সত্যনাৰায়ণ দেৱতা ভাৰতবৰ্ষৰ সকলোতকৈ জনপ্ৰিয় দেৱতা -- ভাৰতবৰ্ষৰ উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূৱৰ পৰা পশ্চিমলৈ যদি চোৱা যায় তেন্তে কেৱল মাত্ৰ বিভিন্নতাই দেখা পোৱা যায়( Religious Studies )। সাজ -পাৰত ভিন্নতা, ভাষাৰ ভিন্নতা , খোৱা বোৱাৰ ভিন্নতা। কিন্তু এই ভিন্নতাৰ মাজতো আমাক একে ভাৰতীয় কৰি ধৰি ৰাখিছে কিছুমান পৰম্পৰা আৰু সংস্কৃতিয়ে । এই পৰম্পৰা আৰু সংস্কৃতি সমূহ হাজাৰ হাজাৰ বছৰ কঢ়িয়াই লৈ আনিছে আমাৰ প্ৰাচীন বৈদিক আৰু পৌৰাণিক শাস্ত্ৰ সমূহে । প্ৰকৃততে চাবলৈ গ'লে এই শাস্ত্ৰ সমূহেই আমাক এক ভাৰতীয় কৰি বান্ধি ৰাখিছে।
বিভিন্ন বিধি-বিধান, পূজা অৰ্চনা, ব্ৰত, দান আদি নানান বিষয় লৈ আমাৰ সনাতন পৰম্পৰা হৈছে। এই পৰম্পৰা সমূহ হাজাৰ হাজাৰ বছৰৰ আগতে ঋষি মুনি সকলে আধ্যাত্মিক দিশ,দাৰ্শনিক দিশ আৰু বৈজ্ঞানিক দৃষ্টিকোণ চাই সেই বিলাকৰ সময় আৰু নিয়ম প্ৰণালী ঠিক কৰিছিল। সেই পৰম্পৰা সমূহ সময়ৰ লগে লগে আহি আহি আজিৰ দিন পাইছেহি।
সত্যনাৰায়ণ ব্ৰত আৰু পূজা সমগ্ৰ ভাৰতবৰ্ষৰ অতি জনপ্ৰিয় পৰম্পৰা। স্কণ্ডপুৰাণৰ ৰেৱা খণ্ডত সত্যনাৰায়ণ ব্ৰত আৰু পূজা কেতিয়া আৰু কেনেকৈ আৰম্ভ হল সেই কথা উল্লেখ আছে । সেয়া কলি যুগ আৰম্ভ হোৱাৰ সময়ৰ কথা । কেউদিশে অন্যায়, অবিচাৰ, খাদ্য সংকট, মহামাৰী আদিয়ে চাটি ধৰি মানুহৰ দুখৰ সীমা নোহোৱা হ'ল ।
মানুহৰ মাজত অশান্তি, অপাই-অমঙ্গল দেখি বহু সংখ্যক ঋষি মুনি একে লগ হৈ নৈমিষ অৰণ্যত থকা মহৰ্ষি সুতক লগ ধৰি কলি যুগত বেদ শিক্ষা আৰু বেদৰ জ্ঞান নোহোৱাকৈ মানুহৰ দুখ-দুৰ্দশা কেনেকৈ দূৰ হব জানিবলৈ বিচাৰিলে। মহৰ্ষি সুতে ক'লে যে সেই একেটা কথা নাৰদ মুনিয়ে ভগৱান বিষ্ণুক সুধিছিল ।
ভগৱান বিষ্ণু এই জগতৰ পালন কৰ্তা অৰ্থাৎ ভগৱান বিষ্ণুৱেই এই পৃথিৱীত জীৱ জগতৰ সুখৰ গৰাকী। কলি যুগ আৰম্ভ হোৱাৰ পাছত এবাৰ নাৰদ মুনিয়ে মৰ্ত্তত মানুহে কি কৰিছে চাবলৈ আহিল। ধৰাত মানুহৰ দুখ দুৰ্দশা দেখি নাৰদ মুনিৰ বৰ বেয়া লাগিল সেয়ে গৈ ভগৱান বিষ্ণুক মানুহৰ অপায়-অমঙ্গল কম কৰিবলৈ মিনতি কৰিলে । ভগৱান বিষ্ণুৱে নাৰদ মুনিক ক'লে যে কলি যুগত এই সংসাৰত লৌকিক ক্লেশ মুক্তি, সাংসাৰিক সুখ সমৃদ্ধি আৰু পৰম মুক্তিৰ একেই পথ -- সত্যাচৰণ কৰা অৰ্থাৎ সত্যক আৰাধনা কৰা, সত্যৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠা ৰখা । নাৰায়ণ হ'ল সৰ্বোচ্চ জন । সত্য ঈশ্বৰৰে এক ৰূপ মাত্ৰ । ঈশ্বৰৰ আন এক নামেই সত্য। সত্যাচাৰণ কৰাই ঈশ্বৰৰ আৰাধনা কৰা হয়।
সত্যনাৰায়ণ পূজা অতি সহজতে কৰিব পৰা পূজা।
এই পূজা যদিও পূৰ্ণিমা, একাদশী , বহাগ , মাঘ আদি মাহত কৰাতো অতিশয় শুভ বুলি কোৱা হয় তথাপিও এই পূজা কোনো দিন বাৰ নোহোৱাকৈও কৰিব পাৰি । মাত্ৰ এই কলি যুগত সত্যনাৰায়ণ পূজা সম্পূৰ্ণ হয় দুই বিশেষ কৰ্মৰ দ্বাৰা-- ব্ৰত আৰু কথা অৰ্থাৎ কথা শুনিলে বা পঢ়িলে ।( Religious Studies )
সেয়ে কলি যুগৰ আৰম্ভণিৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ সকলোতকৈ জনপ্ৰিয় দেৱতা হৈছে সত্যনাৰায়ণ দেৱতা আৰু বিধি বিধান হৈছে সত্যনাৰায়ণ পূজা , ব্ৰত আৰু পাচালী পঢ়া বা শুনা। মানুহৰ অসুখ হ'লেও সত্যনাৰায়ণ পূজা ভাগ আগ কৰা , বিবাহৰ দিন ঠিক হ'লে বিবাহৰ আগতে সত্যনাৰায়ণ পূজা এভাগ কৰি আশীৰ্বাদ এটা লোৱা , ল'ৰা ছোৱালীৰ বিয়া ঠিক নহলেও সত্যনাৰায়ণ পূজা পাতি আশীৰ্বাদ দিয়াৰ নিয়ম গোটেই ভাৰতবৰ্ষতে আছে। সেয়ে সত্যনাৰায়ণ পূজা, ব্ৰত আৰু কথা এই সংসাৰত মানুহৰ সুস্বাস্থ্য, ঐশ্বয্য-সম্পদ আৰু বাধা বিঘিনি দূৰ কৰিবৰ কাৰণে ডাঙৰ বিধান।
সত্যনাৰায়ণ পূজা কৰিবৰ বাবে সময় পুুৱা ৪ বজাৰ পৰা দুপৰীয়া ১ বজালৈকে ভাল বুলি শাস্ত্ৰত আছে। কিন্তু ব্ৰত গোটেই দিনটো কৰিব লাগে। পূজা শেষ কৰি কথা শুনিলে বা পাঁচালী খন পঢ়িলে শুনা জনৰ বা পঢ়া জনৰ বৌদ্ধিক বিকাশ হয় । তাৰ ফলত সংসাৰৰ ক্লেশ নাশ হয় আৰু হিংসা বিদ্বেষ দূৰ হয়। সেয়ে সত্যনাৰায়ণ দেৱতাৰ পূজা, ব্ৰত আৰু পাচালী পঢ়াৰ নিয়ম প্ৰাচীন কালৰে পৰা আজিলৈকে ভাৰতৰ সমাজত অতি আদৰৰ।
স্ত্ৰীয়ে সত্যনাৰায়ণ পূজা কৰিব পাৰেনে ?
স্ত্ৰী হৈছে মা লক্ষ্মীৰ ৰূপ। ঘৰ খনৰ সুখ শান্তি স্ত্ৰীৰ ওপৰতে নিৰ্ভৰ কৰে। সেয়ে নিজৰ সন্তানৰ উন্নতি আৰু সুখৰ বাবে , ঘৰৰ কোনো লোকৰ স্বাস্থ্যৰ বাবে, স্বামীৰ বাবে আনকি স্ত্ৰীয়ে নিজৰ কোনো দিশৰ বিকাশৰ বাবে সত্যনাৰায়ণ পূজা পাতিব পাৰে। এই পূজাৰ বাবে বিশেষ কাৰবাৰ কৰিব নালাগে। ভোগ অৰ্থাৎ প্ৰসাদ আগ কৰি সত্যনাৰায়ণ দেৱতাৰ পাচালী খন পঢ়ি দিনটো ব্ৰতত থাকিলেই সত্যনাৰায়ণ দেৱতা প্ৰসন্ন হয় ।
জুলা শৰ্মা
নতুন দিল্লী
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment