এবাৰ ভগৱান শ্ৰীকৃষ্ণ বলৰামৰ সৈতে হস্তিনাপুৰলৈ গ’ল ৷ তেওঁলোক হস্তিনাপুৰলৈ যোৱাৰ পাছত অক্ৰুৰ আৰু কৃতবৰ্মাই শতধনৱাক 'স্যমন্তক মণি' কাঢ়ি আনিবলৈ উচটনি দিলে( Religious Studies ) ৷ শতধনৱা বহুত দুষ্ট আৰু পাপী স্বভাৱৰ লোক আছিল ৷ অক্ৰুৰ আৰু কৃতবৰ্মাৰ উচটনিৰ লালসাত তেওঁ শুই থকা সত্ৰাজিতক হত্যা কৰি মণি লৈ তাৰ পৰা উধাও হ’ল ৷ শতধনৱা পিতাকক হত্যা কৰা খৱৰ পাই সত্যভামাই শোকত কান্দিবলৈ ধৰিলে ৷
অৱশেষত ভগৱান শ্ৰীকৃষ্ণক স্মৰণ কৰি সত্যভামাই প্ৰতিজ্ঞা কৰিলে যে, যেতিয়ালৈকে শ্ৰীকৃষ্ণই শতধনৱাক বধ নকৰে তেতিয়ালৈকে তেওঁ পিতাকৰ দাহ-সংস্কাৰ হ’বলৈ নিদিয়ে ৷ ইয়াৰ পাছত তেওঁ হস্তিনাপুৰলৈ গৈ শ্ৰীকৃষ্ণক গোটেই ঘটনাটো অৱগত কৰালে ৷ সেইসময়তে শ্ৰীকৃষ্ণ সত্যভামা আৰু বলৰামৰ লগত হস্তিনাপুৰৰ পৰা দ্বাৰকালৈ উভতি আহিল ৷
দ্বাৰকাত আহি শ্ৰীকৃষ্ণই শতধনৱাক বন্দী বনাবলৈ আদেশ দিলে ৷ যেতিয়া শতধনৱাই গম পালে যে , শ্ৰীকৃষ্ণই তেওঁক বন্দী বনাবলৈ আদেশ দিছে তেতিয়া তেওঁ ভয়ভীত হৈ কৃতবৰ্মা আৰু অক্ৰুৰৰ ওচৰলৈ গৈ সহায় ভিক্ষা বিচাৰিলে কিন্তু তেওঁলোকে সহায় কৰিবলৈ অমান্তি হ’ল ৷ তেতিয়া শতধনৱাই 'স্যমন্তক মণি' অক্ৰুৰক গতাই ঘোঁৰাত উঠি দ্বাৰকাৰ পৰা গুচি গ’ল ৷
ইতিমধ্যে শতধনৱা পলোৱাৰ বাতৰি শ্ৰীকৃষ্ণ আৰু বলৰামে পাইছিল ৷ অৱশেষত শতধনৱাক বধ কৰিবলৈ তেওঁলোকে ৰথেৰে যাত্ৰা কৰিলে ৷ তেওঁলোকক পাছে-পাছে অহা দেখি শতধনৱা ভয়ভীত হৈ ঘোঁৰাৰ পিঠিৰ পৰা নামি ঘন অৰণ্যৰ মাজলৈ দৌৰিলে ৷ তেতিয়া শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰৰে তেওঁৰ শিৰ শৰীৰৰ পৰা পৃথক কৰি দিলে ৷ এইদৰে শতধনৱাক বধ কৰি শ্ৰীকৃষ্ণই সত্যভামাৰ প্ৰতিজ্ঞা পূৰ কৰিলে ৷ শতধনৱাৰ মৃত্যুৰ বাতৰি পাই কৃতবৰ্মা আৰু অক্ৰুৰ ভয়ভীত হৈ নিজৰ পৰিয়ালৰ সৈতে দ্বাৰকাৰ পৰা গুচি গ’ল ৷ ( Religious Studies )
শ্ৰীকৃষ্ণই অক্ৰুৰক বহুত মৰম কৰিছিল ৷ যেতিয়া অক্ৰুৰ দ্বাৰকাৰ পৰা গুচি যোৱাৰ বাতৰি পালে তেওঁ অত্যন্ত দুখ অনুভৱ কৰিলে ৷ তেওঁ তৎক্ষণাত সৈনিকক আজ্ঞা দিলে যে - তেওঁলোকে স-সন্মানে অক্ৰুৰক দ্বাৰকালৈ ওভতাই আনিব লাগে ৷
অতিসোনকালে অক্ৰুৰক স-সন্মানে দ্বাৰকালৈ অনা হ’ল ৷ তেওঁক অতিথি অপ্যায়ন কৰাৰ পাছত শ্ৰীকৃষ্ণই অত্যন্ত মিঠা মাতেৰে ক’লে - “খুড়াদেউ ! মই আগতেই জানিছিলোঁ যে, শতধনৱাই 'স্যমন্তক মণি' আপোনাৰ ওচৰত থৈ গৈছে কিন্তু সেইয়া আমাক নালাগে ৷ আপুনি এজন ধৰ্মাত্মা আৰু দানী লোক, সেইকাৰণে সেইয়া আপোনাৰ ওচৰতে থাকক ৷"
শ্ৰীকৃষ্ণৰ কথা শুনি খুড়াক অক্ৰুৰৰ চকুলো বৈ আহিল ৷ তেওঁ কৰা অপৰাধৰ ক্ষমা বিচাৰি ক’লে, " দয়াৰ সাগৰ ! আপুনি পৰম দয়ালু আৰু কৰুণাময় ৷ মই আপোনাৰ শৰণাপন্ন ৷
( উৎস : ইণ্টাৰনেত )
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
( Religious Studies )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment