এখন গাওঁত এজন ধনী খেতিয়ক আছিল। তেওঁৰ কোনো সন্তান নাছিল। যৰ বাবে তেওঁ সদায়ে দুখী মনেৰে থাকিছিল। ( Religious Studies )
সন্তান প্ৰাপ্তিৰ বাবে তেওঁ প্ৰতি সোমবাৰে ব্ৰতত থাকি ভগৱান শিৱৰ পূজা কৰিছিল আৰু সন্ধ্যা পৰত শিৱ মন্দিৰলৈ গৈ মহাদেৱৰ সন্মুখত ঘী বন্তি প্ৰজ্বলন কৰিছিল।
খেতিয়কৰ ভক্তিক দেখা পায়, মা পাৰ্ৱতীয় প্ৰসন্ন হল। আৰু তেওঁ ভগৱান শিৱক কলে,
হে, প্ৰাণনাথ, এইজন আপোনাৰ সচাঁ ভক্ত হয়। কৃপা কৰি তেওঁৰ মনৰ বাঞ্চা পূৰ্ণ কৰক।
মা পাৰ্বতীৰ কথা শুনি মহাদেৱে, মা পাৰ্ৱতীক কলে, পূৰ্ব জনমৰ কৰ্মৰ বাবে সেই খেতিয়কজনৰ ভাগ্যত সন্তান নাই। কিন্তু মা পাৰ্ৱতীয়ে নুবুজিলে।
তেতিয়া সপোনত ভগৱান শিৱই, সেই খেতিয়কজনক দেখা দিলে আৰু সন্তান প্ৰাপ্তি বৰদানৰ লগতে এই কথা কলে যে, তোমাৰ পুত্র অল্পায়ু হব আৰু তাৰ আয়ুস মাত্র ১৬বছৰ হব।
ভগৱান শিৱৰ কথা শুনি সেই খেতিয়কজন প্ৰসন্ন হল আৰু লগতে চিন্তিত হৈ পৰিল। তেওঁ সকলো কথা নিজৰ পত্নীক বিৱৰি কলে। পুত্ৰ অল্পায়ু হব বুলি শুনি খেতিয়কজনৰ পত্নীও বহু দুখিত হল। কিন্তু খেতিয়কজনে নিজৰ সোমবাৰে পালন কৰা ব্ৰতৰ নিয়মক এৰি নিদিলে। এবছৰৰ পাছত তেওঁলোকৰ ঘৰত এটি পুত্র সন্তানৰ জন্ম হল। যাৰ নাম খেতিয়ক আৰু তেওঁৰ পত্নীয়ে অমৰ ৰাখিলে।
যেতিয়া অমৰ ১১বছৰীয়া হল, তেতিয়া খেতিয়কজনে অমৰক নিজৰ মোমায়েকৰ লগত শিক্ষা গ্ৰহণৰ বাবে কাশীলৈ পথিয়াই দিলে। আৰু খেতিয়কজনে মোমায়েকক কিছু ধন দিলে আৰু কলে যে, তোমালোকে যত নিশাটো বিশ্ৰামৰ বাবে থাকিবা, তাতে যজ্ঞ কৰি ব্ৰাহ্মণক ভোজন কৰোৱাবা।
কাশীলৈ যাত্রা কৰোঁতে, অমৰ আৰু মোমায়েক এখন নগৰ পালেগৈ। সেইদিনা সেই নগৰখনৰ ৰাজকুমাৰীৰ বিবাহৰ দিন আছিল। কিন্তু যি জন ৰাজকুমাৰৰ লগত ৰাজকুমাৰীৰ বিবাহ ঠিক হৈছিল, সেইজন ৰৰাজকুমাৰ জন অন্ধ আছিল।
এই কথা যাতে কোনেও নাজানে, সেইবাবে সেই ৰাজকুমাৰজনৰ দেউতাকে, অমৰক দৰা ঠাইত বহিবলৈ মিনতি কৰিলে। অমৰে ৰাজকুমাৰৰ দেউতাকৰ মিনতি স্বীকাৰ কৰি লৈ, ৰাজকুমাৰী চন্দ্ৰিকা লগত বিবাহত বহিল।
কিন্তু যেতিয়া ৰাজকুমাৰীৰ বিদায় সময় হল, তেতিয়া অমৰে ৰজা আৰু ৰাৰাজকুমাৰী চন্দ্ৰিকা সকলো কথা বিৱৰি কলে। আৰু ৰাজকুমাৰীক দেউতাকৰ ঘৰতে থৈ অমৰ মোমায়েকৰ লগত কাশীলৈ গুচি গল।
যেতিয়া অমৰ ১৬বছৰ হল, তেতিয়া অমৰে সোমবাৰে এটাত যজ্ঞৰ আয়োজন কৰিলে। আৰু যজ্ঞ শেষ কৰি ব্ৰাহ্মণক ভোজন কৰোৱালে আৰু অন্ন বস্ত্ৰ দান কৰিলে। ( Religious Studies )
কিন্তু সেই নিশাই নিদ্ৰাতে অমৰৰ মৃত্যু হল। তেতিয়া অমৰৰ মোমায়েকৰ চিঞঁৰি চিঞঁৰি বিলাপ কৰিবলৈ ধৰিলে।
সেই সময়তে ভগৱান শিৱ আৰু মা পাৰ্ৱতী সেই ঠাইৰপৰা গৈ আছিল। বিলাপৰ মাত শুনি, মা পাৰ্ৱতীয়ে শিৱক কলে যে, তেওঁ সেই কান্দি থকা ব্যক্তিজনৰ দুখ দূৰ কৰি দিয়ে যেন।
মা পাৰ্ৱতীৰ কথা শুনি, মহাদেৱে কলে, দেৱী, এয়া সেইজন খেতিয়কৰে পুত্র হয়, যাক তেওঁ ১৬বছৰ লৈকে জীৱিত থকাৰ বৰদান দিছিল। তেতিয়া মা পাৰ্ৱতীয়ে ভগৱান শিৱক কলে, হে, প্ৰাণনাথ, সেই লৰাজনৰ দেউতাকে ১৬ বছৰ বয়সৰ পৰাই সোমবাৰে ব্ৰত পালন কৰি আপোনাক ভোগ অৰ্পণ কৰে। কৃপা কৰি তেওঁৰ কষ্টক দূৰ কৰি দিয়ক। তেতিয়া মা পাৰ্ৱতীৰ প্ৰাৰ্থনাত মহাদেৱে অমৰক জীৱন দান দিলে। বৰদান পায়ে অমৰ জীৱিত হল।
আৰু অমৰে নিজৰ শিক্ষা সম্পূর্ণ কৰিলে। আৰু মোমায়েকৰ লগত নিজৰ নগৰলৈ উভতিল।।
তেতিয়া অমৰহঁতে বাটতে সেই নগৰ পালে, যত অমৰৰ বিবাহ ৰাজকুমাৰীৰ লগত হৈছিল।।। সেই নগৰৰ ৰজাই আৰু ৰাজকুমাৰীয়ে অমৰ আৰু মোমায়েকক চিনি পালে। তেতিয়া ৰজাই ৰাজকুমাৰী চন্দ্রিকাক প্ৰসন্নতাপূৰ্ৱক ভাৱে অমৰৰ লগত পথিয়াই দিলে। আৰু অমৰৰ ঘৰত তাৰ দেউতাক আৰু মাকে জানিছিল যে, ১৬বছৰৰ বয়সত তেওঁলোকৰ পুত্রৰ মৃত্যু নিশ্চিত আছিল। সেইবাবে তেওঁলোকে দুখ কৰি আছিল। আৰু কষ্টৰ নিজৰ জীৱন অতিবাহিত কৰিছিল।
সেই সময়তে তেওঁলোকৰ পুত্র অমৰে তাৰ নৱবিবাহিত পত্নী চন্দ্রিকাক লৈ ঘৰ পালেহি। অমৰ আৰু তাৰ নৱবিবাহিত পত্নীক দেখা পায়, খেতিয়কজন আৰু তেওঁৰ পত্নী বহু সুখী হল। আৰু সেই নিশাই খেতিয়কজনৰ সপোনত ভগৱান শিৱই আহি কলে, হে, সৃষ্টি, মই তোমাৰ সোমবাৰৰ ব্ৰতত প্ৰসন্ন হয়, তোমাৰ পুত্রক দীৰ্ঘকাল আয়ুস প্ৰদান কৰিলো।
এনেদৰে ভাগ্যত নথকা পিছটো সোমবাৰৰ ব্ৰতৰ প্ৰভাৱত খেতিয়কজনৰ পুত্র সুখ প্ৰাপ্ত হল।
ঔঁ নমঃ শিৱাই…
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment