শ্রী ভীমাশংকৰ জ্যোতিৰলিংগ দৰ্শন আৰু এক ঐশ্বৰিক অনুভৱ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 22, 2021

শ্রী ভীমাশংকৰ জ্যোতিৰলিংগ দৰ্শন আৰু এক ঐশ্বৰিক অনুভৱ : Religious Studies

Religious Studies


গুৱাহাটী মহানগৰৰ পামহী অঞ্চলৰ ডাকিনী পাহাৰৰ পাদদেশত অৱস্থিত  শ্রী ভীমাশংকৰ জ্যোতিৰলিংগ হৈছে সম্পুৰ্ণৰূপে প্রাকৃতিক ভাবে সৃষ্ট জ্যোতিৰলিংগ। Religious Studies )

Religious Studies

শিৱ পুৰাণৰ মতে সমগ্রহ বিশ্বত মাত্র ১২ প্রকাৰৰ জ্যোতিৰলিংগ বিৰাজমান। জ্যোতিৰলিংগ হৈছে ভগৱান শিৱ শংকৰৰ এক বিৰাট শক্তিৰ স্বৰূপ। শিৱপুৰাণত উল্লেখিত কাহিনীমতে, এবাৰ সৃষ্টিকৰ্তা ব্রহ্মা আৰু পালনকৰ্তা বিষ্ণুৰ মাজত সংহাৰকৰ্তা শিৱৰ শক্তিক লৈ বাদ-বিবাদৰ অৱতাৰনা হয়। এই দুয়োজনক শান্ত কৰাৰ নিমিত্তে ভগৱান শংকৰে এক বিশাল জ্যোতিস্তম্ভ ৰূপে প্রকট হৈ দুয়োজনকে জ্যোতিস্তম্ভৰ দুই মেৰু বিচাৰি আনিবলৈ নিৰ্দেশ দিয়ে। সেইমতে ব্রহ্মাই উৰ্ধদিশে আৰু বিষ্ণুৱে অধোদিশে মেৰু বিচাৰি যাত্রা আৰাম্ভ কৰে। বহুবছৰৰ অন্তত দুয়ো আহি মহাদেৱক লগ কৰে। মহাদেৱে উত্তৰ বিচৰাত প্রথমে ব্রহ্মাই মিছাকৈ ইয়াৰ সন্ধান পোৱা গ’ল বুলি ক’লে। আনহাতে বিষ্ণুৱে সঁচাকৈ ইয়াৰ কোনো অন্ত পোৱা নগ’ল আৰু ই অনন্ত বুলি কৈ বহ্মাৰ ওচৰত পৰাজয় স্বীকাৰ কৰে। সৃষ্টিকৰ্তাহৈ মিছা মতা অপৰাধত অত্যন্ত ক্ৰোধিত হৈ মহাদৱে ব্রহ্মাক অভিশাপ দিয়ে যে, সৃষ্টিকৰ্তা হ’লেও ব্রহ্মা কোনো কালেই কেতিয়াও কাৰোৰ বাবেই পুজিত নহ’ব। আনহাতে বিষ্ণুক কথাদিয়ে যে, চিৰকাল চিৰদিন বিষ্ণু, মহাদেৱ লগত সমানে পুজিত হ’ব। দুয়ো একে সত্তাৰে ভিন্ন স্বৰূপহে মাথোন। মহাদেৱৰ ব্রহ্মাভিশাপৰ বাবে ব্রহ্মাৰ কোনো পুজাবিধি নাই আৰু কোনো তীৰ্থস্থানো নাই। ৰাজস্থানৰ পুস্কৰতহে একমাত্ৰ ব্রহ্মাৰ নামত এটি সৰু মন্দিৰ আছে যদিও তাত কোনো ধৰনৰ পুজা নহয়। 


শিৱ পুৰাণত মতে, বছৰৰ ১২ মাহ আনুযায়ী জ্যোতিৰলিংগ ১২ প্রকাৰৰ আৰু প্রত্যেকৰে নিজ নিজ মাহাত্ব বিৰাজমান। এই ১২ প্রকাৰৰ প্রতিটিৰে উপলিংগ সহিতে মুঠতে কেৱলমাত্র ৬৪ টি জ্যোতিৰলিংগ সমগ্রহ বিশ্ব-ব্রহ্মাণ্ডত বিৰাজমান। তাৰে ভিতৰত মাত্র ১৩ টিৰ অৱস্থিতি সথিককৈ বৰ্তমানলৈকে জ্ঞাত। বাকী উপলিংগ সমুহৰ অৱস্থিতি সথিকভাবে জানিবলৈ এতিয়াও বাকী। ভাৰতবৰ্ষ আৰু আন দেশ সমূহত থকা অলেখ শিৱমন্দিৰ সমুহ জ্যোতিৰলিংগ নহয়। এই ১২টি জ্যোতিৰলিংগৰ নাম বছৰৰ ১২ মাহ আৰু ১২ ৰাশি আনুযায়ী ক্রমে,

১) সোমনাথ- গুজৰাট - ইং ২১ মাৰ্ছ – ১৯ এপ্রিল - মেষ ৰাশি।

২) মল্লিকাৰ্জুণ- শ্রীচেইলাম, অন্ধ্র প্রদেশ - ইং ২০ এপ্রিল- ২০ মে – বৃষ ৰাশি।

৩) মহাকালেশ্বৰ- উজ্জয়নী, মধ্য প্রদেশ - ইং ২১ মে – ২০ জুন - মিথুণ ৰাশি।

৪) ঔমকাৰেশ্বৰ- খান্ডুৱা, মধ্য প্রদেশ- ইং ২১ জুন – ২২ জুলাই – কৰ্কট ৰাশি।

৫) কেদাৰনাথ- উত্তৰাখণ্ড – ইং ২৩ জুলাই – ২২ আগষ্ট – সিংহ ৰাশি।

৬) ভীমাশংকৰ–পুণে, মহাৰাষ্ট্র আৰু পামহী, অসম- ইং ২৩ আগষ্ট –২২ ছেপ্তেম্বৰ- কণ্যা ৰাশি।

৭) বিশ্বনাথ- কাশী, উত্তৰ প্রদেশ- ইং ২৩ ছেপ্তেম্বৰ- ২২ অক্টোবৰ- তুলা ৰাশি।

৮) ট্রম্বকেশ্বৰ- নাছিক, মহাৰাষ্ট্র- ইং ২৩ অক্টোবৰ- ২২ নবেম্বৰ- বৃশ্চিক ৰাশি।

৯) বৈদ্যনাথ- দেওঘৰ, ঝাৰখণ্ড- ইং ২৩ নবেম্বৰ – ২১ ডিচেম্বৰ – ধণু ৰাশি।

১০) নাগেশ্বৰ- দাৰুকাভানম, গুজৰাট- ইং ২২ ডিচেম্বৰ- ১৯ জানুৱাৰী- মকৰ ৰাশি।

১১) ৰামেশ্বৰম- তামিলনাডু – ইং ২০ জানুৱাৰী- ১৮ ফ্রেবুৱাৰী – কুম্ভ ৰাশি।

১২) গ্রীশ্নেশ্বৰ- ঔৰাংগাবাদ, মহাৰাষ্ট্র- ইং ১৯ ফ্রেবুৱাৰী – ২০ মাৰ্চ – মীন ৰাশি।

এই সকলোবোৰেই একো একোটি অপুৰ্ব ভাস্কৰ্য্য খোদিত বিশাল মহাধাম আৰু পৌৰাণিক ভাৰতীয় স্থাপত্যবিদ্যাৰ গৌৰম্বাৱিত ইতিহাসৰ এক উজ্বল নিদৰ্শণ। আনহাতে, পামহীস্থিত, ভীমাশংকৰ জ্যোতিৰলিংগ হৈছে সম্পুৰ্ণৰূপে প্রাকৃতিকভাবে সৃষ্ট দুৰ্গম জনবসতি শূন্য পাহাৰীয়া জুৰিৰ মধ্য ভাগত অৱস্থিত। ইয়াৰ বিষয়ে অসমতো বাদেই গুৱাহাটীৰো অধিক সংখ্যকৰেই জ্ঞাত নহয়। 


সম্পৰ্কীয় পুৰণি বন্ধু এজনৰ পৰা ইয়াৰ বিষয়ে জানিব পাৰি, দৰ্শণ কৰাৰ ইচ্ছা হ’ল আৰু সেই উদ্দেশ্যে আহাৰ মাহৰ প্রথম দিন ইং ১৮ জুলাই, ৰবিবাৰে পুৱাই ৭ বজাত ইয়াৰ অভিমুখে যাত্রা কৰিলো। গুৱাহাটী মহানগৰ ভি.আই.পি ৰাস্তাৰ পৰা সোঁফালে প্রায় ২০০ মিটাৰমান গ’লেই মইনাখোৰাং উপস্বাস্থ্য কেন্দ্রই হৈছে শেষ পাতলীয়া জনবসতি অঞ্চল। বাসিন্দা সকল পুৰণি কাৰ্বি জনগোষ্ঠিৰ লোক। তাৰ পৰাই পাহাৰীয়া পথেৰে ২০০

Religious Studies
বাটচ’ৰা
মিটাৰমান গলেই প্রথমে পোৱা যায় এক সুন্দৰ প্রাচীন গণেশ মন্দিৰ আৰু তাৰ পৰাই আৰাম্ভ হয় ভীমাশংকৰ দৰ্শণৰ পদযাত্রা। অতি দৃষ্টিনন্দন সৰ্পিল পাহাৰীয়া পথেৰে প্রায় ৩০০ মিটাৰ মান গলেই পোৱা যায় দেৱালয়ৰ সুন্দৰ বাটচ’ৰা।


Religious Studies
জলাশয়
যাত্রা পথত, বাওঁকাষে দুই পাহাৰৰ সংযোগ স্থলিত,এটি প্রাকৃতিক জলাশয়( সৰু হ্রদ) আৰু সোঁকাষে এটি অপুৰ্ব সুন্দৰ পদুম পুখুৰী।


Religious Studies
হাতীৰ মল 
সমগ্র অঞ্চলটি হস্তীৰ মুক্ত বিচৰন থলী আৰু অগনন সাপেৰে পৰিপুৰ্ণ। যাত্রা পথত হাতীৰ খোজ আৰু মল স্পষ্টৰূপে দেখা পোৱা লগতে পাহাৰৰ ওপৰলৈ তৰিৎ গতিত পাৰহৈ যোৱা এডাল সৰ্পৰো দৰ্শণ গৈছিল।Religious Studies )


ভীমাশংকৰ জ্যোতিৰলিংগ আবিস্কৃত হোৱা প্রায় ৪০ বছৰ মানহে হৈছে বুলি স্থানীয় কাৰ্বি বাসিন্দাসকলৰ পৰা জানিব পৰা গ’ল।

Religious Studies
মুখ্য পুজাৰী শ্রীযুত ধিৰেন ইংতি
মুখ্য পুজাৰী শ্রীযুত ধিৰেন ইংতি আৰু পুজাৰী শ্রীযুত বিষ্ণু তেৰংঙৰ পৰা জানিব পৰা গ’ল যে প্রায় ৪০ বছৰ মান পুৰ্বে এজন কাৰ্বিলোকে পাহাৰৰ জুৰিৰ মধ্যভাগত লিংগভাগ প্রত্যক্ষ কৰে। অতি দুৰ্গম হোৱাৰ বাবে কোনোলোক তালৈ যাবলৈ সাহস কৰা নাছিল। প্রথম অৱস্থাত স্থানীয় দুই এজন লোকে তাত পুজা কৰিবলৈ গৈছিল। ২০০০ চনৰ পৰা আনুস্থানিক ভাৱে শ্রীযুত ধিৰেন ইংতি ডাঙৰীয়াই মুখ্য পুজাৰীৰ ভূমিকা নিষ্ঠা আৰু আন্তৰিকতাৰে পালন কৰি আহিছে। তেখেতৰ পৰা জানিব পৰা গ’ল যে ২০০১ চনৰ পৰা ভক্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব ধৰিলে। ভক্তসকলৰ গৰিষ্ঠ সংখ্যকেই ভাৰতৰ বিভিন্ন প্রান্তৰ বিহাৰী, মাৰোৱাৰী, বঙালী, দক্ষিণ্যাত ইত্যাদিৰ অনা অসমীয়া লোক আৰু কিছু জনজাতীয় লোক। যাত্রা পথত লগ পোৱা এটি শিক্ষিত কাৰ্বি পৰিয়ালৰ বাদে সকলোখিনি ভক্তই অনা অসমীয়া আছিল। ইংতি ডাঙৰীয়া আৰু তেৰং ডাঙৰীয়া পৰা জানিব পৰা গ’ল যে, মাজ নিশা প্রায়ে হাতীয়ে লিংগত সুৰেৰে পানী মাৰি পুজা কৰে। হাতীৰ চিঞৰ ৰাতি প্রায়ে স্থানীয় লোকে শুণা পায়। পুৱাই হাতীৰ খোজৰ চিহ্ন আৰু বোকা লিংগৰ ওপৰফালে আৰু কাষত স্পষ্টৰুপে দেখা পোৱা যায়। আজিকোপতি এই দৃশ্য প্রত্যক্ষ কৰিবলৈ তেখেতৰো সৌভাগ্য হোৱা নাই কাৰণ ৰাতি তাত সকলোৰে প্রবেশ নিসিদ্ধ। ইতিমধ্যে যি কেইজন লোকে এই দৃশ্য প্রত্যক্ষ কৰাৰ দুঃসাহস কৰিছিল, সকলোকে পুৱা মৃত অৱস্থাত উদ্ধাৰ কৰা হয় বুলি জানিব পৰা গ’ল। মাত্র কেইদিন আগতে এজন লোকক ৰাতি হাতীয়ে গছকি মাৰিছিল বুলি গ’ম পোৱা গ’ল। কেৱলমাত্র শিৱৰাত্রিৰ দিনা ৰাতি দৰ্শন আৰু পুজাৰ বাবে ভক্তসকলৰ সুবিধাৰ্থে পথ আৰু জ্যোতিৰলিংগৰ চৌপাশ চৰকাৰৰ দ্বাৰা জেনেৰেটৰৰ সহায়ত বিজুলী বাতিৰে পোহৰাই তোলা হয়। সেই অঞ্চলত কোনো ধৰনৰ স্থায়ী ঘৰ আনকি মন্দিৰ নিৰ্মাণ কাৰ্য্যও আজিকোপতি সম্ভৱ হোৱা নাই আৰু যি কিছু নিৰ্মাণ কৰাৰ প্রয়াস কৰা হৈছিল, সকলোবোৰ ৰাতিৰ ভিতৰত হাতীয়ে ভাঙি চুৰমাৰ কৰি থৈ যায়। ইয়াৰ বাহিৰে হাতীয়ে আজিলৈকে কাকোকে ক্ষতিসাধন কৰা নাই। যোৱা বছৰৰ ইং ০৭/১১/২০২০ তাৰিখে অসম চৰকাৰে চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৭-১৮ বৰ্ষৰ অনুমোদিত ১৬,২৬,০০০/-টকাৰে ভীমাশংকৰ দেৱালয়লৈ যোৱা ৩৩৫ মিটাৰ পথটি দৰ্শণাৰ্থীৰ সুবিধাৰ বাবে আটকধুনীয়াকৈ নিৰ্মাণ কৰি দিয়ে। প্রাংগনলৈ নামি যোৱা পকী খটখটিৰ লগতে বহি জিৰণী লোৱাৰো সুন্দৰ ব্যৱস্থাও আছে। ইয়াৰ বাবে অসম চৰকাৰ বিশেষ ধন্যবাদৰ পাত্র। মুখ্য পুজাৰী শ্রীযুত ধীৰেণ ইংতি ডাঙৰীয়াৰ পৰা জানিব পাৰিলো যে, শিৱপুৰাণত বৰ্ণিত ভীমাশংকৰৰ উৎপত্তিৰ কাহিনী অতি মনোৰম। তেখেতৰ পৰা আৰু তথ্য অধ্যয়নৰ পৰা জানিব পৰা গ’ল যে, মহা প্রতাপী ভীমাসুৰক বধ কৰিবলৈ মহাদেৱে ভীমাশংকৰ ৰূপ ধাৰণ কৰিছিল। ভীমাসুৰ হৈছে ৰাৱণৰ ভাতৃ কুম্ভকৰ্ণ আৰু পাতাল ৰজাৰ কণ্যা কৰ্কতিৰ পুত্র। লংকেশ্বৰ ৰাৱণে কুম্ভকৰ্ণক কৰ্কতিৰ লগত বিবাহ হোৱাত বাধা প্রদান কৰিছিল। সেই সময়ত প্রভু ৰামচন্দ্রৰ লগত হোৱা তয়াময়া ৰণত পৰাজিত হোৱাৰ আশংকাত ৰাৱণে কুম্ভকৰ্ণৰ সহায় বিচাৰে আৰু কুম্ভকৰ্ণই কৰ্কতিক বিবাহ কৰাৰ চৰ্ত আৰোপ কৰে। উপায়ন্তৰ হৈ ৰাৱণে এই বিবাহত সন্মতি দিয়ে। বিবাহৰ পাছতে কুম্ভকৰ্ণই শ্রীৰামচন্দ্রৰ লগত প্রচণ্ড যুদ্ধত লিপ্ত হয় আৰু তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পাছত ভীমাসুৰৰ জন্ম হয়। ডাঙৰ হৈ তেওঁ মাতৃৰ পৰা জানিব পাৰিলে যে, তেওঁৰ পিতৃহন্তা স্বয়ং বিষ্ণুৰ অৱতাৰ শ্রীৰামচন্দ্র। পিতৃহত্যাৰ প্রতিশোধ লোৱাৰ উদ্দেশ্য, ভীমাসুৰে ব্রহ্মাৰ কঠোৰ তপস্যাত নিমগ্ন হয়। সুদীৰ্ঘ ১২ বছৰ তপস্যাৰ অন্তত ব্রহ্মাদেৱ প্রসন্ন হৈ তেওঁৰ মনোবাঞ্ছা পূৰ্ণ হোৱাৰ বৰ প্রদান কৰে। তাৰ পাছতেই ভীমাসুৰে ভগৱান বিষ্ণুৰ লগত যুদ্ধত লিপ্ত হয় আৰু অন্তৰ্য্যামি বিষ্ণুৱে ব্রহ্মাৰ বৰৰ কথা জানিব পাৰি যুদ্ধত পৰাজয় বৰণ কৰে। বিষ্ণুক পৰাজয় কৰাৰ অহংকাৰত মত্তহৈ ভীমাসুৰে এফালৰ পৰা সকলো বিষ্ণু আৰু শিৱভক্ত ৰজা, প্রজাৰ ওপৰত নানান অত্যাচাৰ আৰাম্ভ কৰিব ধৰিলে। এইদৰে আহি তেওঁ কামৰূপ আক্রমণ কৰে আৰু কামৰূপেশ্বৰ প্রিয়ধৰ্মন আৰু ৰাণী দক্ষিণাদেৱীক দুৰ্গম পামহী অঞ্চলৰ ডাকিণী পাহাৰত বন্দী কৰি ৰাখে বুলি উল্লেখিত আছে। তেওঁলোক দুয়োজনেই আছিল পৰম শিৱভক্ত। দুয়ো একেলগে ভগৱান শিৱশংকৰৰ আৰধনা কৰি এই অৱস্থাৰ পৰা সকলোকে উদ্ধাৰ কৰিবলৈ মিনতি জনালে। আৰধনাত তুস্ত হৈ ভগৱান শিৱশংকৰে ভয়ংকৰ জ্যোতিৰ ৰূপলৈ সেই স্থানতে ভীমাসুৰক বধ কৰিলে। ভয়ংকৰ ৰূপ শান্ত কৰি সেই স্থানতে লিংগ ৰূপে প্রতিস্থা হবলৈ ৰজা ৰাণী দুয়োৱে শিৱক কাকুতি কৰিব ধৰিলে আৰু ভক্তৰ মনোবাঞ্ছা পুৰণাৰ্থে সেইদিন ধৰি ভগৱান শিৱশংকৰ ভীমাশংকৰ জ্যোতিৰলিংগ ৰূপে বিৰাজমান হ’ল। ইংতি ডাঙৰীয়াই কোৱা মতে শিৱ পুৰাণত ভীমাশংকৰ জ্যোতিৰলিংগৰ অৱস্থিতি ‘ কামৰূপায় ডাকিণী পাহাৰস্থিতে…’ বুলি উল্লেখিত আছে। তেখেতৰ মতে, ভীমাশংকৰ –পুণে, মহাৰাষ্ট্রত ইতিমদ্ধ্যে প্রতিস্থিত মন্দিৰ ভীমাশংকৰ উপলিগংহে বুলি গণ্য কৰাৰ যুক্তি আছে। যিহেতু মুখ্য জ্যোতিৰ লিংগভাগ পলমকৈ আৱিস্কৃত হৈছে তেনে ক্ষেত্রত পৰম্পৰাগত ভাৱে চলি অহা আধ্যাত্মিক ভাৱধাৰাক সলনি কৰাতো বৰ সহজ কথা নহয়। এই বিষয়ে তথ্য আৰু যুক্তিৰ আধাৰত হিন্দুসমাজ একমতত উপনিত হ’ব লাগিব, যি এক কঠিণ প্রত্যাহ্বান। যি কি নহওঁক, প্রাকৃতিক ভাবে সৃষ্ট শ্রী ভীমাশংকৰ জ্যোতিৰলিংগৰ অপুৰ্ব মনোমোহা দৃশ্য আৰু আধ্যাত্মিক অনুভূতি প্রত্যক্ষ দৰ্শণৰ অবিহনে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। আহক, এবাৰ হ’লেও সকলোৱে ইয়াৰ নিৰ্মল প্রাকৃতিক পৰিবেশ উপভোগ কৰোঁহক।

জয় শিৱশংকৰ……..,সৰ্বে ভৱন্তু সুখিনহঃ……..।


বি.দ্রঃ- লিখনিৰ তথ্য সমুহ ইন্টাৰনেট, ৱাইকিপিদিয়া, শিৱপুৰাণ, স্থানীয় ব্যক্তি তথা পুজাৰী আৰু চৰকাৰী তথ্যৰ পৰা সংগৃীহিত। কোনো সদাশয় ব্যক্তিয়ে আৰু কিবা তথ্য থাকিলে মোক  জনালে সুখী হ’ম। এই ক্ষেত্রত বিতৰ্কৰ কোনো প্রয়োজন নাই।


লিখক :  শ্রী মনোৰঞ্জন কাকতি।

  সৰ্বাইবন্ধা, যোৰহাট।

মবাইল নং : 9954476802 Email: mrkakoti@rediffmail.com


( উক্ত লেখাটোৰ প্ৰেৰক শ্রী মনোৰঞ্জন কাকতি ডাঙৰীয়াক SMJ24 ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো )


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com

Religious Studies )


No comments:

Post a Comment

Advertisement

Pages