গৰুড় পুৰাণত শ্ৰী বিষ্ণুয়ে কি কৈছে এই বিষয়ে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 10, 2021

গৰুড় পুৰাণত শ্ৰী বিষ্ণুয়ে কি কৈছে এই বিষয়ে : Religious Studies

Religious Studies

 মানুহৰ মৃত্যুৰ পাছত আত্মাৰ কি হয়, কলৈ যায়, কি কৰে এনেবোৰ কথা গৰুড় পুৰাণত বিস্তৃত ভাৱে বৰ্ণনা কৰা আছে Religious Studies )।প্ৰত্যেক মানুহৰ জীৱনত এনেকুৱা এটা দিন আহে যে তেওঁৰ মৃত্যু হবই। মৃত্যু এক কলা,  এক চিৰন্তন  সত্য । 

Religious Studies

আপোনালোকে হয়টো জানে যে গৰুড় পুৰাণৰ অধিষ্ঠাতা ভগবান শ্ৰীবিষ্ণু, আৰু এই পুৰাণত সকলোবোৰ আগতে  বৰ্ণনা কৰা আছে ।


গৰুড় পুৰাণত কোৱা হৈছে যে যেতিয়া মানুহৰ মৃত্যু হয়, তেতিয়া যমলোকৰ পৰা দুজন দূত আহে  আৰু মৃত ব্যক্তিৰ দেহৰ পৰা  আত্মাটো উলিয়াই  ডিঙিত বান্ধি  যমপুৰিত লৈ যায় । আৰু কোৱা হৈছে যে  মৃত্যুৰ আগত সেই মানুহজনে  দিব্যদৃষ্টি  লাভ কৰে আৰু যমদূত সকলক দেখা পায় ।যমপুৰিত গৈ  পোৱাৰ পিছত পাপীসকলে নানা যাতনা ভুগিব লগা হয়, তাৰ পিছত যমৰাজৰ আদেশ অনুসৰি সেই আত্মাক আকাশ মাৰ্গেদি  ঘৰত থৈ অহা হয় । পাপীবোৰক যমৰাজে সহজতে মুক্তি নিদিয়ে । যমপুৰিতো দুটা ভাগ আছে সৰগ আৰু নৰক । Religious Studies )


       পিণ্ডদানৰ পিছতো আত্মাবোৰে তৃপ্তি নাপাই, ভোকে পিয়াহে আকৌ যমৰাজৰ ওচৰলৈ যায় । আত্মাৰ বংশধৰ যেতিয়ালৈকে পিণ্ডদান নকৰে, তেতিয়ালৈকে আত্মা বোৰ দুখী  হৈ ঘূৰি ফুৰে ।বহুত যন্ত্ৰনা ভোগাৰ পিছত সেই আত্মা কাৰোবাৰ গৰ্ভৰ পৰা জন্ম লয়  । আত্মাবোৰক দহ দিনলৈ পিণ্ডদান দিয়া হয়, তাৰ পাছত হে আত্মাই চলাফুৰা কৰিবৰ বাবে শক্তি পায় । মৃত্যুৰ তেৰ দিনৰ পিছত দ্বিতীয়বাৰৰ বাবে সেই আত্মাক যমদূতে আকৌ লৈ যায় আৰু আৰম্ভ হয়  বৈতৰণী নদীৰ যাত্ৰা। বৈতৰণী নদী পাৰ হবলৈ  সম্পূৰ্ণ ৪৬ দিন সময় লাগে  । ইয়াৰ পিছত আত্মাই যমৰাজৰ ওচৰত গৈ পায় ।

    

ভগবান শ্ৰীবিষ্ণুৰ বাহন মহাঋষি  কাশ্যপৰ পুত্ৰ পক্ষীৰাজ গৰুড় । কোৱা হৈছে  এবাৰ শ্ৰীবিষ্ণুক গৰুড়ে প্ৰশ্ন কৰিছিল যে মৃত্যুৰ পিছত আত্মাৰ কি হয় তেতিয়া শ্ৰীবিষ্ণুই  তাৰে ওপৰত বৰ্ণনা কৰি  এই পুৰাণখন লিখিছিল সেইবাবে এই পুৰাণখনৰ নাম গৰুড় পুৰাণ ।সেয়েহে  আত্মাৰ মুক্তিৰ বাবে বংশধৰে পিণ্ডদান, দহা আৰু শ্ৰাদ্ধ  আদি সম্পাদন কৰে ।

( উৎস : ইণ্টাৰনেত )

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com

Religious Studies )

Religious Studies

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


1 comment:

Advertisement

Pages