সত্যনাৰায়ণ পূজাৰ বাবে ব্ৰহ্ম মূহুৰ্তৰ সবাটোতকৈ উত্তম সময়। পুৱা ৩:৩০ বজাৰ পৰা পুৱা ৫:৩০ বজালৈকে বা ৬ বজালৈকে ব্ৰহ্ম মূহুৰ্ত বুলি ধৰা হয়( Religious Studies )।সেয়ে দক্ষিণ ভাৰতত এই পূজা ব্ৰহ্ম মূহুৰ্ততে পতাৰ নিয়ম। ভাৰতবৰ্ষৰ আন আন ঠাইত পুৱাৰ ভাগতে পাতে। কিন্তু অসমত গধূলী পাতে । কিন্তু কিয় ? এই বিষয়ে বহুত জনে জানিবলৈ বিচাৰিছে।
বিভিন্ন বিধি-বিধান, পূজা অৰ্চনা, ব্ৰত, দান আদি নানান বিষয় লৈ আমাৰ সনাতন পৰম্পৰা হৈছে। এই পৰম্পৰা সমূহ হাজাৰ হাজাৰ বছৰৰ আগতে ঋষি মুনি সকলে আধ্যাত্মিক দিশ,দাৰ্শনিক দিশ আৰু বৈজ্ঞানিক দৃষ্টিকোণ চাই সেই বিলাকৰ সময় আৰু নিয়ম প্ৰণালী ঠিক কৰিছিল। সেই পৰম্পৰা সমূহ সময়ৰ লগে লগে আহি আহি আজিৰ দিন পাইছেহি।
ভাৰতবৰ্ষত প্ৰাচীন কালৰে পৰা সময়ে সময়ে বহুত বাৰ মানুহৰ এঠাইৰ পৰা সিঠাইলৈ প্ৰব্ৰজন হৈছে। কোনো লোক এটা সময়ত উত্তৰৰ পৰা দক্ষিণলৈ যদি গৈছে, আকৌ পূৱ বা পশ্চিমলৈ যাবগৈ পাৰে । ভাৰতবৰ্ষত কোনো লোকেই উপৰি পুৰুষ থকা ঠাইতে আদিৰে পৰা আছে বুলি কব নোৱাৰি । এনেদৰে প্ৰব্ৰজন হওতে তেওঁলোকৰ সংস্কৃতি পৰম্পৰা সমূহ অতি সজতনে লৈ যায় যদিও হাজাৰ হাজাৰ বছৰৰ পাছত এতিয়া যদি চোৱা যায় তেন্তে দেখা যায় এই সংস্কৃতি পৰম্পৰা সমূহৰ কিছু কথাৰ পৰিবৰ্তন আৰু পৰিবৰ্জন হৈছে। আকৌ নতুন ঠাইৰ স্থানীয় ৰীতি নীতিৰ লগ হৈ পৰিবৰ্দ্ধনো হৈছে।( Religious Studies )
এইদৰে পৰিবৰ্তন, পৰিবৰ্জন আৰু পৰিবৰ্দ্ধনৰ ফলত মূল কথা আৰু উদ্দেশ্য একে থাকিলেও বহুত সময়ত দেখা যায় ভাৰতৰ ভিতৰতে ৰীতি নীতি, নিয়ম কৰণৰ ইখন ৰাজ্যৰ লগত সিখন ৰাজ্যৰ সামান্যভাৱে হলেও পৰিবৰ্তন হৈছে। অসমলৈ বিভিন্ন সময়ত বিভিন্ন লোকৰ প্ৰবজন হৈছে আৰু বিভিন্ন সময়ত বিভিন্ন জন অসমৰ পৰা বাহিৰৰ ৰাজ্যলৈ গৈছে। এনে বিলাক কথাৰ বাবেই বহুত পূূজা-সেৱাৰ বিধিত সামান্যতম সাল সলনি হোৱা দেখা যায় আৰু স্থানীয় কোনো নিয়ম কৰণ লগ হৈ বহুত কথাৰ পৰিবৰ্দ্ধনো হৈছে।
এনে বিলাক কাৰণতে সময়ে সময়ে প্ৰাচীন শাস্ত্ৰ সমূহৰ চৰ্চ্চা মাজে সময়ে হোৱা অতি আৱশ্যক।
জুলা শৰ্মা
নতুন দিল্লী
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment