কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ২৯ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 4, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ২৯ ) ? Assamese Storyboard

Assamese Story

 

ইফালে মিথুৱে তৃষ্ণাক লৈ নিজৰ কেবিনলৈ আহিল আৰু টিমটোক আহিবলৈ কলে। সকলোৰে লগত তাইক চিনাকি কৰাই দি কলে," এওঁ হৈছে তৃষ্ণা কলিতা, যাৰ বিষয়ে মই কথা পাতিছিলোঁAssamese Story )। আৰু এওঁ হৈছে আমাৰ প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী। গতিকে আজিৰে পৰা এওঁ আমাৰ টিমৰ অংশ।"
গোটেই টিমটোৱে তৃষ্ণাক স্বাগত কৰিলে। কিছুসময় পিছত তৃষ্ণা সকলোৰে লগত মিলি পৰিল। কিছুসময় পাছত মিঠু শৰ্মাই কলে," তৃষ্ণা তুমি অহাকালিৰ পৰা কাম আৰম্ভ কৰি দিয়া।"
তৃষ্ণা:' ঠিক আছে মেম' বুলি কৈ তাৰ পৰা গুচি আহিল।


বাহিৰলৈ ওলাই আহি তাইৰ মনত পৰিল যে এই মাহতে হোষ্টেল খালি কৰিব লাগিব আৰু সেই কোম্পানীতোৰ ওচৰে পাজৰে থকা পি.জিৰ বিজ্ঞাপন চাবলৈ ধৰিলে,' ওচৰতে ৰুম এটা পোৱা হলে অফিচলৈ অহা যোৱা কৰিবলৈ সুবিধা হব।' তাৰ  পাছত তাই ঠিকনা এটা বাছি ললে আৰু গাড়ীত উঠি গল।
ঠিকণাটোলৈ গৈ তাই বেলটো বজাই দিয়াত এগৰাকী আধা বয়সীয়া মহিলাই দুৱাৰ খুলি কলে,' কাক লগ পাব বিচাৰিছা?'
তৃষ্ণা: খুড়ী মই পি.জিৰ বাবে বিজ্ঞাপন দেখা পাইছিলোঁ।
ভিতৰৰ পৰা কোনোবা পুৰুষৰ মাত আহিল," ৰাধিকা কোন আহিছে?"
সেই মহিলাগৰাকীৰ নাম ৰাধিকা,"আপুনি পি.জিৰ বাবে বিজ্ঞাপন দিছিল।"
তেতিয়াই এজন আধা বয়সীয়া পুৰুষ বাহিৰলৈ ওলাই আহিল," অ মই ওপৰৰ ৰূমটোৰ বাবে পি .জিৰ বিজ্ঞাপন দিছিলোঁ। তুমি বাহিৰত কিয় আছা ভিতৰলৈ আহা মাজনী "
তৃষ্ণা তেওঁলোকৰ লগত ভিতৰলৈ আহিল। হলৰ মাজতে চ'ফাটো থৈ দিয়া আছিল আৰু কাষতে দাইনিং এৰিয়া আছিল। সাধাৰণ কিন্তু পৰিপাটিকৈ সজাই থোৱা ৰুম আছিল।
তৃষ্ণা: খুড়া মই আপোনাৰ বিজ্ঞাপন পঢ়িছিলোঁ



গোপাল(ৰাধিকাৰ স্বামী): তুমি ইয়াৰ আগতে কত আছিলা?
তৃষ্ণাই তাইৰ হোষ্টেলৰ কথা কয়," খুড়া মই আজি আৰ .কে ফেশ্বন হাউচত চাকৰিত জইন কৰিলোঁ আৰু মই কোম্পানীৰ ওচৰে পাজৰে ৰুম বিচাৰিছোঁ যাতে অহা যোৱা কৰোঁতে মোৰ সময় বাছে আৰু মোৰ সুবিধা হয়।"Assamese Story )
ৰাধিকাই তাইক ওপৰৰ ৰূমটো দেখুৱালে। যেতিয়া তেওঁলোক দুয়ো তললৈ আহিল তেতিয়া গোপালৰ লগত এগৰাকী ২/৩ বছৰীয়া কণমানি বহি আছিল। তৃষ্ণাই ৰাধিকাক কণমানি জনীৰ কথা সোধাত কলে," আমাৰ নাতিনি হয়, ৰোহি।"
তৃষ্ণা: তেন্তে আপোনাৰ ছোৱালী ইয়াতেই থাকে?
ৰাধিকাৰ দুচকু সেমেকি উঠিল,"তেওঁ এই পৃথিৱীত নাই। ৬ মাহ আগতে মোৰ ছোৱালী আৰু জোঁৱাইৰ এক পথ দুৰ্ঘটনাত মৃত্যু ঘটিল।"
তৃষ্ণা: ক্ষমা কৰিব খুড়ী।
ৰাধিকা: মাত্ৰ এই ৰোহি বাছিল। কিন্তু সেই দুর্ঘটনাটোৰ পাছত ৰোহিৰ মাতটো হেৰাই গল। ডাক্তৰে লাহে লাহে সকলো স্বাভাৱিক হব বুলি কৈছে।
তৃষ্ণা: আৰু ৰোহিৰ ককা আইতা তাইক নিবলৈ নাহিল?
ৰাধিকা: তেওঁলোকে ৰোহিৰ ওপৰত কোনো মনোযোগ নিদিয়াত আমিও বেছি ধ্যান নিদিলোঁ। আমাৰ একমাত্ৰ ছোৱালী আছিল নৱমী। তাইৰ অন্তিম চীন হিচাপে ৰোহিক বুকুত সাৱটি ললোঁ। এতিয়া তাইয়েই আমাৰ জীয়াই থকাৰ সাৰথি।
তেতিয়াই ৰোহিৰ চকু তৃষ্ণাৰ ওপৰত পৰিল। তাই কিছুসময় তৃষ্ণাক ভালদৰে চালে আৰু তাৰ পাছত মা মা বুলি চিঞৰি দৌৰি আহি তাইক সাৱটি ধৰিলে।


গোপাল আৰু ৰাধিকা তাইৰ মাত শুনি আচৰিত হল ।
ৰাধিকাই গোপালৰ ফালে চাই কলে," আমাৰ ৰোহিয়ে ৬ মাহ পাছত কথা কৈছে। মাজনী তুমি আমাৰ বাবে কোনো চমৎকাৰতকে কম নহয়। আজি আমাৰ ৰোহিয়ে আকৌ কথা কৈছে। " তেওঁ কৈ কৈ কান্দিব ধৰিলে।
তৃষ্ণাইও ৰোহিক সাৱটি তাইৰ মূৰত হাত ফুৰাই আছিল।
কিছুসময় পাছত ৰোহি তৃষ্ণাৰ কুচতেই শুই পৰিল আৰু তাই ৰোহিক ৰাধিকাক দি কলে," মই আজিয়েই মোৰ বস্তুবোৰ লৈ আনিম।"
ৰাধিকা: মাজনী বেয়া নোপোৱা যদি কথা এটা কওঁ।
তৃষ্ণা: কওক খুড়ী।
ৰাধিকা: তুমি ওপৰৰ ৰূমটোৰ সলনি তলৰ নৱমীৰ ৰূমতেই থাকা। সেই ৰূমটো খালিয়েই হৈ আছে।
তৃষ্ণা: কিন্তু খুড়ী মই কেনেকৈ? সেইটো আপোনাৰ ছোৱালীৰ ৰুম। তাত আপোনাৰ বহুত স্মৃতি জড়িত হৈ আছে। আৰু তেওঁৰ বয়বস্তু আছে চাগে।


গোপাল: মাজনী, আজি তোমাৰ বাবে আমি আমাৰ ছোৱালীৰ অন্তিম চিন স্বৰূপ ৰোহিৰ মাতষাৰ শুনিব পাইছোঁ। গতিকে তুমিও আমাৰ বাবে নৱমীৰ দৰেই। আমি তাইৰ বস্তু বেলেগ ৰুমত থৈ দিম। সেই বস্তুবোৰ নো আৰু এতিয়া কি?  আচল চিন আমাৰ ৰোহি হয় যাৰ মাতষাৰ আজি তোমাৰ বাবে দুনাই শুনিব পালোঁ।
তৃষ্ণাই অলপ সময় ভাবি" ঠিক আছে , মই মোৰ বস্তু লৈ আনো ৰব।"

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages