"ইতিহাসৰ আদিম পাততেই সংবদ্ধ নিষ্ঠুৰ নিয়তিৰ পৰিতাপৰ গাঁথা, লগতে সংযোগ মনুষ্যৰকৰ্ম ( Assamese Storyboard )
ইয়াৰ পৰিণামৰ ভিত্তিতেই গাঁথনি হয় এটি ভৱিষ্যতৰ।"
সচাঁকৈয়ে অতীত মানেই ইতিহাস। আৰু এই ইতিহাসৰ প্ৰতিটো পৃষ্ঠাতেই থাকে এখন ভয়ংকৰ যুদ্ধ। সেইখন যুদ্ধ একপক্ষীয়ও হ'ব পাৰে দ্বিপক্ষীয়ও হ'ব পাৰে অন্যথা বহুপক্ষীয়ও হ'ব পাৰে। কিন্তু প্ৰতিখন যুদ্ধতেই হয় ধ্বংসৰ মহাযজ্ঞ। আৰু ইয়াৰ নিৰ্মালি হয় মনুষ্যৰ প্ৰাণ। কিন্তু একপক্ষীয় যুদ্ধত কি হয়.....? ইয়াত কিহৰ মহাযজ্ঞ হয় আৰু কোন ইয়াৰ নিৰ্মালি হয়। হয়তো ইয়াতো মৃত্যুৰেই মহাযজ্ঞ হয় কিন্তু ইয়াৰ নিৰ্মালি হয় মনুষ্যত্বৰ মন।ইয়াত শৰীৰ কিম্বা দেহাৰ অকণো ভূমিকা নাথাকে। মনতেই ইয়াৰ আৰম্ভণি হয় আৰু পৰিসমাপ্তি...... হয়তো কিছুমানৰ কেতিয়াও নহয় আৰু কিছুমানৰ লগতেই হয়।সৰা পাতে পাতে ফাগুন নামিছে কিন্তু লগত অনা ফাগুনৰ ৰং আনিছে বিষাদৰ সম্ভাৰ।
-"ইমান দেৰি হ'লনে পানীকণ আনিব যাওঁতেই।" ৰক্তিম দুইমিনিটমানৰ পিছত অহাৰ বাবেই মানসীৰ খং উঠিল। উঠিবই কাৰণ সি ইতিহাসৰ কলংকৰেই হওঁক বা স্বৰ্ণিমেই হওঁক অধ্যায়টোৰ পাতনিয়েই নেমেলিলে।
-"ৰ'বা ফ্ৰীজত পানীয়েই নাছিল। আকৌ কলৰ পৰা ঠাণ্ডা পানী ভৰাই আনিছোঁ। মতৰৰ পানীখিনি বহুত গৰম হৈ আছে।"
-"ঠিক আছে হ'ল নহয় এতিয়া কোৱা?"
সি তাইৰ একেবাৰে কাষতে আহি বহিলহি। তাই তাক কাষতে পাই তাৰ কান্ধতে মূৰটো পেলাই দিলে। আৰু তাৰ অতীতৰ ক'লাইনে ৰঙীনেই নাজানে মাথোঁ শুনিবলৈ সাজু হ'ল।
"ক'ত ভৰাই থম এইখিনি সময়।
ক'ত সাঁচি থম এইখিনি সময়।
ক'ত লুকুৱাই থম এইখিনি সময়।
বুকুৰ মাজত চিৰপ্ৰৱাহমান হৈ থকা বৰলুইতত বৈ যাবলৈ দি জানো?
যদি মোৰ পৰা চিৰবিদায় লয়।
নে বিলীন কৰি দিওঁ মোৰ মাজতে কিন্তু যদি হেৰাই যায়।"
-"মানসী তুমি চাগৈ শুনি আচৰিত হ'বা কিন্তু এইটোৱেই সত্য!"
-"কি?"
-"মই মা-দেউতাৰ নিজৰ সন্তান নহয়।"
-"হা।" তাই যেন তাইৰ নিজৰ কাণকে বিশ্বাস কৰিব নোৱাৰিলে। মূৰ তুলি তালৈ চালে। কিন্তু তাৰ চকুত না দুখ আছে তাৰ পৰিতাপৰ অশ্ৰু। আছে যদি মাথোঁ সত্যৰ একাজলি পোহৰ। যি পোহৰে সি সদায় পোহৰান্বিত কৰি ৰাখিব বিচাৰে তাইক আৰু সিহঁতৰ সংসাৰখনক।
-"কিন্তু তোমাৰ মা-দেউতা কোন ৰক্তিম?"
-"মই আজিলৈকে মোৰ মা-দেউতাৰ ফটো এখনকে দেখা পোৱা নাই। বৰ্তমানৰ মোৰ তুলনীয়া মা-দেউতাই মোক যি কৈছে মই তাকেই বিশ্বাস কৰি আহিছোঁ। নাজানো কথাখিনিত কিমান সত্য সত্যতা আছে( Assamese Storyboard )।
-"মানে মোৰ মা-দেউতাৰ পৰিচয় মই নাজানো। নাজানো মই মোৰ বংশ পৰিচয়। কেৱল তেওঁলোকৰ নামকেইটাহে জানো তাকো সম্পূৰ্ণকৈ হয় নে নহয় তাতকো ভালকৈ নাজানো। মাথোঁ এতিয়াৰ দেউতা আৰু মায়ে মোক যি কৈছে সেইখিনিহে মই জানো আৰু মই তাকেই বিশ্বাস কৰোঁ। যিখিনি আজি মই তোমাক ক'ম। তুমি হ'বা চতুৰ্থজন ব্যক্তি যিজনে মই নিজে আনৰ মুখৰ পৰা শুনা মোৰ অতীতৰ চানেকি বা ইতিহাসৰ পৃষ্ঠা লুটিয়াবা।"
মনত যিমানেই সুখৰ নাওঁ বোৰ ভটিয়াই নাথাকক কিয় সকলো সময়তে বা আমি জনাৰ আগতেও যে নাওঁ খন সুখৰ সোঁতত ভটিয়াই গৈছিল সেই বুলি ভবাঁতো আমাৰ ভূল। যি ভুল আমাৰ তেতিয়াহে ভাঙে যেতিয়া আমি সেই নাওঁ খনৰ সৃষ্টিৰ কথা জানো বা শুনো। নদীয়ালে যেতিয়া নাওঁ খন বনাবলৈ কাঠ বিচাৰে তেতিয়াৰ পৰা নাওঁখন দুখ আৰু সুখৰ সোঁতত ভটিয়াই যাবলৈ সাজু হয়। মাথোঁ ই ব্যক্ত কৰিব নোৱাৰে তাৰ মনত কথা। বুজাব নোৱাৰে। ঠিক একেদৰেই এনেকুৱা নাওঁৰ দৰেই আমাৰ কিছুমান মানুহৰ জীৱন। আমি ভাবোঁ তেওঁলোক দেখোন সদায় সুখৰ সোঁততেই ভটিয়াই গৈছে আৰু সেইবাবে অতীতৰ নদীখনতো চাগৈ সুখৰ পাকচৈয়াত হ'লেও সুখৰ ফালেই ভটিয়াই গৈছিল। কিন্তু ইয়াৰ কোনো প্ৰমাণ বা যুক্তিযুক্ততা আমাৰ কাষত নাই।
কিন্তু এটা কথাও ঠিক যে যুক্তিৰ ওপৰত মানুহৰ জীৱন নচলে যদিও যুক্তিৰ মানুহৰ জীৱনত অকণো স্থানেই নাই এইটো কোৱা ভুল। স্থান, কাল আৰু পাত্ৰ এই তিনিওটা চাইহে আমি পৰিস্থিতিত বলা বতাহৰ গতি ৰখাবলৈ চেষ্টা কৰিব লাগে। এই বতাহ কেতিয়াবা যুক্তিৰে কাটিবলৈ চেষ্টা কৰিব লাগে নতুনা ইতিহাসৰ আদিম অধ্যায় খুঁচৰি।
===============================
-"হেৰি মুনুৰ জীৱনটো বাৰু থিকথাক হ'ল। তাইৰ সুখৰ সংসাৰ এখনো হ'ল। এতিয়া আমি দিপৰ সংসাৰখনৰ কথাহে চিন্তা কৰিব লাগে।"
বিছনাত পৰি মানসী মাক আৰু বাপেকে পুতেকৰ সংসাৰৰ কথা পাতিবলৈ আৰম্ভ কৰিলে।
-"উমম্ তুমি ঠিকেই কৈছা। আমাৰতো ৰূপাংকৃতাক পছন্দ হৈছেই এতিয়া দিপৰ বা কি মত........
-"এহ্ তাৰ কি মতৰ কথা আছে হে থওঁক। সি আমি চাই দিয়া ছোৱালীকে বিয়া পাতিব। আৰু যদি তাৰ কিবা আপত্তি থাকিলেইহেঁতেন তেন্তে সি ইমান সময়ে আমাক নহ'লেও মুনুক ক'লেই হেঁতেন নহয়। আৰু সি নিজেই আজি চাবলৈ গৈছে গতিকে...
-"গতিকে তোমাৰ মতে বিয়া ফাইনেল?"
-"অ' দৰাই গৈ কইনাক চাই আহিলগৈ এতিয়ালৈকে একো আপত্তি নাই সেয়ে ফাইনেল বুলি ভাবিমেই ন'।"
-"এতিয়ালৈকে আপত্তি নাই মানে পিছলৈও যে নাথাকিব তাৰ কোনো মানে নাই বুজিছা। সেয়ে আগবঢ়াৰ আগতে তাক ভালকৈ সুধি-পোছি ল'বা।"
-"হেৰি আপুনি বৰ বেছি কৈ আছে হে। সি মোৰ ল'ৰা হয় গতিকে তাৰ ভাল বেয়া মই আপোনাতকৈ ভালদৰে জানো। আৰু সি ছোৱালী এজনী বিয়া পাতিলে তাই অকল তাৰ ঘৈণীয়েকে নহ'ব নহয় এইখন ঘৰৰ বোৱাৰীও হ'ব। আৰু এজনী এলা-পেচা ছোৱালী কেতিয়াও এইখন ঘৰৰ বোৱাৰী হ'ব নোৱাৰে। আমি জোনজনী ছোৱালী এইখন ঘৰৰ বোৱাৰী হ'ব বুলি কওঁ তাইহে এইখন ঘৰৰ বোৱাৰী হ'ব। ইতিমধ্যে মুনু আৰু মই এইখন বিয়া ফাইনেল কৰিলোৱেই। আজি মুনুয়ে ৰূপাংকৃতাৰ মাক-বাপেকক বিয়াৰ তাৰিখ ঠিক কৰিবলৈ মাতি আহিছে। আৰু তেওঁলোকেও আহিম বুলি কথা দিছে গতিকে বিয়া ফাইনেল। আপুনি বিধি-পথালি নিদিব।"
-"ঠিক আছে তোমালোকে যি ভাল দেখা তাকে কৰা কিন্তু আগৰ বাৰৰ কথা মনত আছে নহয়।"
-"কি আগৰ কথা?"
-"মুনুৰ কথা কৈছোঁ তাই যে ৰিদিপ্তৰ লগত বিয়া হ'বলৈ নাপায় কিখন কৰিছিল মনত নাই।"
তেতিয়াহে মানসীৰ মাকৰ অতীতৰ কথাবোৰ মনত পৰিল তেওঁৰ মনটো উৰা মাৰি গ'ল অতীতৰ এখন অজান দেশলৈ।
"অতীত অতীত বৰ ব্যথিত
সকলোবোৰ যেন তোমাৰেই মুঠিত।"
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment