এখন গাওঁত এগৰাকী বয়সীয়াল মহিলাই নিজৰ পুতেকৰ লগত বাস কৰিছিল। মাকে পুতেকে বহু কষ্ট কৰি, নিজৰ দিন অতিবাহিত কৰিছিল( Religious Studies ) । এদিন মাকে মনতে ভাৱিলে যে, তেওঁৰ পুত্র এতিয়া বিবাহৰ যোগ্য হল। এতিয়া তেওঁ নিজৰ বাবে বোৱাৰী এজনী আনিব লাগে। কিছুদিনৰ পাছত মাকে পুতেকৰ বিবাহ এগৰাকী সুশীল কন্যা লগত কৰোৱালে। তেওঁৰ বোৱৰী বহুত ধুনীয়া, সুশীল আৰু সংস্কাৰী আছিল।
নতুন বোৱাৰীয়ে সদায়ে প্ৰতিদিনে সোনকালে উঠি ঘৰ দুৱাৰ চাফ চিকুনতা কৰি স্নান কৰিছিল আৰু ভগৱান শিৱক নিজৰ ঘৰতে পূজন কৰিছিল।
বিয়াৰ কিছু দিনৰ পাছতে শাওণৰ মাহ আৰম্ভ হল। বোৱাৰীজনী আকৌ মহাদেৱৰ এগৰাকী পৰম ভক্ত আছিল। বোৱাৰীয়েকে মনত এই কথা ভাৱিলে যে, তাই এই শাওণ মাহত শিৱ মন্দিৰলৈ গৈ শিৱ লিংগত জল অৰ্পণ কৰিব। বোৱাৰীয়েকে মনতে ভৱা কথা তাই নিজৰ শাহুমাকক কলে যে, মা, শাওণৰ মাহ আৰম্ভ হল। আৰু মই শিৱ মন্দিৰলৈ গৈ মহাদেৱৰ পূজ অৰ্চনা কৰিব বিচাৰো! কিন্তু শাহুমাকে বোৱাৰীয়েকক মনা কৰি কলে যে, ঘৰতে পূজা অৰ্চনা কৰা। মিছাতে মন্দিৰলৈ গৈ কিয় সময় নষ্ট কৰিব লাগে! মন্দিৰলৈ যোৱা সময়কনত ঘৰৰ সকলো কামেই হব। শাহুমাকৰ কথা শুনি, বোৱাৰীয়েক উদাশ হল কিন্তু একো কব নোঁৱাৰিলে। বোৱাৰীয়েকে উদাশ মনেৰে ঘৰৰ কাম বন কৰাত ব্যস্ত হৈ পৰিল। সেইদিনা তাই অন্ন জল গ্ৰহণ নকৰিলে।
পাচদিনা ঘৰৰপৰা কিছু আঁতৰৰ পুখুৰী এটাৰ পৰা পানী আনিবলৈ গল। তেতিয়া তাই বাটত দেখা পালে, গাওঁৰ দুজনীমান ছোৱালীয়ে পূজা অৰ্চনা কৰাৰ শঁৰাই লৈ মন্দিৰৰ ফালে আগুৱাই আহি আছে। তেতিয়া বোৱাৰীয়েকে সেই ছোৱালী কেইজনীক মাত দিলে আৰু সুধিলে, তোমালোক কোনফালে যোৱা! তেতিয়া সেই ছোৱালীকেইজনীয়ে কলে, নবৌ, শাওণ মাহ আৰম্ভ হল, আমি মহাদেৱক পূজন কৰিবলৈ মন্দিৰলৈ যাওঁ। গাওঁৰ ছোৱালীকেইজনীৰ কথা শুনি বোৱাৰীজনী পুনৰ উদাশ হৈ পৰিল। বোৱাৰী জনীয়ে এনেদৰে মন মাৰি দিয়া বাবে, গাওঁৰ ছোৱালীকেইজনীয়ে সুধিলে, কি হল নবৌ! আপুনি এনেদৰে কিয় উদাশ হৈ পৰিল!
তেতিয়া বোৱাৰীয়েকে কলে, ভগৱান শিৱ মোৰ আৰাধ্য দেৱতা হয়। কিন্তু মোৰ শাহুমায়ে মোক মন্দিৰলৈ গৈ পূজা অৰ্চনা কৰিবলৈ মনা কৰিলে। বোৱাৰীয়েকেৰ কথা শুনি গাওঁৰ ছোৱালীকেইজনীয়ে কলে, নবৌ, আপুনি চিন্তা নকৰিব। আপুনি প্ৰতিদিনে এই সময়তে পানী নিবলৈ আহিব। আৰু আমাৰ লগতে মন্দিৰলৈ গৈ ভগৱান শিৱৰ পূজা অৰ্চনা কৰি তেওঁক জল অৰ্পণ কৰিব। কিন্তু তেতিয়া বোৱাৰীয়েকে কলে, মোৰ ওচৰত যে, পূজা অৰ্চনা কৰাৰ সামগ্রী একোকে নাই! আৰু ঘৰৰপৰা আনিলে শাহুমায়ে সকলো গম পাব। নবৌয়েকৰ এই কথা শুনি গাওঁৰ ছোৱালীকেইজনীয়ে কলে, কোনো কথা নাই নবৌ! আপুনি আমাৰ পূজা সামগ্ৰীপৰাই মহাদেৱক পূজা অৰ্চনা কৰিব। ছোৱালীকেইজনীৰ কথা শুনি, নবৌয়েক বহু আনন্দিত হল। আৰু সদায়ে পানী অনা চলেৰে, গাওঁৰ ছোৱালীকেইজনীৰ লগত মন্দিৰলৈ যাবলৈ ধৰিলে। মন্দিৰলৈ গৈ তাই, মহাদেৱক পূজা অৰ্চনা কৰে, আৰু শিৱ লিংগত জল অৰ্পণ কৰি, ভক্তি ভাৱেৰে ভোলানাথৰ পূজা কৰে। আৰু মহাদেৱক কয়, মই এই কথা মোৰ শাহুমাৰ পৰা লুকুৱাই ৰাখিছো। সেইবাবে আপুনি মোক ক্ষমা কৰি দিব। এনেদৰে সম্পূর্ণ শাওণৰ মাহ পাৰ হৈ গল। ( Religious Studies )
শাওণ মাহৰ শেষৰ দিনা, তাই ভাৱিলে, সম্পূর্ণ শাওণ মাহটো মই এই ছোৱালীকেইজনীৰ পূজা সামগ্রীৰ দ্বাৰা পূজা কৰিলো। আজিটো মই মোৰ কিবা ভোলানাথক অৰ্পণ কৰিব লাগে। এনে ভাৱি তাই নিজৰ নাকৰ পৰা, সোণৰ নাকফুলি খুলি আনি ধুলে, আৰু তাকে শিৱ লিংগত অৰ্পণ কৰিলে। আৰু পূজা কৰি ঘৰলৈ আহিল। ঘৰলৈ আহি তাই নিজৰ শাহুমাকৰ পৰা আঁতৰি আঁতৰি ফুৰিছিল। কাৰণ তাই জানিছিল, তাইৰ নাকত নাকফুলি দেখা নাপায়, শাহুমাকে নিশ্চয় সুধিব যে, বোৱাৰী, তোমাৰ নাকৰ নাকফুলি কি হল! এনেদৰে আবেলি হল। কিন্তু সেই সময়ত শাহুমাকৰ দৃষ্টি বোৱাৰীয়েকেৰ মুখ মণ্ডলত পৰিল। আৰু তাইৰ নাকত নাকফুলি দেখা নাপায় বোৱাৰীয়েকেক সুধিলে, বোৱাৰী, তোমাৰ নাকৰ নাকফুলি কি হল! তেতিয়া তাই কলে, মা মই নাজানো কি হল! কাম কৰি থাকোতে কৰবাত পৰিল হবলা! তেতিয়া শাহুমাকে কলে, ঠিক আছে তেন্তে, তেনেহলে এতিয়া কোৱা আজি তুমি কত কত গৈছিলা! তালৈকে গৈ আমি নাকফুলি বিচাৰিম। শাহুমাকৰ কথা শুনি বোৱাৰীয়েকে কলে, মা মই পুৱা গোবৰ আনিবলৈ গৈছিলো, আৰু তেতিয়া লৈকে মোৰ নাকত নাকফুলি আছিল।
তাৰপিছত মই ঘৰৰ পাছফালে ঘৰৰ বেৰত গোবৰৰ লদা লগাইছিলো। শাহুমাকে কলে, বলা, তেতিয়া হলে তাতে চাওঁগৈ! শাহু বোৱাৰী দুয়ো গৈ ঘৰৰ পাছফাল পালেগৈ। যত বোৱাৰীয়েকে গোবৰৰ লদা লগাই ৰাখিছিল। ঘৰৰ পাছফালে গৈ শাহুমাকে বোৱাৰীয়েকক কলে, বলা এতিয়া এটা এটা গোবৰৰ লদা ভাঙি চাওঁ। শাহুমাকৰ কথা শুনি, দুয়োয়ে গোবৰৰ লদা বোৰ ভাঙিবলৈ লাগিল। যেতিয়া শাহু বোৱাৰীয়েকে গোবৰৰ লদা ভাঙিল, তেতিয়া দুয়োৰে গোবৰৰ লদা পৰা এটা এটা নাকফুলি ওলাল। তেতিয়া শাহুমাকে কলে, নাকফুলি এটাহে আছিল! এতিয়া দুটা কেনেদৰে হল! তাৰপিছত শাহুমাকে এটা এটা কৰি সকলোবোৰ গোবৰৰ লদা ভাঙিবলৈ ধৰিলে। শাহুমাকে যিমানে গোবৰৰ লদা ভাঙি গৈছিল, সকলোবোৰ গোবৰৰ লদাৰ পৰা এটা এটা কৰি সোণৰ নাকফুলি ওলাই যাবলৈ ধৰিলে। এনে হোৱা দেখা পায়, শাহুমাকে বোৱাৰীয়েকৰ ফালে চাই ৰল, আৰু কলে, এইয়া কি হৈছে! তেতিয়া বোৱাৰীয়েকে শাহুমাকৰ ওচৰত ক্ষমা বিচাৰি সকলো কথা বিৱৰি কলে। আৰু কলে যে, এয়া ভগৱান শিৱৰ আৰ্শীবাদ হয়। আজি শাওণৰ মাহ শেষ হোৱাত, মই তেওঁক মোৰ নাকফুলি অৰ্পণ কৰিছিলো। আৰু মহাদেৱে মোক ইমান বেছিকৈ নাকফুলি উভতাই দিলে।
বোৱাৰীয়েকেৰ কথা শুনি শাহুমাক সুখী হৈ পৰিল। আৰু কলে, শাওণ মাহৰ, স্নান, জপ, তপ আৰু দানৰ ইমান মহত্ব আছে। তেতিয়া হলে আমি অহাবছৰলৈ দুয়ো মিলিজুলি শিৱ লিংগত জল অৰ্পণ কৰিম। আৰু পূজা অৰ্চনা কৰিম।
পুনৰ শাওণ মাহ অহাত শাহু বোৱাৰীয়ে, নিয়ম অনুসৰি শাওণ মাহৰ স্নান কৰিলে, আৰু পূজা, পাঠ, জপ, তপ কৰিলে। আৰু তেতিয়া ভোলানাথৰ কৃপাত বয়সীয়াল মাকৰ ঘৰত অন্ন ধনৰ ভণ্ডাৰে উপচি পৰিল আৰু বোৱাৰীয়েকৰো এটি ধুনীয়া ৰত্নৰ পুত্র প্ৰাপ্ত হল।
হে ভোলানাথ
যেনে কৃপা, শাহু বোৱাৰী ওপৰত কৰিলা, তেনেদৰে শাওণ মাহৰ এই কথা কোৱাজন আৰু শুনাজনৰ, সকলোৰে ওপৰত কৰিবা।।
ঔঁ নমঃ শিৱায়…
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
( Religious Studies )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24
No comments:
Post a Comment