৰলৈ গৈ শিৱ লিংগত অভিষেক কৰে। 


মন কৰিবলগীয়া কথা হল, এই মাহত ব্ৰত ৰাখিলে যথেষ্ট পৰিমাণে পানী ফল মূল, বুট আৰু মগু আদি লঘু আহাৰহে খাব লাগে। চাহ কফি আদি পনিয়া খাব নালাগে। এই সময়ছোৱাত নিমখ খাব নেলাগে। ব্ৰত ৰখাৰ সময়খিনিত, মছুৰ ডাইল, মাহৰ ডাইল, মাছ, মাংস, কণী, নহৰু আৰু পিয়াঁজৰ লগতে মচলা সেৱন কৰিব নালাগে।  Religious Studies ) 

ব্ৰত ৰখাৰ দিনা ৰাতি ভাত খালেও কম পৰিমাণৰ লগতে নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰে। আৰু এয়া সন্ধ্যা ৭বজাৰ আগতে সমাপ্ত কৰিব লাগে। আৰু আহাৰত মাহ মচলা দিব নালাগে। 


আৰু শিৱ লিংগত পঞ্চ অমৃতেৰে (গাখীৰ,দৈ,ঘীঁ,মৌ,গুৰ) অভিষেক কৰিব পাৰিলে উত্তম। কিয়নো এই মাহত শিৱ লিংগত অভিষেক কৰিলে আমাৰ মন আৰু আত্মা শুদ্ধ হয়। সুগন্ধি যুক্ত পানীৰে অভিষেক কৰিলে সন্তান নোহোৱা দম্পত্তিয়ে সন্তান লাভ কৰিব পাৰে। বেলফলৰ নৈবেদ্য প্ৰদান কৰিলে ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। গাখীৰৰ দ্বাৰা অভিষেক কৰিলে মনৰ শান্তি ঘূৰাই আনিব পাৰি। কুহিঁয়াৰ দ্বাৰা অভিষেক কৰিলে সম্পদ আৰু সুখ প্ৰাপ্তি হয়। ভাং অৰ্পণ কৰিলে, শত্ৰুৰ পৰা দূৰত থাকিব পাৰি আৰু মনৰ বাঞ্জা পূৰ্ণ হয়। আৰু গংগা জল অৰ্পণ কৰিব পাৰিলে, মৃত্যুৰ পাছত মোক্ষ লাভ হয়।(কথাখিনি সংগ্ৰহিত)

ঔঁ নমঃ শিৱাই…

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages