এগৰাকী বেশ্যাৰ হত্যাকাণ্ডৰ ৰহস্য ( খণ্ড ২৬ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 6, 2021

এগৰাকী বেশ্যাৰ হত্যাকাণ্ডৰ ৰহস্য ( খণ্ড ২৬ ) : Assamese Storyboard

Assamese Storyboard

 

মামাৰ মৃত্যু ৰ খৱৰ শুনি মই মূহুৰ্ততে ভাগি পৰিছিলো ।‌ মাৰ পিছত এজনে মৰমৰ মামা আজি সেইজন ও নাই ( Assamese Storyboard )। আচলতে ইমান দিন মোৰ মামা হতৰ লগত কোনো সম্পৰ্ক নথকা বাবে এই খৱৰ নাপালোঁ । মই ওলাই অহা কান্দোন টি হেচি ৰাখিব নোৱাৰিলোঁ । চকুৰ পতাত ভাহি উঠিছিল ঘৰ্মাক্ত দেহত বোকা লাগি থকা পথাৰৰ পৰা অহা অৱস্থাত মামাৰ ৰূপটো ।

অনুগ্ৰহ কৰি পাঠক সকলে মন কৰিব


আজি দিনৰ ১২ বজত  SMJ24 ত প্ৰকাশ পাব এখন নতুন ধাৰাবাহিক "মোহময়ী হত্যাকাৰী"

- নাকান্দিবা , কিন্তু তোমালোকৰ মামাৰ ঘৰৰ লগত ইমান দিন যোগাযোগ হোৱাই নাছিলে নেকি ?

- নাই , মোৰ মাৰ মৃত্যু ৰ পাছত মামাৰ ঘৰলৈ অহাই নাছিলোঁ ।


          মানুহ জনী কিছু সময় নিৰবে আছিলে ।হয়টো মোৰ মাৰ মৃত্যু ৰ কথাটো শুনি তেখেতে দুখ পাইছে ।


- তোমাৰ ঘৰত এতিয়া কোন কোন আছে ?

- মোৰ ঘৰত মাহী মা আৰু মই ।

- তোমাৰ দেউতা !

- দেউতা ও ধুকাল ।

- অহ, বেয়া নাপাবা দেই তোমাক এইবোৰ কথা সুধি দুখ হে দিছোঁ ।

- নাই নাই ।

- এটা কাম কৰা তুমি আজি ঘূৰি যাৱ‌ নালাগে আজি আমাৰ ঘৰতে থাকি দিয়া । ইমান কষ্ট কৰি আহিছা !

- নাথাকো নেকি !

- একো নহয় । আমাৰ ঘৰ খনত বৰ বেছি মানুহ নাই । মই আৰু মোৰ স্বামী । ল'ৰা জন অসমৰ বাহিৰত পঢ়ি আছে ।


               মই সেইদিনা তেখেত সকলৰ ঘৰত থাকি দিছিলোঁ । তেখেত সকলৰ আতিথ্যত মই মুগ্ধ হৈছিলোঁ । বৰ ধুনীয়া কৈ সেইদিনা ৰাতি মোক তেখেত সকলে ৰাখিছিল । পিছদিনা ৰাতিপুৱা শুই উঠিয়েই গা ধুই আহি মই তেখেত সকলৰ ঘৰৰ পৰা বিদায় মাগিছিলো ।


            মই মামিৰ মাকৰ ঘৰখন চিনি পাওঁ । ভাৱিলো আহিছোঁ যেতিয়া এবাৰ মামিক দেখা কৰি যাও । সেয়েহে মই মামিৰ ঘৰলৈ গৈছিলো । মামি হতৰ ঘৰৰ অৱস্থা ভাল নহয় । মামিৰ ককায়েক জন ডেকা অৱস্থাতে ধুকাইছিল । মামিৰ বিয়াৰ পাছত মামিৰ মাক জনী অকলে আছিল । মামি হতৰ ঘৰৰ তাহানিৰ জুপুৰিটো আজিও আছে । কিন্তু ঘৰটো ৰ অৱস্থা এনেকুৱা হৈছে যে এজাক ডাঙৰ বতাহ বৰষুণ ত বাগৰি পৰিব । মই বাহিৰৰ পৰা চিঞৰিছিলো ।


- মামি ! মামি 

মই জানো মোক দেখাৰ লগে লগে মামিয়ে মোৰ ডিঙিত ধৰি কান্দিব । 

কিছু সময় পাছত মামাৰ একমাত্ৰ কনমানি ল'ৰা জন ওলাই আহিছিল ।  ফটা হাল্ফ পেন্ট আৰু খালি গাৰে ওলাই অহা মামাৰ ল'ৰা ৰিপুল ক দেখি মোৰ হৃদয় খনে কান্দি উঠিছিল । 


- মা নাই ।

- বাহ: ৰিপুল তই ডাঙৰ হলি ।

সি মোক চিনি পোৱা নাছিলে । কাৰন সি কোচতে থাকোঁতে তাই অহা । এতিয়া তাৰ চাগে আঠ বছৰ মান হ'ল ।

- ঐ মোক চিনি পাইছ নাই ?

সি মোৰ জোঁকাৰি দিছিল । তাৰমানে সি চিনি পোৱা নাই ।

মই তাৰ ওচৰলৈ গৈছিলো । তাৰ গাত হাত বুলাই সুধিছিলো !

- তই মাজনী বাৰ নাম শুনিছ ?

মোক মামা মামি হতে মৰমতে মাজনী বুলি মাতিছিল ।

- শুনিছোঁ , আমাৰ জেঠীৰ ছোৱালী মানে মোৰ বা । আমাৰ মায়ে কৈছে মাজনী বা হেনো বৰ ধুনীয়া আপোনাৰ দৰে ।

- পোৱালী মই তোৰ মাজনী বা ।

- তুমি মাজনী বা । 

- অহ 

- জানা মাজনী বা আজি মা বৰ সুখী হ'ব ।

- কিয় ?

- তোমাৰ কথা কৈ কৈ মায়ে কান্দে । কয় আমাৰ মাজনীয়ে আমাক পাহৰি গল , তাই ডাঙৰ হ'ল এতিয়া তথাপি মামিয়েকৰ খৱৰ নলয় ।

তাৰ কথা বোৰ বৰ মৰম লগা ।

- মা কত গৈছে ৰিপুল ?

- মা কামলৈ গৈছে ।


           বুজিলো মামিয়ে এতিয়া জীৱন সংগ্ৰামত নামি পৰিছে । উপায় নাই ঘৰ খন চলাব লাগিব ।সি মোৰ হাত এখনৰ আঙুলি দুটাত ধৰি ভিতৰলৈ টানি লৈ গৈছিল । 


-বলা  মাজনী বা ভিতৰলৈ বলা ।

মই তাৰ লগত ভিতৰলৈ সোমায় গৈছিলো । দেখিছিলো ভিতৰৰ মজিয়াত এখন আধা খোৱা ভাতৰ থাল ।

- ৰিপুল তই ভাত খাই আছিলি ?

- উম ।

- ঠিক আছে তই ভাত খাই ল'


           সি ভাত খাৱ বহোতে মই তাৰ থাল খন ভালকৈ লক্ষ্য কৰিছিলোঁ । সি এটুকুৰা পিয়াজ , কাষত এটা জলকীয়া নিমখ ,তেলেৰে খাই আছিলে । যিটো দৃশ্য দেখাৰ লগে লগে মোৰ মনত পৰিছিল মামায়ে কোনো দিন খালি ভাত খোৱা নাছিল । মামায়ে প্ৰায় কৈছিল " শুনিছ মাজনী কষ্ট কৰিছোঁ কিয় খাবলৈ । সেয়েহে জীয়াই থাকোঁতে মাছে মঙহে উদাৰ পুৰাই খাৱ লাগে " । কিন্তু আজি তেওঁ ৰ লৰাই শুদা ভাত খাৱ লগা হৈছে । মোৰ হঠাৎ চকুৰ পানী বাগৰি আহিছিল ।( Assamese Storyboard )


- ৰিপুল মায়ে আঞ্জা বনোৱা নাছিলে ?

- বা মায়ে পোৱা টকা কেইটা আইতাৰ ঔষধ ৰ নামতে যায় । আৰু মই এনেকৈয়ে খাই ভাল পাও ।


            বুজিছো , সি বয়সতকৈ বহুখিনি আগুৱাই গৈছে , বুজা হৈছে । আজি নিষ্ঠুৰ পৰিস্থিতি ক মানি লবলৈ বাধ্য হৈছে । সি বৰ তৃপ্তি ৰে ভাত কেইটা খাই উঠিছিল । 


- মাজনী বা বলা আইতাৰ কোঠালে যাও ।

মই তাৰ লগত আইতা থকা কোঠাত সোমায় গলো । গ্ৰীষ্মৰ প্ৰসৰ গৰমৰ উত্তাপত অসুখীয়া মানুহ জনী বিছনা ত কেকাই কেকাই পৰি আছিলে ।


- আইতা এয়া কোন আহিছে চোৱা ।

- কোন আহিছে ৰিপুল ?

- তুমি চোৱা আকৌ ।

- আইতা মই মাজনী !

- মাজনী !


            আইতা মানে মামিৰ মাকে মোৰ ফালে একে লেঠাৰিয়ে চাই আছিল । হয়টো আইতাৰ এতিয়া কিছু পৰিমাণে চকুৰ দৃষ্টি শক্তি ও কমিছিল ।


- মাজনী তই ইমান ডাঙৰ হলি । তই মামিয়েৰাক পাহৰি গলি ন ?

- নাই পাহৰা আইতা । 

- কি কৰিবি মাজনী মোক বেমাৰে কোঙা কৰি পেলালে । ভগবানক খাতিছো মোক যেন সোনকালেই পৃথিৱীৰ পৰা লৈ যায় ।

- আপুনি ভাল হ'ব আইতা । নাপায় নহয় তেনেকৈ কব ।

- কিন্তু শুন মাজনী মোৰ মৃত্যু ৰ পাছত তই ৰিপুল আৰু মামিয়েৰাৰ খৱৰ লৈ থাকিবি দে ।


               তেনেতে মামিয়ে বাহিৰত ৰিপুল ৰিপুল বুলি চিঞৰিছিল । হয়টো কামৰ পৰা আহি পালে । ৰিপুলতকৈ মই মামিক আচৰিত কৰিবলৈ আগত ওলাই গৈছিলো । মোক সন্মুখত দেখাৰ লগে লগে মামি আচৰিত হৈছিল । কিন্তু মামিক দেখাৰ লগে লগে মোৰ খুব দুখ লাগিছিল । মোৰ ধুনীয়া মামি জনী ৰ মুখৰ ৰং সলনি হ'ল । সেন্দুৰ বিহীন হ'ল কপাল খন ।


- মাজনী তুমি !

- অহ মামি !

- মই সপোন ত ও ভৱা নাছিলোঁ তুমি যে কেতিয়াবা মোৰ আৰু ৰিপুল ৰ ওচৰলৈ আহিবা ।

- কিয় নাহিম মামি । কিন্তু মই দুখিত মাৰ মৃত্যু ৰ পাছত ,,,,,,

- মই জানো মাজনী । ৰবা মই গা ধুই আহো তাৰ পিছত ধেৰ কথা পাতিম ।


           মই কিছু সময় আইতা আৰু ৰিপুলৰ লগত কথা পাতিলো । ইতিমধ্যে মামি গা ধুই আহিল । আহিয়েই মামিয়ে মোক বুকুৰ মাজত তানি লৈ গৈছিল ।আৰু হুকহুকাই কান্দিছিল । মই যে সান্তনাৰ ভাষা বিচাৰি পোৱা নাছিলোঁ । কি কম মামিক , কেনেকৈ বুজাম । কিন্তু এটা কথা মই গম পালোঁ মামিৰ চলিবলৈ বৰ কষ্ট হৈছিল । মই যাওতে মোৰ লগত থকা ছয় হাজাৰ টকা লগত লৈ গৈছিলো । শেষত সিদ্ধান্ত ললো ইয়াৰে কিছু টকাৰে মামি আৰু ৰিপুলক কিবাকিবি কিনি দিম । 


- ঐ ৰিপুল মাংস খাবি ?

- খাবৰটো মনে যায় ! আজি দুমাহ মান হৈ গ'ল প্ৰতাপ বৰতা হতৰ সকামতে খোৱা ।

- হ'ব আজি মাংস মই আনিম ।

- নালাগে মাজনী বা , তুমি আমাৰ আলহী আমি হে তোমাক খুৱাব লাগে । কিন্তু মাৰ ,,,,,

- ঐ চুপ । তই ভালকৈ পঢ়ি যেতিয়া চাকৰি কৰিবি তেতিয়া মোক খুৱাবি । কিন্তু আজি মই তোক খুৱাম হ'ব ?

- হ'ব মাজনী বা ।


                 সেইদিনা খন মই আবেলি মামি হতৰ ওচৰতে থকা চেন্টাৰত গৈ মামিৰ আপত্তি স্বত্বেও মামিৰ কাৰনে শাৰী , ৰিপুল ৰ কাপোৰ , আইতাৰ ঔষধ আৰু কিছু পৰিমাণে ঘৰুৱা বজাৰ কৰি লৈ আহিছিলো । সেইদিনা মই ৰিপুলৰ মুখত এটা সুখী হাহি চাব বিচাৰিছিলো । মামিৰ সেতা পৰা গাল দুখনত নিস্তেজ দিম্পল চাব বিচাৰিছিলো । সেইদিনা ৰাতি মামিয়ে মোৰ লগত সকলো কথাই শ্বেয়াৰ কৰিছিল । মামাৰ বেমাৰৰ চিকিৎসা কৰাৰ কাৰনে মামিয়ে মাটি বাৰী সকলো বিক্ৰী কৰিছিল । শেষত নিজৰ থকা মাটি খিনি ও বিক্ৰী কৰিছিল । মামাক বচাবলৈ মামিয়ে বহুত কষ্ট কৰিছিল । কিন্তু মামা সুস্থ নহ'ল । মই মনতে সিদ্ধান্ত ললো মায়ে কোৱা কামটো কৰিম । মই ৰিপুল আৰু মামিৰ কাৰনে এই কাম কৰিম । মামি হতক মই কষ্ট আৰু চাব নোৱাৰোঁ । মই দেহ বিক্ৰী কৰিম । এয়া ই মোৰ শেষ সিদ্ধান্ত । 


            বৰুৱাই ৰাধিকা ৰ ডায়েৰী খন কিছু সময় পঢ়িব এৰিলে ।‌ বৰুৱা ই ৰাধিকা ৰ মানসিকতা ৰ কথা গভীৰ ভাৱে চিন্তা কৰিলে ।


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7


(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )


আগলৈ…

                    ক্ৰমশঃ © ৰাগ ৰঞ্জন


Assamese Storyboard




Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages