এগৰাকী সুন্দৰী, তিনিটা ৰহস্যময় হত্যাকাণ্ড ( খণ্ড ২ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 7, 2021

এগৰাকী সুন্দৰী, তিনিটা ৰহস্যময় হত্যাকাণ্ড ( খণ্ড ২ ) : Assamese Storyboard

Assamese Storyboard

 

সিঁহতৰ  সন্মুখত মনোজক দেখি সিঁহতি ক'লে- "তুমি কোন আৰু ইয়াত কি কৰিছা?"( Assamese Storyboard )

সেই ছোৱালীজনীৰ সুধাৰ ভংগিমা দেখি মনোজে ভয় খাই উঠিল!!সি ভয় খোৱা দৰে ক'লে- আপোনাৰ গিটাৰৰ মাত শুনি মই নিজকে স্বম্ভালীব নোৱাৰিলোঁ!! তাৰ পাছত মই বিচাৰি আহি এইখিনি ঠাই পালোঁ !! কিন্তু গিটাৰৰ মাত যিমান ভাল তাতকৈ বজোৱা মানুহগৰাকী আৰু ধুনীয়া!!

তাই খং উঠি গৈছিল! কিন্তু তাইৰ লগৰজনীয়ে হাঁহি আছিল!! হাঁহি হাঁহি তাই  মনোজক ক'লে- "তুমি কিন্তু কথাবোৰ বৰ ধুনীয়া কৈ কোৱা!!" কথাটো শুনি ছোৱালীজনীয়ে লগৰ জনীক বেকাকৈ চাই ক'লে- "কিনো অ' .......তই কাৰ লগত যে কথা পাতিবলৈ ধৰিলি....?তই চিনি পাওঁ নি ......?ব'ল ইয়াৰ পৰা....!!"

"তাই উঠিলে আৰু লগৰজনীৰ হাতত ধৰি টানি ক'লে ব'ল ইয়াৰ পৰা আৰু এক মিনিট ও নাথাকো ইয়াত!!"


মনোজে ভাবিলে এনেকুৱা কি ক'লো‌ নো মই যে ইমান ভেম দেখাইছে.....!!! তাৰ অলপ খঙ উঠিছিল এনেকুৱা বৱ্যহাৰ দেখি!!সিটো তাইৰ প্ৰসংশা হে কৰিছিল !!ইমান ভেম কিহৰ????মূৰটো বেয়া যেন পাইছোঁ!!

সি খঙ কৰি ক'লে-" ভগৱানে ধুনীয়া চেহেৰা আৰু অলপ কলা দিলে তাতে কিহৰ ইমান অহংকাৰ.......!! 

তাইও খং কৰি ক'লে -নিজৰ সীমা পাৰ নকৰিবা !! পৰ্যটকো আহি সেইখিনি পালে আৰু তাত জমা হৈ গ'ল!!

ছোৱালী দুয়োজনীক দেখি ক'লে- ইমান ধুনীয়া ছোৱালী!! তুমি গিটাৰ বজাইছিলা  নি?? অনুগ্ৰহ কৰি আকৌ এবাৰ বজোৱা!! আমি শুনিব বিচাৰো!!


সকলো পৰ্যটকে তাইৰ প্ৰসংশা কৰিবলৈ ধৰিলে আৰু লাহে লাহে তাইৰ খঙ কমি গ'ল আৰু তাই তাত বহি লৈ আকৌ গিটাৰ বজাবলৈ ধৰিলে!! তাইৰ গিটাৰৰ মাত শুনি সকলো মুগ্ধ হৈ পৰিল!!

অলপ পাছত তাই গিটাৰ বজোৱা বন্ধ কৰি দিলে আৰু থিয় হ'ল!! তাৰ পাছত সকলোৱে হাত চাপৰি বজাবলৈ ধৰিলে!! আৰু আকৌ অলপ গিটাৰ বজাবলৈ ক'লে !!তাই ক'লে -নাই !! মই ঘৰলৈ যাব লাগে!!মাহী ৰৈ আছে চাগে ??

ঠিক আছে আমি তোমাক জোৰ নকৰোঁ !! কিন্তু একাপ কফি খোৱা আমাৰ লগত!! তাৰ পাছত এজনে ফ্লাস্কৰ পৰা কফি উলিয়াই সিহঁতক খাব দিলে আৰু মনোজে সিহঁতৰ পিছফালে ৰৈ একপি ফটো তুলিলে!!

ফটো বেলেগ ও তুলিছিল বাবে সিহঁতি গম নাপালে সি ফটো মাৰিছিল বুলি!!


কফি খাই উঠি ছোৱালী দুয়োজনীয়ে তেওঁলোকৰ পৰা যাবলৈ অনুমতি ল'লে!! তাৰ পাছত ছোৱালী দুয়োজনী তাৰ পৰা গুচি গ'ল!!

সিহঁতি যোৱা পাছত পৰিৱেশটো নিৰ্জান হৈ পৰিছিল!!কিয় নাজানো মনোজো উদাস হৈ পৰিছিল আৰু তাৰ পাছত আকৌ ঠাইবোৰ দেখাবলৈ আগবাঢ়ি গৈছিল!!


আজি ৰাতিটো মনোজৰ বাবে কিবা বেলেগ ধৰণৰ আছিল!! যেতিয়াই চকু বন্ধ কৰে........... তাৰ চকুৰ সন্মুখলৈ সেই ছোৱালীজনীৰ চেহেৰাটো আহে!! গিটাৰ বজোৱা ছোৱালীজনী তাৰ সপোনত আহি গৈ থাকিল.............!!

তাৰ মনত বহুত প্ৰশ্ন আছিল তাই কোন আছিল?
"ক'ত থাকে????"( Assamese Storyboard )


ইমান দিনৰ পৰা পৰ্যটকক গাইড কৰি আছোঁ !! কিন্তু তাইক আগতে দেখা নাছিলোঁ!! তাই ইয়াৰ নহয় চাগে!! ইয়াৰ হোৱা হ'লে আগতে মই কেতিয়াবা দেখিলোঁ হেঁতেন চোন!!


পাছত দিনা সি তাই ফটো কপি উলিয়াই ল'লে আৰু নিবিৰক তাইৰ কথা সকলো ক'লে!!

নিবিৰক ফটো কপি দেখাই মনোজে ক'লে -যদি তাইক ক'ৰবাত লগ পায় তাইৰ নাম আৰু ঠিকনা যাতে সুধে!! নাজানো তাই ইমান খঙ কৰিছিল মই তাইৰ নাম সুধিবলৈয়ে নোৱাৰিলোঁ!!


নিবিৰে ক'লে তই তাইৰ পিছত পৰি গলি নেকি? চা একো ভৰসা নাই সিহঁতৰ!! ফুৰিবলৈ অহা মানুহ ! সিহঁতি কাৰো অনুভৱ বুজি নাপায়!!! ধুনীয়া ছোৱালীবোৰে যে আৰু বুজি নাপায়!!নিজৰ সুন্দৰতাক লৈ অহংকাৰ কৰি থাকে!!মনত ৰাখিবি এনেকুৱা মানুহৰ পাছত যি পৰে সি সদায় নিজৰ জীৱনটো বৰবাদ কৰে!! তই যেতিয়া তাইৰ নাম আৰু ঠিকনা নাজান তেতিয়া  তই আজিৰ দিনটো ইনেই নষ্ট নকৰিবি!! যদি তাইক ভাল পাওঁ খাটাং তোৰ জীৱনটো বৰবাদ হৈ যাব.............!!

তই যে মোক ইমান ভাষন শুনালি !! প্ৰথম কথা হ'ল মই তেনেকুৱা একো নকৰোঁ!! দুই নম্বৰতে হ'ল পৃথিৱীৰ সকলো মানুহ একেই নহয়!!


তাৰ পাছত বহুত দিন পাৰ হৈ গ'ল আৰু সিহঁতি 
সেই ছোৱালীজনীক বিছাৰিবলৈ বহুত চেষ্টা কৰিছিল!! কিন্তু সিঁহতি তাইক বিচাৰি নাপালে!!


দুই নম্বৰবাৰ সি আৰু কেতিয়াও নিবিৰক সেই ছোৱালীজনীৰ বিষয়ে নুসুধিলে !! মনোজে ভাবিলে সুধিলে সি ভাবিব মই ছোৱালী পাগল হ'লো বুলি !! কিন্তু তেনেকুৱা একো কথায়ে নাই!!


নিবিৰেও তাইৰ কথা একো নুলিয়ালে!!সি ভাবিছিল মনোজে আজিলৈকে ছোৱালী ফালে চকু তুলি চোৱা নাই আৰু মই যদি তাইৰ কথা উলিয়াও সি লাজ পাব!!


মনোজে ফটোখন আলমাৰিত কাপোৰৰ মাজত থৈ দিছিল!! তাইৰ চেহেৰাটো সি পাহৰিব পৰা নাছিল!!সি যিমানে পাহৰিব বিচাৰে সিমানে তাৰ আকৌ বেছিকৈ মনত পৰে!!!!

এদিন সি পৰ্যটকক ফুৰাবলৈ অলপ দূৰলৈ লৈ গৈছিল!! দিনটো ফুৰি পৰ্যটক তাৰ পৰা গুচি গ'ল আৰু সি তাতে অলপ দেৰি ফুৰিবলৈ মন কৰিলে !!


তাৰ পৰা অলপ দূৰত থকা ঘৰকেইটা দেখি সি সেইফালে আগবাঢ়ি গ'ল!! সেই ঘৰকেইটা ওচৰ পায় সি চক্ খাই উঠিল!! সি দেখিলে ঘৰ এটাৰ পৰা ধুৱা উলাই আছিল আৰু চিঞৰা মাত শুনা গৈছিল!! 


সি তালৈ দৌৰি গ'ল!! কিন্তু ভিতৰৰ পৰা ঘৰৰ দুৱাৰ খন মাৰি থোৱা আছিল!! সি এটা শিল লৈ খিৰিকীৰ গিলাছখন ভাঙি ভিতৰলৈ সোমাই গ'ল!!

তাৰ পাছত সি দুৱাৰ খন খুলিলে আৰু ছোৱালী এজনী কাঁহি কাঁহি বাহিৰলৈ উলাই আহিল!! ধুঁৱা বহুত আছিল আৰু তাই কাঁহি কাঁহি তললৈ মুখ কৰি আছিল বাবে সি তাইৰ মুখখন দেখা নাছিল!!

ছোৱালীজনীয়ে ৰুম এটাৰ ফালে আঙুলিয়ে দেখালে আৰু মনোজে বুজি পালে যে আৰু কোনোবা বিপদত ভিতৰত সোমাই আছে!! সি দৌৰি ৰুমটোলৈ গ'ল!! ধুঁৱা বাবে একো ভালদৰে সি দেখা নাছিল!!

সি বিছনাখনৰ ওচৰলৈ গৈ দেখিলে এজনী ছোৱালী অচেতন হৈ পৰি আছে!!  তাইক সি বাহিৰলে লৈ আহিলে!!যেতিয়াই সি তাইৰ চেহেৰাটো ভালদৰে দেখিলে সি চক্ খাই উঠিল!! সেইজনী সি বিচাৰি ফুৰা ছোৱালীজনীয়ে আছিল!! তাৰ পাছত সি ইজনি ছোৱালী ফালে চালে আৰু সি দেখিলে সেইজনীও তাইৰ লগৰজনী আছিল!!

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in


(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages