সত্য ঘটনাৰ আধাৰত লিখিত এটি চুটি গল্প : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 7, 2021

সত্য ঘটনাৰ আধাৰত লিখিত এটি চুটি গল্প : Assamese Storyboard

Assamese Storyboard

"হেল্লো, আপুনি চন্দন নেকি ? মই নয়নে কৈছো ৷ আপুনি পাহিক চিনি পায় নে ? মই যে তাইক ভাল পাওঁ আৰু তাই যে এতিয়া মোৰ সৈতে আছে আপুনি জানেনে ? "( Assamese Storyboard )

      মোবাইলত অচিনাকী কণ্ঠস্বৰৰ এই কথাখিনি শুনাৰ লগে লগে মূৰত সৰগ ভাগি পৰা যেন লাগিল চন্দনৰ ৷

     অচিনাকী কণ্ঠস্বৰৰ গৰাকীক চন্দনে সুধিলে-"তাই আপোনাৰ তাত কেতিয়া গৈছে ?"

     "৮ তাৰিখে আহিছে ৷" সেইফালৰ পৰা উত্তৰ আহিল ৷

     প্ৰত্যুত্তৰত চন্দনে কলে- "তাইতো মোকো ভাল পায় ৷ মোক ভাল পায় বাবে ৭ তাৰিখেও তাই মোৰ সৈতে "ডেটিঙ"ত গৈছে ৷ সেইদিনাও দুয়োৱে একেলগে বহু ঠাই ফুৰিছো, বজাৰ কৰিছো ৷ সাত বছৰে আমি দুয়োৱে প্ৰায় এইদৰে চলা ফুৰা কৰি আহিছো ৷ আনকি ৮ তাৰিখে তাই গুৱাহাটীলৈ যাওঁতে তাইক গাড়ীত উঠাই দিছো ৷ গুৱাহাটীত কৰি থকা চাকৰিটোৰ কাম থকা বুলিহে তাই কৈছে ৷ "


    ফোনত এইদৰে বহু কথা চলিল ৷

     সেই সময়ত চন্দনৰ চকুত ভাহি আহিল পাহিৰ সৈতে সাত বছৰে কটোৱা বিশেষ মুহুৰ্তবোৰ ৷

    "তাই আপোনাক ব্যৱহাৰ কৰা বুলিহে মোক জনাইছে ৷" সেইফালৰ পৰা ফোনত কোৱা এই কথাখিনিত সম্বিত ঘুৰাই পালে চন্দনে ৷

    "তাইৰ কাৰণে মই কি কৰা নাছিলো ৷ তাই বি এ পাচ কৰাৰ পিছত তিনি বছৰীয়া এটা পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ পৰাই তাইৰ কিছু দায়িত্ব লৈ আহিছো ৷" তাইৰ  প্ৰথম চাকৰিটোৰ ক্ষেত্ৰতো বহুত কষ্ট কৰিছো ৷ তাৰ পিছত ডিব্ৰুগড়ত তাইৰ ইন্টাৰভিউ দিব যাওঁতে মোক লগত লৈ গৈছিল ৷ মৌখিক সাক্ষাৎকাৰ আৰু চাকৰিটোত যোগদান কৰা সময়তো তাই মোক লগত লৈ গৈছিল ৷ তাত ৰূম ঠিক কৰাৰ সময়তো তাইৰ সৈতে মই গৈছো ৷ তাইৰ এই চাকৰিটোৰ বাবে ডিব্ৰুগড়ত দুয়োৱে মুঠতে সাতবাৰ মান একেলগে গৈছো ৷ তাত যাওতে প্ৰতিবাৰে হোটেলত একেলগে আছিলো ৷ ইয়াৰ পিছত গুৱাহাটীত পোৱা চাকৰিটোৰ কাৰণে প্ৰথমতে "ইন্টাৰভিউ" দিয়াৰ পৰা চাকৰিটোত যোগদান কৰা কামলৈ মই তাইৰ লগত আঠ বাৰ মান গৈছো ৷ আনকি ল'কডাউনৰ সময়ত গুৱাহাটীত একেদিনাই তাইৰ বাবে ৰূম ঠিক কৰি দিছো ৷ "


   এইদৰে এফালৰ পৰা চন্দনে কৈ যোৱাত নয়নে মাজতে সুধিলে- "গুৱাহাটীত তাই ৰূম লৈছে নেকি?"

    "কিয় আপুনি নাজানে?" চন্দনে সুধিলে ৷

   "তাইতো মোক হোষ্টেলত থকা বুলিহে ইমানদিনে কৈ আছে ৷ অহা মাহৰ পৰাহে নতুন ৰূম লব বুলি তাই মোক জনাইছে ৷"

    নয়নৰ এই কথাখিনি শুনি চন্দনে কলে- মই ঠিক কৰি দিয়া ৰূমটোত তাই এঘাৰ মাহ ধৰি আছে ৷ ৰূমটোত তাই মোক কেইবাবাৰো নিছে আৰু তাইৰ ৰুমত দুয়োজনে কেইবাদিনো একেলগে আছো ৷ মোক যদি তাই ব্যৱহাৰ কৰিছিল তেন্তে তাইৰ ৰূমত গলে তিনি চাৰিদিন থকাৰ পিছতো তাই মোক কিয় আহিব নিদিয়ে বুলি নয়নক প্ৰশ্ন কৰিলে চন্দনে ৷

   চন্দনৰ এই প্ৰশ্নত নয়ন কিছু চিন্তিত হৈ পৰিল ৷

       ফোনত কিছু সময় মৌনতা ৷

       এই সময়খিনিত ডিব্ৰুগড় আৰু গুৱাহাটীত পাহিৰ সৈতে বহুবাৰ নৈশ যাপন কৰা মুহুৰ্তবোৰ চন্দনৰ চকুৰ আগত পুনৰ ভাহি আহিল ৷( Assamese Storyboard )

   শেষত নয়নে কলে- "মোৰ আগত তাই আপোনাক ব্যৱহাৰ কৰা বুলি কৈছে আৰু হয়তো আপোনাৰ আগত তাই  মোক ব্যৱহাৰ কৰা বুলি কব ৷"  


    "সাত বছৰে তাইৰ ভালৰ কাৰণে কি কৰা নাছিলো, তাইৰ কাৰণে মোৰ কাম বাদ দি কত যোৱা নাছিলো ! মোৰ এই কষ্টৰ যদি তাই কোনো মূল্য নিদিয়ে আৰু মোক যদি তাই কেৱল ব্যৱহাৰ কৰিছিল তেন্তে মই যি কৰিব লাগে কৰিম ৷" নয়নৰ কথাৰ উত্তৰত এইদৰে কলে চন্দনে ৷

     চন্দনে ভাবিবলৈ ধৰিলে সঁচাকৈ পাহি জটিল মনৰ ছোৱালী ৷ হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰ, কামাখ্যা মন্দিৰৰ লগতে বহু থান-সত্ৰত দুয়োৱে গৈ সেৱা কৰি একেলগে থকাৰ বাবে সংকল্পবদ্ধ হৈছিল ৷ বিয়াৰ পিছত কপালত ফোঁট ললে সৰুকৈ লব বুলি তাই চন্দনক কৈছিল ৷ আনকি যমজ সন্তানৰ বিষয়েও সিঁহত দুয়োৰে মাজত আলোচনা হৈছিল ৷ তাইৰ কিবা হলে তাইৰ মা-দেউতা আৰু ভন্টিক চাবলৈ তাক দায়িত্ব দিছিল ৷ চন্দনে নতুনকৈ কিনা মাটিখিনিত তাই ঘৰ বনোৱাৰ কথা তাই প্ৰায়ে কৈছিল ৷

       ইয়াৰ পিছতো যে পাহিয়ে চন্দনৰ জীৱনৰ সৈতে ইমান ডাঙৰ খেল খেলিব সেই কথা কোনোদিন কল্পনা কৰা নাছিল চন্দনে ৷

      চন্দনে ভাবিবলৈ বাধ্য হ'ল স্বাৰ্থপৰ মানুহে হয়তো সকলো কামেই কৰিব পাৰে ৷ নিজৰ স্বাৰ্থৰ বাবে আজি এজনক ঠগিছে কাইলৈ হয়তো আৰু কাৰোবাক ঠগিব ৷

       এইদৰে ভাবি থাকোতে ৰাহুলে আহি চন্দনক মাত দিলে- "দাদা, কি হ'ল ! ইমান দুখত কি ভাবি আছে ?"/p>


   "নাই অ', যাক ইমান বছৰে বিশ্বাস কৰি আছিলো তাইৰ বিষয়ে আজিহে ভালকৈ গম পালো ৷ নিজৰ জীৱনতকৈ বেছি ভাল পোৱাজনীয়ে যে মোৰ সৈতে ইমান ডাঙৰ খেল খেলি আছে গমেই পোৱা নাছিলো ৷"এইবুলি কোৱাৰ লগে লগে চন্দনৰ চকুৰে বৈ আহিল চকুলো ৷

      এয়া যেন চকুলো নহয় ৷  প্ৰেমৰ নামত পাহিয়ে কৰি অহা প্ৰতাৰণাবোৰ চন্দনৰ চকুলো হৈ বৈ আহিল......

( প্ৰেমৰ নাম লৈ পাহিয়ে চন্দনৰ সৈতে কৰা ষড়যন্ত্ৰৰ বাবেই চন্দনে হেৰুৱাই পেলালে আশা আৰু সপোন ৷ এবুকু দুখ বুকুত লৈ আশাহীন ভাবে জীয়াই থাকিবলৈ বাধ্য হৈছে চন্দনে... )


সমাপ্ত।
 
 (উক্ত গল্পটো আমালৈ প্ৰেৰণ কৰা পুল ইমৰোজ ডাঙৰীয়াক SMJ24 ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো।)

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages