তেজৰ গ্ৰুপৰ পৰ জানক ব্যক্তিৰ চৰিত্ৰ আৰু ব্যক্তিত্ব কেনে হব : - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 19, 2021

তেজৰ গ্ৰুপৰ পৰ জানক ব্যক্তিৰ চৰিত্ৰ আৰু ব্যক্তিত্ব কেনে হব :

Assamese Storyboard

আমি বহুতে হয়টো নাজানো যে শৰীৰত থকা তেজৰ গ্ৰুপে আমাৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিষয়ে জনাত সহায় কৰে( Assamese Storyboard )।সেইয়ে বহু দেশত কৰ্মচাৰীৰ জন্মচিহ্নৰ ঠাইত তেজৰ গ্ৰুপৰ বিষয়ে সুধে,যাৰ সহায়ত তেওঁলোকে সেই কৰ্মচাৰীজনৰ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰে।


আজিৰ এই লেখাটোত আপোনালোকক তেজৰ গ্ৰুপ আৰু ব্যক্তিৰ ব্যক্তিত্বৰ সম্পৰ্কৰ বিষয়ে কিছু কথা জনাম।


তেজত দুইধৰণৰ প্ৰতিজন বা অণু পোৱা যায়।A আৰু B ।ইয়াৰ ওপৰত ভিত্তি কৰি বিজ্ঞানত তেজক ৪ভাগত ভাগ কৰা হয়।

A,

B,

AB আৰু

O ।

A গ্ৰুপৰ তেজত কেৱল এবিধ অণু A পোৱা যায়।আৰু B গ্ৰুপৰ তেজত কেৱল B অণু পোৱা যায়।AB গ্ৰুপত A আৰু B দুয়োবিধ অণু পোৱা যায় আৰু O গ্ৰুপৰ তেজত দুয়োটাৰ ভিতৰত এটাও পোৱা নাযায়।এতিয়া জানো আহক কোনটো গ্ৰুপৰ তেজৰ লগত কি ব্যক্তিত্ব জড়িত হৈ আছে।


গ্ৰুপ A - এই মানুহখিনি বহুত বুদ্ধিমান আৰু বহুত ইচ্ছাশক্তিপূৰ্ণ,আৰু সংবেদনশীল হয়।এইসকল মানুহে বহুত ভাবি চিন্তি আৰু বহুত সাৱধানে কাম কৰে।আৰু সংগঠন মূলক হয়।কেৱল এইয়াই নহয়,এই সকলে সকলো কথাকে গম্ভীৰভাৱে লয় ইয়াৰ ফলত তেওঁলোক বহুত সোনকালে হতাশাত ভোগে।এওঁ‌লোকৰ চিন্তাশক্তিৰ হৰম'ণ বেছি হয়।এইলোকে কাজিয়া পেচাল কৰি ভাল নাপায় আৰু শান্তিৰে থাকি ভাল পায়।এওঁ‌লোক বহুত সভ্য,শান্ত,সৌম্য আৰু সংবেদনশীল প্ৰকৃতিৰ হয়।কিন্তু এওঁ‌লোক যিমানে শান্ত প্ৰকৃতিৰ হয় সেইদৰে তেওঁলোক বহুত জেদিও হয়,চিন্তিত ও হয়।

যদি আপোনাৰ বন্ধুৰ তেজৰ গ্ৰুপ A হয় তেন্তে আপুনি চকু বন্ধ কৰি তেওঁৰ ওপৰত বিশ্বাস কৰিব পাৰে,আৰু এই বন্দ্ধুৱে আপোনাৰ লগ কেতিয়াও নেৰে,কিন্তু এই বন্ধু জনৰ emotion বা ভাৱনাক হয়তো আপুনি কেতিয়াও বুজি নাপায়,কাৰণ তেওঁলোকে নিজৰ দুখ কেতিয়াও আনৰ আগত ক'বলৈ ভাল নাপায়।


গ্ৰুপ B -এই গ্ৰুপৰ মানুহ খিনি গ্ৰুপ A ৰ মানুহখিনিতকৈ সম্পূৰ্ণ বিপৰীত প্ৰকৃতিৰ হয়।এওঁ‌লোকে বহুত গুৰুত্বপূৰ্ণ কথাৰ সিদ্ধান্তও কোনো চিন্তা চৰ্চা নকৰাকৈয়ে লৈ লয়।এই গ্ৰুপৰ মানুহখিনি সৃষ্টিশীল আৰু দূৰে দূৰে থকা ধৰণৰ হয়।এই মানুহখিনি আত্মকেন্দ্ৰিক আৰু অসহযোগী হয়।এই মানুহখিনি স্ফূৰ্তিবাজ আৰু ঠাণ্ডা হয়।কিন্তু এই স্ফুৰ্তিবাজ আৰু আনন্দিত থকা মনটোৰ বাবেই এওঁ‌লোকে ২৪ঘণ্টাই কাম কৰি থাকিব পাৰে আৰু তেওঁলোকৰ বুদ্ধি আৰু মগজুৰে এনে ধাৰণা বা কাৰ্যৰ পৰিকল্পনাৰ সৃষ্টি কৰে যাক আমি ভাবিবও নোৱাৰো।অৱিশ্বাস্য,হাঁ‌হিমুখীয়া,দায়িত্ববোধ নথকা,নিৰ্বৰ্তমান,সৃষ্টিশীল এই বিলাক হৈছে গ্ৰুপ B ৰ মানুহৰ প্ৰকৃতি।( Assamese Storyboard )


গ্ৰুপ AB- এই গ্ৰুপৰ মানুহখিনিত A আৰু B দুয়োটা গ্ৰুপৰ চৰিত্ৰ সানমিহলি হৈ থাকে।গতিকে আপুনি তেওঁলোকক ওচৰৰ পৰা নোপোৱালৈকে কোনোধৰণৰ মন্তব্য দিব নোৱাৰে।এওঁ‌লোক সাধাৰণতে বহুত আকৰ্ষণীয় হয় আৰু বহুত সোনকালে বন্দ্ধুত্ব গঢ়িব পাৰে।এওঁ‌লোকৰ মানুহৰ প্ৰকৃতিৰ বিষয়ে বহুত ভাল ধাৰণা থাকে।এইটো এইবাবেই যে এওঁ‌লোকৰ তাৰ্কিক আৰু পৰ্যবেক্ষণৰ কৌশল বহুত ভাল।আৰু এইবাবেই এওঁ‌লোকৰ ওচৰত সকলোৱে নিজৰ দুখৰ বতৰা শুনাই আৰু এওঁ‌লোকে সোনকালে বন্দ্ধুত্ব কৰিব পাৰে।

এওঁ‌লোকক বাহিৰৰ পৰা বুজিবলৈ সহজ যেন লাগিলেও এওঁ‌লোকক বুজাটো কঠিন হয়।কাৰণ এওঁ‌লোক আত্মকেন্দ্ৰিক প্ৰকৃতিৰ হয়।


গ্ৰুপ O -এই গ্ৰুপৰ মানুহখিনিৰ তেজ মঁ‌হে খাই বহুত ভাল পাই।এই গ্ৰুপৰ মানুহখিনি সকলোতকৈ পৃথক হয় কিন্তু সকলোতকৈ বেছি বুদ্ধি থকা আৰু ৰুক্ষ স্বভাৱৰ হয়।এওঁ‌লোকৰ গাত A বা B কোনোধৰণৰে ব্যক্তিত্ব নাথাকে।এওঁ‌লোক বহুত শান্ত আৰু আত্মনিৰ্ভৰশীল হয়।এওঁ‌লোকক যদি কোনো শান্ত নিজান ঠাইতো থাকিব দিয়া হয় তেন্তে এওঁ‌লোকে কোনো আপত্তি নকৰাকৈ তাতে থাকিব।সাধাৰণতে এওঁ‌লোক কৰ্মপ্ৰিয় হয়,কিন্তু ইয়াৰ ফলতে এওঁ‌লোক  কামৰ মাজতে ডুবি থকাৰ বা কাম পাগল হোৱাৰো সম্ভাৱনা থাকে।এওঁ‌লোকে খুব সোনকালে ঈৰ্ষা অনুভৱ কৰে।আৰু কেতিয়াবা কেতিয়াবা বহুত সংবেদনশীল,ৰুক্ষ আৰু অভিমানীও হৈ যায়।


কিন্তু যদি এই প্ৰকৃতিৰ মানুহে আপোনাক ভালপাই তেন্তে তেওঁ আপোনাক কেতিয়াও এৰি নিদিয়ে আৰু আপোনাৰ কাৰণে নিজৰ জীৱনো উৎসৰ্গা কৰি দিব।কিন্তু এটা কথা মনত ৰাখিব তেওঁক কেতিয়াও মিচা কথা নকব।কিয়নো এই গ্ৰুপৰ মানুহে সত্যতাক বহুত মূল্য দিয়ে।এওঁ‌লোকে মিচা বা ঠগন আদি অলপো ভাল নাপায়।

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages