সতীৰ দেহত্যাগ আৰু দেহত্যাগৰ পাচত ক্ৰোধিত শিৱ বাবাই সতীৰ মৃতদেহ কান্ধত লৈ ত্ৰিভুৱনত তাণ্ডৱ লীলা কৰাৰ কাহিনীও শাস্ত্ৰত পোৱা যায়। সতীৰ উক্ত দেহত্যাগৰ অন্তৰালটো মহাদেৱৰ লীলা জড়িত আছিল। কাৰণ ইয়াতেই বিশ্বত দেৱীৰ ৫১খন শক্তি পীঠ স্থাপনৰ উদ্দেশ্য অন্তনিহিত হৈ আছিল।
নামতী সকলে শিৱ বাবাৰ বন্দনা কৰিবলৈ গৈ এটি নাম গায়.."নিদিওঁ পাৰ্বতীক বিয়া অ' ভোলানাথৰ ঘৰে.. মনুষ্যৰ মুণ্ড মালা পিন্ধি থাকে গলে ...." মহাদেৱৰ অলেখ অসংখ্য প্ৰতি মূৰ্তি প্ৰতিচ্ছবি দেখা যায়। কিন্তু মুণ্ড মালা পৰিধান কৰা শিৱ বাবাৰ প্ৰতিমূৰ্তি সততে দেখা পোৱা নাযায়। গতিকে আজি আমি জানো আহক শিৱ বাবাৰ মুণ্ড মালাৰ আঁৰৰ ৰহস্য..
এবাৰ নাৰদ মুনি আহি মা সতী দেৱীক দিয়া উচতনিত পৰি সতীয়ে মহাদেৱৰ গলত ধাৰণ কৰি থকা মুণ্ড মালাৰ ৰহস্য জনাবলৈ মহাদেৱক জোৰ কৰিবলৈ ধৰিলে।প্ৰথমে মহাদেৱে ইয়াৰ আঁৰৰ ৰহস্য প্ৰকাশ কৰিবলৈ সন্মতি হোৱা নাছিল।কিন্তু দেৱী সতীৰ নেৰা নেপেৰা অনুনয় বিনিনয়ত মহাদেৱে মুণ্ড মালাৰ আঁৰৰ ৰহস্য কবলে বাধ্য হল।( Religious Studies )
মহাদেৱে কলে,তেওঁৰ গলত থকা মালাৰ ১০৭টা মুণ্ড সতীৰ হে।সতীয়ে ১০৭বাৰ জন্ম লৈছিল আৰু ১০৭বাৰেই সতীয়ে দেহত্যাগ কৰিবলগীয়া হৈছিল। প্ৰতিবাৰেই মহাদেৱে সতীৰ প্ৰেমৰ চিন স্বৰূপে সতীৰ মুণ্ডৰে মালা তৈয়াৰ কৰি গলত ধাৰণ কৰি আহিছে। মালাত গাঁঠি লোৱা মুণ্ডবোৰ সতীৰ প্ৰতিটো জনমৰ সাক্ষীও। এইবাৰ সতীৰ ১০৮নম্বৰ জনম এইবাৰো সতীয়ে দেহত্যাগ কৰিব লাগিব। ১০৮টা মুণ্ড হলে মালাডালো সম্পূর্ণ হব।
ৰহস্য জানি সতীয়ে আপত্তি কৰিলে যে,সতীয়েই যে বাৰম্বাৰ দেহত্যাগ কৰিব লাগে মহাদেৱে কিয় দেহত্যাগ নকৰে ?
উত্তৰত মহাদেৱে কলে,মই অমৰ, মই আজন্ম, মই অমৰ কথা জানো,,সেয়ে মই দেহত্যাগ কৰিব নালাগে..
তেতিয়া সতীয়েও অমৰ হবলৈ বাঞ্চা কৰিলে আৰু মহাদেৱৰ পৰা অমৰ কথা জানিবলৈ ইচ্ছা প্ৰকট কৰিলে।মহাদেৱে সতীক অমৰ কথা শুনালে,কিন্তু আধা কথা শুনিয়ে সতী টোপনি গলগৈ।
সেয়াও আছিল মহাদেৱৰে লীলা,কালক্রমত সতীয়ে দক্ষ যজ্ঞৰ অগ্নি কুণ্ডত দেহত্যাগ কৰিব লগীয়া হল। সতীৰ দেহত্যাগত ক্ৰোধিত শিৱই দক্ষ ৰজাৰ মুন্দ চেদন কৰি যজ্ঞ স্থলী তহিলং কৰিলে, আৰু সতীৰ মৃতদেহ কান্ধত লৈ ত্ৰীভূৱনত তাণ্ডৱৰ লীলা চলালে।ভগৱান বিষ্ণুৱে শিৱৰ কান্ধত থকা সতীৰ অৰ্ধগলিত মৃতদেহ সুৰ্দশন কাটি খণ্ড বিখণ্ড কৰিলে। বিখণ্ডিত সতীৰ মৃতদেহৰ অংশ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰৰ মুছ ৫১স্থানত পৰিল। সেই ৫১স্থানত দেৱীৰ শক্তি পীঠ গঢ় লৈ উঠিল। অসমৰ গুৱাহাটীৰ নীলাচল পৰ্ৱতত সতীৰ যোনীদেশ পৰিল, আৰু তাতেই স্থাপিত হল মা কামাখ্যা শক্তিপীঠ।
সতীৰ মুণ্ডটো মহাদেৱে মালাত গাঁঠি ললে। পৰৰ্ৱতী সময়ত সতীৰ পুনৰ জনম পাৰ্ৱতী ৰূপে হল। অৱশেষত পাৰ্ৱতীক মহাদেৱে অমৰ কথা শিকায় দিলে। আৰু সেয়ে মা পাৰ্ৱতী অমৰ হল।
ঔঁ নমঃ শিৱাই…
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
( Religious Studies )
No comments:
Post a Comment