এগৰাকী নাৰীয়ে আৰু কিমান কৰিব লাগিব সহ্য ( খণ্ড ১৭ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 5, 2021

এগৰাকী নাৰীয়ে আৰু কিমান কৰিব লাগিব সহ্য ( খণ্ড ১৭ ) : Assamese Storyboard

Assamese Storyboard

 

: জোঁৱাইৰ গাড়ী.......


         তেতিয়াহে মানসীয়ে ভালদৰে গাড়ীখনলৈ লক্ষ্য কৰিলে। "হয়তো এইখনতো ৰক্তিমৰ গাড়ী! কিন্তু তেওঁ ইয়ালৈ কিয় আহিছে( Assamese Storyboard )? নিশ্চয় মোক সেই যমপুৰীখনলৈ নিবলৈ আহিছে।"

    

          গেটখনৰ মাজেৰে লাহে লাহে গাড়ীখন চোতাললৈ সোমাই আহিল। গাড়ীখনৰ পৰা নামিল সুঠাম চেহেৰাৰ মানসীৰ ৰক্তিম। জোতা, মোজা, ক'লা জিনচ্, তাইৰ প্ৰিয় নীলা ৰঙৰ চাৰ্ট, হাতত ঘড়ী, কঁকালত বেল্ট, চকুত চানগ্লাচ আৰু চুলিকেইডালত জেল ঘঁহি উঠাই অনা ৰক্তিমৰ বেশভূষা দেখি আজি কিন্তু মানসী আগৰ দৰে তাৰ প্ৰতি আকৰ্ষিত নহ'ল। বৰঞ্চ ছটা ক্ষোভেহে তাইক গা কৰি ধৰিলে। গাড়ীৰপৰা দৰজাখন খুলি নমাৰ পিছত ৰাতিপুৱাৰ ৰ'দৰ জিলিকনিয়ে তাৰ মুখ চাট মাৰি ধৰাত উজ্বলি উঠিল তাৰ বগাবৰণীয়া মুখখন। লাহে লাহে সি বাৰাণ্ডালৈ উঠি আহিল। 


         মেঘৰ সেমেনাত সজোৰেৰে বিহগে জুৰিছে বিষাদৰ সুৰ। বজ্ৰপাতৰ সিমনাতো আজি যেন তাৰেই প্ৰতিধ্বনি। এবুকু মৰমেও উতলা কৰিব পৰা নাই তাইক প্ৰিয়তমক কাষতে পোৱাৰ আনন্দ। উদভাসিত, কল্লোলিত নে জৰ্জৰিত আজি তাইৰ বক্ষ। হেপাঁহৰ ৰাগত কিয় আজি যন্ত্ৰণাৰ উন্মাদ নৃত‍্য? প্ৰেম, বিৰহ নে এইয়া প্ৰেমৰ নামৰ মিছা আৱৰণ?


        চানগ্লাছযোৰ খুলি সূৰুযমুখীয়া এটি হাঁহি মাৰি মানসীৰ মাক-বাপেকক "মা-দেউতা" বুলি কৈ চৰণ চুই সেৱা কৰিলে। দিপজ‍্যোতিকো "দাদা" বুলি কৈ আকল মাৰি ধৰিলে।


: আহা আহা ৰক্তিম, ভিতৰলৈ আহা।


: ব'লক মা।


          মানসীৰ মাক, বাপেক আৰু দিপজ‍্যোতি ভিতৰলৈ গ'ল কিন্তু মানসী একেধিৰে থকা দেখি ৰক্তিমে মানসীলৈ উভতি চালে। আচলতে ইমান সময়ে কি হৈ আছে তাই ধৰিবই পৰা নাই। সি লাহেকৈ ভানসীৰ সন্মুখলৈ আহি তাইৰ গালখনত মৰমেৰে হাত বুলাই ক'লে ----


: মানসী.........!


: হা। 


: ব'লা আকৌ ভিতৰলৈ।


: অ'।


        বাস্তৱলৈ ঘূৰি আহি তাই আকৌ তাৰফালে তধা লাগি চাই থকা দেখি সি তাইৰ আৰু অলপ ওচৰলৈ আহি তাইৰ সোঁহাতখন আলফুলে ধৰি তাইক ভিতৰলৈ লৈ গ'ল।


: বহা ৰক্তিম।


           ৰক্তিমৰ হাতৰপৰা হাতখন আঁতৰাই আনি তাই ভিতৰলৈ যাব খোজোতেই ৰক্তিমে ক'লে ---


: ক'ত যোৱা মানসী?


: ভিতৰলৈ মানে মাৰ ওচৰলৈ।


: নালাগে মোৰ ওচৰতে বহা‌।


         "কি যে কথাবোৰ কৈ আছে নহয় এইজনে? লাজ-মান সব ঘৰতে এৰি আহিলে হ'বলা! কি বা কৰে এতিয়া? ৰোমেঞ্চ কৰাৰ মতলব নহয়তো? তাতে দখদা আৰু দেউতাও আছে।" 


         যাওঁ-নাযাওঁকৈ গৈ তাই তাৰ ওচৰ পালেগৈ। দুয়োটা একেলগে দীঘল চোফাখনতে বহিল।


: গাটো এতিয়া কেনেকুৱা তোমাৰ?


               "অসভ‍্য, নিৰ্লজ্জ নে মূৰ্খ তুমি? লাজ লগা নাইনে তোমাৰ এইষাৰ কথা নিজৰ মুখৰপৰা উলিয়াবলৈ? ৰাস্তাত থকা কুকুৰকেইটাৰো তোমাতকৈ অলপ লাজ আছে নেকি? নিজৰ পত্নীক কাটি মাৰি শেষ কৰি এতিয়া আকৌ সুধিছাঁ "গাটো কেনেকুৱা তোমাৰ?" যদি ভাল হয় তেতিয়াটো তোমাৰেই লাভ মাৰিবলৈ আকৌ এখন পিঠি বিচাৰি পাবা। পাবা তুমি তোমাৰ কামনা-বাসনা পূৰাবলৈ এটা শৰীৰ।


: ভালেই...........


: ৰক্তিম লোৱা চাহ খোৱা।


: দিয়ক মা।


              আজি মানসীয়ছ যেন ৰক্তিমৰ চকুত তাইৰ আগৰ ৰক্তিমটোক বিচাৰি পালে। যিটো ৰক্তিমৰ বাবে তাই এদিন বলীয়া হৈ আছিল। এৰি গৈছিল মাক-বাপেকক। তাৰ চকুত আজি তাই দেখা নাপালে প্ৰতিশোধ, খং, প্ৰৱঞ্চনা অথবা কামনাৰ জুই। দেখা পালে মাথো প্ৰশ্বতাপৰ একোৰা অগ্নিপিণ্ড। আজি বহুত দিনৰ মূৰত তাই তাৰ চকুত দেখিলে তাইক হেৰুৱাৰ ভয়, তাইৰ প্ৰতি চিন্তা। কিন্তু যদি সি তাইক হেৰুৱাবলৈ ইমানেই ভয় কৰে তেন্তে তাইৰ লগত কিয় হিংস্ৰৰ দৰে ব‍্যবহাৰ কৰে? কিয় তাইক বান্ধি থয় ভয়ৰ শিকলিৰে?


: মা, দেউতা, দাদা মই যাওঁ দিওঁক। অফিচ আছে নহয় দেৰি হ'ব নহ'লে। সন্ধিয়া বাৰু আকৌ এপাক আহিম। মানসী ভালকৈ থাকিবা, যাওঁ দিয়া।


              কথাখিনি কৈ একছেকেণ্ডো তাত নৰখি সো-সোৱাই তাৰ পৰা সি গুছি গ'ল। আজি বহুত দিনৰ মূৰত তালৈ মানসীৰ খঙৰ সলনি অকণমান ভাল লাগিল। ভাল লগা, বেয়া লগা বোৰ জানো মানুহৰ ব‍্যবহাৰতেই নিৰ্ভৰ নকৰে.......কিন্তু মানুহৰ ব‍্যবহাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে? মানুহৰ ব‍্যবহাৰ নিৰ্ভৰ কৰে অৱস্থা আৰু পৰিস্থিতিৰ ওপৰত। কাৰণ আমি হৈছো পৰিস্থিতিৰ দাস।( Assamese Storyboard )


======================================


: হেৰি লওঁক কফিকাপ খাই লওঁক।


             ৰক্তিমৰ মাকে বাৰাণ্ডাত বহি থকা গিৰিয়েকলৈ কফিকাপ আগবঢ়াই দিলে।


: ৰক্তিম ক'ত গ'ল?


: মানসীহঁতৰ ঘৰলৈ। মানে প্ৰথমে সিহঁতৰ ঘৰত সোমাই তাৰপিছত অফিচলৈ যাব।


: ঠিকে আছে। তুমি তাক কথাবিলাক ভালদৰে বুজাই দিছা নহয়।


: উমম্ দিছোঁ।


: সি বুজিছেনে নাই?


: বুজিছে আপুনি চিন্তা কৰিব নালাগে।


: যোৱাবাৰ চিন্তা নকৰোতে কি হ'ল দেখিলোঁ। এইবাৰ যদি............


: এইবাৰ তেনেকুৱা একো নহয়।


: হমম্, ভাল কথা । যি মন যায় তাকে কৰা খালি মাটিখিনি আমাৰ নামত কৰা।


: আপুনি চিন্তাই নকৰিব। এইবাৰ সব আমাৰেই হ'ব।


ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )


✍️✍️...............…...আগলৈ...................✍️✍️

( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)


Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত
 - www.গল্প/উপন্যাস.com
( Assamese Storyboard )

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages