শাওণ মাহটো ভগৱান শিৱক উৎসৰ্গিত কৰা হয়। এই মাহত ভগৱান শিৱক পূজা কৰা হয়। ( Religious Studies )
শাওণ মাহক শ্ৰাৱন মাহ বুলিও কোৱা হয়। এই শাওণ মাহত সোমবাৰ কেইটি যথেষ্ট গুৰুত্বপূৰ্ণ। শাওণৰ সোমবাৰে ভগৱান শিৱৰ উপাসনা ফলপ্ৰসু বুলি কোৱা হয়। সোমবাৰে উপবাসৰ দ্বাৰা ভগৱান শিৱৰ পূজা কৰা হয়। এই মাহত প্ৰকৃত ভক্তসকলৰ ওপৰত ভগৱান শিৱৰ আশীৰ্বাদ বৰষুণৰ দৰে বৰষদ।
হিন্দু বৰ্ষপঞ্জী অনুসৰি,
শাওণ মাহৰ শেষৰ সোমবাৰ, ১৬আগষ্ট। বিশ্বাস কৰা হয় যে, ভগৱান শিৱক এই মাহত বিশেষ ভাৱে পূজা কৰা হয়। শাস্ত্র অধ্যয়ন কৰা, প্ৰৱিত্ৰ গ্ৰন্থ শুনা, শাওণ মাহত অতি শুভ আৰু ফলপ্ৰসু বুলি কোৱা হয়। এই মাহত ধৰ্মীয় কাৰ্য্য কলাপ কৰিলে ইতিবাচক শক্তি বৃদ্ধি হয় আৰু মন শান্ত থাকে। ভগৱান শিৱৰ কৃপাই ভক্ত সকলৰ সকলো দুখ কষ্ট আঁতৰ কৰে। একে সময়তে ভক্ত সকলৰ সকলো ইচ্ছাও পূৰণ হয়। ( Religious Studies )
শাওণৰ সোমবাৰে পূজা ও উপবাসৰ পদ্ধতি
শাওণৰ সোমবাৰে সোনকালে উঠি স্নান কৰা হয়। তাৰ পাছত ভগৱান শিৱক জল অভিষেক প্ৰদান কৰক। লগতে মা পাৰ্ৱতী আৰু নন্দীক গংগাজল বা গাখীৰ আগবঢ়াওক। পঞ্চামৃতৰ দ্বাৰা ৰুদ্ৰ অভিষেক কৰক আৰু বেলপাত আগবঢ়াওক। শিৱলিংগত চাউল দিয়ক আৰু সকলোৰে বাবে তিলক প্ৰয়োগ কৰক। প্ৰসাদ হিচাপে ভগৱান শিৱক ঘিউ আৰু চেনি দিয়ক।বন্তি-ধূপৰ পৰা গণেশৰ আৰতি পৰিৱেশন কৰক।
অৱশেষত ভগৱান শিৱৰ আৰতি পৰিৱেশন কৰক আৰু প্ৰসাদ বিতৰণ কৰক।।
ঔঁ নমঃ শিৱাই…
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment