গহ্বৰবোৰৰ ভিতৰত বাৰু কি থাকে? কিমান গভীৰ হয় ই? প্ৰশ্ন এইটো নহয় যে গহ্বৰবোৰ কিহৰ হয়( Assamese Storyboard ),!
হয়তো ই সুখৰো হ'ব পাৰে আৰু দুখৰো। কিন্তু ইয়াৰ দূৰ-দিগন্তত কি থাকে? ই বাৰু মানুহৰ অন্তৰখনতকৈও গভীৰ নেকি? নে অন্য কিবা? নে "গহ্বৰ" নামৰ শব্দৰ কোনো বস্তু কিম্বা অনুভূতিয়েই এই ব্ৰহ্মাৰ সৃষ্টিৰ জগতত নাই। নাই মানুহৰ অন্তৰত তেন্তে ই কি?
"অধৈৰ্যতাক ধৈৰ্যতালৈ
অশান্তিক শান্তিলৈ
আন্ধাৰক পোহৰলৈ
কান্দোনত হাঁহিলৈ
কোনে পৰিৱৰ্তন কৰিব?
কোনে সলাব এই অনুভৱক?
: মানসী মোৰ বয়স যেতিয়া খুব বেছি পোন্ধৰ বা বিশদিন হৈছিল তেতিয়া মোক মাহঁতে ফুটপাথৰ কাষতে থকা এটা জাৱৰৰ দ'মত পাইছিল।
:কেনেকৈ?
:কেনেকৈ মানে সেইদিনা হেনো দেওবাৰ আছিল। দেউতাৰ অফিচ বন্ধৰ বাবে মা আৰু দেউতা আবেলি কাপোৰ কিনিবলৈ গৈছিল।
(২৫ বছৰৰ আগতে)
:হেৰা ব'লা আজি নহ'লে আমি অলপ বজাৰৰ পৰা কাপোৰ-কানি কিনি আনোগৈ। বহুত দিন হ'ল ক'লৈকো যোৱাও নাই আৰু কাপোৰ-কানিও কিনা নাই।
:আপুনি কথাটো ঠিকেই কৈছে কিন্তু মায়ে বা কি কয়।
: মাক মই ক'ম তুমি খালি ওলোৱা।
: নহয় প্ৰথমতে মাক সুধি লওঁ তাৰ পিছতহে যাম।
: ব'লা তেন্তে।
দুয়ো গৈ শাহুয়েক সৰুজাৰ ওচৰ পালেগৈ। মানুহগৰাকীয়ে তেতিয়া তুলসীৰ মালা হাতত লৈ তপস্যা কৰি আছিল। বিধৱা মানুহ তাতে বুঢ়াও হৈছিল সেয়ে ঈশ্বৰৰ নাম-গুণ লৈ থাকে। পিছে তেওঁ আগতে এখন হাইস্কুলৰ শিক্ষয়িত্ৰী আছিল। ৰিটায়াৰ হোৱাৰ আঠবছৰ মান হ'ল। এটাই ল'ৰা মানে ৰক্তিমৰ তোলনীয়া বাপেকৰ জন্মৰ এবছৰৰ পিছতে তেওঁৰ গিৰিয়েকে অন্য এজনী তিৰোতাৰ প্ৰেমত পৰি তেওঁলোকক এৰি একেবাৰে গুছি গৈছিল। গৈছিল মানে একেবাৰে অসমৰ বাহিৰৰ হাৰিয়ানালৈ।তেতিয়াৰ পৰাই সৰুজাই নিজৰ একমাত্ৰ ল'ৰাটোক নিজৰ চাকৰিটোৰ বলতে তুলি-তালি ডাঙৰ কৰিছিল।
:মা,,,,, পুতেকৰ মাতত হাতৰ তুলসীৰ মালাডাল ৰখাই চকুহাল মেলি পুতেকলৈ চালে। তেওঁ অলপ কঠোৰ আছিল। সচাঁ কথা মুখৰ আগত কৈ দিবলৈ অকণো ভয় নকৰিছিল।
:কিবা কবী?
: মানে মা মই আৰু মিনাক্ষীয়ে এপাক বজাৰৰ পৰা আহোঁ বুলি ভাবিছোঁ।
: হয় নেকি? বাজী তিৰোতা এজনীক লগত লৈ যাবলৈ তোৰ লাজ নালাগিব?
:মা..…....…
:নিচিঞৰিবি সীমান্ত। এজনী বাজীৰ কাৰণে তই নিজৰ মাৰৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাকো পাহৰিলি নেকি?
:নাই পাহৰা কিন্তু তুমি....?
: হুহ্ যা ...... তইটো মোক সুধিবলৈ অহা নাই তোৰ ফেচলাহে শুনাবলৈ আহিছ'( Assamese Storyboard )
।
: মা......
: এহ্ হ'ব বোৱাৰী এই মিঠা মিঠা কথা কৈ মোক ভালৰি ভোলাই থাকিব নালাগে। মই মূৰ্খ নহয়। বিয়া হোৱাৰ তিনিবছৰ হ'ল এতিয়ালৈকে সন্তান এটা মুখ দেখুৱাব পৰা নাই এতিয়া আকৌ তাই কাপোৰ কিনিবলৈ যায়।
: মা মইটো মা হৈছিলোৱে ভগৱানে যেতিয়া মোৰ পৰা সন্তান জন্ম দিয়াৰ ক্ষমতাকণ চিৰদিনৰ বাবে কাঢ়ি নিলে এতিয়া মই কি কৰোঁ?
: তুমি ইচ্ছা কৰা হ'লে সেই বিপদটোৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিলা হয় আৰু নিজৰ প্ৰথম সন্তানটোকো মৃত্যুৰ মুখৰ পৰা বচাই আনিবও পাৰিলাহেঁতেন। কিন্তু তোমালোকেতো সেইবোৰ অন্ধবিশ্বাস বুলিহে ভাবা এতিয়া নিজৰ ভুল ভগৱানৰ ওপৰত জাপি নিদিবা।ভগৱানে ৰাস্তা দিছিল কিন্তু ৰাস্তাটোত তুমিয়েই আগ নাবাঢ়িলা। মই ক'ত ক'লো তোমাক যে এটা আঁউসীত নগ্ন হৈ গৈ মৰিশালীৰ পৰা মাটি অকণ লৈ আনি পিছদিনা দেঁউৰ হতুৱাই পূজা এভাগ পতাই দিলেই সকলো সমস্যা সমাধান হৈ যাব। কিন্তু....
: বাছ্ মা বাছ্ বহুত হ'ল আৰু তোমাৰ আৰু এটা শব্দও নক'বা। মিনাক্ষী ব'লা।
: ক'লৈ?
: এতিয়া এইখন ঘৰত থাকিব পৰাৰ অৱস্থা নাই আমি অলপ ওলাই যাওঁ আৰু যেতিয়া ইয়াত থাকিব পৰাৰ অৱস্থা হ'ব তেতিয়া আমি আকৌ উভতি আহিম। আন হোৱাহেঁতেন ইমানখিনি শুনাৰ পিছত কেতিয়াও এইখন ঘৰত নাথাকে কিন্তু মই তেনেকুৱা নকৰোঁ। মই তোমাক এৰি থৈ নাযাওঁ মা কিন্তু যেতিয়ালৈকে এইখন ঘৰত মানুহ থাকিব পৰা নহয় তেতিয়ালৈকে আমি ইয়াত নাথাকো।
এইবুলি কৈ দেউতাই মাক হাতত ধৰি গাড়ীত বহাই লৈ গৈছিল। এক অজান সপোনৰ দিশে। স্বপ্নৰ সম্ভেদত থকা একাজলি ৰ'দৰ দিশে। এখন সুখৰ পৰ্বতৰ অভিমুখে। জন অৰণ্যৰ পৰা বহুত আঁতৰত থকা এখনি নিৰিবিলি প্ৰাকৃতিক সৌন্দৰ্য আৰু বৈচিত্ৰ্যৰে ভৰপূৰ মনমুগ্ধকৰ ঠাইৰ কাষলৈ দুয়ো গতি কৰিছিল কিন্তু ঠাইখনলৈ সুমুৱাৰ আগতে পোৱা সৰু বজাৰৰ নিচিনা এটা চ'কৰ কাষতে এটা ফুটপাথ আছিল। আৰু তাৰ সিপাৰে আছিল এটা প্ৰকাণ্ড জাৱৰৰ দ'ম। ঠাইখিনিত বাস কৰা প্ৰতিঘৰ মানুহৰে পেলনীয়া সামগ্ৰী, জাৱৰ-জোঁথৰ, নিত্য-নৈমিত্তিক পেলনীয়া বহুতো সামগ্ৰী, গেলা-পচাঁ বিভিন্ন বস্তু। আদিৰে ভৰপূৰ হৈ আছিল সেই দ'মটো। তাৰ মাজতে পৰি আছিলোঁ মই। এখন অতিকদৰ্যময় নদীৰ মাজত থকা এটা দ্বীপৰ দৰে পৰি আছিলোঁ মই। এমহীয়াও হোৱা নাছিলোঁ মই। এটা কুকুৰে মোক তেতিয়া চেলেকি আছিল। লাহে লাহে মাহঁতৰ গাড়ীখন সেই দ'মটোৰ পৰা অলপ কাষেদি পাৰ হৈ যাবলৈ ধৰিলে। তেনেতে.......
=================================
: মানে দদাইদেউ এটা ডাঙৰ কথা হৈছে। মই আকৌ পৰহিহে গম পালোঁ কালি ক'বলৈ আহিম বুলি ভাবিও আহিব নোৱাৰিলো সেয়ে আজি আহিলোঁ।
: কি কথা হৰকান্ত?
: দদাইদেউ নবৌ কথাটো মানে আমাৰ মাজনীৰ। মানে তাই আমাৰ কলেজৰে ল'ৰা এটাক ভাল পায়। নামটো ৰিদিপ্ত। সৌ কমাৰচুক গাঁৱৰ ল'ৰা। ল'ৰাটো ভাল আৰু পঢ়া শুনাটো ভাল বৰ চোকা তাক এইবাৰ কলেজৰ পৰা ষ্টেণ্ড কৰিব বুলি ধৰি থৈছে কিন্তু হ'লে কি হ'ব?
: মানে?
: মানে ল'ৰাটো একেবাৰে দুখীয়া ঘৰৰ ল'ৰা। নিজৰ বুলিবলৈ ভেঁটিটোৰ বাহিৰে মাটি এলোচাও নাই। বাপেকে আনৰ মাটি আধিত লৈ খেতি কৰে আৰু মাকে আনৰ ঘৰত বন কৰে।
: কি মাজনীয়ে এইবোৰ কথা গম নাপায় নেকি?
: বোধহয় পায়। মানে কলেজৰ সকলোৱে কথাটো গম পায়। গতিকে তাৰ ঘৰৰ অৱস্থাৰ কথাটো কোনোৱেনো তাইক নোকোৱাকৈ আছেনে?
কথাটো শুনাৰ লগে লগেই মানসীৰ বাপেকৰ খঙে গৈ চুলিৰ আগ পালেগৈ। তেওঁৰ ল'ৰাটোৰ কথা নাই। কিন্তু ল'ৰাটোৰ যে দুখীয়া সেইটোতহে তেওঁ বেছি মন দিছে। কাৰণ তেওঁ নিজৰ একমাত্ৰ জীয়েকক ৰাজৰাণী কৰি ৰখাৰ সপোনটো এইজন ল'ৰালৈ বিয়া দিলে পূৰণ নহ'ব। সেয়ে তেওঁ যিকোনো প্ৰকাৰে এই সম্বন্ধ নিশেষ কৰিবই লাগিব। এই কথা মনতে থিৰাং কৰি তেওঁ মানসীক চিঞৰিবলৈ ধৰিলে।
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment