নন্দীৰ কাণত কোৱা মনোকামনা ভগৱান শিৱই কিয় শুনে বুলি কয় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 19, 2021

নন্দীৰ কাণত কোৱা মনোকামনা ভগৱান শিৱই কিয় শুনে বুলি কয় : Religious Studies

 

Religious Studies

হিন্দু ধৰ্মৰ ১৮খন পুৰাণৰ মাজত শিৱ পুৰাণত কোৱা হয় যে মহাদেৱৰ বাহন হৈছে "নন্দী"। মহাদেৱ সকলোৰে প্ৰিয় হোৱাৰ ওপৰিও সকলো গুণৰে প্ৰমুখ্যে হয়। এনে কোৱা হয় নন্দী ভগৱান শিৱৰে অৱতাৰ হয়। যাৰ বৰ্ণনা শিৱ পুৰাণত কৰা হৈছে। Religious Studies )


পুৰাণৰ কথা অনুসৰি চিলাদ নামৰ এক ধৰ্মআত্মক মুনি আছিল।চিলাদ মুনিৰ বয়স হোৱাত তেওঁৰ ভয় হল যে তেওঁৰ মৃত্যু হলে তেওঁৰ বংশ শেষ হব। তেতিয়া তেওঁ এদিন পূৰ্বপুৰুষ সকলৰ অধিকাৰ দ্বাৰা আয়োজন মৃত্যু হীন পুত্র প্ৰাপ্ত বাবে দেৱৰাজ ইন্দ্ৰৰ কঠোৰ তপস্যা কৰি প্ৰসন্ন কৰিলে। আৰু বৰদান স্বৰূপে দেৱৰাজৰ পৰা এনে পুত্র বিচাৰলে যাক মৃত্যুৱে চুবও নোৱাৰে।কিন্তু দেৱৰাজে এনে পুত্র দিয়াৰ পৰা নিজকে অসমৰ্থ বুলি কয়, চিলাদ মুনিক দেৱাদিদেৱ মহাদেৱৰ তপস্যা কৰিবলৈ কলে. 


দেৱৰাজৰ কথা শুনি চিলাদ মুনিয়ে দেৱৰাজৰ আধাৰত মহাদেৱৰ তপস্যা কৰিবলৈ ধৰিলে।বহু সময়ৰ পাচত চিলাদ মুনিৰ তপস্যাত প্ৰসন্ন হৈ মহাদেৱ প্ৰকট হল।আৰু চিলাদ মুনিক বৰ বিচাৰিবলৈ কলে তেতিয়া চিলাদ মুনিয়ে মহাদেৱক কলে, হে প্ৰভূ মোক আপোনাৰ দৰে পুত্র লাগে যি অজেন্ময় হয়। যাক মৃত্যুৱে চুবও নোৱাৰে। তেতিয়া মহাদেৱ প্ৰসন্ন হৈ চিলাদ মুনিক কলে, মই যদিও সমস্ত জগতৰ পিতা হয়, তথাপিও তুমি মোৰ পিতা হবা। আৰু মই তোমাৰ আয়োনিজ পুত্র হম। তথা মোৰ নাম নন্দী হব। ইয়াৰে পাচত তাৰপৰা মহাদেৱ অন্তৰ্ধ্যান হল।


আৰু সুখী মনেৰে বৰদান পায় চিলাদ মুনি নিজৰ আশ্ৰমলৈ ঘূৰি আহিল। কিছু দিনৰ পাচত চিলাদ মুনিয়ে মহাদেৱৰ নামত যজ্ঞ কৰি আছিল। সেই সময়তে যজ্ঞৰপৰা এক বালক উৎপন্ন হল।সেই বালকৰ শৰীৰৰ প্ৰভাৱ যোগান্তকালীন অগ্নি সমান আছিল।তাকে দেখি চিলাদ মুনি বৰ প্ৰসন্ন হল আৰু ভগৱান শিৱক স্তুতি কৰিলে।আৰু বালকক লগত লৈ শীঘ্ৰে তেওঁ পাঠশালালৈ গল।তাতে চিলাদ মুনিয়ে সেই বালকৰ  যত কৰ্ম সকলো নিয়ম বিধি সম্পন্ন কৰিলে আৰু পাঁচ বছৰৰ পাচত চিলাদ মুনিয়ে নন্দীক সম্পূর্ণ বেদ তথা অন্যান্য শাস্ত্রৰ অধ্যায়ন কৰালে।


যেতিয়া নন্দীৰ সাত বছৰ হল,তেতিয়া মহাদেৱৰ আদেশত মিত্র আৰু বৰুন নামৰ দুজন মুনিয়ে নন্দীক চাবলৈ গল। আৰু তেওঁলোক আহি চিলাদ মুনিক কলে যে আপোনাৰ পুত্র নন্দী অল্পায়ু হয়। নন্দীৰ বয়স আৰু এক বৰ্ষৰপৰা অধিক নহয়। মিত্র আৰু বৰুন নামৰ মুনিৰপৰা এনে কথা শুনি পুত্র বৎসল চিলাদ মুনি নন্দীক বুকুতে লৈ কান্দিবলৈ ধৰিলে।তেতিয়া পিতাকক মৃত্যুৰ দৰে ভূমিত পৰি থকা দেখা পায় নন্দীয়ে মহাদেৱৰ চৰণ কমলক স্মৰণ কৰি প্ৰসন্ন পূৰ্ৱক পুজিবলৈ ধৰিলে।আৰু পিতাকক কলে, পিতা আপোনাৰ এনে কি দুখ যাৰ দ্বাৰা আপোনাৰ শৰীৰ কপিঁছে, আৰু আপোনি কান্দিছে।আপোনাৰ এনে দুখ কৰপৰা প্ৰাপ্ত হল মই সেই বিষয়ে জানিব বিচাৰো।Religious Studies )


তেতিয়া চিলাদ মুনিয়ে নন্দীক কলে যে পুত্র মই তোমাৰ অল্পায়ু দুখতে অত্যন্ত দুখী তুমিয়েই কোৱা মোৰ এই দুখক কোনে দূৰ কৰিব।পিতা কৰপৰা এনে কথা শুনিলে বুলি কৈ নন্দীয়ে হাঁহিলে।আৰু চিলাদ মুনিক কলে, পিতা আপুনি মোক ভগৱান শিৱৰ বৰদান স্বৰূপে পাইছিল। সেইবাবে আপুনি চিন্তা নকৰিব, মহাদেৱে মোৰ ৰক্ষা কৰিব।পাচদিনা নন্দীয়ে চিলাদ মুনিৰ আজ্ঞা লৈ মহাদেৱৰ তপস্যা কৰিবলৈ ভূৱন নদীৰ কিনাৰলৈ গুচি গল আৰু তাতে নন্দীয়ে ভগৱান শিৱৰ কঠোৰ তপস্যা কৰিবলৈ ললে।নন্দীক কঠোৰ তপস্যা কৰা দেখি ভগৱান শিৱ কিছু সময়ৰ পাচত নন্দীৰ ওচৰত প্ৰকত হল।কিন্তু যেতিয়া নন্দীয়ে ভগৱান শিৱক দেখিলে তেতিয়া নন্দীয়ে পাহৰিয়েই গল যে নন্দীয়ে দীৰ্ঘায়ু বাবে তপস্যা কৰিছিল।যেতিয়া মহাদেৱে নন্দীক বৰদান বিচাৰিবলৈ কলে, তেতিয়া নন্দীয়ে বৰদান হিচাপে গোটেই জীৱন মহাদেৱৰ সান্নিধ্যে বিচাৰিলে। 


নন্দীয়ে মহাদেৱক প্ৰাৰ্থনা কৰিলে যে প্ৰতি পলতে নন্দী ভগৱান শিৱৰ লগতে থাকিবলৈ বিচাৰে।তেতিয়া মহাদেৱে নন্দীক কলে যে হে চিলাদ নন্দন তোমাৰ মৃত্যু লৈ ভয় নাই, তুমিটো মোৰে সমান।ইয়াত অলপো সংশয় নাই। তুমি অজৰ অমৰ দুঃসাহসী আৰু অক্ষ হয়। সদায়ে মোৰ গণ নায়ক হয় থাকিবা। তথা পিতাৰ দৰে মোৰ প্ৰয়োজন হবা। তোমাৰ গাত মোৰ সমান বল হব। তুমি নৃত্য মোৰ কাষত থাকিবা। আৰু তোমাৰ ওপৰত মোৰ নিৰন্তৰ প্ৰেম থাকিব। মোৰ কৃপাতে জন্ম জড়া আৰু মৃত্যুৱে তোমাৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰিব। 


তেতিয়া মহাদেৱে উমাক কলে হে দেৱী মই নন্দীক অভিষেক কৰি গনাদক্ষ্য কৰিব বিচাৰো। এই বিষয়ে তুমি কি কবা..! তেতিয়া উমাই কলে,হে দেৱেশ্বৰ আপুনি নন্দীক গনাদক্ষ্য পদ প্ৰদান কৰিব পাৰে। দেৱাদিদেৱ এই চিলাদ নন্দন মোৰ পুত্র সমান। নাথ এয়া মোৰ বৰ মৰমৰ। তেতিয়া মহাদেৱে বলশালী গনক মাতি তেওঁলোকক কলে,হে গণ নায়ক তোমালোক সকলোৱে মোৰ আজ্ঞাৰ পালন কৰা। এয়া মোৰ প্ৰিয় পুত্র নন্দীশ্বৰ,সকলো গণনায়কৰ অধ্যক্ষ আৰু গণৰ নেতা হয়। সেইবাবে তোমালোক সকলোৱে নন্দীক মোৰ গণৰ অধিপতি পদত মৰম সন্মানেৰে অভিষেক কৰা। আজিৰেপৰা নন্দীশ্বৰ তোমালোক সকলোৰে স্বামী হয়।


এইদৰে নন্দীৰ সমৰ্পনত প্ৰসন্ন হৈ মহাদেৱে প্ৰথমে নন্দীক সাৱটি ললে আৰু নন্দীক বেলৰ ৰূপ দি নিজৰ বাহন কৰলে, আৰু নিজৰ গণত সৰ্বোত্তম ৰূপত স্বীকাৰ কৰিলে। তেতিয়াৰেপৰা শিৱৰ মূৰ্তিৰ লগত নন্দীৰ প্ৰতিমা স্থপিত কৰা হয়। এনে কোৱা হয়, মহাদেৱ সদায়ে ধ্যানত বিলীন হৈ থাকে. তেওঁ সদায়ে সমাধিতে থাকে। সেইবাবে মহাদেৱৰ ভক্তৰ মাত মহাদেৱলৈ নন্দীয়ে দিয়ে। 


শিৱ পুৰাণৰ অনুসৰি নন্দীৰ কাণত কৰা প্ৰাৰ্থনা তেওঁৰ স্বামীক প্ৰাৰ্থনা কৰা হয়। আৰু মহাদেৱক নন্দীয়ে এই প্ৰাৰ্থনা পূর্ণ কৰিবলৈ কয়,নন্দীৰ প্ৰাৰ্থনা কেতিয়াও মহাদেৱে নুশুনাকে নাথাকে।

ঔঁ নমঃ শিৱাই…

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com

Religious Studies )

No comments:

Post a Comment

Advertisement

Pages