শাওণ মাহত কৰা পূজা ভগৱান শিৱই শীঘ্ৰেই স্বীকাৰ কৰে। এই প্ৰবিত্ৰ শাওণ মাহত মহাদেৱ সাক্ষাৎ শিৱ লিংগত বিৰাজমান হৈ থাকে( Religious Studies )। আৰু শাওণ মাহ মানেই ভগৱান শিৱৰ ভক্তিৰ দিন। শাস্ত্র অনুসৰি শাওণ মাহত শিৱ পূজা কৰিলে, আন মাহতকৈ অধিক ফল পোৱা যায়। আৰু সেইবাবে হাজাৰ হাজাৰ ভক্তই, শাওণ মাহত শিৱ লিংগত জল নিবেদন কৰাৰ লগতে, উপবাস বা ব্ৰত পালন আৰু পূজা পাঠ কৰি থাকে। ইয়াৰ ফলত শিৱ ভক্তৰ পূণ্য লাভ হয় লগতে মনৰ সকলো আশা আকাংক্ষা পূৰ্ণ হয়।
ইফালে শাওণ মাহতে, মা পাৰ্ৱতীয়ে উপবাস আৰু ব্ৰত পালন কৰি, মহাদেৱৰ দৰ্শন পায় পুন্য লাভ কৰিছিল। সেয়ে মনা যায় যে,শাওণ মাহ শেষ নহওতে যদি, শিৱ মন্দিৰৰ পৰা এই বস্তু ঘৰলৈ আনে, তেন্তে ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্য সলনি হব। আৰু ধনৰ দেৱী মা লক্ষ্মীৰ কৃপা দৃষ্টি আপোনাৰ ওপৰত সদায়ে থাকিব। ঘৰখনত ধনৰ অভাৱ কমিব। লগতে সফলতাৰ দিশত অগ্ৰগতি লাভ কৰিব। ( Religious Studies )
গতিকে এতিয়া জানো আহক সেই নিশেষ বস্তু ভাগৰ বিষয়-
যিহেতু ভগৱান শিৱৰ শিৱ লিংগৰ ওপৰত, গংগা জল, ঘীউ, মৌ, বেলপাত, ধতুৰাপাত আদিৰে অভিষেক কৰা হয়।যদি, আপুনিও শুদ্ধ অন্তৰৰে এই সমূহ সামগ্রীৰে অভিষেক কৰে আৰু শিৱ লিংগৰ দ্বাৰা বৈ অহা সেই অভিষেক জল এটা পাত্রত সংগ্ৰহ কৰি ঘৰলৈ লৈ আহে, আৰু তাৰ পাছত সেই জল ঘৰৰ সকলোতে ছটিয়াই। তেন্তে ইয়াৰ দ্বাৰা আপোনাৰ ঘৰৰ সকলো সংকট দূৰ হব। লগতে সদায়ে সুখ শান্তিৰে ভৰি থাকিব।
আৰু যত সুখ শান্তি থাকে, তাত ধনৰ দেৱী মা লক্ষ্মীয়ে বাস লয়।লগতে যদি কোনো মন্দিৰত এডাল নতুন ত্ৰিশূল স্থাপন কৰি, সেই মন্দিৰৰ পুৰণি ত্ৰিশূল ডাল ঘৰলৈ আনি স্থাপন কৰিব পাৰে, তেন্তে আপোনাৰ ঘৰৰ আৰু পৰিয়ালৰ সকলোৰে ওপৰত ভগৱান শিৱৰ আশীৰ্বাদ পাব। সেই ত্ৰিশূলৰ পুৱা গধূলি পূজন কৰক, যাৰ দ্বাৰা তেওঁ জাগ্ৰত হৈ থাকে, আৰু তেওঁ শক্তি প্ৰদান কৰিব থাকে।
ঔঁ নমঃ শিৱাই…
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
( Religious Studies )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment