কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৪৬ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 31, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৪৬ ) ? Assamese Storyboard

Assamese Storyboard

 

ৰিয়াই একো নোকোৱাকৈ লাহেকৈ তাৰ পৰা গুচি আহিল। তাই এনেদৰে গুচি অহা বাবে ৰিংকুয়ে কলে," তুমি মোৰ ওপৰত খং কৰি থাকিব পাৰা কিন্তু আজিও তোমাৰ মনত মোৰ বাবে প্ৰেম কম হোৱা নাইAssamese Storyboard )। তুমি আজিও মোৰ বাবে সিমানেই চিন্তা কৰা যিমান আগতে কৰিছিলা। মাত্ৰ তোমাৰ অভিমানবোৰৰ আঁৰত লুকুৱাই ৰাখিছা। তোমাৰ এই অভিমান মই এদিন নহয় এদিন নাইকিয়া কৰিহে এৰিম।"


ৰিয়াই টেবুলত বহি মুখৰ ভিতৰত ভোৰভোৰাই আছিল," নিজকে কি বুলি ভাবে ঠিক নাই। তেওঁৰ এই মিঠা মিঠা কথাবোৰৰ পৰা কি মই সেই তিতা স্মৃতিবোৰ পাহৰি যাম? কেতিয়াও নহয়। মই মাত্ৰ দেউতাৰ কথা ভাবি থাকোঁ গলো। নতুবা এতিয়াই এই চাকৰিটো এৰি গুচি গলো হয়। তাৰ পাছত তেওঁ বিচাৰি থাকিল হয় মোক। তেওঁৰ বাবেইটো মই মোৰ ভাইটিৰ পৰা ইমান দিনে আঁতৰি আছোঁ। বেদান্ত কেনে আছে ঠিক নাই। আৰু দেউতা ও যে নহয়। পঠিয়াব আছিল যদি বেদান্তক পঠিয়াব লাগিছিল তেওঁক নো কিয় পঠিয়াই দিলে? নিশ্চয় তেওঁ মোৰ কথা কৰবাৰ পৰা গম পাইছিল। সেইবাবে তেওঁ ইয়ালৈ আহিছে। মই সকলো বুজিছোঁ। আজিলৈকে তেওঁ নিজতকৈ আগত আৰু কাৰো কথা ভবা নাই। কিন্তু মইও ইমান সহজে হাৰ মানি নলওঁ। এইবাৰ মই তেওঁৰ কথাত ভুল নাযাওঁ। যিমান যি কৰে কৰি থাকক মই মান্তি নহওঁ। ৰোহিৰ বাবে মই অকলেই যথেষ্ট । ময়েই তাইৰ মা- দেউতা দুয়ো হয়। মোক কাৰো প্ৰয়োজন নাই।"

সন্ধিয়া ৰোহিক লগ পাবলৈ ৰিংকু পাৰ্কলৈ আহিল। ৰোহিয়ে তাত খেলি আছিল। সিও তাইৰ লগত আহি খেলিব ধৰিলে। ৰোহিয়ে যেতিয়া তাইৰ লগত ৰিংকুক খেলি থকা দেখিলে তাই কলে," আপুনি তো সেইজন চুৰ খুড়া হয় যিয়ে মোৰ মাৰ ফটো চুৰ কৰিছিল।"


তেতিয়া ৰিংকুয়ে হাঁহি কলে," হয় কণমানি পৰি। কিন্তু মই চুৰ নহয় তোমাৰ পাপা হয়।"

ৰোহি: কিন্তু মই কেনেকৈ মানি লম? মায়ে অচিনাকি মানুহৰ লগত কথা পাতিব মানা কৰিছে।

ৰিংকুয়ে ৰোহিক কোলাত তুলি কলে," মই অচিনাকি কেনেকৈ হলো? মইতো এতিয়ালৈকে তোমাক ২ বাৰ লগ পাইছোঁ। তোমাৰ মাৰ ফটো ও মোৰ ওচৰত আছে। তেন্তে মই অচিনাকি কেনেকৈ হলো? বাৰু এতিয়া এইটো কোৱা তুমি আজি মাৰ লগত আহিছা নে আইতাৰ লগত? "

ৰোহি: মই ইয়ালৈ সদায় আইতাৰ লগত আহোঁ। মায়ে চাগে অফিচৰ পৰা আহি আৰাম কৰি আছে ঘৰত।

তাই আইতাকৰ ওচৰলৈ দৌৰি গল।

ৰিংকু তাইৰ পিছে পিছে ৰাধীকাৰ ওচৰলৈ আহি তেওঁৰ ভৰিত ধৰি কলে," খুড়ী আপুনি কেনে আছে?"

ৰাধিকা: মই ঠিকে আছো , কিন্তু তুমি ইয়াত? 

ৰিংকু: মই ৰোহিক লগ পাবলৈ আহিছিলোঁ।

তেতিয়া ৰোহিয়ে কলে," আইতা, এই খুড়া জনে কৈছে তেওঁ মোৰ পাপা হয় বুলি।"Assamese Storyboard )


ৰাধিকাই কথাষাৰ শুনি ৰিংকুৰ ফালে চোৱাত সি হয় বুলি মূৰ জোকাৰিলে। তেতিয়া তেওঁ ৰোহিক কলে," হয় মাজনী , এওঁ তোমাৰ পাপা হয়। কিন্তু তুমি মাক এতিয়া এইবোৰ নকবা , যদি কোৱা তেন্তে তোমাক মায়ে গালি দিব।"

ৰোহি: কিন্তু কিয় আইতা?মই মাক কিয় নকম যে মোৰ পাপা আহি গল।

তেতিয়া ৰিংকুয়ে কলে,"কোনো কথা নাই পৰি, তুমি মাৰ সন্মুখত মোক পাপা কব পাৰিবা। চাওঁ চোন কোনে আমাৰ পৰিজনীক দম দিব পাৰে।"

"সচাকৈ নে পাপা?" আৰু তাই ফুৰ্তিত ৰিংকুক সাৱটি ধৰিলে। তাৰ পাছত তাই কলে," পাপা, তোমাৰ ওচৰত চাগে মাৰ আৰু ফটো আছে দেখুৱাচোন মোক।" ৰিংকুয়ে মোবাইলত ৰিয়াৰ ফটোবোৰ উলিয়াই তাইৰ হাতত দি দিলে। ৰোহিয়ে বহুত ধ্যান দি ৰিয়াৰ ফটোবোৰ চাই আছিল। তেতিয়াই তাই বেদান্তৰ ফটোখন দেখি চিঞৰি উঠিল," আৰে এইয়া তো বেদান্ত মামা হয়। তেওঁৰ ফটো আপোনাৰ ওচৰত আছে।"

তেতিয়া ৰিংকু আচৰিত হল," তুমি চিনি পোৱা তেওঁক?"


ৰোহি: অ মায়ে মোক ফটো দেখাইছিল তেওঁৰ আৰু কৈছিল সৰুতে তেওঁ মোৰ দৰেই দেখিবলৈ আছিল বুলি কৈছিল।

ৰিংকু: মায়ে আৰু কাৰ কাৰ কথা কৈছে তোমাক?

ৰোহি: মায়ে মোক ককা, আইতা, উৰ্মি মাহীৰ কথাও কৈছে। কিন্তু মোৰ লগত কাৰো কথা পতাই নিদিয়ে আৰু লগ কৰাইও নিদিয়ে।

ৰিংকু: মায়ে আৰু কাৰো বিষয়ে কোৱা নাই তোমাক?

তেতিয়া ৰোহিয়ে অলপ ভাবি কলে,"মায়ে মোক আৰু এজন আংকুলৰ কথা কৈছিল কিন্তু ফটো দেখুৱা নাই। আপোনাৰ ওচৰত আছে নেকি তেওঁৰ ফটো?"

ৰিংকুয়ে মনৰ ভিতৰতে ভাবিলে," ৱাহ ৰিয়া, সকলোকে ককা আইতা , মামা- মামী বুলি চিনাকি দিলা কিন্তু মোক মাত্ৰ আংকল বুলি কলা।"


ৰোহি: কোৱা না পাপা , তোমাৰ ওচৰত সেই খঙাল আংকল জনৰ ফটো আছে নেকি?

ৰিংকুয়ে মিচিকিয়াই কলে," পৰি, এতিয়া তোমাৰ মায়ে সেই আংকল জনৰ ফটো দেখুৱাব।"


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


10 comments:

Advertisement

Pages