: ৰক্তিম......
: কোৱা মা?
: মোৰ কথাখিনি মন দি শুন। এইবাৰ যাতে একো খেলিমেলি নকৰ'.....( Assamese Storyboard )
: ঠিক আছে কোৱা?
: শুন, তাই যিহেতু আমাৰ ব্যবহাৰত কথা সকলোবোৰ গম পাইছেই গতিকে তাই ইমান সহজে আমাক বিশ্বাস নকৰিব। কিন্তু এইবাৰ আমি তাইৰ বিশ্বাস মৰমেৰে জিনিব লাগিব। তাইক আমি পুৰা মৰমৰ মাজত ৰাখি কামটো কৰিব লাগিব যাতে তাইৰ অকণো সন্দেহ নহয়।
শুন তই কাইলৈ সিহঁতৰ ঘৰলৈ যা তাইক ক্ষমা খোজ দৰকাৰ হ'লে তাইৰ ভৰিত পৰিবি কিন্তু তাইৰ ক্ষমা কৰি দিয়াৰ পিছতহে ঘূৰি আহিবি। আৰু তাই ক্ষমা কৰাৰ পিছত তাইক ঘৰলৈ অনাৰ কথাটো ক'বি যদি তাই মান্তি হয় তেন্তে ভালেই আৰু যদি নহয় তেন্তে মই তাইক মান্তি কৰাম। বুজিলি।
: উমম্ বুজিলোঁ মা। তাই এনেও মোক বহুত ভাল পায় । অলপ কন্দাকটা কৰিলেই মানি যাব। আৰু যদি নামানে তেন্তে তুমি আছাই নহয় নে কি কোৱা.........?
: উমম্। কিন্তু মনত ৰাখিবি খং নামেই চণ্ডাল গতিকে এইবাৰ তাইক খঙেৰে নহয় মৰমেৰে মনাব লাগিব।
: নহয় মা মৰমেৰে নহয় মিছা মৰমেৰে।
: Right, Right
: হা হা হা......
: পিছে মোৰ প্লেনটো কেনেকুৱা পালি?
: excellent মা।
: thank you thank you.
: ৰক্তিম এইবাৰ যিকোনো প্ৰকাৰে কামটো কৰিবই লাগিব নহ'লে তোমাৰ দেউতাই আমাৰ দুটাক কি কৰে একো ঠিক নাই। বুজিছা নহয়.......?
: don't warry মা এইবাৰ সকলো আমাৰেই হ'ব।
: হমম্.................।
=*=*=*=*=*=*=*=*=*=*=*=*=*=*=*=*=*=*=*=*=
: দিপ, মুনু আহা ভাত খোৱাহি। হেৰি শুনিছে আপুনিও আহক.....।
কথা পাতি থাকোঁতেই মাকে সিহঁত দুটাক ভাত খাব মাতিলে।
: অই ভন্টি, মুনু কাৰ নাম?
: মোৰ নাম, মানে মোৰ নতুন নাম । দেউতাই দিছে।
: অ' আটছা।
: ব'ল ব'ল এতিয়া ভাত খাওঁগৈ। মোৰ বহুত ভোক লাগিছে।
: ব'ল।
দুয়ো গৈ ড্ৰাইনিং টেবুলত বহিলগৈ। মাকে ভাত বাঢ়িলে আৰু কথা পাতি পাতি হাঁহি-ফূৰ্তিৰ মাজেৰে চাৰিওজনে ভাত খাই উঠিল।
: পিছে ভন্টি, তোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে? তোৰ favourite ৰঙৰ আনিছো।
: ভালেই লাগিছে কিন্তু বৌৰ যোৰ বেছি ভাল লাগিছে।
: তেন্তে সেইযোৰেই তই ল'বি।
: নাই নাই নলওঁ দেই তোৰ ঘৈণীয়েকৰ কাপোৰ।
: বিয়া ঠিক হোৱাই নাই তই ঘৈণী বনালিয়েই।
: হ'ব হ'ব ইমান ৰাতিখন দুয়োটাই মুখ চুপতি মাৰিব থাকিব নালাগে। দুয়োটাই গৈ সন্মুখৰ ৰুমটোৰ চোফাকেইখন আঁতৰাই পকাতে ঢালাই পাৰি দিয়াগৈ।আজি চাৰিওটা একেলগে শুম। এনেও এটা বাজি গ'লেই অলপ পিছতে ৰাতি পুৱাবই এতিয়া আৰু ভাগে ভাগে বিছনা পাৰি থকাৰ সময় নাই।
: ইহ্ নহ'ব দেই মা। আমি তিনিটা মানে দেউতা, মই আৰু তুমি একেলগে শুম। দাদাই নিজৰ ৰুমতে শুব। ইমান ঘুঙাই থাকে ই , ইয়াৰ নাকৰ বাজনাত মোৰ যে টোপনিয়েই নাযাব।
: একো নহয় দিয়া মুনু। আজিকালি ইয়াৰ আৰু সেইটো বেমাৰ নাই নহয়। মই ডাক্তৰক দেখুৱাই দেখুৱাই ভাল কৰিলোঁ নহয়। যোৱা এতিয়া মই বাচনখিনি ধুই গৈ আছো।
মাক যোৱাৰ পিছত তাই ককায়েকক হাততে মাৰি ক'লে -------
: অই বেঙা। বৌৰ লগত কথা পাতিবলৈ ইমান ধুনীয়া সুযোগ এটা দিছিলোঁ তাকো হেৰুৱালি।
: কেনেকৈ কথা পাতিম তাইৰ নম্বৰটোৱেই নাই......
: যি দেখিছোঁ তোৰ দ্বাৰা আৰু একো নহ'ব। মইয়ে কিবা এটা কৰিব লাগিব।( Assamese Storyboard )
: ঠিক আছে যি কৰ কৰিবি এতিয়া ব'ল শুঙগৈ। দিনটো ঘূৰি ঘূৰি এলাহ লাগি গৈছে।
: তই খালি খোৱা, শোৱা আৰু পঢ়াতেই লাগি থাক। ইফালে ঘৈণীয়েকৰ কোনোবাই লৈ যাওঁক তেতিয়া পাবি মজা।
: ছোৱালীৰ কিবা অভাৱ হৈছে নেকি?
: ছোৱালীৰ অভাৱ হোৱা নাই কিন্তু ভাল ছোৱালীৰহে অভাৱ হৈছে।
: হ'ব দে ব'ল এতিয়া।
দুয়োটাই গৈ সন্মুখৰ ৰুমটোতে চোফাকেইখন আঁতৰাই বিছনা পাৰিলে। দিনটো পৰিশ্ৰম আৰু হাতখনৰ বিষৰ বাবে বাগৰটো মৰাৰ লগে লগেই তাই নিদ্ৰাদেৱীৰ কোলাত পৰিল।
"শ্ৰীমন্ত শংকৰ হৰি ভকতৰ
জানা যেন কল্পতৰু,
তাহান্ত বিনায় নাহি নাহি নাহি
আমাৰ পৰম গুৰু।
।।ৰাম আমাৰ পৰম গুৰু।।
জগতগুৰু অসমীয়া জাতিৰ প্ৰাণ মহাপুৰুষ জনাৰ অমূল্য সৃষ্টিৰাজিৰ হৰিনাম, ঘোষাৰে মুখৰিত এটি মংগলময় দিনৰ শুভাৰম্ভেৰে মানসীৰ মাকে গোঁসাইঘৰত গোৱা হৰিনামৰ সুমধুৰ মাতেৰে আজি মানসীয়ে বহুত দিনৰ মূৰত ইতিহাসৰ পাতত এটি নতুন দিনৰ পাতনি মেলিলে। গাত লোৱা পাতল কাপোৰখন গুচাই দিওঁতেই তাইৰ কাণলৈ ভাহি আহিল চৰাই-চিৰিকটিৰ এটি মিঠা সুৰীয়া তথা অময়া পাত।
"ৰজনীপ্ৰভাতত আজি যেন হাস্নাহানাৰ সুবাস
বিহগৰ মাত উঠিলোঁ দিয়া,
নৱপ্ৰভাতত এটি দিনৰ নতুন দিনৰ আৰম্ভণিৰে
পৱনতো যেন নিয়তিৰ কথা।।"
: গুড মৰ্ণিং মিছেছ মানসী হাজৰিকা।
"হাজৰিকা" শব্দটো শুনাৰ লগে লগেই জোকৰ মুখত চূণ পৰাৰ দৰছ মানসীকো যেন কোনোবাই তাইৰ ভয়ংকৰ অতীত আৰু তাইৰ ভুলটো পুনৰ মনত পেলাই দিলে এনে লাগিল। উপাধিটো তাই নিজে অৰ্জা নহয় বিয়াৰ পিছত ৰক্তিমে তাইক এতিয়ালৈকে দিয়া একমাত্ৰ আৰু চাগে অন্তিমটো উপহাৰ। সকলোবোৰ পাহৰি এটা নতুন দিনৰ, এটা নতুন জীৱনৰ আৰম্ভণি কৰোঁ বুলি ভাবোতেই প্ৰথম দিনাই প্ৰথম প্ৰভাতত এইয়াহে হ'ল।
: মৰ্ণিং মৰ্ণিং দাদা।
: উঠ উঠ মুখ ধুই চাহ খাই ল'। তই কিন্তু আজিকালি বৰ দেৰিলৈকে শুব' দেই আগৰ স্বভাৱটো মানে তোৰ যোৱাই নাই।
"স্বভাৱ-চৰিত্ৰ" এতিয়া যে মোৰ এইবোৰ একোৱেই নাই অ' দাদা বুলি মই তোক কেনেকৈ কওঁ? ৰাতিপুৱা সাতটা চাৰে সাতটা বজালৈকে শোৱাৰ পৰা নুঠা ছোৱালীজনীয়ে যেতিয়া পাঁচটা বজাতে উঠি যেতিয়া কাম কৰি কৰি আনৰ বকনি শুনিব লাগে তেতিয়া সকলো স্বভাৱ আপোনা-আপুনি সলনি হৈ যায় অ' দাদা। মন দাপোণত প্ৰিয়তমৰ ঠাইখনৰ সলনি যেতিয়া আনৰ এগালমান বকনিক, আনলৈ এগালমান ঘৃণা, বেয়া পোৱাক ঠাই দিবলগীয়া হয় তেতিয়া সকলো স্বভাৱ নিজে-নিজেই সলনি হৈ যায় অ' দাদা। ৰাতি দহবজালৈ কাম কৰাৰ পিছত যেতিয়া আনক নিজৰ শৰীৰটো এৰি দিবলগীয়া হয় তেতিয়া সকলো স্বভাৱে আপোনা-আপুনি গতিপথ সলাই অ' দাদা।
: কি হ'ল?
: নাই।
: তয়ো যে আৰু, ক'ত যে বিভোৰ হৈ থাক নহয়। যা যা মুখ ধুগে।
"বিভোৰ" হৈ থাকো এসোপা দুখৰ মাজত তই ভবাৰ দৰে সুখৰ পানচৈত নহয়। মনৰ মাজত অহৰহ নিৰন্তৰ গতিত চিৰপ্ৰৱাহমান হৈ বৈ আছে শোকৰ এখন জীয়া-ভৰলু। বুঢ়ীদিহিং, দিখৌ, দিচাং, জাঁজী নৈও সন্মাখীন হ'ব নোৱাৰে এই নৈৰ। কাৰণ এই নদীৰ কোনো আদিও নাই কোনো অন্তৰ নাই। এই নদীৰ এতিয়ালৈকে চাওক চিৰসমাধি ঘটা নাই। বক্ষতে নিৰ্বিশেষে বৈ আছে বৈ থাকক খালি জীয়াই থাকক।<
খপজপকৈ বিছনাখন (ঢালাইখন) সামৰি তাই ব্ৰাছডালত কলগেটকন লগাই দমকলৰ পাৰ পালেগৈ। মুখ হাতখন ধুই মাকে দিয়া ফিকা চাহকাপ খাই তাই বাহিৰলৈ ওলাই আহিল। বাপেকে তেতিয়া পেপাৰখন লিৰিকি-বিদাৰি আছে আৰু ককায়েকে এনেই স্কুলৰ কিতাপ এখন চাই আছে। সময় তেতিয়া পুৱা ৮.৩০ মান বাজিছিল। তাই বাপেকৰ ওচৰলৈ আহিল।
: দেউতা...................
এনেতে "পিত্ পিত্" কৈ বজা গাড়ীৰ হৰ্ণৰ শব্দত তিনিওয়ে ৰাস্তালৈ চালে।
: মুনু, কোনোবা আহিছে। ৰ'বা মই গেটখন খুলি দিওঁগৈ।
: নালাগে দেউতা, মই খুলি দিওঁগৈ আপুনি বহক।
কথাখিনি কৈ দিপজ্যোতি গেটখন খুলিবলৈ আগবাঢ়ি গ'ল। গাড়ীৰ মাত।শুনি মানসীৰ মাকো ভিতৰৰ পৰা ওলাই আহিল।
: অহ্ এইখন দেখোন..............
(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment