অভিমানেৰে ভৰা এটি প্ৰেম কাহিনী : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 22, 2021

অভিমানেৰে ভৰা এটি প্ৰেম কাহিনী : Assamese Storyboard

Assamese Storyboard

আজিৰ পৰা ২ বছৰ আগতে বৃষ্টি আৰু আকাশৰ প্ৰেম কাহিনীৰ আৰম্ভণি হৈছিল ( Assamese Storyboard )। সেই কলেজৰ দিনতে দুইয়ো দুইয়োৰে হোৱাৰ প্ৰতিশ্ৰুতি দিছিল আৰু এতিয়া কামৰ বাবে আকাশ অসমৰ বাহিৰত আছে। Facebook, WhatsApp, call তে এতিয়া আগুৱাই গৈ আছে সিহঁতৰ প্ৰেম, ভালপোৱা ! 


          আজি ৰাতিপুৱাৰ পৰা বৃষ্টিয়ে msg কৰি আছে, call কৰি আছে, কিন্তু আকাশৰ কোনো উত্তৰ নাই । খং কৰি , অভিমান কৰি মন বেয়া কৰি বহি আছে তাই । ৰাতি ১০ মান বজাত সি call কৰিছে। কিন্তু অভিমানী জনীয়ে call receive নকৰে । সি msg কৰিলে ।


:: ঐ অভিমানী sorry ! আজি দিনটো সময় পোৱা নাই অ', অভিমান এৰি দিয়া না ! বহুত মনত পৰিছিল অ' তোমালৈ। কিন্তু কি কৰিম কোৱা, office ৰ কামত বহুত busy আছিলো sorry..


          নাই তাৰ সেই অভিমানী জনীয়ে অভিমান নেৰে call receive নকৰে, msg নিদিয়ে । 


:: ঐ শুনা না.. নকৰা ন msg ? হ'ব দিয়া, মই ofiice ৰ লগৰ এজনীৰ লগত এফালে ওলাই যাওঁ। সেইবাবে হে তোমাক কৈ যাওঁ বুলি call কৰিছিলো । হ'ব দিয়া যাওঁ এতিয়া, তুমি চাগে টোপনি গ'লা ! Bye baby, আহোঁতে দেৰি হ'ব কাইলে call কৰিম ।


          তাই ইমান সময়ে অভিমান কৰি আছিল যদিও এইবাৰ আৰু নহ'ব, ইমান ৰাতি চাল্লা ক'ত যাব সি ! লগৰ লগত যাই নে ক'ত যাই কি ঠিক, এইবাৰ তাই নিজেই call কৰিলে ।


:: ক'ত যোৱা তুমি..? দিনটো খবৰ নাই, ৰাতি ১০ বজাত ক'ব আহিছা ওলাই যাও ? কি মানে হা এইবোৰ ?? কোন সেইজনী ইমান ৰাতি ক'ত যায় ! নম্বৰ দিয়া তাইৰ, তাইৰ মতা বুলি ভাবিছে নেকি ? যেতিয়া মন যাই লৈ যাব । 


          আকাশে হাঁহি  মাৰি তাই কথাবোৰ শুনি আছিল ।


:: ঐ হ'ব ! শুনি লোৱা প্ৰথম কথাটো ।


:: একো শুনিব নাই, ক'ত আছে তাই লগতে আছে নেকি দিয়া চোন তাইক, চুলি চিঙি দিম মই তাইৰ ।


:: আৰে কি কৈ আছা শুনিটো লোৱা কথাটো ।


:: নুশুনো থাকা তাইৰ লগত .. 


          ( এইবাৰ অভিমানী জনী উচুপি উঠিল )


:: ঐ মোৰ অভিমানী জনী তোমাক এনেই  কৈছিলো অ' মই ক'তো নাযাওঁ, তুমি call receive নকৰা বাবে মিচাই কৈছিলো অ' !! Sorry মোৰ অভিমানী জনী । তোমাক এৰি জানো মই আনৰ হ'ব পাৰিম ? মোৰ মৰম ভালপোৱাৰ ওপৰত তোমাৰ বিশ্বাস নাই নেকি ?


:: আছে কিন্তু ! ভয় লাগে অ' আঁতৰি আছা যদি একেবাৰে আঁতৰি যোৱা ! মই মৰি থাকিম ! 😭


          ( তাইৰ লগত ধেমালি কৰি থকা সেই আকাশ ও এইবাৰ উচুপি উঠিল । সি কেতিয়াও ভাবিব নোৱাৰে বৃষ্টি য়ে যে তাক কেতিয়াবা এৰি যাব । তাইক হেৰুৱা কথা ভাবিলে সি নিজক বুজাব নোৱাৰে )


:: ঐ .. মই ধেমালি কৰিছো, মাৰি যোৱাহি মোক, খং উঠিছে গালি পাৰা মোক ! কিন্তু please মোক মৰা কথা নক'বা , মই জীয়াই জীয়াই মৰি যাম ।।


:: মই ধেমালি কৰিছো অ' !  নাযাওঁ তোমাক এৰি , তোমাকো যাব নিদিওঁ ।


:: ধেমালি কৰিবা কিন্তু আঁতৰি যোৱা কথা নক'বা ।।


:: তুমিও কৈছিলা !😒


:: আজিৰ পৰা মই ও নকওঁ ! তুমিও নক'বা ।। 


:: হ'ব একেবাৰে !! কোৱা কিবা খালা নে ? 


:: খালো । তুমি ... ?


:: খালো, এটা কথা কোৱা যদি কোনোবা আনে মোতকৈ তোমাক বেছি ভালপায় আনৰ হৈ যাবা নেকি ? 


:: ঐ আকাশৰ বুকুত আন কোনো থাকিব নোৱাৰে মাথোঁ তুমি থাকিবা ।। !( Assamese Storyboard )


:: ঘৰত বিয়া কথা কৈছে ! কোৱা কি কৰো ?


:: বিয়া দিনা মাতিবা ধুনীয়া উপহাৰ এটা দিম !


:: কি আনিবা ?


:: মোৰ চিতাৰ ধোঁৱা বোৰ কলীয়া ডাৱৰ হৈ, বৰষুণ হৈ তোমাৰ বিয়াৰ পেন্দেল উতুৱাই দিম । 😆😆


:: হেই পাগল ধেমালি কৰা নাই , মই ঘৰত তোমাৰ কথা কৈছো । তুমি কেতিয়া আহিবা ?


:: মোৰ অহা মাহৰ পৰা  গুৱাহাটীত কাম হ'ব আৰু হয়টো ইয়াত থাকিব নালাগে , তেতিয়া যাম ।।


:: সঁচা ! ইমান দিনে কোৱা নাছিলা কিয় ? 


:: উম্‌ সঁচা আৰু যদি নিদিয়ে তোমাক ধেমাজি পৰা ধৰি আনিম ।


:: পাৰিবা ?


:: নোৱাৰিম ভাবিছা নেকি ? কলেজত দেখা সেই অভিমানী জনী এতিয়া আনৰ হ'ব দিম নেকি ?


:: নহও মই আনৰ ! তোমাক পাগল কৰিব বাবে মোৰ জন্ম হৈছে ।


:: বহুত ৰাতি হ'ল শুই যোৱা এতিয়া । 


:: না আজি কি, কি কৰিলা কোৱা ?


:: তুমি নিজেই সুধি যোৱা মই কি কম !


:: Ok !  তুমি শুই যোৱা । Bye ...


:: Bye ..


          আকাশে phone টো তাৰ বুকুৰ মাজত ৰাখি দিলে আনদিনৰ দৰেই । সদায় বৃষ্টিয়ে সি শুই যোৱাৰ পিছত তাৰ বুকুৰ মাজত phone টো ৰাখিব কয় আৰু তাই অকলে, অকলে বুকুৰ স্পন্দন বোৰ শুনি শুনি কিবা কথা পাতে আৰু শুই যায় , হয়টো তাই অনুভৱবোৰ বুকুৰ মাজত শুই থকা দৰে লাগে !! 

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/2021/08/assamese-storyboard_22.html?m=1


(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

 ( Assamese Storyboard )


   ........(আগলৈ)


✍ জ্ঞান জ্যোতি গগৈ (ধেমাজি)

( ৰৈ যোৱা ভুলৰ বাবে ক্ষমা কৰিব । )

ভাল লাগিলে Share কৰিব ।




গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages