দুষ্টক দমন আৰু ভক্তক ৰক্ষা কৰিবৰ বাবে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান ৰূপে প্ৰভূ শ্ৰী কৃষ্ণই জন্ম গ্রহণ কৰিছিল।( Religious Studies )গতিকে এই বিশেষ দিনটোত কৃষ্ণ জয়ন্তী বা শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়। আৰু ২০২১বৰ্ষৰ জন্মাষ্টমীৰ দিন পৰিছে, ভাদৰ ১৩তাৰিখ আৰু ইংৰাজী ৩০আগষ্ট সোমবাৰে।সেয়ে এই শুভ ক্ষণত ঘৰলৈ যদি অনা হয়, এই বিশেষ কেইপদ বস্তু, তেতিয়া ইয়াৰ দ্বাৰা ঘৰখনত বাঢ়িব সমৃদ্ধি লগতে বৃদ্ধি পাব ঘৰখনত সুখ আৰু শান্তি। গতিকে এতিয়া জানো আহক সেই বিশেষ বস্তু কেইপদৰ বিষয়ে-
১/ৰাধা কৃষ্ণৰ ফটো বা মূৰ্তি। ৰাধা কৃষ্ণক একেলগে সন্তোষ কৰি ৰাখিব পাৰিলে, মনে বিচৰা ধৰণৰ আশা পূৰ্ণ কৰিব পাৰে।
২/জন্মাষ্টমীৰ দিনা ভগৱান শ্ৰী কৃষ্ণৰ ওচৰত হালধীয়া বস্ত্র নিবেদন কৰিব। এনে কৰিলে ভগৱান শ্ৰী কৃষ্ণ প্ৰসন্ন হয়।
৩/জন্মাষ্টমীৰ দিনা যদি ঘৰলৈ বাঁহী অনা হয়, তেন্তে ইয়াৰ ফলত সকলো সংকটৰপৰা মুক্ত পোৱা যায়। আৰু সম্বন্ধ সমূহ মধূৰ হৈ উঠাৰ লগতে ঘৰখনত সুখ শান্তিৰ স্থায়ী বাস হয়।
৪/পদ্ম বৰ্জৰ মালা বা বৈজয়ন্তী মালা, জন্মাষ্টমীৰ দিনা ঘৰলৈ আনিলে ধন বৃদ্ধি হোৱাত সহায় হয়। আৰু ঋণ মুক্ত হোৱাত সাহায্য কৰে।এই মালাই শৰীৰক ঠাণ্ডা আৰু মনক শান্ত কৰি ৰাখে। ( Religious Studies )
৫/ময়ূৰ পাখী জন্মাষ্টমীৰ দিনা ঘৰলৈ আনিব পাৰিলে, তেন্তে সেয়া ঘৰখনৰ বাবে অধিক মংগল হৈ উঠে। অমংগলে ঘৰখনৰ কাকোৱে স্পৰ্শ কৰিব নোঁৱাৰে। আৰু সেই ঘৰখনত যথেষ্ট পৰিমাণৰ পজিটিভ শক্তি বৃদ্ধি পায়।
গতিকে প্ৰথমে এই কেইপদ বস্তু জন্মাষ্টমীৰ দিনা ঘৰলৈ আনি, প্রথমে প্ৰভূ শ্ৰী কৃষ্ণক নিবেদন কৰিব। এনে কৰিলে ভগৱান শ্ৰী কৃষ্ণৰ কৃপা দৃষ্টি আপোনাৰ আৰু আপোনাৰ ঘৰৰ ওপৰত সৰ্বদা থাকিব।
জয় শ্ৰী কৃষ্ণা…
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment