কাবেৰী থানা লৈ আহিছিল । আহিয়েই হাহি হাহি নিয়ৰ ৰ ওচৰলৈ গৈছিল । ইতিমধ্যে বৰুৱা ই বৰ্মনক নিৰ্দেশ দিছিল নিয়ৰক উলিয়াই আনিবলৈ( Assamese Storyboard ) । কাবেৰী য়ে লক্ষ্য কৰিছিল নিয়ৰ বহু খিনি খীনালে । লগতে ডাড়ি চুলিয়ে ভোবোকাৰ হ'ল ।
- নিয়ৰ বলা ।
সি তাইৰ দুচকুলৈ চাই আছিল ।
- হাৰে কি হল ! তেনেকৈ চাই আছা যে !
- নাই একো নাই ।
সি তাৰ দুচকুৰ পৰা ওলাই অহা চকুলো খিনি দুয়োখন হাতেৰে মোহাৰি লৈছিল ।
- হাৰে বাবা তুমি কান্দিছা কিয় ?
- নাই একো নাই । তোমাক ধন্যবাদ কাবেৰী ।
- ধন্যবাদ তুমি মোক নহয় বৰুৱা ছাৰক দিয়া ।বলা এতিয়া ।
কাবেৰী য়ে নিয়ৰক বৰুৱা ৰ ওচৰলৈ লৈ আহিছিল । বৰুৱা ৰ নিয়ৰক দেখাৰ লগে লগে দুখ লাগিছিল । কাৰণ প্ৰথম দিনা যেতিয়া আৰক্ষীয়ে নিয়ৰক এৰেষ্ট কৰিছিল । সেই জন নিয়ৰ আৰু আজিৰ নিয়ৰ জনৰ মাজত আকাশ পাতল প্ৰভেদ । /p>
- ডেকা ল'ৰা চিন্তা কৰিব নালাগে । আজিৰ পৰা তুমি মুকলি আকাশৰ তলত ।
- ধন্যবাদ ছাৰ। কিন্তু
- কিন্তু কি নিয়ৰ ?
- মই অতি সোনকালেই ৰাধিকা ৰ হত্যাকাৰী ধৰা পৰাটো বিচাৰোঁ ছাৰ ।
- নিশ্চয় , এই দুদিনতে ৰাধিকা ৰ হত্যাকাৰী ও ধৰা পৰিব । মই ৰাধিকা ৰ ডায়েৰী খনৰ সহায়তে ৰাধিকা ৰ হত্যাকাৰী বিচাৰি পালোঁ । ৰাধিকা ৰ ডায়েৰী ৰ আৰু দুটা মান পৃষ্ঠা আছে । হয়টো এই কেইটা পৃষ্ঠা পঢ়িলে অতিশিঘ্ৰে ৰাধিকা ৰ হত্যাকাৰী ধৰা পৰিব ।
- আপোনাৰ এই প্ৰচেষ্টা ক সলাগ লৈছোঁ ছাৰ ।
- এয়া মোৰ দায়িত্ব আৰু কৰ্তব্য । কাবেৰী নিয়ৰক আজিয়ে দেউতাকৰ ওচৰলৈ লৈ যাওক । মানুহ জনক এই ভাল সময়ৰ আনন্দ ল'ব দিয়ক ।
- হ'ব ছাৰ । মই এতিয়াই নিয়ৰক দেউতাকৰ ওচৰলৈ লৈ যাম ।
- উম ।
ইতিমধ্যে জেলৰ কৰ্তৃপক্ষ আহি অবিনাশ দুৱৰা ক জেললৈ লৈ গ'ল । যিটো মুহুৰ্ত আছিল এটা খুব দুখৰ মূহুৰ্ত । ৰেখাই ভাগি পৰিছিল । এতিয়া কনমানি জনীৰ সৈতে অকলশৰীয়া কৈ থাকিব লাগিব ৰেখা । মল্লিকা ই যিহেতু ৰেখা আৰু ছোৱালী জনীক গুৰুত্ব ই নিদিয়ে । কাবেৰী য়ে নিয়ৰক ৰেখাৰ সকলো কথা কৈছিল । কেনেকৈ কি পাকচক্ৰত পৰি দুৱৰাই পলাশক হত্যা কৰিছিল । নিয়ৰে কেতিয়াও অইনৰ দুখ সহি থাকিব নোৱাৰে । সি ৰেখাৰ কোচৰ পৰা ৰেখাৰ ছোৱালী জনীক তানি আনিছিল । নিয়ৰক প্ৰথম দেখাৰ লগে লগে মৰম লগা কনমানি জনীয়ে ভয় খাইছিল । ভয় খোৱা টো স্বাভাৱিক কাৰন ইতিমধ্যে নিয়ৰ ডাড়ি চুলিৰ সৈতে ভোবোকাৰ হৈ আছিল । কিন্তু নিয়ৰ ৰ মৰম পায় ছোৱালী জনী নিয়ৰৰ সৈতে উমলিব ল'লে ।
- বাইদেউ !
নিয়ৰে ৰেখাক মাতিছিল । ৰেখা আচৰিত হৈছিল কোনে ইমান কোমল মাতেৰে ইমান আন্তৰিকতাৰে ৰেখাক মাতিছে বাইদেউ ! মূৰ তুলি চাই দেখিছিল নিয়ৰ ।
- বাইদেউ ! কিন্তু আপুনি ?
- মই নিয়ৰ কাকতি । আজি দেৰমাহ থানাৰ লক আপৰ ভিতৰত সোমায় থকা নিয়ৰ কাকতি । মোক তুমি কব পাৰে ।
- তাৰ মানে তুমি ও !
- বাধ্যত পৰি কেতিয়াবা কিছুমান কাম কৰা যায় বাইদেউ । যেতিয়া কাৰোবাৰ প্ৰতি ভালপোৱা অন্ধ হয় তেতিয়া অজানিতে কিছুমান অপৰাধ কৰা হয়।
- মই তোমাৰ কথা বোৰ বুজা নাই ।
- বুজা নাই নহয়, বুজাই কৈছোঁ শুনক । মোৰ প্ৰেমিকা ৰাধিকা ক যেতিয়া পলাশে বেয়া পথত অনা বুলি শুনিছিলো ঠিক তেতিয়াই মই নিজক সংযম কৰিব নোৱাৰিলোঁ । সেয়েহে মই সেই ৰাতিয়ে পলাশক ভয় খুৱাইছিলো আৰু তাৰে শাস্তি এয়া । আৰু ঠিক হয়টো মোৰ দৰে ও দুৱৰা দাই নিজক বুজাৱ নোৱাৰি !
- বুজিছো ।
- এতিয়া বলক । আপোনাক ঘৰত থৈ যাম ।
- মই মাইনাৰ লগত অকলে যাব পাৰিম ।
- নালাগে আমি সেই ফালেই যাম । যদি নিজৰ ভাইটি বুলি ভাবে তেন্তে !
- ঠিক আছে বলা ।
কাবেৰী আৰু নিয়ৰে ৰেখা আৰু ৰেখাৰ মৰম লগা কনমানি জনীক লগত লৈ আহিলে । এটা সময়ত সিহঁতে আহি ৰেখাৰ ঘৰ পালে । ৰেখা গাড়ীৰ পৰা নামিলে ।
- বাইদেউ এইটো মোৰ ফোন নং । কিবা বিপদ হ'লে মোক ফোন কৰিব ।
- ঠিক আছে ভাইটি ।
- এতিয়া আমি আহো ।
- মামা !
হঠাৎ ৰেখাৰ মৰম লগা ছোৱালী জনীয়ে নিয়ৰক মাতিছিল । নিয়ৰে আৰু নোৱাৰিলে । সি দ্ৰাইভাৰৰ চিটৰ পৰা নামি আহিলে । তাইক আকৌ কোচত ল'লে ।( Assamese Storyboard )
- আকৌ এবাৰ মাতা মাইনা ।
- মামা ।
নিয়ৰে তাইক জোৰকৈ সাৱতি ধৰিছিল ।ইমান মৰম লগা ছোৱালী জনী । তাৰ ও সপোন আছিল এজনী ভাগিনৰ সৈতে উমলা । কিন্তু কি কৰিব তাৰ বায়েক বা ভনীয়েক নাই জীৱন ত । কিয় জানো ৰেখাৰ ও নিয়ৰক নিজৰ ভায়েকৰ নিচিনা লাগি গল । হঠাৎ নিয়ৰে চকুলো তুকি ৰেখা আৰু ছোৱালী জনীৰ পৰা বিদায় মাগিলে । গাড়ীৰে আহি থাকোঁতে কাবেৰী য়ে নিয়ৰক লক্ষ্য কৰিছিল সি অলপ দুখ মনৰে আছিল । আচলতে কাবেৰী য়ে বুজি পায় নিয়ৰে অইনৰ দুখত সমভাগী হয়। যেনেকৈ তাইৰ মাকৰ বেমাৰৰ সময়ত সি দেউতাকৰ জেপৰ পৰা টকা চুৰ কৰি তাইৰ মাকৰ চিকিৎসা ৰ বাবে দিছিল । সেইজন ল'ৰা মনটো কাবেৰী য়ে সেইদিনা ই চিনি পাইছিল ।
আজি বহুদিনৰ মূৰত নিয়ৰে নিজৰ ঘৰ খনলৈ আহিছে । যিখন ঘৰত আছে তাৰ মাকৰ স্মৃতি আৰু এজন পৰাজয় স্বীকাৰ নকৰা ,সৎ সাহসী বীৰ যোদ্ধা তাৰ দেউতাক । আজি সি তাৰ দেউতাক ৰ ওচৰলৈ গৈ গৌৰৱ ৰে কব " এয়া চোৱা দেউতা তোমাৰ ল'ৰা অপৰাধী নহয়, তোমাৰ ল'ৰা হত্যাকাৰী নহয় " । হয়টো সেই মুহুৰ্ত ত দেউতাকে তাক সাৱটি লৈ কান্দিব । সি ও হয়টো দেউতাকৰ বুকুৰ মাজত ফেকুৰী ফেকুৰী কান্দিব । আজি সেই সময় খিনি তাৰ জীৱন ৰ এক বিশেষ মূহুৰ্ত হিচাপে পৰিগণিত হ'ব । ইতিহাসৰ পৃষ্ঠাত সদায় ৰৈ যাৱ সেই বিশেষ সময় খিনিৰ অনুভৱ ।
বৰুৱা ই এটা ভাগৰৰ হুমুনিয়াহ এৰিলে । বাহ: ঘাট - প্ৰতিঘাটৰ মাজত পলাশৰ হত্যাকাৰী চিনাক্ত হ'ল । কিন্তু ৰাধিকা ৰ ডায়েৰী খন নোপোৱা হ'লে যটিল আছিল পলাশৰ হত্যাকাৰী বিচৰা টো । কিন্তু বৰুৱা ই এতিয়া আকৌ বহি থাকিব নোৱাৰে । কাৰণ এতিয়া ন্যায় দিব লাগিব অভাগিনী ৰাধিকা ক । কোন দুষ্ট চক্ৰ ই হত্যা কৰিছিল এজনী সহজ সৰল ছোৱালী ক । সেয়েহে বৰুৱা ই আকৌ মেলি লৈছিল ৰাধিকা ৰ ডায়েৰী খন ।
" জীৱন ৰ প্ৰতিটো পল - অনুপল মই সদায় ভয় শংকাৰ মাজেৰে পাৰ কৰিছিলোঁ । জীৱন ত মোৰ এনেকুৱা এটা দিন যোৱা নাই যিটো দিনত নেকি মই অকন হ'লে ও সুখী অনুভৱ কৰিছিলোঁ । প্ৰতিটো দিন মই কান্দিছিলো । প্ৰতিটো দিনতে মোৰ লগত কল্পনা নকৰা কিছুমান ঘটনা ঘটিছিল ।
আজি মোৰ ফোন লৈ এটা অচিনাকী নম্বৰৰ ফোন আহিছিল । মই তৎক্ষনাত ফোন টো ৰিচিভ কৰিছিলোঁ ।
- হেল্ল'
- ৰাধিকা মই মামীয়ে কৈছোঁ ।
- বাহ: মামী আপুনি ! এইটো কাৰ ফোন নং
কিন্তু হঠাৎ মোৰ মনত পৰিল এষাৰ কথা । মামীয়ে মোক কোনো দিন ৰাধিকা বুলি মতা নাছিলে । মামীয়ে মোক সদায় মাজনী বুলিয়ে মাতিছিল । কিন্তু আজি হঠাৎ ৰাধিকা বুলি !
- এইটো মোৰে ফোন নং ।
- অহ, মোবাইল কিনিলা ! ভালেই কৰিলা ।
- হয়, কামৰ কাৰনে ও প্ৰয়োজন হ'ল মোবাইল টো ।
- কাম মানে !
- মই এটা কামত সোমাইছো গুৱাহাটী ত । ল'ৰা ক মাৰ লগত গাওঁ ত থৈ আহিছোঁ ।
- কি ! কিন্তু তুমি থাকা কত ? মোক কোৱা মই লগ কৰিম তোমাক ।
- হ'ব বাৰু মই তোমাক জনাম । কিন্তু মই তোমাক এটা বিশেষ কাৰনত ফোন কৰিছোঁ ।
- বিশেষ কাৰনত ! কি কাৰনত মামী ? কিবা অসুবিধা হৈছে নেকি ?
- তুমি মোক ইমান দিন যিমান খিনি টকা দিলা মই হিচাপ ৰাখিছোঁ ।
মামীয়ে এইটো কি কথা কলে মই নুবুজিলো । মই সামৰ্থ অনুযায়ী মামী ক সহায় কৰিছিলোঁ । কিন্তু আজি মামীয়ে এইবোৰ কি কৈছে ।
- কিন্তু মামী !
- চিন্তা কৰিব নালাগে । এতিয়া মোৰ টকাৰ অভাৱ নাই । গতিকে অতিশিঘ্ৰে মই তোমাৰ ধাৰ মাৰিম ।
- মামী আপুনি এইবোৰ কি কৈছে ! মই সেইখিনি আপোনাক সহায় কৰি আহিছোঁ ।
- কাৰোবাৰ সহায় লৈ এদিন মই মানুহৰ সমালোচনা ৰ লক্ষ্য হ'ব নোখোজো । গতিকে অতিশিঘ্ৰে মই তোমাক লগ কৰিম ।
- মামী !
- মই এতিয়া ৰাখিছোঁ । মই কামত যাও ।
- মামী , হেল্ল' মামী ।
নাই মামীয়ে ফোনটো কাতিছিল । মই আচৰিত হৈছিলোঁ হাৰে মোৰ মামীৰ ইমান পৰিবৰ্তন । মই এতিয়া কাক আপোন বুলি বিশ্বাস কৰিম । আচলতে এই পৃথিৱী খনত মোৰ আপোন কোনো নাই । মই অকলশৰীয়া। আজিৰ পৰা মই সকলো বুজিলো । "p>
আচৰিত ! বৰুৱা নিজে আচৰিত হৈছিল ৰাধিকা ৰ এই পৃষ্ঠাবোৰ পঢ়ি । বৰুৱা ই পিছৰ পৃষ্ঠাটো লুতিয়াইছিল । তেনেতে পিছৰ পৃষ্ঠাত বৰুৱা ৰ চকুত পৰিছিল এটা গাড়ীৰ নাম্বাৰ । "AS 16F - 7345 " লগতে পৃষ্ঠাটোত আছিল তেজৰ চেকুৰা । তাৰমানে !
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7
(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
ক্ৰমশঃ © ৰাগ ৰঞ্জন
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment