চাহ বনাই হ'লত ৰীতাই আলু বইল কৰিবলৈ ধৰিলে,কাৰণ তাই আলু পকৰি বনাম বুলি ভাবিছিল!! জুই ফুৱাই ফুৱাই তাইৰ চেহেৰাটো ৰঙা পৰি গৈছিল( Assamese Storyboard )!! তাইৰ চকুৱে দি চকু পানী বাগৰি আহিছিল! তাই খঙতে বকি আছিল-"এই খৰিবোৰ তিঁতি আছে.......। ধুঁৱাই ধুঁৱাই মৰিব....... তথাপিও সোনকালেই নজ্বলে!!
তাৰ পাছত তাই চাহ গিলাচত লৈ চানা আৰু ব্ৰেড দুটা লৈ মনোজক দি ক'লে-" চাবা আজি যাতে গেছ আহে!! নহ'লে শুকান খৰি গোটাই দিব লাগিব!!"
"কেতিয়া লাগিব মা?"আজি মনোজৰ খঙ উঠি আছিল!কাৰণ আজি সি দেৰিলৈকে শুই আছিল......
আৰু তাক আজি inৰীতাই নুঠালেও !!! সেইকাৰণে সি বহুত খঙ কৰি আছিল!!! নিজৰ ৰং যোৱা জিন্স পেনটো খুটিটোৰ পৰা লৈ চিঞৰি ক'লে-" বহুত দেৰি হৈ গ'ল! মই এতিয়া ৰৈ থাকিব নোৱাৰোঁ!!" কৈ কৈয়ে সি বগা ৰঙৰ চাৰ্টটো পিন্ধিলে!!!" চাৰ্টৰ বুটামবোৰ মাৰি মাৰি ক'লে আজি ইনেও দেৰি হ'ল আৰু আজি মোক কোনোও নুঠালে!!
জুই ফুৱাই ফুৱাই ৰীতাই মূৰটো ওপৰলৈ দাঙি চিঞৰি ক'লে-"ৰবা অলপ !!দেখা নাই নি?? ধুঁৱাই আছে..... জুই জ্বলা নাই!! খৰিবোৰ তিঁতি!!"
"হ'ব দিয়া মা! তুমি আলু বইল কৰা মই যাঁও!! ৰাতিপুৱা ৯বজাত বাছৰ পৰা পৰ্য্যটক নামিব ..............নিবিৰে গেছৰ নম্বৰ কাটি দিব!! মোৰ দেৰি হৈছে মই যাওঁ!!
সি নিজৰ বেগটো থৈ ,কেমেৰা লৈ উলাই গ'ল! পাছফালৰ পৰা ৰীতাই চিঞৰি আছিল!! ইমান ডাঙৰ হৈ গ'ল................ কিন্তু বুদ্ধি অকনো নাই...........নিজৰ মতেই সকলো কৰে........!!!চাওঁ চোন নিবিৰ নাই যোৱা নি .........যদি নাই যোৱা তাকে টিফিনটো দি পঠাম!!! তাৰ পাছত তাই বকি বকি আলু হ'ল নে চাব ধৰিলে??
আলু বইল হৈ গৈছিল........... সেইবোৰ উলিয়াই কাঁহি এখনত থৈ তাই ভিতৰলৈ আটা আনিবলৈ গ'ল!!
জীৱনটো সকলো সময়তে ভালদৰে নচলে। কেতিয়াবা যদি দুখ কেতিয়াবা আকৌ সুখ এনেদৰে জীৱনটো চলি থাকে। মনোজৰ পৰিয়ালটো ও বহুত সুখী পৰিয়াল আছিল। তাৰ দেউতাকে এটা অফিচত চাকৰি কৰিছিল।মনোজে নিজৰ পঢ়া-শুনা সম্পূৰ্ণ কৰিছিল আৰু তাৰ দুজনী ভনীয়েক আছিল!দুইজনী ভনীয়েকৰ বহুত ধুমধামেৰে বিয়া হৈ গৈছিল!
জীৱনটো ভালকৈ চলি আছিল আৰু একো কষ্ট ও নাছিল। কিন্তু এতিয়া বহুত ডাঙৰ পৰিৱৰ্তন হৈ গ'ল।যাৰ ফলত পৰিয়ালৰ মানুহৰ জীৱনটো সলনি হৈ গ'ল!
কেইদিনমানৰ পৰা দেউতাকৰ গাটো বেয়া হৈ থকা হ'ল আৰু অফিচৰ পৰা আহি বেছি ভাগৰুৱা অনুভৱ কৰিছিল। ভাত খাবলৈ মন নকৰে।দিনে দিনে ভুক কমি গৈ আছিল আৰু তেওঁৰ ওজনো কমি গৈছিল। ৰীমাই বহুত বাৰ ডাক্তৰক দেখাব ক'লে কিন্তু তেওঁ নগ'ল। তাৰ পাছত এদিন মনোজে দেউতাকৰ অৱস্থা দেখি জোৰ কৰি চিকিৎসালয়লে লৈ গ'ল!!
ডাক্তৰে তেওঁক ভালদৰে চালে আৰু কিবাকিবি টেষ্ট কৰিবলৈ দিলে!! যেতিয়া ৰিপ'ৰ্ট আহিল মনোজে আনিবলৈ গ'ল............ তেতিয়া ডাক্তৰে তাক ক'লে- "তেঁওৰ কেঞ্চাৰ হৈছে!!"
কথাটো শুনি সি চক্ খাই উঠি আৰু তাৰ চকু পানী বাগৰি আহিল। তাৰ পাছত সি কঁপা কঁপা মাতেৰে ডাক্তৰক সুধিলে- "দেউতা কি ভাল নহ'ব নেকি?"
মই তোমাক এতিয়া কি বুলি ক'ম এই বেমাৰটো কেতিয়াবা ভাল হয়........... আৰু কেতিয়াবা ভাল নহয়!!............. একো ভালদৰে ক'ব নোৱাৰি.......!! চিকিৎসা দীঘলীয়া হ'ব!!
তাৰ পাছত সকলো মানসিক ভাৱে ভাগি পৰা দৰে হ'ল!!ঘৰৰ পৰা চিকিৎসালয় ,চিকিৎসালয় পৰা ঘৰ আকৌ ৰিপ'ৰ্ট , টেষ্ট বহুত দীঘলীয়া চিকিৎসা চলিল!!
এইবোৰ কৰোঁতেই যিবোৰ টকা পইচা আছিল সকলোবোৰ শেষ হৈ গ'ল!!
কেতিয়াবা দেউতাকে মনোজৰ হাত ধৰি কয় মই আৰু চিকিৎসা নকৰাও!! কিন্তু কোনে নিজৰ আপোনজনক মৃত্যু মুখলৈ যোৱা চাই থাকিব!! দুটকা মান পইচা কাৰণে মুখৰ আগত কেনেকৈ বেমাৰ হৈ পৰি থকা চাই থাকিব!! এটা দীঘলীয়া চিকিৎসাৰ পাছত দেউতা স্বৰ্গগামী হ'ল!!( Assamese Storyboard )
দেউতাকে প্ৰাইভেট চাকৰি কৰিছিল বাবে মনোজক সেই চাকৰিটো কৰিবলৈ অফিচাৰ পৰা কোৱা হ'ল.........! কিন্তু সি সেই চাকৰিটো পচন্দ নকৰিছিল!!!! সি উৰণি চৰাই দৰে উৰি থাকিব বিছাৰিছিল!!!সি বান্ধোনত থাকি ভাল নাপাইছিল!!!! সি বহুত চঞ্চল আছিল আৰু এক মিনিট ও একেই ঠাইতে বহি থাকিব নোৱাৰিছিল!! ৰীতাই তাক চাকৰিটো কৰিবলৈ কৈছিল। কিন্তু সি মনা কৰি দিলে !!
সিহঁতৰ ঘৰ শিৱসাগৰত আছিল........!! পৰ্যটক বহুত আহে!! সৰু পৰাই তাৰ ফটোগ্ৰাফী কৰা মন আছিল!!ফটো সি বহুত ধুনীয়া তুলিব জানিছিল!!ঘৰৰ ওচৰে পাজৰে পতা ফটো প্ৰতিযোগিতাত সি পুৰস্কাৰো পাইছিল!!
সি সুযোগ পালে পৰ্যটকক শিৱসাগৰখন ফুৰাই!!সি পৰ্যটকসকলক শিৱসাগৰৰ বিষয়ে কয় আৰু ভালদৰে বুজাই দিয়ে!!
ধুনীয়া ধুনীয়া ফটো মাৰি দেখাই আৰু পৰ্যটক সকলেও সি মৰা ফটোবোৰ দেখি ভাল পায়!! তাৰ পৰাই সি বহুত ভাল ইনকম কৰিব পাৰে!! তাৰ লগত তাৰ বন্ধু আৰু সিহঁতৰ ঘৰৰ ওচৰৰ নিবিৰেও একেলগে কাম কৰিছিল!!
কেতিয়াবা বহুত দিন পৰ্যটক নাহে ............ তেতিয়া একো কাম নাথাকে......... সেই সময়ত নিবিৰ আৰু মনোজে কিবাকিবি পাৰ্টতাইম যব কৰে!!
প্ৰাইভেট চাকৰি কৰি পইচা ইনকম কৰে!! দুয়োটাই মাজে মাজে কাম পায়!! দুয়োটা বহুত ভাল বন্ধু আছিল!!মনোজৰ বয়স কম আছিল....!!! কিন্তু পৰিস্থিতিয়ে তাক গম্ভীৰ কৰি পেলাইছিল!!সি নিজৰ কৰ্তব্য আৰু দায়িত্ব বুজি পাইছিল!!
সি সুস্থ-পুষ্ট আৰু ওখ পাখ আছিল আৰু তাৰ নীলা চকুজোৰি সদায় উদাস হৈ থকা দৰে হৈ থাকে!! সকলোকে তাৰ চকুজোৰে আকৰ্ষণ কৰিছিল!!
আজি সি ষ্টেচনলৈ গ'ল আৰু তাত বহুত পৰ্যটক লগ পালে!!নিবিৰো তালৈ গৈছিল!!নিবিৰেও পৰ্যটক কেইজনমান পালে আৰু নিজৰ নিজৰ গ্ৰুপ বনাই দুয়োটা গুচি গ'ল!!
মনোজে যাক গাইড কৰিছিল সেইকেইজন নতুনকৈ বিয়া পতা মানুহ আছিল আৰু সিহঁতি বহুত কথা পাতি আছিল!!
ঘূৰি ফুৰোঁতে গোটেই দিনটো গ'ল!!ভৰি বিষ হৈ গৈছিল!! তেওঁলোকে মনোজক বহুত ভাল পালে......... কাৰণ সিহঁতি যিটোৰ বিষয়ে সুধে..........মনোজে ভালদৰে সকলো বুজাই দিয়ে!!
তাৰ কোৱা অংগি-ভংগিবোৰ দেখিও তেওঁলোক আকৰ্ষিত হৈছিল!! এটা এটাকৈ ভালকৈ সকলো ধুনীয়াকৈ কৈ সি আকৌ আগবাঢ়ি যায় আৰু বেলেগ এটা বিষয়ে বুজাই কয়!!
এনেদৰে কৈ গৈ থাকোঁতেই এটা ধুনীয়া সুৰ এটা শুনা গ'ল!! তেওঁলোকে থমকি ৰৈ ক'লে বাহ! ইমান ধুনীয়া সুৰ ক'ৰ পৰা আহিছে বাৰু!!মনোজে ওচৰে পাজৰে চালে কিন্তু কাকো নেদেখিলে!! তাৰ পাছত তেওঁলোক আগবাঢ়ি গ'ল আৰু দেখিলে যে দুজনী ছোৱালী সিহঁতৰ ফালে পিঠি দি বহি আছিল আৰু এজনীয়ে গিটাৰ বজাই আছিল !! ধুনীয়া নেটৰ চুলা
আৰু টুপী পিন্ধি আছিল!! সিহঁতৰ টুপীত বিভিন্ন ৰঙৰ ফুল লগাই থোৱা আছিল!!
মনোজ বহুত ভাল ল'ৰা আছিল !! যদিও ছোৱালী দুয়োজনীৰ চেহেৰা চাবলৈ সি হেঁপাহ কৰি আছিল!! তাৰ পাছত সি একো শব্দ নকৰাকৈ মনে মনে গৈ ছোৱালী দুয়োজনীৰ সন্মুখত ঠিয় হ'ল!!
ছোৱালীজনীয়ে ওপৰলৈ মূৰ কৰি চাই চক্ খাই উঠিল!!
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in
(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment