পৰাগে অকণমানি বাঁহৰ খিৰিকী খনেদি বাহিৰলৈ চালে। সূৰ্য্য উদয় হোৱাৰ আগমনি প্ৰায় আন্ধাৰ আন্ধাৰ সময় খিনিত এটি মধুৰ অনমনা সুগন্ধ তাৰ নাকত লাগিলহি( Assamese Storyboard )। সি চৌদিশে চালে, শান্ত সমাঁহিত প্ৰকৃতি......! এই সময় খিনি কিবা বিশেষ নেকি বাৰু....! ক'তো সাৰ সুৰ নাই। কেৱল শান্ত নিৰিবিলি পৰিবেশ। কিয় জানো এই সুগন্ধ খিনি য়ে তাক কিবা এটি অজনা শিহৰনেৰে ভৰাই তুলিছে...! সুগন্ধ খিনিক বিচাৰি সি যেন এতিয়াই বাঁহৰ খিৰিকী খনেদি ওলাই যাব। হয় সি আৰু ৰৈ থাকিব নোৱাৰিলে.....সি ওলাই বাহিৰ পালেহি। খেৰি ঘৰটো ৱেও যেন নিঃ শব্দ ভাৱে তাৰ কাষতে লৈ তাৰ লগ দিছে...।p>
আচলতে পৰাগে এইবাৰ মেট্ৰিক দিব। ৰাতিপুৱা সোনকালে উঠি পঢ়া শুনা কৰাটো তাৰ সৰুৰে পৰা অভ্যাস। সেইদিনা সি ৰাতিপুৱা তিনিমান বজা ৰে পৰা বহি পঢ়ি আছিল। তাৰ জীৱনৰ প্ৰতি সি এটা নিজস্ব আদৰ্শ গঢ়ি লৈছে। সি বিজ্ঞান আধ্যাত্মিক তা আৰু সাহিত্য ভাল পায়..। আগলৈ সি এজন বিজ্ঞানী হবলৈ বিচাৰে, মাজে মাজে সাহিত্যিক হবলৈ ও মন যায়.। সন্ধিয়া আৰু পুৱাৰ এই সময় খিনি ত বিনন্দিয়াৰ সৃষ্টি ৰ কণে কণে সমহিত হয় থকা এক পাৱন শক্তিৰ অনুভূতি ত তাৰ অন্তৰ অনাবিল আনন্দ ৰে ভৰি পৰে। সি অবাক হৈ চাই আকাশৰ ফালে। কোনে সৃষ্টি কৰিলে এই সৃষ্টি? কৰপৰা নো আহিল সি ? কলৈনো যাবগৈ? কি বা কৰিব লাগিব সি আগলৈ ? হৃদয়ত তোলপাৰ লগোৱা আনন্দ আৰু বিষাদ বোৰ নো কি ?সি নামঘৰত আৰু মাকৰ মুখত শুনা ,অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ অধিকাৰী হৰিলৈ মুৰ দোৱায় । বৰগীত ৰ সুৰবোৰ অন্তৰলৈ কৰবাৰ পৰা ৰিণিকী ৰিণিকি ভাঁহি আহে " ঈশ স্বৰূপে হৰি সৱঘটে বৈঠহ যৈচন গগন বিয়াপি ".....!
সেইয়ে সি নিজা ধৰণেৰে জীৱন টোক গঢ় দিবলৈ কৃচ্ছ সাধনা আৰম্ভ কৰিছে।পৰাগে সুগন্ধটিৰ উৎস বিচাৰি পালে। সি দেখিলে তাহতৰ ঘৰৰ সন্মুখৰ বাগিচা খনিৰ পৰাই এই সুগন্ধ টি আহিছে। পৰাগে বাগিচা খনিৰ মাজত ফুলি থকা সুগন্ধি গোলাপ ফুল যুপিৰ কাষলৈ গ'ল আৰু ফুল পাহিলৈ ৰ লাগি চাই ৰল ..!! গোলাপ পাহি লৈ কিয় জানো তাৰ মৰম লাগি গল। এক গভীৰ প্ৰেমৰ অনুভূতিয়ে তাৰ অন্তৰখনত শিহৰণ তুলিলে। সি দীঘল কৈ একেটা উশাহতে যেন গোলাপ পাহিৰ গোটেই সুগন্ধ খিনি হিয়াত ভৰাই লব.....! গভীৰ আবেগেৰে সি তিনি বাৰ মান দীঘল দীঘল কৈ উশাহ লৈ গোলাপ পাহিৰ সুগন্ধ খিনি হিয়াৰ ভিতৰত ভৰাই লবলৈ প্ৰয়াস কৰিলে। হঠাতে তাৰ পঢ়াৰ টেবুল খনি লৈ মনত পৰিল। সি তৎক্ষণাৎ যাবলৈ প্ৰস্তুত হল। কিন্তু সুগন্ধ টোৱে যেন তাক বান্ধি পেলালে। তথাপিও সি জোৰ কৈ উঠি আহি পঢ়া টেবুল খনত বহি পৰিলেহি। কিন্তু। ই কি ..?সি পঢ়াত দেখোন সমুলি মন বহাব পৰা নাই। সেই গোন্ধ টিৱে তাক যেন সন্মোহিত কৰি পেলালে।সি নিজকে বান্ধি ৰাখিব নোৱাৰিলে..। পঢ়া টেবুলৰ পৰা উঠি গৈ সি গোলাপ পাহিৰ ওচৰত আঠু কাঢ়ি বহি পৰিল। খুউব মৰমেৰে আৰু একাজলি সুগন্ধ হিয়াত ভৰাই ল'লে।তথাপিও যেন তাৰ হেঁপাহ পলুৱা নাই। সি আনন্দত বিভোৰ হল।...( Assamese Storyboard )
কিন্তু অকস্মাতে আকৌ তাৰ পঢ়া টেবুল খনলৈ মনত পৰিল। সি টো তাৰ পঢ়া-শুনাৰ কাৰণে যাব ই লাগিব...!! এক খঙৰ আৱেসে তাক আৱৰি ধৰিলে কিয় জানো খুব যান্ত্ৰিক ভাৱে সি এটা সিধান্ত লৈ পেলালে...! ফুলপাহ চিঙি আনিবলৈ বুলি হাতখন গছ জোপা ৰ ভিতৰলৈ আগবঢ়াই নিলে ..। কিন্তু এক তীব্ৰ যন্ত্ৰণা ত সি চিৎকাৰ কৰি উঠিল.....! গোলাপৰ কাঁইটে তাৰ হাতৰ মাজলৈ প্ৰৱেশ কৰি ছাল এৰুৱাই নিলে... হাতত তেজ বিৰিঙি উঠিল। খঙে বিষে সি জৰ্জৰিত হল। সি ফুল পাহ চিঙি আনি দূৰলৈ দলিয়াই দিলে।দুখ পোৱা হাত খন মোহাৰি মোহাৰি সি গৈ পঢ়া টেবুলত বহি পৰিল আৰু পঢ়া শুনা আৰম্ভ কৰি দিলে।
আধা ঘণ্টা মান পঢ়া ৰ পিছত তাৰ ভিতৰৰ পৰা যেন এটি অপৰাধ বোধৰ বেদনাই হৃদয়ৰ পৰা ক্ৰমাৎ মগজুলৈকে তীব্ৰ ভাৱে দংশন কৰিবলৈ ধৰিলে। সি আৰু ক্ষন্তেক সময়ো বহি থাকিব নোৱাৰিলে। তৎক্ষণাৎ উঠি গৈ সি বাগিচাৰ ওচৰ পালেগৈ। সি দেখিলে, গোলাপ ৰ সতেজ পাহিবোৰ চেদেলি ভেদেলি হৈ আঁতৰত চিতিকি পৰি আছে। তাৰ নিজকে এটা হত্যা কাৰি যেন লাগিল..!! সি তীব্ৰ যন্ত্ৰণা ত কান্দি পেলালে। দুহাতেৰে ফুলৰ আলফুলীয়া পাহি বোৰ সাৱতি এটা ভয়ংকৰ অপৰাধীৰ দৰে সি গোলাপ যুপিৰ ওচৰত আঠু কাঢ়ি বহি পৰিল...!
ক্ষমা...ক্ষমা ...ক্ষমা..,!!
ক্ষমা খুজিব সি গোলাপ যুপিক...। মুখেৰে অস্ফুত স্বৰেৰে গোলাপ যুপিলৈ চাই সি কিবা কিবি ভোৰ ভোৰাবলৈ ধৰিলে। কেৱল দুচকুৰে কেৱল তাৰ চকুলো বাগৰিলে.....!শান্ত প্ৰকৃতি খনৰ মাজত এটি অশান্ত মন লৈ মাথোঁ এক অসহায় অপৰাধী মনেৰে সি ভাবিছে,"কিয় বাৰু সি ফুল পাহিক নুবুজিলে.....! পাৰিবনে বাৰু সি কেতিয়াবা সেই ফুল পাহিৰ ওচৰত অন্তৰৰ নানা ৰঙৰ আবেগ বোৰ চটিয়াই দি মুকলি মনেৰে অকণমান বহিবলৈ.?? "এটি গভীৰ হুমুনিয়াহ তাৰ বুকুৰ ভিতৰৰ পৰা ওলাই আহিল।সি নিজকে প্ৰশ্ন কৰিলে , কিয় বাৰু পঢ়িছে সি..? কি হবলৈ..! অন্তৰৰ উমাল মৰম ভাল পোৱা, আবেগ অনুভূতি আৰু সংবেদনা বিহীন জীৱন টোৰেই বা সর্থকতা কত.....?? অনুতাপৰ জুই কুৰাই তাৰ অন্তৰ খন দহিবলৈ ধৰিছে..!! তেতিয়া লাহে লাহে পোহৰ হৈ আহিবলৈ ধৰিছে।সূৰ্য্য উদয়ৰ ৰাঙলী কিৰণ পূব আকাশত বিৰিঙী উঠিছে। শান্ত প্ৰকৃতি খনে এটি নতুন দিনৰ শুভ আৰম্ভণিৰ কাৰণে প্ৰস্তুত হৈছে। দীঘল কৈ এটি উশাহ লৈ পৰাগ থিয় হল আৰু চাৰিওফালে চালে । উদিত সূৰ্য্যৰ উজ্বল কিৰণ আহি তাৰ মুখত পৰিছেহি। পৰাগে ভাবিলে ,পাৰিবনে বাৰু সি এটি নতুন দিন ৰ আৰম্ভণি কৰিব , যত সি তাৰ অন্তৰ খনেৰে সহজ সৰল আৰু আনন্দৰে জীয়াই থাকিব পাৰিব..!! এটি আশা বাদী মনেৰে সি পূব আকাশ ৰ উদিত সূৰ্য্যটোলৈ চাই ৰল...!!!
- কৃষ্ণা প্ৰিয়া❤️
...... সমাপ্ত.......
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment