: ভন্টি........!
: ক' দাদা?
: তোৰ লগত মোৰ কেইটামান কথা আছে। ব'লচোন মোৰ ৰুমলৈ।
পুনৰ মানসী সাজু হ'ল ককায়েকৰ আগত মিছা মাতিবলৈ। সাজু হ'ল তাই এটা নতুন পৰিস্থিতিৰ সন্মুখীন হ'বলৈ। কাৰণ তাইয়ো পৰিস্থিতিৰ দাস!( Assamese Storyboard )
: বহ।
: উমম্......... ক' কি কথা?
অনুগ্ৰহ কৰি পাঠক সকলে মন কৰিব
: মই জানো ভন্টি তোৰ হাতৰ এই অৱস্থা ঘৰৰ কাম কৰোঁতে হোৱা নাই। তই নিশ্চয় আত্মহত্যাৰ চেষ্টা কৰিছিলি নহ'বা কোনোবাই তোক মাৰিবলৈ চেষ্টা কৰিছিল। আৰু মই যিমান দূৰ জানো মোৰ ভন্টি ইমান দুৰ্বল নহয় যে আত্মহত্যাৰ চেষ্টা কৰিব? গতিকে তোক মাৰিবলৈ চেষ্টা কৰাজন কোন এতিয়া তইহে জান'!
ককায়েকৰ কথাবোৰ শুনি তাই একেথৰে তাৰফালে চাই থাকিল।
: তই যদি মোক ক'ব বিচৰা নাই তেন্তে নালাগে ক'ব। কিন্তু মনত ৰাখিবি কোনোবা থাকক বা নাথাকক মই কিন্তু সদায় তোৰ লগত আছিলোঁ আৰু সদায় থাকিম।
: তই ভুল বুজিছ দাদা। মই কোৱাটোৱেই সচাঁ। ঘৰৰ কাম কৰোঁতে কটাৰীয়ে মোৰ হাতখন কাটিলে সেইবাবে.......
: ঠিক আছে বাৰু মানি ল'লো মই যে কাম কৰোঁতেই তোৰ এই অৱস্থা হ'ল। কিন্তু তই যে মোক ফোন কৰোঁতে সদায়ে ৰক্তিমৰ মোবাইলৰ পৰা কৰ কিয়? তোৰ মোবাইলটো কি হ'ল?
: মোৰ মোবাইলটোৰ বেলেঞ্চ শেষ হৈছিল সেইবাবে।
: বিয়া হৈ যোৱাৰ দিনৰপৰা তোৰ মোবাইলৰ বেলেঞ্চ শেষেই হৈ আছে নে? আৰু যদি বেলেঞ্চ শেষ হৈছিল ৰক্তিমে ভৰাই দিয়া নাই কিয়? আৰু যদি সি নিদিয়ে তই মোক নক'লি কিয়?
: মোকনো মোবাইলটো কিয় লাগে? মোৰনো কথা পাতিবলগীয়া তোৰ বাদে আছে কোন? এটা মানুহৰ লগত কথা পাতিবলৈ ফোনটোত ভৰাম নেকি? সেয়ে মইয়ে তাক পইছা ভৰাবলৈ মানা কৰোঁ। আৰু সি অহাৰ পিছত তোলৈ ফোন কৰে।
আচলতে মানসীয়ে ৰক্তিম টোপনিত লালকাল দিয়াৰ পিছত তাৰ ফোনটো লৈ ককায়েকৰ লগত কথা পাতে। খবৰ লয় তাৰ, ঘৰখনৰ আৰু মাক বাপেকৰ।
: আৰু সি এদিনো কিয় মোৰ লগত কথা নাপাতে?
: দিনটো অফিচত কাম কৰি কৰি ভাগৰি পৰে বাবে ৰাতি অহাৰ পিছত ফোন কৰিবলৈ আৰু ভাল নাপায়।
:বাৰু তোৰ মোবাইলটো লৈ আন যা। মই বাৰু আজি পইছা ভৰাই দিম।
: অহহ্ মোৰ মোবাইলটো তাতে থাকিল নহয়।
: অ' হয় নেকি? আজি সন্ধিয়া ৰক্তিম আহোঁতে তাক লৈ আনিবলৈ ক'বি।
: ঠিক আছে।
: মই গা ধুব যাওঁ। স্কুলু যাব লাগিব নহয়। মাক ভাত বাঢ়িবলৈ কগৈ।
: দাদা.......
: কিবা ক'বি?
ককায়েকক সকলোবোৰ সচাঁ কথা কৈ দিম বুলি ভাবিও তাই ক'ব নোৱাৰিলে। মুখলৈ অহা প্ৰকৃত সত্য কথাবোৰ আকৌ তাই পেটলৈ গিলি থ'লে।
: নাই দে একো নাই। কিবা এটা ক'ম বুলি ভাবিছিলোঁ কিন্তু এতিয়া পাহৰি থাকিলোঁ। পিছত মনত পৰিলে ক'ম দে।
: কি যে হ'ব নহয় তোৰ?
সি বাথৰুমলৈ যোৱাৰ পিছত পিছত তাই বিছনাখনতে বহি পৰিল। মনত পেলালে তাই নিজৰ মোবাইলটোৰ কথা। সেইটো মোবাইলৰ জৰিয়তেই তাই নিজৰ চেনাইৰ লগত মেচেজ কৰিছিল কথা পাতিছিল। কিন্তু সেইজন চেনাইয়ে ৰাতি মদৰ নিচাত মাতাল হৈ তাইৰ সেই মোবাইলটো দলিয়াই ভাঙি টুকুৰা- টুকুৰ কৰি পেলাইছিল। তাইৰ আজিও মনত আছে তাই যেতিয়া হায়াৰ চেকেণ্ডাৰী পৰীক্ষাত ষ্টাৰ পাই পাছ কৰিছিল তেতিয়া তাইৰ বাপেকে সেই মোবাইলটো তাইক আশীৰ্বাদৰ উপহাৰৰ চিনস্বৰূপে দিছিল।
"অতীতৰ স্মৃতিবোৰে যেতিয়া মনৰ
ঢেঁকীত ধান বানিব ধৰে,
বৰ্তমানৰ শোকবোৰেও সমানেই যেন
উজান দিব ধৰে।"
চকুৰ আগত ভাহি আহিল তাইৰ সেই ৰাতিটোৰ কথা যিদিনা তাই নিজৰ মোবাইলটো হেৰুৱাইছিল। ঘটনাতো ঘটিছিল বিয়াৰ এমাহৰ পিছতেই।( Assamese Storyboard )
আনদিনাৰ দৰে সেইদিনাও ৰক্তিমে মদ্যপান কৰি অসংযত অৱস্থাত কামনাৰ একুৰা জুই চকুত বান্ধি ঘৰত প্ৰৱেশ কৰিছিল। তাই দৰজাখন খুলি দিয়াৰ লগে লগে সি তাইৰ সোঁহাতখনত ধৰি ৰুমলৈ টানি আনি বিছনাখনলৈ তাইক দলিয়াই দি তাইৰ শৰীৰটোৰ ওপৰত জপিয়াই পৰিছিল। কিন্তু তেনেতে বিছনাখনৰ সোমূৰত থকা মানসীৰ মোবাইলটো বাজি উঠিল। বাৰে বাৰে বাজি থকা ফোনটোৰ শব্দত ৰক্তিম অতিষ্ঠ হৈ পৰিছিল।
: এই ৰাতিখন তোলৈ কোনটো গিৰিয়েৰে ফোন কৰিছে?
: কোনে ফোন কৰিছে মই কেনেকৈ জানিম?
: চব পন্দ কৰিলি মানে এইচব!
খঙত অগ্নিশৰ্মা হৈ সিংহৰ দৰে গুজৰি সি ফোনটো হাতত লৈ "না ৰহেগা বাস, না বাজেগি বাসুৰী" বুলি কৈ জোৰেৰে মোবাইলটো বেৰলৈ দলিয়াই দিলে। নিমিষতে ফোনটোৱ টুকুৰা-টুকুৰ নিজৰ অস্তিত্বক হেৰুৱাই পকাত পৰি গৈছিল। গোটেই ৰাতিটো তাই ফোনটোলৈ চাই অৱশিষ্ট কেইটামান টুকুৰা হাতত লৈ কান্দিয়েই পাৰ কৰিছিল।
: ভন্টি...........!
: হা.........!
ককায়েকৰ মাতত তাই উচপ খাই উঠিল। কম দুখ পাবনে বাৰু সিহঁতে এইবোৰ শুনিলে।
: কি হ'ল? মাক ভাত বাঢ়িব ক'লিনে নাই? মোৰ গা ধুই হ'ল।
: অ' কওঁগৈ।
*************************************************
: মা দাদা স্কুল যায়। ভাত বাঢ়িব কৈছে।
: মই ভাত বাঢ়ি ডাইনিঙৰ ওপৰতে থৈছোঁ। তাক মাতি দিয়া।
: সি কাপোৰ পিন্ধি আহি আছে।
: ঠিক আছে। তুমি গাটো তিয়াই লোৱাগৈ। অলপ পিছত আমি মন্দিৰলৈ যাম।
: মন্দিৰলৈ.......?
: কিয় নোযোৱা!
: যাম কিন্তু ঘৰত কোন থাকিব?
: দেউতা থাকিব আকৌ।
: ঠিক আছে মই গা ধুই আহোগৈ।
: যোৱা।
: মা, ভাত দিয়া।
: ডাইনিঙতে দি থৈছোঁ খোৱা।
ভাতপানী খাই দিপজ্যোতি স্কুল গ'লৈ। মানসীয়েও গা-পা ধুই আহি মাকক ৰুমত সোমাল।
: মা মোক চাদৰ-মেখেলা এযোৰ দিয়া।
: আলমাৰীৰ পৰা উলিয়াই লোৱা। মোলৈকো এযোৰ উলিয়াবা।
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment