শাওণ মাহত এই নিয়ম কৰিলে ভগৱান গণেশ হয় প্ৰসন্ন : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 4, 2021

শাওণ মাহত এই নিয়ম কৰিলে ভগৱান গণেশ হয় প্ৰসন্ন : Religious Studies

Religious Studies

শাওণ মাহৰ বুধবাৰে কৰক এই কাম, যদিহে আপোনালোকে কোনো আৰ্থিক সমস্যাত ভোগিছে, তেন্তে চিন্তা নকৰিব, সমস্যা থাকিলে তাৰ সমাধানো নিশ্চয় আছে কাৰণে সকলোৰে জীৱনত সমস্যা থাকেই। কাৰণ পৃথিৱীত এনে এজন মানুহ নাই যে, সম্পূর্ণ ভাৱে সুখী। ( Religious Studies )

সকলোৰে জীৱনত কিবা নহয় কিবা সমস্যা থাকেই। কিন্তু এই সমস্যা বোৰক কিছুমান সাধাৰণ মাধ্যমেৰে কিছু হলেও সমাধান কৰিব পাৰি। গতিকে বুধবাৰে কৰক এই উপায়।। কাৰণ সপ্তাহৰ এই দিনটি সিদ্ধিদাতা ভগৱান গণেশৰ দিন হিচাপে মনা হয়।


 ভগৱান গণেশ হল বিঘ্নিবিনাশক সিদ্ধি দাতা। ভগৱান গণেশৰ পূজা সকলো দেৱী দেৱতাৰ আগতে কৰা হয়। ভগৱান গণেশ, দৈহিক, ভৌতিক, আৰু আধ্যাত্মিক, সেইবাবে সৰ্বপ্ৰথম পূজন কৰা হয়। গতিকে বুধবাৰৰ দিনটো যদি শুদ্ধ মনে ভগৱান গণেশৰ পূজা কৰা হয়, তেনেহলে মনৰ কামনা পূৰ্ণ হয়। ইয়াৰ লগতে কাৰোবাৰ জন্ম কুণ্ডলীত বুধ গ্ৰহ অশুভ স্হিতিত থাকে, তেন্তে এই দিনত পূজা কৰিলে, তেতিয়া সেই গ্ৰহ শান্ত অৱস্থাত থাকে। 

গতিকে বুধবাৰৰ দিনটি, ভগৱান গণেশক প্ৰসন্ন কৰাৰ বাবে কৰক এই উপায়, যাৰ দ্বাৰা আপোনাৰ সকলো ধৰণৰ সমস্যা সমাধান হব।। 


এই উপায় সমূহৰ ভিতৰত


প্ৰথমে, 

যদি আপোনাৰ ঘৰত অশুভ শক্তিয়ে বিৰাজ কৰিছে, বা আপুনি কোনো উপায় কৰিও ফল পোৱা নাই, তেন্তে এই বুধবাৰৰ দিনটিত আপোনাৰ ঘৰলৈ এটি শ্রী গণেশৰ বগা ৰংৰ মুৰ্টি আনক আৰু স্হাপন কৰক। এনে কৰিলে আপোনাৰ ঘৰত থকা সকলো অশুভ শক্তি দূৰ হব আৰু লগতে আপোনাৰ ঘৰত কোনো অপশক্তিৰ প্ৰভাৱ পৰিব নোঁৱাৰে।। ( Religious Studies )


২/প্ৰত্যেক বুধবাৰে যদি

বিধি বিধান অনুসৰি ভগৱান গণেশৰ পূজা কৰা হয়, লগতে গুড়, ঘিঁউ ভোগ নিবেদন কৰে, আৰু ইয়াৰ পাছত সেই ভোগ গাই বা গৰুক খাবলৈ দিয়ে, তেন্তে ইয়াৰ ফলত বিশেষ ফল লাভ কৰিব। 


৩/যদি আপোনাৰ জীৱনত বহু সমস্যা হৈছে, যি আপোনাৰ বাবে সুখী নহয়, তেন্তে বুধবাৰৰ দিনা হাতীক সেউজীয়া বস্তু খাবলৈ দিয়ক। যদি হাতী নাপায় গৰুকে খাবলৈ দিয়ক আৰু গণেশৰ মন্দিৰলৈ গৈ ভগৱান গণেশৰ আগত আপোনাৰ সমস্যা পৰা মুক্তি পাবলৈ প্ৰাৰ্থনা কৰিব। 


৪/বুধবাৰৰ দিনত

পুৱা স্নান আদি কৰাৰ পাছত, এখন কাঁহৰ কাহী লওক আৰু কাঁহীখনত সেন্দুৰৰে "ঔঁ শ্রী গণেশায়ে" মন্ত্রটি লিখক। আৰু কাঁহীখনত ৫টা বুন্দিয়া লাৰু থৈ, কোনোবা গণেশ মন্দিৰলৈ গৈ দান কৰক। ইয়াৰ দ্বাৰা অকস্মাৎ ধন লাভ বৃদ্ধি পায়। 


৫/প্ৰত্যেক দিনাই

ভগৱান গণেশৰ ফটো বা মূৰ্তিৰ সন্মুখত নিয়মিত ভাৱে প্ৰদীপ জ্বলোৱা হয়, তেতিয়া কৰ্ম ক্ষেত্রত অনেক উন্নতি আৰু পোৱা যায় সিদ্ধি।।।

জয় শ্ৰী গণেশ… ঔঁ নমঃ শিৱাই…

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages