আমি সদায় ভগৱান শিৱৰ ভাঙ্ , গাঞ্জা বৰ প্ৰিয় বুলি শুনি আহিছো আকৌ শিৱ পূজাত ভাঙ্ , ঘোতা প্ৰসাদ হিচাপে দিয়াও দেখিছো( Religious Studies )। কিন্তু কোনে কেতিয়াৰ পৰা এই নিয়ম কৰিলে সেই কথা জনা নাযায়।
ভগৱান শিৱৰ সবিশেষ থকা মূখ্য শাস্ত্ৰ শিৱ পুৰাণ।এই শিৱ পুৰাণতটো ক'তো শিৱ ভগৱানৰ ভাঙ্, গাঞ্জা প্ৰিয় বুলি লিখা নাই। শিৱ পুৰাণৰ কতো শিৱই ভাঙ্ খাই মগ্ন হৈ নৃত্য কৰা কথা লিখা নাই।
যি শঙ্কৰ ভগৱানক কামদেৱে তপস্যা ভঙ্গ কৰিবলৈ কামনা বাসনাৰ দ্বাৰা কিমান চেষ্টা কৰিলে কিন্তু কণ মানো সফল হব নোৱাৰিলে, তেনে ক্ষেত্ৰত সেই শিৱক ভাঙৰ নিচাই কি আনন্দ দিব ।
প্ৰাচীন শাস্ত্ৰ সমূহে যি ভাৰতীয় পৰম্পৰা , নিয়ম, ৰীতি নীতি আৰু প্ৰাচীন সংস্কৃতিৰ লগত জড়িত থকা প্ৰতিটো কথাই লিখিত ৰূপত হাজাৰ হাজাৰ বছৰ ধৰি কঢ়িয়াই আনিছে কিন্তু সময়ৰ সোঁতত এই কথা বিলাকৰ সময়ে সময়ে পৰিবৰ্তন, পৰিবৰ্জন আৰু পৰিবৰ্দ্ধন ঘটিছে। বহু কথা অতিৰঞ্জিত হৈছে আৰু অৰ্থ সলনি হৈছে। সেই দৰেই সলনি হৈছে শিৱৰ প্ৰলয় আৰু সংহাৰি ৰূপৰ
প্ৰলয় এক প্ৰকৃতিৰ ৰূপ। ই এক কম্পন। কম্পন নোহোৱাকৈ সন্তান জন্ম দিয়া জানো সম্ভৱ । শিৱই শক্তিৰ মাজত কম্পন বা প্ৰলয় কৰি এই ধুনীয়া বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিত ভগৱান ব্ৰহ্মাক সহযোগ কৰিছে আৰু সেই সৃষ্টিত স্থিতি আনিছে ভগৱান বিষ্ণুৱে ।
ভগৱান শিৱৰ হাতৰ ত্ৰিশূল ডাল দেখা পালে অস্ত্ৰ লৈ থকা যেন লাগে। কিন্তু শাস্ত্ৰই শিৱ ভগৱানৰ ত্ৰিশূল ডালৰ কথা কি কয় ?
শিৱ ভগৱানৰ ত্ৰিশূল ডালে তিনিটা চেতনাক বুজায়-- সাৰে থকা , সপোন অৱস্থা আৰু নিদ্ৰা অৱস্থা। এই ত্ৰিশূলে তিনিটা গুণক বুজায়-- সত্ব , ৰাজস আৰু তমস। হাতত ত্ৰিশূল ডাল ধৰি থকা মানে শিৱ অৰ্থাৎ দেৱত্ব এই তিনিটা অৱস্থাৰ -- সাৰে থকা, সপোন অৱস্থা আৰু নিদ্ৰা অৱস্থাৰ ওপৰত । ( Religious Studies )
নি গুণ ৰো ওপৰত, ত্ৰিশূল হাতেৰে ধৰি থাকি এই তিনিটা গুণক ধৰি ৰখা বুজায়।
শূল শব্দৰ অৰ্থ হৈছেদেৱত্ব তিসংকট আৰু কষ্ট । বহল অৰ্থত ত্ৰিশূলে সকলো সংকট আৰু কষ্টৰ পৰা বচাই ৰাখে। মানুহৰ জীৱনৰ কষ্টৰ
তিনি উৎস --
আদিভৌতিক
আধ্যাত্মিক
আদিদৈৱিক
--এই সংকট আৰু কষ্ট শিৱ ভগৱানৰ হাতৰ ত্ৰিশূলেই নাশ কৰে ।
বহুতেই বিশ্বাস কৰে এই ত্ৰিশূলে ত্ৰিমূৰ্তিক বুজায়--- ব্ৰহ্মা , বিষ্ণু আৰু মহেশ
সৰস্বতী, লক্ষ্মী আৰু কালী
প্ৰকৃতিৰ তিনি ৰূপ-- সৃষ্টি, স্থিতি আৰু সংহাৰ
সময়ৰ তিনি অৱস্থা--অতীত, বৰ্তমান আৰু ভৱিষ্যত
তিনি লোক -- স্বৰ্গ, মৰ্ত্ত আৰু পাতাল
তিনি শক্তি-- ইচ্ছা, কৰ্ম আৰু বুদ্ধি
তিনি দুখৰ উৎস-- শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক
মানুহৰ শৰীৰত ত্ৰিশূলে তিনি মূখ্য শিৰা অৰ্থাৎ তিনি শক্তিক বুজায়-- ইড়া, পিঙ্গলা আৰু সুষুম্না । সুষুম্না এই মূখ্য ডালে মাজৰ পৰা সপ্তম চক্ৰ অৰ্থাৎ শক্তিৰ মূল উৎস লৈকে উঠিছে আৰু বাকী দুডাল ষষ্ঠ চক্ৰ লৈকে উঠিছে।
ভগৱান শিৱৰ ত্ৰিশূলে সংহাৰ কৰে , এই ধুনীয়া পৃথিবী খনৰ নহয়। নাশ কৰে আমাৰ মোহ আৰু অহংকাৰ। এই দুটাৰ বাবেই আমি দেৱত্বৰ পৰা পৃথক হৈ আছো । এই সংহাৰে আমাক লৈ যায় তৃতীয় জগতলৈ সেয়া-- আধ্যাত্মিক জগত । যত শিৱ তত্বৰ লগত এক হৈ আনন্দ উপভোগ কৰিব পাৰো ।
#শাস্ত্ৰ_জ্ঞানম্_অমৃতম্
জুলা শৰ্মা
নতুন দিল্লী
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment