এসময়ৰ কথাৰে, তেতিয়া শাওণ মাহ আছিল। ভগৱান শিৱ আৰু মা পাৰ্ৱতীয়ে কৈলাশ পৰ্ৱতত বহি আছিল( Religious Studies )। তেতিয়া মা পাৰ্ৱতীয়ে দেখা পালে, পৃথিৱীত কোনোজনে, শিৱ লিংগত গাখীৰ অৰ্পণ কৰি আছিল আৰু কোনোজনে গংগা জল। আৰু বহুজনে দূৰ দূৰণিৰপৰা গংগা জল আনি শিৱ লিংগত অৰ্পণ কৰি আছিল।তাকে দেখি মা পাৰ্ৱতীয়ে মহাদেৱক সুধিলে, প্ৰভূ, পৃথিৱীত প্ৰায়ে সকলো লোকে, আপোনাৰ ওপৰত গংগা জল, গাখীৰ অৰ্পণ কৰি আছে! ইয়াৰ দ্বাৰা তেওঁলোকৰ কি ফল প্ৰাপ্ত হব!
মা পাৰ্ৱতীৰ কথা শুনি মহাদেৱে কলে, দেৱী, শাওণ মাহত মোৰ ওপৰত জল অৰ্পণ কৰাৰ ইমান মহত্ব আছে যে, যিয়ে মোক জল অৰ্পণ কৰিব, সেইজনে স্বৰ্গ ভোগ প্ৰাপ্ত কৰিব।
মহাদেৱৰ কথা শুনি মাতা পাৰ্ৱতী ৰখিব নোঁৱাৰিলে, আৰু তেওঁ পুনৰ মহাদেৱক সুধিলে, প্ৰভূ, এই সকলো লোকে যিয়ে জল অৰ্পণ কৰিছে, এই সকলো লোকে কি স্বৰ্গ ভোগ প্ৰাপ্ত কৰিব!
তেতিয়া মহাদেৱে কলে, দেৱী, বাহিৰৰ পৰা স্নান কৰোঁৱাতকৈ বেছি মহত্ব মনৰ পৰা স্নান কৰালেহে হব।
পুনৰ মাতা পাৰ্ৱতীয়ে কলে, প্ৰভূ, এয়া কেনেদৰে গম পোৱা যাব যে, কোনে মনৰপৰা স্নান কৰাইছে!
তেতিয়া পুনৰ মহাদেৱে কলে, এয়া ভক্তৰ মনৰ পৰা জনা যায়। মহাদেৱে পাৰ্ৱতীক কলে, বলা, পাৰ্ৱতী, মই তোমাক ইয়াৰ বাবে পৃথিৱীলৈ লৈ যাওঁ। তাতে তোমাৰ মনৰ জিজ্ঞাসা শান্ত হব।
এইবুলি ভগৱান শিৱই নিজকে এজন কুৰূপ আকাঁৰৰ ৰোগী ৰূপ দিলে আৰু মা পাৰ্ৱতীক এগৰাকী সুন্দৰ স্ত্রীৰ ৰূপ দিলে।আৰু দুয়ো এক শিৱ মন্দিৰৰ বাহিৰত গৈ বহিলেগৈ। তালৈ গৈ যি ভক্ত তাৰপৰা যায়, তেতিয়া সেই ভক্তসকলক মা পাৰ্ৱতীয়ে কয়,
"মই বহুত দৰিদ্ৰ হয়। আৰু মোৰ স্বামী বহুত অসুস্থ হয়। মই মোৰ স্বামীক মোৰ পিঠিত উঠাই ইয়ালৈ আনিছো। শুনিছো, মহাদেৱে এই মন্দিৰৰ বহুতো মান্যতা আছে। যদি মই এই মন্দিৰত মোৰ স্বামী দ্বাৰা এঘটি গংগা জল অৰ্পণ কৰোৱাই দিওঁ, তেতিয়া মোৰ স্বামী ঠিক হয় যাব। কিন্তু মই বহুত ভাগৰুৱা। ২দিন ধৰি আমি একো খোৱা নাই। আপোনালোকে আমাৰ অলপ সহায়তা কৰক"। আৰু যি ভক্তই তেওঁলোকৰ সন্মুখেৰে যায়, তেতিয়া অসুস্থজনক দেখা পায় ঘৃণা কৰে আৰু আঁতৰি গুচি যায়। আৰু সুন্দৰ মহিলা গৰাকীক দেখা পায় কয়, তুমি ইমান ধুনীয়া হয়, এই অসুস্থ ব্যক্তিজনৰ এৰি দিয়া আৰু আমাৰ লগত বলা। ( Religious Studies )
এনেদৰে চাওঁতে চাওঁতে সন্ধ্যা হবৰ হল। সেই সময়তে মা পাৰ্ৱতী আৰু মহাদেৱৰ ওচৰলৈ এজন দৰিদ্ৰ ব্যক্তি আহিল। আৰু আহি মা পাৰ্ৱতীক সুধিলে, কি হৈছে মা, আপুনি মন মাৰি কিয় আছে! তেতিয়া মা পাৰ্ৱতীয়ে সকলো কথা সেই লৰাজনক বিৱৰি কলে। তেতিয়া মা পাৰ্ৱতীৰ কথা শুনি সেই লৰাজনে কলে, মা, মোৰ মায়ে মোলৈ ৰুটি আৰু ভাজি বান্ধি দিছিল। প্ৰথমে আপোনালোকে এয়া খায় লওক। এই যোগত আপুনি এগৰাকী এনে স্ত্রী হয়, যিয়ে স্বামীৰ এনে সেৱা কৰিছে। আৰু মই আপোনাৰ স্বামীক নিজৰ বুকুচাত লৈ গৈ মহাদেৱৰ দৰ্শন কৰোৱাম। আৰু জল অৰ্পণ কৰোৱাম। সেইবুলি মা পাৰ্ৱতীক সেই লৰাজনে তেনেদৰে কয়, লৰাজনে বুকুচাত ৰুগী ৰূপত অহা মহাদেৱক নিজৰ বুকুচাত উঠাই ললে আৰু মন্দিৰৰ ভিতৰলৈ লৈ গৈ মহাদেৱক দৰ্শন কৰোৱালেগৈ আৰু জল অৰ্পণ কৰোৱালে।
তেতিয়া মহাদেৱে পাৰ্ৱতীক কলে, এয়া চোৱা দেৱী, এই হাজাৰ বিজাৰৰ মাজত এই ব্যক্তিজনে মনৰপৰা স্নান কৰোৱালে। এই লৰাজনে স্বৰ্গ ভোগ প্ৰাপ্ত কৰিব।
কোৱা হয় যিয়ে মনক লেতেৰা কৰি, বাহিৰৰ সৌন্দর্য্যক ধুৱে, ফল দিয়ে।
যাৰ অন্তৰ চফা হব, সেইজনে পৰআত্মাৰ
প্ৰাপ্ত হব।।। হৰ হৰ মহাদেৱে।।
ঔঁ নমঃ শিৱাই…
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment