শাওনৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিক শাওন শিবৰাত্রী ৰূপে জনা হয়। ভগবান শিৱৰ উপাশকৰ বাবে এই দিনটো বহুত বিশেষ বুলি মনা হয়( Religious Studies )। এই দিনটোত শিৱ ভক্ত সকলে ব্ৰত পালন কৰি আৰাধনা কৰে । এই বছৰ শাওন শিৱৰাত্রীৰ ব্ৰত ৬ আগষ্টত অৰ্থাৎ আজি পালন কৰা হব। শাওন মাহৰ চতুৰ্দশী তিথিৰ প্ৰাৰম্ভ ৬ আগষ্ট শুক্ৰবাৰে সন্ধিয়া ৬ বাজি ২৮ মিনিটৰ পৰা হব অৰ্থাৎ আজি ৬ বাজি ২৮ মিনিটত আৰম্ভ হব। আৰু ইয়াৰ সমাপন হব ৭ আগষ্ট শনিবাৰে সন্ধিয়া ৭ বাজি ১১ মিনিটত। শিৱৰাতিৰ ৰাত্রী পূজাৰ মহত্ব আছে, সেইবাবে এই পূজা আজি ৰাতি সম্পন্ন হব। যিসকল লোকে শাওন শিৱৰাতিৰ ব্ৰত পালন কৰিব তেওঁলোকে অহাকালী অৰ্থাৎ ৭ আগষ্টৰ ৰাতিপুৱা ৫ বাজি ৪৬ মিনিটৰ পৰা দুপৰীয়া ৩ বাজি ৪৭ মিনিটৰ মাজত কৰিব পাৰে ।
এতিয়া জানো আহক শাওণ শিৱৰাত্রী ব্ৰত কথা-
বহুত প্ৰাচীন সময়ৰ কথা, বানাৰচৰ এখন বনত এজন চিকাৰী আছিল যাৰ নাম গুৰু ধ্ৰুব আছিল। তেওঁ বনত থকা জীৱ জন্তুবোৰৰ চিকাৰ কৰি নিজৰ পৰিয়ালৰ পোহ-পাল দিয়ে। এদিন তেওঁ শিবৰাত্ৰিৰ দিনত চিকাৰ কৰিব গৈছিল। কিন্তু সেইদিনা গোটেই দিন তেওঁ চিকাৰ বিচাৰি নাপালে আৰু ৰাতিও হৈ গল। তেতিয়াই তেওঁ বনত এটা ঝৰ্ণা দেখা পালে। তেঁও ভাবিলে 'মই এই গছৰ ওপৰত উঠি চিকাৰৰ বাবে অপেক্ষা কৰোঁ কাৰণ ইয়াত নিশ্চয়কৈ কোনোবা নহয় কোনোবা প্ৰাণী পানী খাবৰ বাবে আহিব।' এইদৰে ভাবি তেওঁ পানীৰ পাত্ৰটো ভৰাই গছৰ ওপৰত উঠিল। সেই গছজোপাৰ তলত শিৱ লিংগ স্থাপিত আছিল।কিছুসময় পাছত তালৈ এজনী হৰিণা আহিল। গুৰু ধ্ৰুৱই যেতিয়াই হৰিণা জনীক মাৰিবৰ বাবে ধনুৰ পৰা কাৰ মাৰিব ললে তেতিয়াই গছজোপাৰ পাত শিৱলিংগ টোত সৰি পৰিল। সেইদৰে প্ৰথম প্ৰহৰতেই তেওঁৰ দ্বাৰা অজানিতে শিৱলিংগৰ পূজা হৈ গল।তেতিয়াই হৰিণা জনীয়ে তেওঁক দেখা পালে আৰু সুধিলে," তুমি কি বিচৰা?"
ধ্ৰুৱই কলে,"মই তোমাক হত্যা কৰি মোৰ পৰিয়ালৰ পেট ভৰাম।" তেওঁৰ কথা শুনি হৰিণা জনীয়ে কলে,'মোৰ সন্তানকেইটাই মোৰ বাবে অপেক্ষা কৰি আছে। মই তেওঁলোকক মোৰ বন্ধুৰ ওচৰত থৈ আহিবল দিব নে।' হৰিণাই এনেদৰে কোৱাৰ বাবে চিকাৰীয়ে হৰিনাজনীক এৰি দিলে।( Religious Studies )
কিছুসময় পাছত হৰিনাজনীৰ দলটো তাইক বিচাৰি সেই ঝৰ্ণা তোৰ ওচৰলৈ আহিল। চিকাৰীয়ে সিহঁতক দেখি পুনৰ ধনুৰে কাৰ মাৰিব ললে। সেইবোৰো দ্বিতীয় প্ৰহৰত গছৰ পাত ফুল সৰি অজানিতে শিৱলিংগৰ পূজা হৈ গল। সেই হৰিণা জনীয়েও নিজৰ সন্তানক সুৰক্ষিত স্থানত থৈ অহাৰ কথা কলে। চিকাৰীয়ে সেইজনী হৰিণাক যাবলৈ দিলে। কিছুসময় পাছত তালৈ এটা হৰিণা নিজৰ হৰিনাজনীক বিচাৰি আহিল। এইবাৰো সেই সকলোবোৰেই হল আৰু তৃতীয় প্ৰহৰত শিৱলিংগৰ পূজা সম্পন্ন হৈ গল। সেই হৰিণা টোৱেও নিজৰ সন্তান কেইটাক সুৰক্ষিত স্থানত থৈ অহাৰ কথা কলে।
যেতিয়া সেই তিনিওটা হৰিণা লগ হল , প্ৰতিজ্ঞাবদ্ধ হোৱাৰ বাবে তিনিও চিকাৰীৰ ওচৰলৈ আহিল। সকলোকে একেলগে দেখি চিকাৰী আনন্দিত হল।আৰু তেওঁ পুনৰ ধনুৰে কাৰ মাৰিব লওঁতেই পুনৰ চতুৰ্থ প্ৰহৰত শিৱলিংগৰ পূজা সম্পন্ন হৈ গল। আৰু কিছু সময়ৰে পিছতে নিশা হলত তেওঁ পিৱা হবলৈ অপেক্ষা কৰিলে। এইদৰে চিকাৰী ধ্ৰুৱই গোটেই দিন ভোক পিয়াহেৰে থাকি উৰে ৰাতি সাৰে থাকিল আৰু চাৰিও প্ৰহৰত তেওঁৰ দ্বাৰা অজানিতে ভগবান শিৱৰ পূজা সম্পন্ন হল লগতে শিৱৰাত্ৰিৰ ব্ৰত সম্পন্ন হল। যাৰ বাবে তেওঁৰ পাপ তৎকালে ভস্ম হৈ গল। সূৰ্য্য উদয় হোৱাৰ লগে লগে তেওঁ তিনিওটা হৰিনাক হত্যা কৰাৰ বিচাৰ ত্যাগ কৰিলে। তেতিয়াই শিৱলিংগৰ পৰা ভগবান শিৱ প্ৰকট হল আৰু তেওঁ ধ্ৰুৱক বৰদান দিলে যে ট্ৰেতা যুগত ভগবান ৰাম তোমাৰ ঘৰলৈ আহিব আৰু তোমাৰ লগত মিত্ৰতা কৰিব। তুমিও মুক্তি লভিবা।আৰু তেওঁৱেই পিছলৈ গুৰু ধ্ৰুব নামে জনা যায়। এইদৰে অজানিতে কৰা শিৱৰাত্রী ব্ৰতৰ দ্বাৰা ভগবান শিৱই চিকাৰীক মুক্তি প্ৰদান কৰিলে।
প্ৰতিজন ব্যক্তিয়ে শাওনৰ শিৱৰাত্রীৰ ব্ৰত পালন কৰিব লাগে। যাৰ বাবে তেওঁৰ সকলো মনোকামনা পূৰণ হয় আৰু শেষত মুক্তি লাভ কৰিব পাৰি।
ঔঁ নমঃ শিৱাই…
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
( Religious Studies )
No comments:
Post a Comment