জন্মাষ্টমী তিথিৰ সম্পূৰ্ণ সময় সূচী এতিয়াই জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 30, 2021

জন্মাষ্টমী তিথিৰ সম্পূৰ্ণ সময় সূচী এতিয়াই জানি লওক : Religious Studies

Religious Studies

জন্মাষ্টমী হৈছে এনে এভাগ তিথি বা উৎসৱ যিটো ভাৰতৰ সকলো ৰাজ্যত বিভিন্ন মানুহৰ মাজত পালন কৰা হয়। সকলো হিন্দু লোকৰ মাজত সমগ্র ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰচলিত জনপ্রিয় উৎসৱ।এক ধাৰ্মিক অনুষ্ঠান হৈছে জন্মাষ্টমী। ( Religious Studies )


Religious Studies
জন্মাষ্টমী, জন্ম অষ্টমী, জন্মৰ লগত অষ্টমী হৈ জন্মাষ্টমী হৈছে। অৰ্থাৎ সেইদিনা ভগৱান শ্রী কৃষ্ণৰ জন্ম হৈছিল। হিন্দু কেলেণ্ডাৰৰ মতে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমীত ৰুহিনী নক্ষত্রত ভগৱান শ্রী বিষ্ণুৰ অষ্টম অৱতাৰ শ্রী কৃষ্ণৰ জন্ম হৈছিল। এইদিনাখনে নাৰায়ণে প্ৰভূ শ্রী কৃষ্ণৰ ৰূপে এই ধৰাত জন্ম গ্রহণ কৰিছিল। সেইবাবে সকলো হিন্দু লোকৰ বাবে জন্মাষ্টমী হৈছে এটা অত্যন্ত প্ৰৱিত্ৰ দিন। জন্মাষ্টমী বুলিলে অষ্টমী দিনা বুজাই, কাৰণ অষ্টমী দিনা প্ৰভূ শ্রী কৃষ্ণৰ জন্ম হৈছিল। 


এই বৰ্ষৰ অষ্টমী তিথি ২৯আগষ্ট তাৰিখ, দেওবাৰে নিশা, ১১বাজি২৫মিনিটৰপৰা আৰম্ভ হৈছে আৰু ৩১আগষ্টৰ মংগলবাৰৰ নিশা ২ বজাত শেষ হৈছে। প্ৰকৃততে ৩০আগষ্টৰ সম্পূর্ণ সোমবাৰৰ দিনটো জন্মাষ্টমীৰ তিথি পৰিছে। অষ্টমীৰ ৰোহিণী নক্ষত্রৰ সময়, ৩০আগষ্ট পোৱা ৬বাজি ৩৯মিনিটৰ পৰা আৰম্ভ হৈছে। আৰু ৩১তাৰিখৰ পুৱা ৯বাজি৪৪মিনিটত শেষ অৰ্থাৎ ৩০আগষ্টৰ সম্পূর্ণ সোমবাৰৰ দিনটো জন্মাষ্টমীৰ শুভ দিন। ৰোহিণী নক্ষত্রৰ শুভ দিন। ( Religious Studies )


জন্মাষ্টমীৰ পূজনৰ সময় পুৱা সময় বুলিলে, প্ৰভূ শ্রী কৃষ্ণৰ পূজা সদায়ে ৰাতি কৰা হয়। কাৰণ প্ৰভূ শ্রী কৃষ্ণৰ জন্ম নিশা ১২বজাত বুলি শাস্ত্ৰত বিধিত। ৩০তাৰিখে সোমবাৰৰ দিনা প্ৰকৃতাৰ্থে পূজা বিধান আছে। ৰাতিপুৱা পূজা কৰাটো সকলোৰে বাবে সম্ভৱ নহয়। ৩০আগষ্টৰ দিনটো এটা অত্যন্ত শুভ দিন। হিন্দু শাস্ত্ৰ মতে প্ৰত্যেক হিন্দু লোকে জানিবলগীয়া আৰু পালন কৰিবলগীয়া জন্মাষ্টমী দিনা প্ৰভূ শ্রী কৃষ্ণৰ নামত ব্ৰতে থাকিলে অত্যন্ত শুভ মনা হয়। জন্মাষ্টমী দিনা ঘৰত ভজন কীৰ্তন কৰিব। ঘৰত শ্রী কৃষ্ণৰ ফটো আগত ধূপ, বন্তি দিয়ক। জন্মাষ্টমী দিনা সৰু লৰা ছোৱালীৰ কাপোৰ আনি শ্রী কৃষ্ণৰ আগত ৰাখিব। পাছত সেয়া আনক দান কৰিব। ভগৱান শ্রী কৃষ্ণক ভোগ দিব। পাৰিলে, মাখন দিব। কাৰণ প্ৰভূ শ্রী কৃষ্ণৰ মাখন খুবেই প্ৰিয়। আৰু সেই মাখন পাচদিনা গছৰ গুড়িত বিসৰ্জন দিব।


জন্মাষ্টমী দিনা সকলোৱে কৰিব পৰা এটা বহুতে গুৰুত্বপূৰ্ণ কথা, যিটো কৰি আপুনি ঘৰখনৰ পজিটিভ শক্তি বহু গুণে বঢ়াই তুলিব পাৰে। আপুনি জন্মাষ্টমী দিনাখন ঘৰলৈ  ময়ূৰ পাখী লৈ আনক কাৰণ ময়ূৰ পাখী শ্রী কৃষ্ণৰ অতিকে প্ৰিয়। জুৰীয়া সংখ্যাত আনিব, ২,৪,৬। যতে ময়ূৰ পাখী ৰাখে, জুৰীয়া সংখ্যাত ৰাখিব। ময়ুৰ পাখী দুডাল, পূজা ঘৰত, আগফালৰ ৰূমত, উত্তৰ পূৱ দিশত ৰাখিব, শুৱা কোঠোত। জন্মাষ্টমী দিনা ঘৰলৈ ময়ূৰ পাখী আনিলে বিশেষ ভাৱে শুভ মনা হয়।। (কথাখিনি অসমীয়া বাস্তু শাস্ত্ৰৰ পৰা সংগ্ৰহিত)।

জয় শ্ৰী কৃষ্ণা…

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages