ভাল আৰু বেয়া সময়… সকলোৰে এদিন আহে : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 7, 2021

ভাল আৰু বেয়া সময়… সকলোৰে এদিন আহে : Assamese Storyboard

Assamese Storyboard

নীল তেতিয়া সপ্তম শ্ৰেণীত তাৰ পৰিয়ালত মাক দেউতাক আৰু তাৰ খুড়াক আৰু খুড়ীয়েক আছিল( Assamese Storyboard ।এদিন হঠাতে দুৰাৰোগ্য ৰোগত ভুগি থকা নীলৰ দেউতাকৰ মৃত্যু হৈছিল।ধনী পৰিয়ালৰ আছিল যদিও দেউতাকৰ মৃত্যুৰ পিছেত খুড়াক আৰু খুড়ীয়েকৰ আচল ৰূপটো ওলাই পৰিছিল।লাহে লাহে সকলো ব্যৱসায় নিজৰ হাতলৈ নি লোৱাৰ লগতে অসৎ উপায় অৱলম্বন কৰি সকলোবোৰ নিজৰ নাম কৰি লৈছিল।নীল আৰু তাৰ মাকক নানান অত্যাচাৰ কৰি এদিন ঘৰৰ পৰা খেদি দিছিল।অসহায় মাক পুতেক দুয়ো কান্দি কান্দি ওলাই আহিছিল কোনো ঠাই নাছিল যত সিহঁত যাব। নীলৰ মাকক ঘৰৰ মানুহে এইজন মানুহলৈ পলাই আহোতে এৰি দিছিল কাৰণ ঘৰৰ অমতত পলাই আহিছিল তেওঁ।নিজৰ মানুহজনে সকলো আছিল মৃত্যুৰ পিছত আপোন বোৰেও অবহেলা কৰিছে বহুত দুখ কৰিছিল।



কিন্তু জীয়াই থাকিবটো লাগিবই। এটা খেৰৰ ঘৰতে নীলৰ সৈতে দীন কটাব ধৰিলে দিনটো আৰ তাৰ ঘৰত কাম কৰি কোনোমতে খাই বৈ থাকিল। নীলে পঢ়া ব্যক্তিগত বিদ্যালয় খন সি পইচাৰ অভাৱত এৰিব লগীয়া হল।এদিন ভাত পানী খাই মাটিতে মাকৰ চাদৰ খন পাৰি শুবলৈ লৈ কৈ উঠিল মা মই আৰু নপঢ়ো নেকি তুমি ইমান কষ্ট কৰিলে মোৰ সহ্য নহয়।আজিৰ পৰা মইও তোমাৰ লগত কাম কৰিবলৈ যাম। মাকে কৈ উঠিল বাবা তই এইবোৰ কি কৈছ? তই পঢ়িব লাগিব।কাইলৈ উলাবি ওচৰতে থকা চৰকাৰী বিদ্যালয় খনতে তোৰ নামটো লগাই দিম তাত কোনো পইচা দিব নালাগে আগ্ৰহ থাকিলে শিক্ষা সকলোতে একেই বাবা।তই মোৰ আশা তই সকলোকে কৰি দেখুৱাব লাগিব।


পিছদিনাৰ পৰা সি ওচৰৰ চৰকাৰী বিদ্যালয় খনত যায় দুই বজালৈকে বিদ্যালয়ত থাকে ছুটিৰ পিছত বাৰীৰ কচু খুটৰা আদি শাক বিচাৰি বজাৰত বহে ৰাতি অলপ সময় উলিয়াই ভালকৈ পঢ়ি লয়।নীল পঢ়াত যথেষ্ট মেধাবী আছিল। আৰু খেলা ধুলাটো ভাল আছিল সেইবাবে সি চৰকাৰৰ ফালৰপৰা জলপানীও লাভ কৰিবলৈ সক্ষম হৈছিল মাকৰ চকুলো আনন্দত বাগৰি আহিছিল।আৰু ভালকৈ পঢ় বাবা ভগৱান আছে আমাৰ লগত কষ্ট কৰিলে তাৰ ফল সকলোৱে পাই তোকো দিব ভগৱানে। মাকৰ কথাবোৰ আগত ৰাখি সি আগবাঢ়ি গল আৰু এদিন সচাকৈয়ে সি এটা ভাল চৰকাৰী চাকৰি পালে।
লৰালৰিকৈ ঘৰ আহি মাকক কুচত লৈ ঘুৰাবলৈ ধৰিলে।মা মা মা এটা ভাল খবৰ আছে । কি খবৰ বাবা ক আকৌ সোনকালে। মা তুমি আৰু এই ভগা জুপুৰিত দিন কটাব নালাগে।মই ইন্টাৰভিউত পাছ কৰিলো মা কাইলৈৰ পৰা মোক মাতিছেই তেওঁলোকে।মাকৰ আনন্দৰ চকুলো বৈ আহিল এইবোৰ সকলো ভগবানৰ কৃপা বুলি এবাৰ চকু মুদি হাতযোৰ কৰিলে।

মাকক সি সকলো সুখে দিলে দ্ৰৰিদতাৰ সকলো বাধা সি নেওচি পেলালে এতিয়া সি নথকা মানুহকো সহায়ৰ হাত আগবঢ়াই।মাজে মাজে সি মাকক খুড়াক আৰু খুড়ীয়েকৰ সুধি কয় বহুত বছৰ হল মা তেওঁলোক বাৰু কেনে আছে মাকেও কয় জানিবলৈ সিহঁতক এবাৰ চাবলৈ মোৰো মন যায় কিন্তু আমাৰ লগত কৰা অন্যায় বোৰৰ কথা মই পাহৰি যোৱা নাই ভালে আছে ছাগৈ। সেইটো হয় মা কিন্তু আমিও যদি বেয়াটো কৰো বা ভাবো তেওঁলোক আৰু আমাৰ মাজত কোনো পাৰ্থক্যই নাথাকিব। মাকে তালৈ অলপ সময় চাই ৰয় আৰু কয় বাবা  তই দেউতাৰ দৰে সৎ আৰু সহজ সৰল একেই হলি মই সুখী আজি।এদিন মাকক গাড়ীত ফুৰাব নিওতে ৰাস্তাট বহুত ভিৰ দেখি নামি চাবলৈ গল।কন্দা কতা শব্দ শুনি ভিৰৰ মাজত সোমাই গ'ল সেইয়া আন কোনো নহয় নীলৰ খুড়ীয়েক আছিল।সকলোকে সহায় ভিক্ষা কৰিছিল  কিন্তু কোনো আগবাঢ়ি অহা নাছিল। খুড়াক তেজৰে লুটুৰি পুটুৰি ৰাস্তাট পৰি আছে।নীলে অলপো পলম নকৰি খুড়াকক দাঙি নি গাড়ীত বহুৱালে আৰু খুড়ীয়েকক লৈ চিকিৎসালয়লৈ গতি কৰিলে।গাড়ীৰ ভিতৰত কংকনাই নীলৰ মাকক দেখা পাই বাইদেউ আপুনি ইয়াত এনেদৰে। আৰু এইয়া নীল নেকি ইমান ডাঙৰ হল ধৰিবই পৰা নাই।এতিয়া এইবোৰ কথা বাদ দিয়া কংকনা ভাইটিক সোনকালে চিকিৎসালয়ত পোৱাব লাগে।( Assamese Storyboard )

 গৈ পায়  সোনকালে নীলে সকলো পা পইচা জমা কৰি খুড়াকক ইমাজেন্সি ৱাৰ্ডত ভৰ্তি কৰাই দিলে ইতিমধ্যে তেওঁৰ চিকিৎসা আৰম্ভ হল।প্ৰায় দুঘন্টা সময়ৰ পিছত চিকিৎসক জন ওলাই  আহিল আৰু কলে তেওঁ মগজুত বহুত আঘাট পাইছিল কিন্তু এতিয়া অপাৰেচনৰ সফল সমাপ্তি হল তুমি সময়ত তেওঁক লৈ নহা হলে তেওঁ নাবাচিল হয়  বাকী সকলো এতিয়া ঠিকই আছে।কিন্তু চকুযোৰে তেওঁ এতিয়া নেদেখে তেওঁ দৃষ্টিশক্তি  সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে।নীলে একো কবই নাপালে খুড়ীয়েক কংকনাই কৈ উঠিল এয়া আপুনি কি কৈছে ডাক্তৰ ? নোৱাৰে এয়া হব মোৰ স্বামীৰ এনে হব নোৱাৰে। ৰবাচোন খুড়ী নাকান্দিবা মই কথা পাতিছো নহয়। কিবাটো উপায় আছে ডাক্তৰ দৃষ্টিশক্তি ঘুৰাই অনা।ডাক্তৰে কলে আছে কিন্তু অসমৰ বাহিৰত নিব লাগিব চকুৰ এটা অপাৰেচন কৰিব লাগিব।খৰচ বহুত খিনিয়ে হব মোৰ এজন বন্ধু আছে মই তেওঁৰ সৈতে তোমাক কথা পতাই সকলো ঠিক কৰাই  দিম।

কংকনাই কান্দি কান্দি নীলৰ মাকৰ কোলাত মুৰ পেলাই কৈ উঠিল ইমান পইচা কত পাম বাইদেউ আমাৰ সকলো শেষ ব্যৱসায়ত বহুত লোকচান হল সকলো গল। নিজ বন্ধুৱে তেওঁক ঠগিলে। এইবোৰ টেনচনত গাড়ী চলাই আহিয়েই এইবোৰ হল।
নাকান্দিবা কংকনা মই আছো নহয়। নীল আছে নহয় সকলোবোৰ ঠিক হব ধৈৰ্য্য ধৰাচোন। বাইদেউ আপুনি ইমান ভাল মানে আমি ইমান বেয়া কৰিলো আপোনালোকৰ লগত এটা সময়ত হলেও আমাক আজি এনেদৰে সহায় কৰিছে।
সকলো মানুহৰে জীৱন সলনি হয়।সকলো মানুহৰে জীৱনত ভাল সময় আৰু বেয়া সময় দুইটাই আহে।বেয়া সময় বোৰ সদায় নাথাকে কিন্তু বেয়া সময়ত মানুহৰ পৰা পোৱা বেয়া ব্যৱহাৰ বোৰ সদায় মনত থাকি যায়।  কিন্তু কংকনা নিজৰ সদায় নিজৰ মই তোমালোকৰ কথাবোৰ ধৰি ৰখা নাই কেতিয়াও।

টকা পইচাই সকলো নহয়।পইচা লাগে সকলোকে কিন্তু সেইবুলি মানুহে মানবীয়তা পাহৰি যাব নালাগে।আগত মোৰ দিন বেয়া চলিছিল এতিয়া তোমালোকৰ আবেগত নীলৰ মাকে তেওঁৰ ভাই বোৱাৰী জনীক কথাবোৰ কৈ উঠিল।
কান্দি কান্দি  কংকনাই তেওঁক কলে আমাক মাফ কৰি দিয়ক বাইদেউ আমাৰ ভুল হৈছিল সম্পত্তি আৰু পইচাৰ অহংকাৰত এখেতে আৰু মই বহুত বেয়া ব্যৱহাৰ কৰিলো। দাদাৰ মৃত্যুৰ পিছত আপোনালোকক বহুত অন্যায় কৰিলো। মিলি জুলি পৰিয়ালটো চলাই নিয়াৰ সলনি বুদ্ধিৰে সকলোবোৰ আপোনালোকৰ পৰা কাঢ়ি লোৱাৰ ফল আজি ভগৱানে দিছে আমাক নীলটো তেতিয়া তেনেই সৰু আছিল তাৰ লগতো বহুত বেয়া কৰিলো। আমাৰ পাপৰ ফল পাইছো আমি ইমান বছৰে আমাৰ কোনো সন্তান নাই।সকলোবোৰ ব্যৱসায়তে লোকচান মানুহজনৰো চকুযোৰে দুৰ্ঘটনাত নেদেখা হল।সকলোবোৰ শেষ বাইদেউ বুলি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে।
নীলৰ মাকে কংকনাক সাবটি ধৰি সান্ত্বনা দিছে নাই নাকান্দিবা কোনে কৈছে তোমাৰ সকলোবোৰ শেষ বুলি  নীল জানো তোমাৰে সন্তান নহয়।ভাইটিৰ চকুযোৰো ঠিক হব আমিবোৰ আছো নহয় তোমাৰ লগত ভগৱানৰ ওপৰত বিশ্বাস ৰাখা কংকনা।অবশেষত নীলৰ সহায় আৰু ডাক্তৰৰ প্ৰচেষ্টাত খুড়াকে দৃষ্টিশক্তি ঘুৰাই পালে। সুস্থ হোৱাৰ পিছত তেওঁ পত্নী কংকনাৰ পৰা সকলো কথা গম পালে আৰু নীল আৰু তাৰ মাকৰ ওচৰত ক্ষমা খুজিলে। 

দুয়োকে তেওঁলোকে মাফ কৰি দিলে আৰু বিপদৰ সময়ত লগ দিলে একেলগে তেওঁলোকৰ ঘৰতে ৰাখিলে।খুড়াকৰ লোকচান হোৱা ব্যৱসায় বোৰ পুনৰ উন্নত হোৱাত নীলে সহায় কৰিব ধৰিলে। এতিয়া এটা সুন্দৰ সুখী পৰিয়াল তেওঁলোকৰ। কংকনাৰ আনন্দত চকুলো বৈ আহিল আৰু নীলৰ মাকক সাবটি ধৰি হুকহুকাই কৈ উঠিল আপোন মানুহবোৰ লগত থকাৰ সুখ মই আজি সচাকৈয়ে অনুভৱ কৰিছোঁ। যিকোনো বিপদ পৰিস্থিতি নেওচি যাব পাৰি। নীলে ধেমালিকৈ কৈ উঠিল হব খুড়ী কন্দা বন্ধ কৰা এতিয়া মোৰ বিয়া খনৰ কথা চিন্তা কৰা।কংকনাই  কান্দি কান্দিয়ে হাঁহি উঠিল  অ হয় নেকি তেখেত বা কৰ? সকলো কম আজি তোমালোকক লগ কৰাই দিম তেওঁকো মাতিছো বলা আজি বহুত দিনৰ মুৰত ফুৰিবলৈ যাও পৰিয়ালটো। মাকে কলে দেউতাৰ ফটো আৰু ভগৱানৰ আগত এগচি বন্তি জ্বলাই লও সকলোৱে তাৰ পিছতে যাম আহিব লগীয়া দিনবোৰ ভাল হক সকলোৰে  ইমান দুখ কষ্টৰ অন্তত এটা সুন্দৰ পৰিসমাপ্তি সকলোৰে জীৱনত আহক তাকে বিচাৰো। ভগৱানে সকলোৰে কুশল, মংগল কৰক।

সমাপ্ত।
 
 (উক্ত গল্পটো আমালৈ প্ৰেৰণ কৰা জাহ্নবী কেওঁট ডাঙৰীয়াণীক SMJ24 ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো।)

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages