এগৰাকী বেশ্যাৰ হত্যাকাণ্ডৰ ৰহস্য ( খণ্ড ২৭ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 7, 2021

এগৰাকী বেশ্যাৰ হত্যাকাণ্ডৰ ৰহস্য ( খণ্ড ২৭ ) : Assamese Storyboard

Assamese Storyboard

 

বৰুৱাই আগতে ৰাধিকা ৰ উপন্যাস খনৰ কিছু কিছু অংশ পঢ়ি লৈছিল । কাৰণ এই ডায়েৰী খনৰ পৃষ্ঠাতে আছে ৰাধিকা ৰ জীৱন ৰ বহু গোপন অধ্যায় ( Assamese Storyboard )। যি অধ্যায় বোৰ পঢ়াৰ পিছত সকলোৰে ৰাধিকা ৰ প্ৰতি সহানুভূতি জাগি উঠিব । ৰাধিকা ই মামিয়েকক প্ৰতিশ্ৰুতি দিলে যে তাই ৰিপুল ৰ পঢ়াৰ সম্পূৰ্ণ খৰছ বহন কৰাৰ লগতে ঘৰ খনৰ সকলো খৰছৰে দায়িত্ব ল'লে । আৰু ৰাধিকা গুৱাহাটী লৈ ঘূৰি আহিল । বৰুৱাই আকৌ তুলি ললে ৰাধিকা ৰ ডায়েৰী খন ।এটা এটাকৈ সকলো পৃষ্ঠা ধুনীয়া কৈ পঢ়ি গৈছিল বৰুৱা ই ।


             তাই ডায়েৰী খনত লিখিছিল বেশ্যা বৃত্তিৰ অভিজ্ঞতা বোৰ । গ্ৰাহক বোৰৰ ব্যৱহাৰ বোৰ । কিমান ভয় লগা । প্ৰতিদিনে পলাশে ঠিক কৰি দিয়া গ্ৰাহক বোৰৰ লগত সময় কটাইছিল তাই । আৰু নিশা হ'লে সকলো টকা তাইৰ পৰা বাহিৰ কৰিছিল মাহী মাকে ।‌ তাই চিন্তা ত পৰিছিল । কাৰন মামিয়েকক দিয়া প্ৰতিশ্ৰুতি তাই যে ৰাখিব নোৱাৰিব ।‌কাৰন তাই উপাৰ্জন কৰা এটা টকা ও তাই চুবলৈ নাপায় । 


            শেষত তাই পলাশৰ লগত কথা পাতি মাহত দুদিন ত চাৰি জন গ্ৰাহকক সন্তুষ্ট কৰাৰ সিদ্ধান্ত লৈছিল । হঠাৎ অফিচাৰ বৰুৱাই মহিলা কনিষ্টবল এজনীক  নিৰ্দেশ দিলে ৰূপালী দত্ত ক বৰুৱা ৰ কোঠালৈ আনিবলৈ । কথা কনিষ্টবল গৰাকীয়ে ৰূপালী ক বৰুৱা ৰ ওচৰলৈ লৈ আহিছিল । বৰুৱাই ইংগিতেৰে বুজাই দিছিল বহক । ৰূপালী দত্ত ই বহিছিল ।


- ৰূপালী দত্ত ! অংকুৰণ ৰ পৰা পোৱা টকাৰে আপুনি সন্তুষ্ট নহ'ল ! আপুনি ৰাধিকা ক বেশ্যা বৃত্তিত জড়িত কৰালে !

- নহয় ছাৰ মই ,,,,,,

- শুনক মিছা কৈ লাভ নাই । ৰাধিকা ডায়েৰীৰ পৃষ্ঠাত সকলো লিখিছে । পলাশ ক আপুনি কত লগ পাইছিল ?

- পলাশক মই মোৰ বান্ধৱী এজনীৰ জড়িয়তে লগ পাইছিলো ।

- কিন্তু পলাশ যে এইবোৰ কামত জড়িত এই কথা আপোনাক কোনে ক'লে ?

- মোৰ বান্ধৱী জনীয়ে মোক এদিন কৈছিল " ৰূপালী তই গাভৰু হৈ আছ ! তই দেখোন বেশ্যা কামত জড়িত হ'ব পাৰ ? যৌৱনৰ আমেজ ও পাবি লগতে টকা ও পাবি । "

- তাৰপাছত কৈ যাওক !

- তাৰ পাছত মই সিদ্ধান্ত ললো এই কামত মই নহয় , ৰাধিকা ক নিয়োগ কৰিম । মই তাইৰ জড়িয়তে টকা উপাৰ্জন কৰিম । মই কেনেকৈ এই পথত যাৱ পাৰিম সোধোতে তাই পলাশৰ ফোন নং টো দিছিলে ।

- বঢ়িয়া ! কিন্তু আপুনি এই কামত কিয় যাৱ নিবিচাৰিলে ?

- কাৰণ মই সেই সময়ত অংকুৰণ ৰ পৰা যৌৱনৰ আমেজ লৈছিলোঁ ।

- ওৱাহ ! মিছেছ দত্ত আপোনাক কিন্তু মানিছো । কোনোফালে কম নহয় আপুনি । বাৰু এইবোৰ বাদ‌ দিয়ক পলাশক চিনি পোৱা আপোনাৰ বান্ধৱী জনীৰ নাম কি ?

- অৰুনা শইকীয়া । 

- তেখেতৰ ফোন নং নিশ্চয় আপোনাৰ ওচৰত আছে ?

- আছে কিন্তু !

- হয়, আপোনাৰ মোবাইল মোৰ ওচৰত আছে ।


            বৰুৱাই ৰূপালী দত্ত ৰ হাতত মোবাইল টো দিলে । ৰূপালী য়ে অৰুনা ৰ ফোন নংটো বৰুৱা ক দিলে । বৰুৱাই ফোন কৰি অৰুনাক সন্ধিয়া থানা লৈ মাতি পঠালে ।


              বৰুৱা ৰ সন্দেহ ! পলাশক হয়টো এইবিলাক কাৰনতে কোনোবাই হত্যা কৰিছে ।‌ সন্ধিয়া হোৱা ৰ লগে লগে অৰুনা থানা লৈ আহিছিল ।‌ কিন্তু কিছু পৰিমাণে অৰুনা ভয় ও খাইছিল । কাৰণ কি কাৰণত তাইক থানা লৈ মাতি অনা হ'ল । ভয় ভয়কৈ অৰুনা বৰুৱা ৰ ৰুমলৈ গ'ল। বৰুৱাই অৰুনা ক দেখাৰ লগে লগে প্ৰশ্ন কৰিলে ।


- কোন ?

- ছাৰ মই অৰুনা শইকীয়া ।

- অহ, বহক ।

- ছাৰ মই কোনো অপৰাধ কৰা নাই । তেনে স্থলত আপুনি মোক কিয় থানা লৈ মাতি পঠাইছে ?

- হয়, আপুনি অপৰাধ কৰা নাই । কিন্তু মোৰ আপোনাৰ পৰা কেইটা মান কথা জানিব লগীয়া আছে ।


             কি কথা ! অৰুনা কিছু পৰিমাণে চিন্তিত হ'ল ।


- আপুনি পলাশ ক চিনি পাইছিল ?

- পলাশ মানে ছাৰ ?

- সৌ সিদিনা গুৱাহাটী মহানগৰীত হত্যাৰ বলী হোৱা পলাশ ৰ কথা সুধিছো ।( Assamese Storyboard )

পলাশৰ নাম শুনাৰ লগে লগে অৰুনা ৰ গা কপিছিল ।

- মই ,,, মই 

- কওক ভয় কৰিব নালাগে ।

- পাইছিলো ছাৰ ।

- পলাশ কেনেকুৱা ল'ৰা আছিল ?

- ভালেই ছাৰ ।

- আপুনি পলাশ ক প্ৰায় লগ পাইছিল ?

- নাই পোৱা ছাৰ, মাত্ৰ দুদিন মান লগ পাইছিলো ।

- আপুনি জানিছিল নে পলাশে কি কাম কৰিছিল ?

এইবাৰ অৰুনাই বহুত ভয় খালে । কি ক'ব এতিয়া ।

- নাই নাই ছাৰ মই এইবোৰ নাজানো ।

- মই কৈছোঁ আপুনি জানে ।

- নাই মই নাজানো ছাৰ ।

- আপুনি মিছা কথা কৈ আছে ।

- মই মিছা কোৱা নাই ছাৰ ।

- ঠিক আছে ।


               বৰুৱাই মহিলা কনিষ্টবল ক নিৰ্দেশ দিলে ৰূপালী ক লৈ আহিবলৈ । কিছু সময় পাছত ৰূপালী দত্ত আহি অৰুনা ৰ ওচৰতে থিয় হ'ল । অৰুনাই ৰূপালী ক দেখাৰ লগে লগে আচৰিত হ'ল ।


- ৰূপালী তই ?

- অহ মই !

- মিছেছ দত্ত আপুনি কওক অৰুনা শইকীয়া ই পলাশে কি কাম কৰিছিল জানে নে নাজানে ?

- জানে ছাৰ ।

- আপোনাক পলাশৰ ফোন নং কোনে দিছিল ?

- অৰুনাই ছাৰ ।

- তেনেহলে আপুনি মোৰ ওচৰত মিছা কথা কিয় কলে ?

- মই ,,, মই !

- এই মিছা কথা কোৱা ৰ পৰিনামত আপোনাক ও লক আপৰ ভিতৰত সোমায় থম ।

- নাই নাই ছাৰ মই আপোনাক সকলো সচা কথা কম । মই পলাশৰ ছোৱালী যোগান ধৰিছিলো ।

- বঢ়িয়া এতিয়া হে আচল কথা ওলাৱ । আপুনি পলাশ ক কেনেকৈ চিনি পাইছিল ?

- মোৰ পেহীৰ ছোৱালী ৰ জড়িয়তে ।

- আপোনাৰ পেহীৰ ছোৱালী ৰ নাম ?

- ৰেখা ।

- কত থাকে ?

- পলাশে ভাড়া থকা ঘৰৰ মালিকৰ ঘৈনীয়েক ।

- কি !

 ‌

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7


(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )


আগলৈ…

                    ক্ৰমশঃ © ৰাগ ৰঞ্জন


Assamese Storyboard




Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages