নাৰীয়ে আৰু কিমান কৰিব লাগিব সহ্য ( খণ্ড ৩২ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 20, 2021

নাৰীয়ে আৰু কিমান কৰিব লাগিব সহ্য ( খণ্ড ৩২ ) : Assamese Storyboard

Assamese Storyboard

 


        "অমানিশাৰ ছন্দে ছন্দে অপ্ৰাপ্তিৰ নিশাচৰ প্ৰাণীৰ চলন

মৰিচিকাৰ মাজতো  প্ৰাপ্তিৰ নূন্যতম আশা(Assamese Storyboard )

আশা সপোন আৰু সপোনক দিঠক কৰি মনৰ মাজত বলা

ধুমুহাজাকক নিশেষ কৰা।"


        ভিন্ন চৰিত্ৰৰ ভিন্ন প্ৰাণীৰে ভৰপূৰ এই "পৃথিৱী" নামৰ জনসমুদ্ৰখন। সমুদ্ৰৰ অসীম কোলাত নিৰৱধি হিচাপে স্থাপিত হৈ থকা স্বাৰ্ণাসদৃশ, হিৰাসদৃশতকৈও  মূল্যৱান আৰু উজ্বল মণিক কিন্তু খুব কম সংখ্যক মানুহৰ ভাগ‍্যত হে মিলে। তাকে কোৱা হয় "আকাশখন হাততে ঢুকি পোৱা"। কিন্তু ইয়াক পাবলৈ ভাগ‍্যৱান হোৱাৰ লগতে কৰ্মত নিপুণ হোৱাটো বাঞ্ছনীয়। কিন্তু কিছুমান দুষ্টলোকে ইয়াক হাততে পাবলৈ চুটি ৰাস্তাক আকোৱালি লয়। যেনে আনক ঠগি আনৰ সা-সম্পত্তি লৈ নিজে আকাশ চুবলৈ মন কৰে। ঠিক তেনেকুৱাই কৰিছিল মানসীৰ শাহুয়েক আৰু শহুয়েকে।। কিন্তু ইয়াৰ পৰিণাম কি....? প্ৰাপ্তি নে অপ্ৰাপ্তি..… সদ্গতি নে অধোগতি......। ভাল নে বেয়া.......। এইয়া সময় নামৰ নাওঁখন উভতি আহিলেহে গম পোৱা যাব। কাৰণ ইয়েই কঢ়িয়াই আনিব ইয়াৰ বাৰ্তা।


          সকলোবোৰ নিজে বিচৰাৰ দৰে হোৱাৰ বাবে মিনাক্ষী হাজৰিকাৰ মনটো খুব ভাল। "মাটিখিনি পালোঁ বাৰু। এটা চিন্তা অন্ততঃ গৈছে। এতিয়া এইক খেদাৰ ব‍্যৱস্থাটো কৰিব লাগিব। কিন্তু প্ৰথমে মাটিৰ কাগজত চহীটো হৈ লওঁক। কিন্তু এতিয়া মই ৰূপাংকৃতাহঁতৰ ঘৰৰ লগত বিয়াৰ আলোচনাটো কৰা ভাল হ'ব। দেৰি কৰি থাকিলে নহ'ব।" তেওঁ ইতিমধ্যে বিয়াৰ ফাইনেল বুলি ধৰিয়েই ল'লে। ইফালে কইনা চাবলৈ যোৱাই নাই। তেওঁৰ সকলোবোৰ কু-অভিসন্ধি ইমান সুচাৰুৰূপে হৈছে তাকে ভাবি তেওঁৰ মনটো আনন্দৰ ফুল ফুলি আছে। আনহাতে ৰক্তিমৰ বাপেকৰো মন ভাল। তেওঁ কাৰো লগত একো সমস্যা নাই। তেওঁ খালি মাটিখিনিত হে মতলব। ৰক্তিমৰ দ্বিতীয় বিবাহ এইবোৰৰ ওপৰতো তেওঁৰ একো আহে নাযায়। খালি তেওঁক কেৱল মাটিখিনি লাগে।


          ইফালে বিছনাত পৰি ৰক্তিমৰো টোপনি নাই। ইফালে যদি তাৰ মানসীক পোৱাৰ আনন্দ আনফালে আকৌ তাইক হেৰুৱাৰ এটা বেদনা। বৰ দোমোজাত সি এতিয়া! কাক এৰিব কাক ধৰিব। বিছনাত পৰি সি ইচাত্-বিচাত্ কৰি আছে। ভাবি আছে কাৰ পক্ষ ল'ব। পত্নীৰ নে মাতৃৰ। বহু সময় চিন্তা কৰিও সি একো পাৰ নাপালে।কিন্তু সি এটা কথাই ভাবিলে যে ভাল কৰ্মৰ সদায় ভাল ফাল আৰু বেয়া কৰ্মৰ সদায় বেয়া ফল। তাৰ মাকে যে বেয়া কাম কৰি আছে সেইটো সি ভালকৈয়ে বুজি পালে কিন্তু সি এতিয়া মাকৰ বিদ্ৰোহী হয় কেনেকৈ? মাক নে মানসী.......... মানসী নে মাক.........?


তাক  এনেকৈ থকা দেখি মানসীৰ চিন্তা হ'ল। তাই ভাবি উলিয়াব নোৱাৰিলে যে তাৰ হৈছে কি? কিয় সি এনেদৰে চটফটাই আছে? সি তাইৰ পৰা কিবা লুকুওৱা নাইতো? যাৰ বাবে সি হিনমান‍্যতাত ভুগিছে! কিন্তু এনে কি কথা থাকিব পাৰে?  ভাবি ভাবি একো গম নাপাই তাই শেষত আৰু তাৰ এই অৱস্থা চাই থাকিব নোৱাৰিলে। বিছনাৰ পৰা উঠি লাইটটো জ্বলাই তাই আকৌ বিছনালৈ আহি তাৰ কান্ধত হাতখন থৈ মাত দিলে-----"ৰক্তিম?"

-"হা......অ' তুমিহে।"

-"উমম্ কিয় বেলেগ বুলি ভাবিছিলা নেকি? নে আন কোনোবা হ'ব লাগিছিল?"

-"ধেৎ এইজনী কি কোৱা? কি হ'লনো তোমাৰ এই ৰাতিখন? ভোক লাগিছে নেকি?"

-"নাই লগা। কিন্তু তোমাৰ কি হৈছে ৰক্তিম? কিয় তুমি এনেকৈ আছা?"

-"মানে?"

-"মোৰ পৰা কি লুকুৱাইছা সচাঁ কথা কোৱাচোন?"

-"একো লুকুওৱা নাই মানসী( Assamese Storyboard )।,"


           তাইৰ তাৰ কথাত অলপো বিশ্বাস নহ'ল। তাই ভালকৈ জানিছিল যে তাৰ কিবা এটা হৈছে? কিন্তু কি হৈছে? যিটো কথা সি তাইকো ক'ব পৰা নাই। কিবা এটা নহ'লেসি কেতিয়াও এনেকৈ নাথাকে। সেয়ে এইবাৰ তাই তাৰ হাতখন তাইৰ মূৰত ওপৰত থৈ ক'লে --"মোৰ শপত খাই কোৱা ৰক্তিম তোমাৰ একো হোৱা নাই বুলি।"  কথাটো শুনি সি থত্ মত্ খালে। সি এনেকুৱা এটা পৰিস্থিতি হ'ব বুলি ভবা নাছিলেই। কিন্তু এতিয়া তাৰ উপায় নাইকীয়া হ'ল। তাৰ আচলতে কি হৈছে এতিয়া সি অনিচ্ছাসত্বেও তাইক ক'বই লাগিব। নহ'লে.........


      এটা দীঘল হুমুনিয়াহ টানি সি তাৰ হাতটো তাইৰ মূৰৰ পৰা গুচাই আনিলে। সিও এইবাৰ উঠি বহিল আৰু ক'বলৈ ধৰিলে ---


-"মানসী মই তোমাৰ পৰা বহুত কথাই লুকুৱাইছো। সচাঁ কথা এইটোৱেই যে মোৰ ভয় হৈছিল যদি তুমি মোৰ গোপন সত্যবোৰ জনাৰ পিছত মোক এৰি থৈ যোৱা।"

-"কেতিয়াও নাযায়। অতীতৰ বাবে বৰ্তমানটোক মই কেতিয়াও নষ্ট নকৰোঁ। মই তোমাক ভাল পাওঁ তোমাৰ অতীতক নহয়।"

-"জানো তথাপিও। মই যিখিনি কথা আজি তোমাক ক'ম সেইখিনি কথা মোৰ মা , দেউতা আৰু মোৰ বাহিৰে আন কোনোৱেই নাজানে। মই ক'বলৈ ওলোৱা কথাটোৰ তুলনাত মই ভাবি থকা কথাটো একেবাৰে নগণ্য। হয়তো কথাখিনি শুনি তুমিও বহুত আচৰিত হ'বা। কিন্তু আজি মই যি ক'ম সেই সকলোবোৰ সত্য ক'ঢ় এটাও মিছা কথা নকওঁ।


          লাহে লাহে মানসীৰ কৌতূহল বাঢ়ি আহিবলৈ ধৰিলে। তাই ভাবিবলৈ ধৰিলে এনেকুৱা কি কথা আছে তাৰ অতীতৰ যে সি ইমান ভয় কৰিছে ক'বলৈ। সি একো নোকোৱা দেখি তাই উদগ্ৰীৱ হৈ পৰিল পৰিল আৰু সুধিলে


-"কি কথা ৰক্তিম?"

-"মোৰ জীৱনৰ বহুত ৰহস্যৰ কথা। আচলতে মই মানুহটোৱে ডাঙৰ ৰহস্য মানসী এটা ডাঙৰ সাঁথৰ। যাক আজিলৈকে মই নিজেও বুজি নাপালোঁ আৰু হয়তো কেতিয়াও নাপামো। প্ৰথমতে মই তোমাক মোৰ জন্মৰ কথাই ক'ম। কাৰণ মোৰ জন্মও এটা ডাঙৰ সাঁথৰ আৰু ৰহস্য।"

-"কোৱা ৰক্তিম?"

-"ৰ'বা জাৰটোত একেবাৰে পানী নাই। মই পানী অলপ ভৰাই আনো ৰখা। নহ'লে কাহিনী কৈ কৈ মৌৰ পিয়াহ লাগি যাব আৰু তোমাৰ শুনি শুনি।"

-"যোৱা আৰু সোনকালে আহা।"

-"অ'কে অ'কে মাই ডিয়েৰ আহি আছোঁ অনলি দুমিনিটছ।"


           সি পানী ভৰাবলৈ যোৱাৰ পিছত তাইৰ মনটো আকৌ কৌতুহলেৰে ভৰি পৰিল। ভাবি পোৱা নাই তাই কি ইমান ৰহস্য আছে ইমান সাধাৰণ মানুহটোৰ জীৱনত? তাতে আকৌ জন্মৰ ৰহস্য। দেখাতটো একো ৰহস্য নাই। তাৰ মাক বাপেক সকলো আছে তেনেস্থলত কি ইমান ৰহস্য। একমিনিটমান গৈছেহে তাইৰ যেন সময়খিনি এটা বছৰ যেন লাগিল। উৎকণ্ঠা আৰু উদ্বিনতাৰে ভৰি পৰিল তাইৰ সমস্ত মন আৰু দেহা। উফফ্ কেতিয়া আহিব সি?

কেতিয়া আঁতৰিব ৰহস্যৰ সকলো পৰ্দা? কেতিয়া যৱনিকা পৰিব এই ৰহস্যময়ী ইতিহাসৰ?

ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )


✍️✍️...............…...আগলৈ...................✍️✍️

( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)


Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত
 - www.গল্প/উপন্যাস.com
( Assamese Storyboard )

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages