এই সোমবাৰে মহাদেৱক প্ৰসন্ন কৰাৰ বাবে এটি উত্তম দিন। আৰু এই দিনত, এই উপায় দ্বাৰা ভগৱান শিৱক প্ৰসন্ন কৰিব পাৰিব লগতে তেওঁ কৃপাও লাভ কৰিব পাৰিব।( Religious Studies ) সেয়ে শাওণ মাহৰ এই অন্তিম দিনত, এমুঠি চাউলেৰে কৰি চাওক, এই উপায়। এই চাউল হৈছে, পূৰ্ণতাৰ প্ৰতীক। প্ৰত্যেক পূজাতে চাউল হৈছে প্ৰয়োজনীয় দ্ৰব্য। আপুনি যদি পূৰ্ণ শ্ৰদ্ধা সহকাৰে শাওণ মাহৰপৰ শেষ সোমবাৰৰ দিনত এমুঠি চাউলেৰে মহাদেৱৰ অভিষেক কৰে, তেন্তে আপুনি পূজাৰ পূৰ্ণ ফল লাভ কৰিব।
কিন্তু এটা কথা মনত ৰাখিব,এই চাউল যাতে ভঙা চিঙা নহয়।গোটা চাউলহে আপুনি মহাদেৱক অৰ্পণ কৰিব। পৰাপক্ষত বাচমতি চাউল লব,কাৰণ এই চাউল ভঙা প্ৰায় নাথাকে।( Religious Studies )
এই দিনত পুৱা সোনকালে উঠি, স্নান আদি কৰি, শুদ্ধ বস্ত্ৰ পৰিধান কৰি চাউল এমুঠি লব। তাৰপাছত শিৱ মন্দিৰলৈ গৈ, সম্পূর্ণ ভক্তি সহকাৰে সেই চাউল মুঠিৰে শিৱ লিংগত অভিষেক কৰিব। আৰু মহাদেৱৰ "ঔঁ নমঃ শিৱাই" মন্ত্রটিৰে ১০৮ বাৰ নোঁৱাৰিলেও, ২১বাৰ জপ কৰিব। ইয়াৰ পাছত সেৱা কৰি আপুনি মহাদেৱক আপোনাৰ মনৰ কথা কব।
শাওণৰ এই অন্তিম সোমবাৰে এমুঠি চাউলেৰে কৰা, এই উপায় দ্বাৰা আপোনাৰ মহাদেৱৰ কৃপা লাভ হব। লগতে আপোনাৰ ধন ধান বৃদ্ধি হব লগতে আপোনাৰ পূৰ্ণ হব মনৰ কামনা।
ঔঁ নমঃ শিৱাই…
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
( Religious Studies )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment