ভগৱান ৰামে কিয় সীতা দেৱীক ঘৰৰ পৰা উলিয়াই দিছিল যেতিয়া তেওঁ গৰ্ভৱতীও আছিল। আপোনালোকে ভাবে চাগে ভগৱান ৰামে ভুল কৰিলে।( Religious Studies )
কিন্তু এনেকুৱা নহয়। সীতা দেৱীৰ কৰ্ম ফল আছিল যে তেওঁ গৰ্ভৱতী অৱস্থাতে বনবাসলৈ যাব লগা হ'ল। ইয়াত দোষ কাৰো নাছিল। সীতা দেৱীৰহে ইয়াত দোষ আছিল। পদ্মপুৰাণত লিখা আছে যে যেতিয়া সীতা ৫ বছৰীয়া আছিল । তেতিয়া তেওঁ নিজৰ বান্ধৱীৰ লগত এদিন বাগিচালৈ খেলিবলৈ গৈছিল। তাত এজোপা গছত এজনী ভাটৌ আছিল আৰু তাই নিজৰ ভাটৌটোক ৰামৰ কথা শুনাই আছিল।/p>
অযোধ্যাত ৰামৰ জন্ম হৈছে আৰু ৰাম দশৰথৰ পুত্ৰ। ৰামৰ সাঁজ-সজ্জ অতি সুন্দৰ আৰু জনকপুৰত ধনু ভাঙি ৰামে সীতাক বিয়া পাতিব। ভাটৌজনীয়ে এই কথাটো এইকাৰণে গম পাইছিল কাৰণ ভাটৌজনী আৰু ভাটৌটো বাল্মিকীৰ আশ্ৰমত থাকিছিল। য'ত সদায় বাল্মিকীয়ে নিজৰ শিষ্যসকলক ৰাম কথা শুনাইছিল আৰু সেই কাৰণে এই ভাটৌজনীয়ে ৰাম কথা শুনাইছিল। তাৰ পিছত ভাটৌজনী আৰু ভাটৌটো আহি জনকপুৰত থাকিবলৈ ল'লে।
তাতে ভাটৌজনীয়দ ভাটৌটোক ৰামৰ কথা শুনাই আছিল আৰু তেতিয়াই সীতাই সেই কথাটো শুনিছিল আৰু ভাবিছিল যে ইহঁতি চোন মোৰ কথা পাতি আছে। সুযোগ বিচাৰি লুকাই থাকি সীতাই ভাটৌজনী ধৰিলে । তাৰ পাছত ভাটৌজনীক পিঞ্জিৰাত ভৰাই থ'লে আৰু ক'লে তুমি বহুত ধুনীয়া কথা শুনাইছা এতিয়া আৰু শুনোৱা। তেতিয়া ভাটৌজনীয়ে ক'লে, বা মই গৰ্ভৱতী মোক পিঞ্জিৰাত আৱদ্ধ নকৰিবা। তেতিয়া সীতাই ক'লে মই তোমাৰ বাবে এটা সোণৰ সঁজা বনাই দিম। ( Religious Studies )
সীতাই ৰাতিৰ ভিতৰতে এটা পিঞ্জিৰা বনোৱালে আৰু ভাটৌজনীক ক'লে ইয়াত থাকা আৰু তুমি যি খাব বিচাৰা মোক কোৱা মই তোমাক খোৱাম । কিন্তু তুমি মোৰ লগত থাকা। তেতিয়া ভাটৌজনীয়ে ক'লে, হে সীতা তুমি মোৰ কাৰণে সোণৰ পিঞ্জিৰা বনোৱালা কিন্তু মোৰ কাৰণে মুক্ত বতাহে সোণৰ সমান। ভাটৌজনীয়ে কাবৌ-কাকুতি কৰি কান্দিবলৈ ধৰিলে আৰু ক'লে মই তোমাৰ সন্মুখত হাত জোৰ কৰিছোঁ মোক এই বন্ধনৰ পৰা মুক্ত কৰি দিয়া। কিন্তু সেই সময়ত সীতা নিৰ্দয় আৰু স্বাৰ্থপৰ হৈ পৰিল যাৰ ফলত সেই বেচেৰি ভাটৌজনী কষ্ট পায় পায় মৰি থাকিল।
ভাটৌজনী মৰা দেখি ভাটৌটোৱে সীতাক অভিশাপ দিলে যে, হে সীতা তুমি মোৰ পত্নীক গৰ্ভৱতী অৱস্থাত মোৰ পৰা দূৰ কৰিলা। যোৱা মইয়ো তোমাক অভিশাপ দিছোঁ যেতিয়া তুমি গৰ্ভৱতী হবা তোমাকো তোমাৰ স্বামীয়ে নিজৰ পৰা আঁতৰাই পঠিয়াব। প্ৰিয় পাঠকসকল এই কথাটো পদ্মপুৰাণত লিখা আছে যে ভাটোটোৱে সীতাক অভিশাপ দিছিল। যাৰ পৰিণাম এইটো হ'ল যে সেই ভাটোটোৱে পাছৰ জন্মত ধুবা হয় আহিল আৰু তেওঁৰ কথা শুনিয়ে ৰামে সীতাক ত্যাগ কৰি দিলে।
কিন্তু এইবোৰত দোষ ধুবাজনৰো নাছিল আৰু ভগৱান ৰামৰো নাছিল। কাৰণ এইটো অকল সীতা দেৱীৰ কৰ্মৰ দণ্ড আছিল। যিটো সীতা দেৱীয়ে আনন্দ মনেৰে গ্ৰহণো কৰিছিল। প্ৰিয় পাঠকসকল সীতা দেৱীৰ পৰা শিকক যে নিজৰ কৰ্মৰ দণ্ড এই জীৱনতে বা ইয়াতে ভোগ কৰিব লাগে। সেই কাৰণে ইয়াক হাঁহি হাঁহি স্বীকাৰ কৰক আৰু ভুগক। কৰ্মৰ দণ্ডৰ পৰা আমাৰ ভগৱানো বাচিব নোৱাৰিলে ।আমিটো তেওঁৰ দ্বাৰা বনোৱা মানুহে।
ঔঁ নমঃ শিৱাই…
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
( Religious Studies )
No comments:
Post a Comment