তৃষ্ণাই নিজৰ ৰুমত ৰোহিক বুকুৰ মাজত সাৱটি বহি আছিল,"মায়ে কিয় বুজি নাপায় মোৰ মনৰ কথা? মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো। এতিয়া তুমিয়েই মোৰ জীৱন।" তাৰ পাছত ৰোহিৰ মূৰত হাত ফুৰাই তাইক শুৱাই দিলে আৰু নিজেও শুব চেষ্টা কৰিলে কিন্তু তাই শুব নোৱাৰিলে।( Assamese Storyboard )
তাই উঠি বহি দিলে,"এইয়া মোৰ কি হৈ গৈছিল? কিয় মই ৰিংকুদাৰ সন্মুখত নিজক চম্ভালিব নোৱাৰিলো? নাই মই এনেদৰে দুৰ্বল হব নোৱাৰো। মই ইমান সহজতে মাফ কৰিব নোৱাৰো। মই কেনেকৈ সেই কথাবোৰ, সেই মিছা অপবাদবোৰ পাহৰি যাব পাৰিম?
সেই প্ৰতিটো শব্দ মোৰ কাণত আজিও গুজৰী আছে। আজিও সেই শব্দবোৰে মোক শুবলৈ নিদিয়ে। সৰুৰে পৰা আজিলৈকে মই প্ৰতিটো খোজ চম্ভালি দিলোঁ। তথাপিও তেওঁ মোৰ ওপৰত ইমান মিছা অপবাদ দিলে। আপুনি কেৱল মোৰ অন্তৰেই নহয় মোৰ আত্মাটোকো মাৰি পেলালে।" তাৰ পাছত তাইৰ চকুলো মোহাৰি কলে,"আজিৰে পৰা মই কেতিয়াও নিজক দুৰ্বল হব নিদিওঁ। এতিয়া মোৰ পৃথিৱী বেলেগ। এতিয়া মোৰ পৃথিৱী মাত্ৰ ৰোহি হয়।"
পিছদিনা তৃষ্ণা যেতিয়া অফিচলৈ গৈ পালে তেতিয়া দিম্পিয়ে কলে যে ৰুদ্ৰ চাৰে কথা পাতিব বিচাৰিছে।
তৃষ্ণা: ৰুদ্ৰ ছাৰে মোৰ লগত কি কথা পাতিব?
দিম্পি: সেইটো মই গম নাপাওঁ। তেওঁ মাত্ৰ কৈছে যে তোমাৰ লগত কথা পাতিব।
তৃষ্ণা: ঠিক আছে , এতিয়া তেওঁ ফোন কৰিলে মোক কৈ দিব।
কিছুসময় পাছত দিম্পিয়ে ফোনটো লৈ আহিল।
তৃষ্ণা: অ লৈ আনা।
তৃষ্ণা: হেল্ল ছাৰ, কিবা কাম আছিল নেকি?
ৰুদ্ৰ: হেল্ল চুপাৰফাষ্ট, কাম নোহোৱাকৈ তুমি ২মিনিট কথা পাতিব নোৱাৰা নেকি?
তৃষ্ণা: যদি আপুনি টাইম পাছ কৰিবলৈ ফোন কৰিছে তেন্তে মই ফোনটো ৰাখোঁ মোৰ বহুত কাম আছে কৰিবলৈ।
ৰুদ্ৰ: কমকৈ কাম কৰিলে একো নহয় দিয়া। ৰিংকুয়ে একো নকয় দিয়া।
তৃষ্ণা: মই কাকো দেখুৱাবলৈ কাম নকৰো।
ৰুদ্ৰ: অৱশ্যে মিছ চুপাৰফাষ্ট মই তোমাক এইটো জনাবলৈ ফোন কৰিছিলোঁ যে মই তোমাৰ স্বামীৰ বিষয়ে গম পাইছোঁ।
তৃষ্ণা: ছাৰ, মই আগতেও কৈছোঁ আপোনাক যে মই কোনো ধৰণৰ ব্যক্তিগত কথা আলোচনা কৰিবলৈ বেয়া পাওঁ।
ৰুদ্ৰ: ৰবা হে, ৰিংকুয়ে ঠিকেই কৈছিল যে তুমি সদায় ব'মৰ দৰে ফুটিবলৈ সাজু থাকা। যিমান ফুটিব আছে ৰিংকুৰ মূৰত গৈ ফুটিবা। আৰু যদি পাৰা দুই এটা মোৰ ফালৰ পৰাও লগাই দিবা।
তৃষ্ণা: মানে?
ৰুদ্ৰ: বাদ দিয়া কি মানে। সি মনে মনে বিয়া কৰালে আৰু আমাক এবাৰো নকলে। তাৰ বাবেই কলেজত মই আৰু নিহাৰ চিংগেল থাকিব লগা হৈছিল।
তৃষ্ণাই এইবাৰ মিচিকিয়াই কলে," কোনো ছোৱালীয়ে পাত্তা দিয়া নাছিল নেকি?"( Assamese Storyboard )
ৰুদ্ৰই মুখ বেঁকা কৰি কলে,"ৰিংকুৰ সন্মুখত কোনো ছোৱালীয়ে বেলেগ লৰাক পাত্তা নিদিয়ে আৰু সি তাৰ কোনোবা বিশেষ গৰাকীৰ বাবে কোনো ছোৱালীক চকু উঠাই ও নাচায়। আৰু সেই বিশেষ ব্যক্তি গৰাকী তুমি বুলি আজিহে গম পালোঁ। অৱশ্যে তোমাৰ দৰে বিশেষ ব্যক্তিৰ আগত তো সকলো সাধাৰণ।"
তৃষ্ণা: ছাৰ, আপোনাক এই সকলোবোৰ কথা ৰিংকু দায়ে কৈছে।
ৰুদ্ৰ: হয় সিয়েই কৈছে। আৰু মই তোমালোক দুয়োৰে বাবে বহুত সুখী। ৰিংকুয়ে তোমাক বহুত ভাল পায়।বাৰু এতিয়া ফোন ৰাখোঁ। তুমি তোমাৰ যুদ্ধ খন চলাই থাকা মই তোমাৰ লগতেই আছোঁ।
তাৰ পাছত তাই খঙৰ কোবত ৰিংকুৰ কেবিনলৈ গল। তাইক এনেদৰে কেবিনলৈ অহা দেখি সি মিচিকিয়াই দিলে," ৱাহ ৰুদ্ৰ তোমাৰ বুদ্ধিয়ে কামত দিলে। মই এতিয়া তাইক ১০ তা বুদ্ধি কৰি মাতিলেও তাই নাহিল হয়। কিন্তু তুমি তাইক খং উঠাই মোৰ ওচৰলৈ আহিবলৈ বাধ্য কৰাই দিলা।"
তৃষ্ণা: আপুনি কি ভাবে যে এনেদৰে আমাৰ বিয়াৰ কথা সকলোকে কৈ ফুৰিলে মই আপোনাৰ ওচৰলৈ উভতি আহিম? আপুনি মোক দিয়া সেই ধুনীয়া অপবাদ বোৰ পাহৰি যাম বুলি ভাবিছে নেকি? আৰু কি বিয়াৰ কথা আপুনি কৈছে যিখন আপুনি প্ৰথমেই অস্বীকাৰ কৰিলে। কিয় এনেকুৱা কৰি আছে?কিয় মোৰ জীৱনলৈ আকৌ উভতি আহিছে আপুনি?এতিয়া এইটো জীৱনত আপোনাৰ বাবে কোনো ঠাই নাই।বমি এতিয়া আগবাঢ়িলোঁ। এতিয়া মোৰ এজনী ছোৱালী আছে ৰোহি। এতিয়া মাত্ৰ মই তাইৰ বাবে জীয়াই থাকিম, এইটো জীৱনত আপোনাৰ বাবে অলপো ঠাই নাই।"
খঙৰ বাবে তাইৰ গোটেই শৰীৰটো কঁপিব ধৰিলে। ৰিংকুয়ে তাইৰ ওচৰলৈ গৈ তাইক সাৱটি ধৰিলে। কিছুসময় পাছত তৃষ্ণা শান্ত হোৱাত ৰিংকুৰ দুবাহুৰ পৰা আঁতৰি আহিল,"মই কৈ দিছোঁ, মোৰ পৰা দূৰত থাকক।"
তেতিয়া ৰিংকুয়ে তাইৰ ফালে পানীৰ গিলাছটো আগবঢ়াই দি কলে," অলপ উশাহ লৈ লোৱা।প্ৰথমে পানী খাই লোৱা।"
ৰিয়াই পানী গিলাচ একেবাৰতে শেষ কৰি দিলে।
ৰিংকু: আজি যে ইমানবোৰ খং দেখুৱাইছা , যদি সেইদিনাই ইয়াৰ আধা খং কৰি দেখুৱালাহেঁতেন তেন্তে মোৰ জ্ঞান আহিল হয়। কিন্তু নাই, তুমিতো সকলো এৰি থৈ গুচি আহিলা।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment