শিৱসাগৰ এখন সৰু গাঁৱত বৃস্তি দেউতাক আৰু নেহা দেউতাক থাকিছিল( Assamese Storyboard )!! নেহাৰ দেউতাকে পঢ়ি শুনি চাকৰি পালত গুৱাহাটীলৈ গুচি গ'ল আৰু বৃস্তিৰ দেউতাক ইয়াতে থাকি গ'ল!!
শিৱসাগৰত বৃস্তিৰ জন্ম হৈছিল আৰু গুৱাহাটীত নেহাৰ!! ছুটিত নেহাৰ দেউতাক গাঁৱলৈ আহে আৰু তেওঁ বৃস্তিহঁতক বহুত মৰম কৰিছিল!! কিন্তু তেওঁ পত্নী অলপ অহংকাৰী আছিল!!
নেহাৰ দেউতাক এবাৰ বিয়াৰ বাবে গাঁৱলৈ আহিছিল !! তেতিয়া নেহা আৰু বৃস্তিৰ বয়স ১০ বছৰ হৈছিল!!
নেহা দেখিবলৈ ধুনীয়া আৰু বগা আছিল!! তাইৰ চুলিবোৰো বহুত ধুনীয়া আছিল আৰু নেহাৰ ধুনীয়া কাপোৰবোৰ দেখি বৃস্তিয়ে লাজ কৰিছিল আৰু তাইৰ পৰা আতঁৰি গৈছিল!!
নেহাৰ ৰূপৰ সকলোৱে প্ৰসংশা কৰিছিল আৰু তাই মাকে গৰ্বতে ফুলি গৈছিল!!
তেতিয়া এটা ঘটনা ঘটিল আৰু দুয়োজনী ছোৱালীৰ জীৱনৰ দিশ সলনি হৈ গ'ল!!
এগৰাকী মহিলাই কৈ আছিল নেহা ইমান ধুনীয়া আৰু বৃস্তি দেখিবলৈ ইমান বেয়া !!
তাৰ পাছৰে পৰা বৃস্তিয়ে নেহাক ইমান ভাল নোপোৱা হ'ল!!
আনফালে নেহাই অলপো অভাৱ সহ্য কৰিব নোৱাৰিছিল !!তাই সৰুৰে পৰাই পইচা-পাতি অভাৱ পোৱা নাছিল আৰু তাই সৰুৰে পৰাই নিজৰ প্ৰসংশা শুনি শুনি অকল প্ৰসংশাই শুনিব বিচাৰি থাকে!!
নেহাৰ দেউতাকে বৃস্তিহঁতক সিহঁতৰ ঘৰলৈ মাতি থাকে কিন্তু সিহঁতি যিটি অযুহাত দেখাই আৰু নাযায়!!
এতিয়া বৃস্তিৰ ভায়েকৰ জন্ম দিন আছিল আৰু তেওঁলোক যাব লগা হ'ল!!
তেওঁলোকে নেহাৰ ঘৰলৈ গৈ এনেদৰে খোজ কাঢ়িলে যেন ভিতৰখন লেতেৰা হে হৈ যাব !! সেইবোৰ দেখি নেহাই বাগৰি বাগৰি হাঁহিবলৈ ধৰিলে!!
ৰাতি পাৰ্টি আয়োজন হ'ল আৰু নেহাই বৃস্তিক কাৰো লগত চিনাকি নকৰালে!!তাই অকলে এটা চুকত ৰৈ থাকিল আৰু তাই বৃস্তি যেন সিহঁতৰ একো নহয় তেনেকুৱা দেখালে!!
তেতিয়াই তাইৰ বয়সৰ এটা ল'ৰা আহি তাইক ক'লে-"তুমি অকলে তাত কি কৰি আছা??"( Assamese Storyboard )
তাৰ পাছত তাই কান্দি দিলে আৰু বাহিৰলৈ উলাই গ'ল!!
তাইক কন্দা দেখি ল'ৰাটো তাইৰ পাছে পাছে গ'ল আৰু ক'লে-" তোমাৰ কি হ'ল????"
তাৰ পৰা কিয় গুচি আহিলা ??
মই ৰক্তিম!!
সি ক'লে-"তুমি তালৈ নোযোৱা যদি ব'লা নিৰ্জানত বহি কথা পাতো!!"
তাই ক'লে-"তুমি মোৰ লগত নিৰ্জানত বহি কথা পাতিবা??"
"অ' পাতিম!! তুমি বহুত ধুনীয়া আৰু তোমাৰ নামতো কি??"
মোৰ নাম বৃস্তি!!!
"তুমি ক'ত থাকা আগতে তোমাক মই দেখা নাই???"
মই নেহাৰ খুৰাকৰ ছোৱালী!!
অলপ দেৰি কথা পতা পাছত ৰক্তিমে বৃস্তিৰ হাতত ধৰি ক'লে-"এতিয়াটো আমি বন্ধু !!নেহাহঁতৰ লগত এইবাৰ ছুটিত মইয়ো তোমালোকৰ তালৈ যাম!!
বৃস্তিয়ে হাঁহি মাৰি ক'লে-অ' আহিবা!!"
তই ইয়াত বহি আছ আৰু মই বিচাৰি আছোঁ বুলি নেহাই খঙত কৈ সিহঁতৰ ফালে আগবাঢ়ি আহিল আৰু ৰক্তিমক চিঞৰি ক'লে-" তুমি ইয়াত বহি বহুত ভাল পাইছা ন বুলি তাই হিংসাতে তাক খঙত চাই ক'লে!!
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in
(ধাৰাবাহিক খন প্ৰতি দিনে দিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment