" আঙুলিৰ মূৰত লেখি লেখি পাৰ কৰিলো তুমিহীন এটা বছৰ। সময়ৰ জোখেৰে তুমি গুচি যোৱা এবছৰ হ'ল। পিছে এনে লাগে কিমানটা যুগ যেন মই তোমাক ভাবি ভাবি পাৰ কৰিছো। স্মৃতিবোৰ আছেই, গানবোৰো আছে, কেৱল তুমিহীন সকলো শূন্য, আধৰুৱা। তুমি বিচৰা ধৰণেৰেই সুখী হৈ থাকিবলৈ অহৰহ চেষ্টা কৰি আছোঁ, বৰ কষ্টকৰ!( Papon Mahanta )
প্ৰতিদিনে তোমাৰ কথা নাভাবিবলৈ চেষ্টা কৰোঁ! এই ব্যৰ্থ প্ৰয়াস এতিয়া মোৰ চিৰলগৰীৰ দৰে।
তুমি মোৰ আটাইতকৈ মূল্যৱান বস্তু আছিলা মা, সদায় তেনেকৈয়ে থাকিবা। তোমাৰ মৰম, আদৰ্শ, দায়িত্বজ্ঞান - সকলো অনন্য। পৰিয়ালৰ সৰু সৰু আনন্দবোৰ উদযাপন কৰিবলৈ তুমি আমাক শিকাইছিলা। মানুহৰ জীৱনত পৰিয়ালৰ গুৰুত্ব আৰু মহত্ব যদি আজি মই অনুভৱ কৰিবলৈ পাৰিছো, সেয়া কেৱল তোমাৰ বাবে।জীৱনৰ এনে অন্তহীন পাঠৰ লগতে তুমি মোক শিকাইছিলা গান গাবলৈ। সেই গানেই এতিয়া মোক মই হিচাপে জীয়াই ৰাখিছে মা। আত্মাৰ সৈতে গানৰ সম্পৰ্কৰ বিষয়ে তুমি কোৱা কথাবোৰ আজি ভালদৰে অনুভৱ কৰো! কোনো খং তথা টান কথা নোকোৱাকৈয়ো মানুহক বহু কথা শিকাব পৰাটো কেৱল তোমাৰ বাবেহে সম্ভৱ আছিল।
মা, জীৱন আৰু জীৱনৰ পৰিভাষা সময়ৰ সৈতে সলনি হৈছে।
কিন্তু মই তোমালোক দুয়োকে মোৰ কাম আৰু সাধনাৰ দ্বাৰা গৌৰৱান্বিত কৰিবলৈ আৰু জীৱনটো শুৱনিকৈ যাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো। মই তোমাক আজি আকৌ প্ৰতিশ্ৰুতি দিছো যে জীৱনৰ সৰু সৰু সুখবোৰকে আকোঁৱালি ৰাখি মই সুখী হৈ থাকিম। আমাক তোমাৰ জীৱনলৈ অনাৰ বাবে ধন্যবাদ।তুমি সদায় মোৰ মাজত আছা মা ❤️🙏🏼
It’s been one year since you left! I am trying to live happy as you would wish but it’s so tough that I try not to think of you everyday! You were my most precious thing Maa! The grace the dignity the authority you had is unmatched! You made all of us cherish the small pleasures of the family, made me the family man.
Yet you taught me how to sing!!!… the nuances of soul singing! And all these without raising a finger or your voice ever… Maa life is not the same anymore but I am trying to make you both proud and live life with grace. I promise you to keep your wish and i won’t try to make it big and stay happy with small and true pleasures of life. Thank you for bringing us into your life.
I miss you too much Maa ❤️🙏🏼 - Papon Mahanta ( Famous Singer )
No comments:
Post a Comment